Logo
image

জয়মালাক উদ্ধাৰ কৰিবলৈ ৰাজ্যৰ ৪ বিষয়া তামিলনাডুলৈ

আমাৰ অসম, ২ ছেপ্টেম্বৰঃ অৱশেষত বন্দীশালৰ যমৰ যন্ত্ৰণাৰ পৰা মুক্তিৰ কিঞ্চিৎ পোহৰ দেখা পাইছে অসমৰ জয়মালাই৷ তামিলনাডুৰ শ্ৰীভিল্লিপুত্তুৰ নাছিয়াৰ থিৰুকোভিল মন্দিৰত মাউতৰ নিৰ্মম অত্যাচাৰৰ সন্মুখীন হোৱা জয়মালাক উদ্ধাৰৰ বাবে বিশেষ পদক্ষেপ হাতত লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে আজি অসম চৰকাৰৰ বিষয়া-চিকিৎসকৰ চাৰিজনীয়া এটা দলে মাদুৰাইলৈ ৰাওনা হৈ জয়মালাক অসমলৈ ঘূৰাই অনাৰ বাবে তামিলনাডু চৰকাৰৰ সৈতে আলোচনাত মিলিত হ’ব৷ ২০০৮ চনত ৬ মাহৰ বাবে লীজত নিয়া অসমৰ জয়মালা নামৰ হাতীজনীক তামিলনাডুৰ বিৰুধনগৰত অবৈধভাৱে বন্দী কৰি ৰাখি মাউতে অমানৱীয় নিৰ্যাতন চলোৱাৰ তথ্য পোহৰলৈ আনিছিল আন্তঃৰাষ্ট্ৰীয় পশুপ্ৰেমী সংগঠন ‘পেটা’ ইণ্ডিয়াই৷ জয়মালাক বাৰম্বাৰ ইজনৰ পাছত সিজন মাউতে অমানৱীয় নিৰ্যাতন চলোৱাৰ ফটোসহ পোন প্ৰথমবাৰলৈ ‘আমাৰ অসম’ কাকতে সবিস্তাৰে প্ৰকাশ কৰিছিল৷ জয়মালাৰ দুখৰ কাহিনী ‘আমাৰ অসম’ত প্ৰকাশ পোৱাৰ পাছতেই ৰাজ্যজুৰি সামাজিক মাধ্যমত আলোড়নৰ সৃষ্টি হৈছিল৷ বিভিন্নজনে জয়মালাক উদ্ধাৰ কৰাৰ বাবে অসম চৰকাৰক আহ্বান জনোৱাৰ লগতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰীলৈও ই-মেইল প্ৰেৰণ কৰিছিল৷ সামাজিক মাধ্যমত জয়মালাক লৈ ব্যাপক চৰ্চা হোৱাত অৱশেষত মুখ্যমন্ত্ৰীয়ে হাতীজনীক ঘূৰাই অনাৰ আইনী ব্যৱস্থা ল’ব বুলি প্ৰকাশ কৰিছিল৷ ইয়াৰ পাছতেই বৃহস্পতিবাৰে মৰিগাঁৱৰ আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে তামিলনাডুৰ বন বিভাগৰ সৈতে বাৰ্তালাপ কৰি জয়মালাৰ স্বাস্থ্যৰ বুজ লয়৷ তামিলনাডুৰ বন বিভাগে জয়মালা সুস্থ হৈ আছে বুলি প্ৰকাশ কৰাৰ লগতে জয়মালাই জলকেলি কৰা ফটোও প্ৰেৰণ কৰে আৰক্ষী অধীক্ষকগৰাকীলৈ৷ অৱশ্যে ৰাজ্য চৰকাৰৰ প্ৰধান  মুখ্য বন সংৰক্ষক [বন্যপ্ৰাণী] এম কে যাদৱে তামিলনাডুৰ বন বিভাগক মন্দিৰ কতৃৰ্পক্ষই হাতীজনীক গতাই দিবলৈ অসন্মতি প্ৰকাশ কৰা বিষয়টো মুখ্যমন্ত্ৰীক অৱগত কৰাত বৃহস্পতিবাৰে সন্ধিয়ালৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে বৈঠকত মিলিত হয়৷ এই বৈঠকতে মুখ্যমন্ত্ৰী শৰ্মাই জয়মালাক উদ্ধাৰ কৰি অসমলৈ ঘূৰাই অনাৰ বাবে অসমৰ অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক হূদেশ মিশ্ৰৰ নেতৃত্বত চাৰিজনীয়া এটা দলক আজি তামিলনাডুলৈ যাবলৈ নিৰ্দেশ দিয়ে৷ দলটোত পদ্মশ্ৰী প্ৰাপক বিশিষ্ট পশু চিকিৎসক কুশল কুমাৰ শৰ্মা, মৰিগাঁৱৰ আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজন আৰু তিনিচুকীয়া জিলা পশু পালন বিষয়া ডাঃ ৰূপজ্যোতি কাকতিও থাকিব৷ চাৰিজনীয়া প্ৰতিনিধি দলটোৱে জয়মালাক উদ্ধাৰ কৰি অনাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিছে৷