Logo
image

সোপাধৰা সন্দেহত মানসিক ৰোগীক গণপ্ৰহাৰেৰে নৃশংস হত্যা

জোনাইত অভি-নীল কাণ্ডৰ পুনৰাবৃত্তি

আমাৰ অসম, ২ ছেপ্টেম্বৰঃ জোনাইত অভি-নীল কাণ্ডৰ পুনৰাবৃত্তি৷ উজনি অসমৰ কেইবাখনো জিলাত শেহতীয়াকৈ সোপাধৰাৰ সন্দেহে আতংকৰ সৃষ্টি কৰাৰ সময়তে ধেমাজি জিলাৰ জোনাইত বুধবাৰে নিশা সোপাধৰাৰ সন্দেহত গণ প্ৰহাৰত এজন মানসিক ৰোগী নিহত হোৱাৰ বিপৰীতে অনুৰূপ ঘটনাত চিলাপথাৰতো এজন লোক আহত হয়৷ অভি-নীল হত্যাকাণ্ডৰ অভিযুক্তই শাস্তি নৌপাওঁতেই মানৱতাক ভূ-লুণ্ঠিত কৰি সোপাধৰাৰ সন্দেহত জোনাইৰ বৈকুণ্ঠপুৰত গোলাপ বৰুৱা নামৰ এজন লোক গণপ্ৰহাৰত নিহত হয়৷ আনহাতে, চিলাপথাৰৰ বালিগাঁৱৰ ভৈৰৱপুৰতো সোপাধৰাৰ সন্দেহত গণ প্ৰহাৰত পৰেশ মণ্ডল নামৰ আন এজন লোক আহত হয়৷ উল্লেখ্য, জোনাইৰ লাইমেকুৰীৰ বৈকুণ্ঠপুৰ চাৰিআলিত বুধবাৰে সন্ধিয়া সংঘটিত নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য৷ ঘটনাৰ বিৱৰণী মতে, বুধবাৰে সন্ধিয়া প্ৰায় ৭.৩০ বজাত জোনাইৰ ৰাকুত ককে গাঁৱৰ এগৰাকী মহিলাই কোলাত এটা কেঁচুৱা লৈ থকা অৱস্থাত গোলাপ বৰুৱাই মৰমতে কেঁচুৱাটো নিজৰ কোলাত ল’বলৈ চেষ্টা কৰিছিল৷ কিন্তু মহিলাগৰাকীয়ে আতংকিত হৈ চিঞৰ বাখৰ লগায়৷ মহিলাগৰাকীৰ চিঞৰ শুনি ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷ কিছু সময়ৰ পিছতে ৰাইজে গোলাপ বৰুৱাক কৰায়ত্ত কৰে৷ বহু সময় ধৰি ৰাইজে বৈকুণ্ঠপুৰ চাৰিআলিত এখন দোকানত তেওঁক আৱদ্ধ কৰি ৰখাৰ পিছত একাংশ লোক তেওঁৰ ওপৰত জঁপিয়াই পৰে৷ এই গণ প্ৰহাৰত তেওঁ মূমূৰ্ষ হৈ পৰে৷ ঘটনাৰ বিষয়ে অৱগত হোৱাত জোনাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বৰুৱাক ৰাইজৰ কবলৰপৰা উদ্ধাৰ কৰি জোনাই অসামৰিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷ ঘটনাৰ পিছতেই নিশাৰ ভাগত জোনাই আৰক্ষীয়ে দুজন লোকক আটক কৰে৷ জোনাই বৈকুণ্ঠপুৰৰ গণ প্ৰহাৰৰ ঘটনাৰ লগত জড়িতসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷ ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাই এয়া সোপাধৰাৰ ঘটনা নহয় বুলি সদৰী কৰাৰ লগতে জনসাধাৰণক উৰাবাতৰিত ভোল নগৈ কোনো অনাহূত পৰিস্থিতি উদ্ভৱ হ’লে আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনাইছে৷ তদুপৰি, এই সন্দৰ্ভত সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন কাৰ্যসূচী লোৱা হ’ব বুলিও আৰক্ষী অধীক্ষকজনে জানিবলৈ দিয়ে৷ ইফালে জোনাইৰ বৈকুণ্ঠপুৰত সংঘটিত গণ প্ৰহাৰত নিহত গোলাপ বৰুৱাৰ পৰিয়ালৰ লোকে জোনাই আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷ জানিব পৰা মতে, গোগামুখ চেতিয়াৰ গোলাপ বৰুৱা পোন্ধৰ বছৰ ধৰি মানসিক ৰোগত ভুগি আছিল আৰু আত্মীয়ই তেওঁক চিকিৎসা কৰাই আছিল৷ মাজে সময়ে তেওঁ ঘৰৰ পৰা ওলাই গৈছিল৷ কালি জোনাইত তেওঁ নিজৰ পৰিচয় প্ৰকাশ কৰাৰ পিছতো একাংশ লোকে নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰে৷ এই ঘটনাত জড়িতসকলক কঠোৰ শাস্তি বিহিবলৈ আত্মীয়ই দাবী জনাইছে৷ 

চিলাপথাৰতো গণ প্ৰহাৰত এজন আহত

ধেমাজি জিলাৰ চিলাপথাৰৰ বালিগাঁৱৰ ভৈৰৱপুৰত সংঘটিত আন এক ঘটনাত সোপাধৰাৰ সন্দেহত গণপ্ৰহাৰত এজন লোকক আহত হয়৷ ঘটনাৰ বিৱৰণী মতে, ৰাঙাপাৰাৰ পৰা চিলাপথাৰৰ অতি ভিতৰুৱা অঞ্চল কদমতলা গাঁৱৰ শহুৰেকৰ ঘৰলৈ অহা পৰেশ মণ্ডলে বুধবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত ঘৰলৈ উভতি যাবলৈ চিলাপথাৰ ৰে’ল ষ্টেছনলৈ খোজকাঢ়ি গৈ থকা অৱস্থাত চিলাপথাৰ বালিগাঁৱত ৰাইজে ঘেৰি ধৰি নিৰ্বিচাৰ মাৰধৰ কৰিবলৈ লয়৷ সকলো প্ৰামাণিক নথি-পত্ৰ দেখুওৱাৰ পাছতো কেবাদিন ধৰি সোপাধৰাৰ উৰাবাতৰিত আতংকিত হৈ থকা ৰাইজে তেওঁৰ কথালৈ কাণসাৰ নিদি পৰেশ মণ্ডলক গুৰুলা গুৰুলকৈ মাৰধৰ কৰে৷ ৰাইজৰ মাজৰে কোনো লোকে আৰক্ষীক খবৰ দিয়াত চিলাপথাৰ আৰক্ষী উপস্থিত হৈ তেওঁক ৰক্ষা কৰে৷ সংকটজনক অৱস্থাত থকা পৰেশ মণ্ডলক আৰক্ষীয়ে চিকিৎসা কৰোৱাই থানাত আৱদ্ধ কৰি ৰাখিছে৷ স্থানীয় ৰাইজে তেওঁৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছে৷ স্মৰণীয় যে কেবাদিনো ধৰি অঞ্চলটোত সোপাধৰাৰ উৰাবাতৰি বিয়পি আছিল৷ বুধবাৰে সন্ধিয়াও বালিগাঁৱৰ এটা পৰিয়ালত এজন সোপাধৰা সোমোৱা বুলি উৰাবাতৰি বিয়পি পৰাত ৰাইজ উত্তেজিত হৈ আছিল৷ সেয়ে ৰাইজে মণ্ডলক নিৰ্বিচাৰে আক্ৰমণ কৰে৷