Logo
image

ৰাকেশ পালৰ জাল টেবুলেশ্বন শ্বীটত স্বাক্ষৰ, আয়োগৰ ৬ সদস্যক জাননী

এপিএছচিত অসমীয়া ভাষা গোচৰৰ শুনানি সম্পন্ন, ৰায় ৰিজাৰ্ভ

আমাৰ অসম, ২ ছেপ্টেম্বৰঃ এ পি এছ চি কেলেংকাৰিৰ ন্যায়িক আয়োগৰ তদন্তই লৈছে নতুন পাক৷ ২০১৪ বৰ্ষৰ এ পি এছ চি সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ সৈতে জড়িত ছজন সদস্যলৈ জাননী জাৰি কৰিছে আয়োগে৷ ডিব্ৰুগড় আৰক্ষীয়ে ঢুকি নোপোৱা সদস্যলৈ জাননী জাৰি কৰিছে ন্যায়িক আয়োগে৷ ইতিপূৰ্বে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে এ পি এছ চিৰ মুখ্য পৰীক্ষা নিয়ন্ত্ৰণক নন্দ বাবু সিনহা আৰু কুখ্যাত সদস্য বসন্ত কুমাৰ দলেকো জাননী জাৰি কৰিছিল৷ অৱশ্যে এইবাৰ ন্যায়িক আয়োগে ২০১৪ বৰ্ষৰ পৰীক্ষাৰ সময়ত দায়িত্বত থকা সদস্য ক্ৰমে ধ্ৰুৱজ্যোতি হাজৰিকা, ব্ৰিগেডিয়াৰ ৰঞ্জিত কুমাৰ বৰঠাকুৰ, নাফিফা আহমেদ, অৰূপ কুমাৰ ৰয় আৰু ড॰ ছামেদুৰ ৰহমানলৈ জাননী জাৰি কৰিছে৷ অৱশ্যে এইসকল সদস্যৰ ভিতৰত ইতিমধ্যে ছামেদুৰ ৰহমান আৰু বসন্ত কুমাৰ দলে গ্ৰেপ্তাৰ হৈছে আৰক্ষীৰ হাতত৷ ন্যায়িক আয়োগে বাকী সদস্যকেইজনলৈ জাননী প্ৰেৰণ কৰাৰ মূল অভিযোগ হৈছে– সদস্য কেইজনে তদানীন্তন অধ্যক্ষ তথা দুৰ্নীতিৰ সম্ৰাট ৰাকেশ পালৰ কু-কৰ্ম দেখিও চকু মুদা কুলিৰ ভাৱত অৱতীৰ্ণ হৈছিল৷ অভিযোগ অনুসৰি ৰাকেশ পাল বাহিনীয়ে উত্তৰ বহী আৰু টেবুলেশ্বন শ্বীটত নম্বৰ বৃদ্ধি তথা জালিয়াতি কৰি নিৰ্দিষ্ট প্ৰাৰ্থী বাছনি কৰিছিল৷ আনকি টেবুলেশ্বন শ্বীটত ৰাকেশ পালে নম্বৰ বৃদ্ধি কৰি অনুত্তীৰ্ণ প্ৰাৰ্থীক উত্তীৰ্ণ কৰোৱাটো স্পষ্ট হৈ থকাৰ পাছতো চূড়ান্ত বাছনি তালিকা প্ৰকাশৰ বাবে উক্ত টেবুলেশ্বন শ্বীটত কোনো আপত্তি নকৰাকৈ স্বাক্ষৰ কৰিছিল পালৰ ঘনিষ্ঠ বসন্ত দলে আৰু ছামেদুৰ ৰহমানৰ লগতে সদস্য ক্ৰমে ধ্ৰুৱজ্যোতি হাজৰিকা, ৰঞ্জিত বৰঠাকুৰ, নাফিফা আহমেদ আৰু অৰূপ কুমাৰ ৰয়ে৷ অৰ্থাৎ ৰাকেশ পালে জালিয়াতিৰে টেবুলেশ্বন শ্বীটৰ নম্বৰ বৃদ্ধি কৰি বাছনি কৰা প্ৰাৰ্থী সকলকে অনুমোদন জনাইছিল এইকেইজন তদানীন্তন সদস্যইও৷ স্বাভাৱিকতেই এতিয়া আয়োগৰ তদানীন্তন সদস্য কেইজনো বিপদত পৰাটো নিশ্চিত হৈ পৰিছে৷ নিৰ্দিষ্ট প্ৰাৰ্থীক সাক্ষাৎকাৰত সৰ্বমুঠ ৭৫ নম্বৰৰ ভিতৰত ৰাকেশ পালে জালিয়াতি কৰি শেষ মুহূৰ্তত ৭৪ নম্বৰলৈ বৃদ্ধি কৰিছিল যদিও সৎ নাগৰিক হিচাপে পৰিচিত সদস্য কেইজনে সেই সময়ত কিয় উক্ত দুষ্কাৰ্যৰ বিৰোধিতা কৰা নাছিল বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ বৃহস্পতিবাৰে আয়োগে ৪ জন সদস্যলৈ ১৫ দিনৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈ জাননী জাৰি কৰাৰ বিপৰীতে ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰলৈ কাইলৈৰ ভিতৰত জাননী প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে৷ ইফালে অসম লোকসেৱা আয়োগৰ ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ চূড়ান্ত ফলাফল প্ৰকাশ আৰু অসমীয়া ভাষা বিষয়ক যোগ্যতা নিৰ্ণয়কাৰী প্ৰশ্নকাকত সম্পৰ্কীয় গোচৰটোৰ বৃহস্পতিবাৰে শুনানি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ লগতে ৰায় সংৰক্ষিত ৰাখে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ খণ্ড বিচাৰপীঠে৷ অৱশ্যে ন্যায়ালয়ে যদিহে এ পি এছ চি পৰীক্ষাত ভাষা বিষয়কক প্ৰশ্ন কাকত বাধ্যতামূলক কৰাৰ সপক্ষে ৰায়দান কৰে, তেনেহ’লে মূল পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে পুনৰ ভাষা বিষয়ৰ প্ৰশ্ন কাকতৰ পৰীক্ষাত বহিব লাগিব৷ তদুপৰি আয়োগে নতুনকৈ ২০২০ বৰ্ষৰ মৌখিক পৰীক্ষা অনুষ্ঠিত কৰিহে চূড়ান্ত ফলাফল প্ৰকাশ কৰিব পাৰিব৷ ইফালে, এপিএছচি কেলেংকাৰি গোচৰত ৰাজসাক্ষী হ’বলৈ ইচ্ছা প্ৰকাশ কৰি মুখ ঠেকেচা খোৱা দালাল পশু চিকিৎসক মৃগেন শইকীয়াৰ জামিন নাকচ কৰে উচ্ছ ন্যায়ালয়ে৷