Logo
image

মাদ্ৰাছা উচ্ছেদত আজমলৰ বাধা

আইনী ব্যৱস্থা গ্ৰহণৰ ভাবুকি

আমাৰ অসম, ২ ছেপ্টেম্বৰঃ জেহাদীক আশ্ৰয় দিয়াৰ অভিযোগত ৰাজ্য চৰকাৰে মাদ্ৰাছাত উচ্ছেদ চলোৱা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে ইউ ডি এফ সভাপতি বদৰুদ্দিন আজমলে৷ মাদ্ৰাছা উচ্ছেদৰ বিৰুদ্ধে ইউ ডি এফ আদালতৰ দাৰস্থ হ’ব বুলি ভাবুকি দিয়ে আজমলে৷ মাদ্ৰাছা উচ্ছেদত বাধা দি বৃহস্পতিবাৰে তেওঁ সংবাদ মাধ্যমৰ আগত কয়– জেহাদী বিচৰাৰ নামত চৰকাৰে ৰাইজৰ ধনেৰে গঢ়া মাদ্ৰাছা উচ্ছেদ কৰি অমানবীয়তাৰ পৰিচয় দিলে৷ চৰকাৰখনে এমাহত তিনিখনকৈ মাদ্ৰাছা উচ্ছেদ কৰিলে৷ কণ কণ ল’ৰা ছোৱালী পঢ়ি থকা মাদ্ৰাছাখন উচ্ছেদ কৰাটো দুৰ্ভাগ্যজনক৷ চৰকাৰখনৰ এনে কাৰ্যৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হ’ম৷ প্ৰয়োজন হ’লে ন্যায় বিচাৰি উচ্ছতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ম৷ আবেগ নহয় আইনৰহে সহায় ল’ব লাগে৷ উল্লেখ্য বুধবাৰে বঙাইগাঁও জিলাৰ কাবাইটাৰী মাৰ্কাজুল মা আৰিয়া ও ক্কাৰিয়ানা মাদ্ৰাছাত উচ্ছেদ চলায় প্ৰশাসনে৷ প্ৰশাসনৰ উচ্ছেদ অভিযানৰ পাছত বৃহস্পতিবাৰে মাদ্ৰাছাখনত উপস্থিত হয় এআইইউডিএফৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমলসহ এটি সজাতি দল৷ আজমলসহ এআইইউডিএফৰ সঁজাতি দলটোৱে ধবংসস্তূপত পৰিণত হোৱা মাদ্ৰাছাখন পৰিদৰ্শন কৰে৷ উল্লেখ্য গোৱালপাৰা আৰক্ষীয়ে কেইদিনমান পূৰ্বে মাদ্ৰাছাখনৰ মুফতি হাফিজুৰ ৰহমানক জেহাদী সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছিল৷ উচ্ছেদিত মাদ্ৰাছাখনত শিক্ষকতা কৰিছিল হাফিজুৰ ৰহমানে৷ সেই সন্দৰ্ভত মাদ্ৰাছাখন উচ্ছেদৰ কাৰণে মঙলবাৰে বঙাইগাঁও জিলা প্ৰশাসনে মাদ্ৰাছা কমিটিক এখন জাননী প্ৰেৰণ কৰি পিছদিনাই অৰ্থাৎ বুধবাৰে মাৰ্কাজুল মা আৰিফ ও ক্কাৰিয়ানা মাদ্ৰাছাখন সম্পূৰ্ণৰূপে উচ্ছেদ কৰিছিল৷ ইয়াৰ পাছতেই বৃহস্পতিবাৰে মৌলানা বদৰুদ্দিন আজমলসহ এআইইউডিএফৰ এটি সজাতি দলে মাদ্ৰাছাখন পৰিদৰ্শন কৰে৷ এআইইউডিএফৰ সজাতি দলটোৱে মাদ্ৰাছাখন পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অবৈধভাৱে মাদ্ৰাছাখন উচ্ছেদ কৰিছে বুলি অভিযোগ কৰে৷ তেওঁলোকে লগতে মাদ্ৰাছা উচ্ছেদ কাৰ্যকলাপ বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰী শৰ্মাক সকীয়াই দিয়াৰ লগতে অবৈধভাৱে উচ্ছেদ কৰা মাদ্ৰাছাখনৰ সন্দৰ্ভত উচ্ছতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ দিয়ে৷ জিলাখনত কোনোৱে যাতে কোনো আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে জিলা প্ৰশাসনে সমগ্ৰ জিলাখনত ১৪৪ ধাৰা জাৰি কৰিছে৷


আজি তামুলপুৰ প্ৰেছ ক্লাবত সদৌ বিটিচি সংখ্যালঘূ ছাত্ৰ সন্থা চমুকৈ এবিএমছুবে বঙাইগাঁওৰ যোগীঘোপা কাবাইটাৰীত জিলা প্ৰশাসনে মাদ্ৰাছা ধবংস কৰাৰ বিৰোধিতা কৰি আজি এক সংবাদমেল সম্বোধন কৰে৷ সংবাদমেলত এবিএমছুৰ সাধাৰণ সম্পাদক টাইছন হুছেইনে কয় যে - অসমত থকা ,অসমক ক্ষতি কৰিব পৰা সকলো শক্তিকে শেষ কৰক ৷  প্ৰকৃত জেহাদীক আইনীভাৱে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰক ৷ ভাৰতীয় সংবিধানে দিয়া ক্ষমতাৰে ধৰ্মীয় মাদ্ৰাছা চলাই আহিছে ৷ কিন্ত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবিধানৰ গণ্ডীৰ ভিতৰত থাকি স্থাপন কৰা  মাদ্ৰাছাৰ ওপৰত অত্যাচাৰ চলোৱাই নহয় , তেওঁ ভাৰতীয় সংবিধানৰ ওপৰতে আজি বুলেজাৰ চলাইছে ৷ দুৰ্যোগ প্ৰশমন আইন আৰু  ক্ষমতাৰ অপব্যৱহাৰ কৰি বঙাইগাঁও জিলা প্ৰশাসনে  মাদ্ৰাছা ধবংস কৰি অসমৰ সংখ্যালঘু ৰাইজৰ মনত আঘাত দিছে ৷ অসমত বহু সময়ত জেহাদী শব্দৰ ব্যৱহাৰ কৰি আহিছে কিন্তু সঁচাকৈ যদি জেহাদী আছে তেতিয়া হ’লে  আজিলৈ কিমানজন জেহাদীক আইনীভাৱে শাস্তি প্ৰদান কৰিছে ? ই এক ডাঙৰ প্ৰশ্ন ৷ সংখ্যালঘু ৰাইজে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ মতেই মাদ্ৰাছা স্থাপন কৰিছে ৷ ই  ভাৰত তথা অসমৰ জনগনৰ সাংবিধানিক অধিকাৰ, বেআইনী ভাৱে মাদ্ৰাছা ধবংস কৰা ঘটনাক কেতিয়াও গ্ৰহণ কৰি নলয় এবিএমছুৱে ৷ অসমৰ মুছলমানৰ ওপৰত অসম চৰকাৰে কৰা বৈষম্যমূলক আচৰণৰ বিৰোধিতা কৰাৰ বাবে অসমৰ সকলো দল সংগঠনক আহ্বান জনাই ছাত্ৰ নেতা গৰাকীয়ে কয় যে গনতন্ত্ৰ বিশ্বাসী সংখ্যালঘু  ৰাইজ ৷ সেয়ে আমি গনন্ত্ৰান্ত্ৰিক ভাৱে  মাদ্ৰাছা ভাঙি পেলোৱা সন্দৰ্ভত অচিৰেই এবিএমছু ধাৰাবাহিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে এবিএমছুৰ সাধাৰণ সম্পাদক টাইছন হুছেইনে ৷  সংবাদমেলত তামুলপুৰ জিলা এবিএমছুৰ সভাপতি বদৰুদ্দিন খানসহ কেবাজনো ছাত্ৰ নেতা উপস্থিত আছিল।