Logo
image

কেন্সাৰৰ ভেক্‌চিন শীঘ্ৰেই সুলভ হ’ব ভাৰতত

আমাৰ অসম, ২ ছেপ্টেম্বৰঃ ভাৰতত প্ৰথমবাৰৰ বাবে প্ৰস্তুত হৈছে কোৱাড্ৰিভেলেণ্ট হিউমেন পেপিলোমাভাইৰাছ ভেকচিন৷ জৰায়ুৰ কেন্সাৰ ৰোধৰ বাবে ব্যৱহাৰ কৰিবলগা এইবিধ ভেকচিন, যুটীয়াভাৱে প্ৰস্তুত কৰি উলিয়াইছে ছিৰাম ইন্সটিটিউট অৱ ইণ্ডিয়া আৰু ডিপাৰ্টমেণ্ট অব বায়’টেকনোলজীয়ে৷ বৃহস্পতিবাৰে ছিৰাম ইন্সটিটিউট অৱ ইণ্ডিয়াৰ আদৰ পুনাওৱালাই সদৰী কৰা মতে অহা কেইমাহমানৰ ভিতৰতে ভেকচিনবিধ বজাৰত উপলব্ধ হ’ব৷ পুনাওৱালাই লগতে জনায় যে সাধাৰণ মানুহে ক্ৰয় কৰিব পৰাকৈ নিৰ্ধাৰণ হ’ব ভেকচিনবিধৰ মূল্য৷ উল্লেখ্য যে বৃহস্পতিবাৰে কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী জীতেন্দ্ৰ সিঙৰ সৈতে এক অনুষ্ঠানত ভাগ লয় আদৰ পুনাওৱালাই৷ জৰায়ুৰ কেন্সাৰ ৰোধৰ বাবে ভেকচিন প্ৰস্তুতি সমাপ্তিৰ ঘোষণাৰ বাবে আয়োজন কৰা হৈছিল অনুষ্ঠানটো৷ পুনাওৱালাই প্ৰকাশ কৰা মতে ভেকচিনটোৰ দাম এতিয়াও নিৰ্ধাৰণ নহ’লেও ইয়াৰ মূল্য ২০০ টকাৰ পৰা চাৰিশ টকাৰ ভিতৰত থাকিব৷ পুনাওৱালাই লগতে জনোৱা মতে প্ৰথম পৰ্যায়ত প্ৰতিষেধকবিধ চৰকাৰী স্বাস্থ্যকেন্দ্ৰ সমূহতহে উপলব্ধ হ’ব৷ পৰৱৰ্তী সময়ত বেচৰকাৰী চিকিৎসালয় সমূহতো পাব পৰা যাব জৰায়ুৰ কেন্সাৰ প্ৰতিৰোধ কৰিব পৰা এই ভেকচিন৷ সদ্যহতে ছিৰাম ইন্সটিটিউট অৱ ইণ্ডিয়াই ২০০ নিযুত প্ৰতিষেধক প্ৰস্তুত কৰাৰ পৰিকল্পনা হাতত লৈছে৷