Logo
image

গভীৰ বিত্তীয় সংকটত সাহিত্য সভা, জনালে স্বয়ং সভাপতিয়ে

আমাৰ অসম, ২ ছেপ্টেম্বৰঃ বঙাইগাঁৱত আজি উপস্থিত হয় অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া৷ বঙাইগাঁও জিলা সাহিত্য সভাই আজি অনুষ্ঠিত কৰা এক সভাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি বঙাইগাঁৱত উপস্থিত হয় সাহিত্য সভাৰ সভাপতিজন৷ বঙাইগাঁৱত সংবাদ মাধ্যমৰ মুখামুখি হৈ সাম্প্ৰতিক অসম চৰকাৰে গ্ৰহণ কৰা ভাষা বিতৰ্ক অসম সাহিত্য সভাৰ লগতে অসমৰ একাধিক সংগঠনে চৰকাৰৰ এই সিদ্ধান্ত মানি নলয় বুলি জনায় সভাপতিজনে৷ তেওঁ জনোৱা মতে, ইতিমধ্যে চৰকাৰৰ লগত এই বিষয়লৈ বৈঠকো অনুষ্ঠিত হৈছে আৰু তাতে অসম সাহিত্য সভাই চৰকাৰৰ এই সিদ্ধান্তক বিৰোধিতা কৰিছে৷ অসমীয়া, বড়োকে ধৰি অন্যান্য মাধ্যমৰ যাতে কোনো ক্ষতি নহয় সেই চিন্তা কৰি চৰকাৰক আগবঢ়াৰ বাবে আহ্বান জনায় সভাপতিজনে৷ লগতে জনোৱা মতে, অসম সাহিত্য সভাই সম্প্ৰতি বিত্তীয় সংকটত ভুগিবলগীয়া হৈছে যাৰ বাবে অসম সাহিত্য সভাৰ অধীনত থকা কৰ্মচাৰীসকলক সময়মতে দৰমহা দিব পৰা নাই৷ ইতিমধ্যে চৰকাৰক এই বিষয়ত অৱগত কৰা বুলিও জনায় সভাপতিজনে৷ ইপিনে আজি বঙাইগাঁও জিলা সাহিত্য সভাই বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত কৰা সভাত অসম সাহিত্য সভাৰ সভাপতিজনে বঙাইগাঁও জিলাৰ অধীনত বিভিন্ন শাখাৰ প্ৰতিনিধি তথা জিলাখনৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে এক অন্তৰংগ আলাপত মিলিত হয়৷ উক্ত অনুষ্ঠানত চাৰিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়৷ আজিৰ এই অনুষ্ঠানত বঙাইগাঁও জিলা সাহিত্য সভাৰ সভানেত্ৰী ৰমলা ৰায় সৰকাৰ সম্পাদক বিনোদ কুমাৰ বৰ্মনসহ আৰু কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷