Logo
image

জয়মালা কাৰ?

বৰহোলা, কাকপথাৰত ওলাল দুজন ‘গৰাকী’

আমাৰ অসম, ২ ছেপ্টেম্বৰঃ সদূৰ তামিলনাডুত মাউতৰ নিৰ্মম অত্যাচাৰৰ সন্মুখীন হোৱা অসমৰ জয়মালা নামৰ মাইকী হাতীজনীৰ প্ৰকৃত গৰাকী কোন? ‘আমাৰ অসম’ কাকতে প্ৰথমবাৰলৈ ১৯ বছৰীয়া জয়মালাৰ দুৰ্বিসহ জীৱন কাহিনী পোহৰলৈ অনাৰ পাছতেই অসমৰ দুজন ব্যক্তিয়ে জয়মালাৰ মালিক বুলি দাবী কৰা কাৰ্যই বিভ্ৰান্তিৰ সৃষ্টি কৰিছে৷ ২০০৮ চনতে তামিলনাডুলৈ হস্তান্তৰ হোৱা জয়মালাৰ প্ৰকৃতগৰাকী বুলি দাবী কৰিছে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ কেচিজান গাঁৱৰ গিৰিণ মৰাণ আৰু যোৰহাট জিলাৰ তিতাবৰ বৰহোলাৰ নগাবাট অন্নপূৰ্ণ গাঁৱৰ মোহন চুতীয়াই৷ যাৰ বাবে হাতীজনীৰ প্ৰকৃত গৰাকী কোন তাক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে৷ অৱশ্যে গিৰিণ মৰাণ আৰু মোহন চুতীয়াই জয়মালাৰ গৰাকী বুলি দাবী কৰিলেও অসম চৰকাৰৰ বন বিভাগৰ এখন নথিত প্ৰকাশ পোৱা মতে ২০০৮ চনত ধৰ্মীয় কাৰণত তিতাবৰৰ মোহন চুতীয়াৰ ‘জয়মালা’ নামৰ এজনী মাইকী হাতী ধৰ্মীয় কাৰণত বিহাৰলৈ লীজত পঠোৱা হৈছিল৷ আনহাতে একেখন নথিতে ২০০৮ চনত কাকপথাৰৰ গিৰিণ মৰাণ নামৰ লোকজনৰো ‘জয়মতী’ নামৰ এজনী হাতী ধৰ্মীয় কামত ব্যৱহাৰ কৰাৰ বাবে বিহাৰলৈ প্ৰেৰণ কৰা বুলি উল্লেখ আছে৷ কিন্তু প্ৰশ্ন হয় জয়মালাৰ মালিক যদি সঁচাকৈয়ে অসমৰ গিৰিণ ফুকন বা মোহন চুতীয়া কোনোবা এজন হয়, তেনেহ’লে বিহাৰলৈ পঠোৱা হাতীজনী তামিলনাডুৰ শ্ৰীভিল্লীপুত্তুৰ নাছিয়াৰ থিৰুকোভিল মন্দিৰ পালেগৈ কেনেকৈ? অৱশ্যে মাদ্ৰাছ উচ্ছ ন্যায়ালয়ৰ পুৰণি এটা গোচৰত তামিলনাডুৰ বন বিভাগে জয়মালাৰ গৰাকী অসমৰ গিৰিণ ফুকন বুলি উল্লেখ কৰাত স্বাভাৱিকতেই জয়মালাৰ মালিকীস্বত্বক লৈ অধিক বিভ্ৰান্তিৰ সৃষ্টি হৈছে৷ অৱশ্যে কাকপথাৰৰ গিৰিণ ফুকনে চৰকাৰে জয়মালাক অসমলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিলে তেওঁ পোহপাল দিবলৈ ইচ্ছুক বুলি প্ৰকাশ কৰিছে যদিও তিতাবৰৰ মোহন চুতীয়াই জয়মালাক ঘূৰাই দিলেও পোহপাল দিবলৈ তেওঁৰ সামৰ্থ্য নাই বুলি জানিবলৈ দি অসম চৰকাৰকে জয়মালাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান জনাইছে৷

জয়মালাৰ দুখত উচুপি উঠিছে ‘মালিক’ গিৰীণ মৰাণে

সামাজিক মাধ্যমত এজনী হাতীক কৰা অত্যাচাৰৰ দৃশ্যই এতিয়া কঁপাই তুলিছে সমগ্ৰ দেশ৷ জীৱশ্ৰেষ্ঠৰ এই নিৰ্মম অত্যাচাৰ দেখি বুকু কঁপি উঠিছে বহু হূদয়বান লোকৰ লগতে প্ৰকৃতিপ্ৰেমীৰ৷ জয়মালা নামৰ এই হাতীজনীক তামিলনাডুৰ শ্ৰীভিল্লীপুত্তুৰ নাছিয়াৰ থিৰুকোভিল মন্দিৰত মাউতে কৰা নিৰ্মম অত্যাচাৰ দেখি শোকত ভাগি পৰিছে জয়মালাৰ গৰাকী গিৰীণ মৰাণৰ লগতে পৰিয়ালটো৷ ২০০৮ চনৰ ১৮ ছেপ্টেম্বৰত বৰহাপজানৰ জনৈক মমতাজ নামৰ লোকজনৰ মধ্যস্থতাত চি এফ ইষ্টাৰ্ণ অসম চাৰ্কোল, যোৰহাটৰ জৰিয়তে মন্দিৰৰ কামৰ বাবে হাতীজনী লৈ গৈছিল৷ মন্দিৰৰ বাবে প্ৰেৰণ কৰিবলৈ পাই সুখ অনুভৱ কৰা হাতীৰ গৰাকী গিৰীণ মৰাণে হাতীজনীক কৰা নিৰ্মম অত্যাচাৰ দেখি শোকবিহ্বলভাৱে পুনৰ হাতীজনীৰ দায়িত্ব ল’বলৈ সাজু বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে৷ উল্লেখ্য, ১৯৯৫ চনত সমগ্ৰ দেশতে গছ কটা নিষিদ্ধ কৰাৰ পাছত অসমৰ বন বিভাগে অসমৰ বনাঞ্চলসমূহত ঘৰচীয়া হাতী মেলাত নিষেধাজ্ঞা জাৰি কৰাত অসমৰ হাতীৰ গৰাকীসকল বিমোৰত পৰিছিল৷ তেনে এক সন্ধিক্ষণত অসম চৰকাৰৰ বন বিভাগৰ ছত্ৰ-ছাঁয়াত বহিঃৰাজ্যলৈ অসমৰ ঘৰচীয়া হাতীবোৰ হস্তান্তৰ কৰাৰ এক বৃহৎ প্ৰক্ৰিয়া আৰম্ভ হয়৷  তেনে এক পাকচক্ৰৰ বশৱৰ্তীহৈ ডুমডুমা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত ১৬টা ঘৰচীয়া হাতী মালিকসকলে তামিলনাডুলৈ প্ৰেৰণ কৰিছিল৷ ৰকিবুল হুছেইন বনমন্ত্ৰী থকাৰ সময়ত ডুমডুমা বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰীৰ মন্ত্ৰণাত তিনিবছৰৰ বাবে পঠোৱা জয়মালা নামৰ হাতীজনীক পুনৰ ঘূৰাই বিচাৰিলে আনি দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিয়াৰ কথা সাংবাদিকৰ আগত ব্যক্ত কৰাৰ লগতে হাতীজনী বিচাৰি ডুমডুমা বন বিভাগৰ লোক ঘৰলৈ অহাৰ প্ৰমাণস্বৰূপে সযতনে ৰখা এক স্থিৰচিত্ৰ সাংবাদিকৰ আগত প্ৰদৰ্শন কৰে গিৰীণ মৰাণে৷ ২০০২ চনৰ ১৮ অক্টোবৰত জন্ম হোৱা জয়মালাৰ মইক্ৰচিপ নং ০০০৬৫৮৪৭৫১ আৰু তামিলনাডুলৈ পঠোৱা টিপি নং আছিল ৬৮/২ তাং ১৫/১০/২০১১৷ সেই সময়ত ডুমডুমা বনাঞ্চলিক বিষয়াৰ ছত্ৰ-ছাঁয়াত যি ১৬টা হাতীক অসমৰ পৰা তামিলনাডুলৈ প্ৰেৰণ কৰা হৈছিল তাৰ এটাও এতিয়ালৈকে অসমলৈ ঘূৰি অহা নাই বা অনাৰ ব্যৱস্থা নকৰিলে অসমৰ বন বিভাগে৷ যাৰ পৰিণতিত আজি জয়মালাৰ দৰে বহুতেই অত্যাচাৰৰ বলি হ’ব লগা সম্ভাৱনা প্ৰকট হৈ পৰিছে বহিঃৰাজ্যৰ মাউতৰ হাতত৷ এতিয়া প্ৰশ্ন হৈছে অসমৰ বন বিভাগৰ ছত্ৰ-ছাঁয়াত নিৰ্দিষ্ট সময়ৰ বাবে বহিঃৰাজ্যৰ মন্দিৰলৈ প্ৰেৰণ কৰা এই হাতীসমূহ ঘূৰাই অনাৰ ব্যৱস্থা কোনে কৰিব৷ নথি-পত্ৰ মতে, এই হাতীবোৰ ঘূৰাই অনাৰ ম্যাদ কেতিয়াবাই উকলি গৈছে৷ দুখৰ বিষয় যে নিজৰ অসমৰ্থতাৰ বাবে ঘূৰাই আনিব পৰা নাই গৰাকীয়ে৷ যাৰ বাবে বৰ্তমান অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু বনমন্ত্ৰীক জয়মালাক ঘূৰাই অনাৰ ব্যৱস্থা কৰি দিবৰ বাবে কাতৰ আহ্বান জনাইছে গৰাকী গিৰীণ মৰাণে৷