নিচামুক্তি কেন্দ্ৰ নে গাহৰিৰ গঁৰাল?
মন্ত্ৰী পীয়ূষৰ ৰুদ্ৰমূৰ্তি
আমাৰ অসম, ২ ছেপ্টেম্বৰঃ ৰাজ্যৰ নিচামুক্তি কেন্দ্ৰসমূহত প্ৰকৃততে কি চলি আছে? এই কেন্দ্ৰসমূহত ড্ৰাগ্ছ আসক্ত সকলে প্ৰকৃততে উপযুক্ত চিকিৎসা লাভ কৰেনে? দীৰ্ঘদিন ধৰি ৰাজ্যৰ চুকে কোণে চলি থকা এনে একাংশ কেন্দ্ৰৰ বিৰুদ্ধে বিভিন্ন গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে৷ আনকি কিছুদিন পূৰ্বে গুৱাহাটীৰ মমতা ৱেলনেছ ৰিহেভ চেণ্টাৰত ৰহস্যজনকভাৱে মৃত্যু হৈছিল এজন চিকিৎসাধীনযুৱকৰ৷ আজাৰাৰ পিংকু নাথ নামৰ এই মৃত যুৱকজনৰ পৰিয়ালে অভিযোগ কৰা অনুসৰি ৰিহেভ চেণ্টাৰত প্ৰহাৰ কৰি হত্যা কৰা হৈছিল পিংকুক৷ নগাঁৱৰ নিচামুক্তি কেন্দ্ৰতো এজন যুৱকৰ ওপৰত নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল৷ ইয়াৰ পূৰ্বেও ৰাজ্যৰ অন্যান্য একাংশ ৰিহেভ চেণ্টাৰত চিকিৎসাধীন ৰোগীৰ ওপৰত শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱাৰ ধাৰাবাহিক অভিযোগ উত্থাপিত হৈ আহিছে৷ তেন্তে নিচামুক্তি কেন্দ্ৰসমূহত প্ৰকৃততে কি চলে? চিকিৎসাৰ নামত ৰোগীৰ ওপৰত চলোৱা হয় নেকি অমানৱীয় নিৰ্যাতন? উল্লেখ্য, বহু নিচামুক্তি কেন্দ্ৰ গৰু-গাহৰিৰ গৰালসদৃশ পৰিৱেশত চলি আছে৷ উল্লেখ্য, মন্ত্ৰী পীয়ূষ হাজৰিকাৰ আজি এক চাডেন ভিজিটৰ সময়ত নিচামুক্তি কেন্দ্ৰৰ একাংশত চলি থকা নাৰকীয় ঘটনাৰ মৰ্মান্তিক পৰিস্থিতি পোহৰলৈ আহে৷ গুৱাহাটীৰ এটা ৰিহেভ চেণ্টাৰত চলি থকা অৰাজক আৰু নিয়মবহিৰ্ভুত ব্যৱস্থাত স্বচক্ষে প্ৰত্যক্ষ কৰি খঙত অগ্নিশৰ্মা হৈ পৰে মন্ত্ৰী হাজৰিকা৷ এনে চেণ্টাৰত ড্ৰাগ্ছ আসক্তক কোনে কাউন্সিলিং কৰে, কোনে চিকিৎসা কৰে তাৰ কোনো সদুত্তৰ দিব নোৱাৰিলে চেণ্টাৰটোৰ গৰাকীয়ে৷ ৰিহেভ চেণ্টাৰটোত থকা একাংশ যুৱকে ভাং খাই থকাৰ প্ৰমাণো পায় মন্ত্ৰী হাজৰিকাই৷ এক বিভৎস পৰিৱেশত চেণ্টাৰটোত ল’ৰা-ছোৱালীক ৰখা দেখি ক্ষোভিত হৈ পৰে মন্ত্ৰী হাজৰিকা৷ এটা সৰু কোঠাত ২০জন পৰ্যন্ত যুৱক-যুৱতীক ৰখাৰ ব্যৱস্থা দেখি ৰুদ্ৰমূৰ্তি ধাৰণ কৰে মন্ত্ৰী হাজৰিকাই৷ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি গুৱাহাটীস্থিত পীচ ৱেলনেচ ফাউণ্ডেশ্বন নামৰ এটা ব্যক্তিগত ৰিহেবিলিটেশ্যন কেন্দ্ৰ আকস্মিকভাৱে পৰিদৰ্শন কৰি কেন্দ্ৰটোত থকা সুবিধাসমূহৰ বুজ লোৱাৰ সময়তে এনে ভয়াৱহ ঘটনা পোহৰলৈ আহে৷ পৰিদৰ্শনকালত কেন্দ্ৰটোত আৱাসীসকলৰ বাবে সামান্যতম সুবিধাও নথকাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰীজন আচৰিত হৈ পৰে আৰু কেন্দ্ৰটোৰ তত্ত্বাৱধানত থকা লোকসকলক এই বিষয়ে ব্যৱস্থা লবলৈ কঠোৰ সকীয়নি প্ৰদান কৰে৷ আনহাতে কেন্দ্ৰটোত স্বাস্থ্যসেৱাৰ কোনো সুবিধা নথকাত মন্ত্ৰীজনে জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকক কেন্দ্ৰটোত থকা আৱাসীসকলৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে৷ পীচ ৱেলনেচ ফাউণ্ডেশ্বন নামৰ এই ব্যক্তিগত ৰিহেবিলিটেশ্যন কেন্দ্ৰত একাংশই সন্দেহজনকভাৱে ড্ৰাগছৰ বেহা চলাই থকা বুলি অভিযোগ উত্থাপিত হোৱাত মন্ত্ৰী হাজৰিকাই স্থানীয় আৰক্ষীক অনাগত তিনি দিন কেন্দ্ৰটো কঠোৰভাৱে নিৰীক্ষণ কৰি থাকিবলৈ নিৰ্দেশ দিয়ে৷ পাছত মন্ত্ৰী হাজৰিকাক দিছপুৰৰ নিজা কাৰ্যালয়ত সাংবাদিকৰ আগত মত প্ৰকাশ কৰি কয় যে এনেদৰে ভয়াবহভাৱে এটা সৰু কোঠাত ইমানবোৰ মানুহক অস্বাস্থ্যসন্মত পৰিৱেশত ৰাখিলে ড্ৰাগছ আসক্তসকলৰ শাৰীৰিক অৱস্থা বেছিহে বেয়া হ’ব৷ অতি সোনকালেই চৰকাৰে ৰিহেবিলিটেশ্যন কেন্দ্ৰসমূহ চলোৱাৰ বাবে নীতি প্ৰস্তুত কৰিব৷ কেৱল বাণিজ্যিক উদ্দেশ্যৰে এই কেন্দ্ৰসমূহ চলি থাকিবলৈ দিয়া নহ’ব৷ আনহাতে প্ৰাথমিক পদক্ষেপ হিচাপে অহা শনিবাৰে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যোগত মন্ত্ৰী হাজৰিকাই গুৱাহাটীস্থিত সকলো ৰিহেবিলিটেশ্যন কেন্দ্ৰৰ কতৃৰ্পক্ষৰ সৈতে আলোচনাত মিলিত হ’ব৷ অসমত ৰিহেবিলিটেশ্যন কেন্দ্ৰ চলোৱাৰ নামত কোনেও যাতে লুণ্ঠন চলাব নোৱাৰে আৰু আমাৰ ড্ৰাগছ আসক্তিৰ পৰা ওলাই আহিব বিচৰা যুৱচামক যাতে আৰু সমস্যাত পৰিব নোৱাৰে তাৰ বাবে শীঘ্ৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও মন্ত্ৰীজনে জানিবলৈ দিয়ে৷ আজিৰ এই অভিযানৰ সময়ত গুৱাহাটী পৌৰ নিগমৰ মুখ্য স্বাস্থ্য বিষয়া ডাঃ কুমাৰ পাৰ্থ প্ৰতীমো উপস্থিত থাকে৷ জিএমচিয়ে কাইলৈ পুনৰ নিচামুক্তি কেন্দ্ৰটোত নথি-পত্ৰ পৰীক্ষা কৰিব বুলি জানিবলৈ দিছে৷






