Logo
image

নিযুক্তি পৰীক্ষা বনাম জীৱনৰ পৰীক্ষা

[এক]

ছমাৰছেট মমৰ সেই বিখ্যাত চুটি গল্প ‘দ্য ভাৰ্জাৰ’ অনেকেই পঢ়িছে৷ এলবাৰ্ট এডৱাৰ্ড ফ’ৰমেন নামৰ এজন সাধাৰণ লোকৰ কাহিনী আছে গল্পটোত৷ এডৱাৰ্ড আছিল ছেণ্ট পিটাৰ্ছ নেভেল স্কোৱাৰ চাৰ্চৰ এগৰাকী ভাৰ্জাৰ৷ তেওঁ গীৰ্জাটো চোৱা চিতা কৰিছিল আৰু নিজৰ কামটোক লৈ সুখী আছিল৷ বহু বছৰ পূৰ্বে যেতিয়া তেওঁ এই দায়িত্বত নিয়োজিত হৈছিল, তেতিয়া এডৱাৰ্ডে ভাবিছিল যে গোটেই জীৱন তেওঁ এই কামটোকে কৰিব৷ নিজৰ কামখিনি খুব নিয়াৰিকৈ কৰা এডৱাৰ্ডে এবাৰলৈও ভবা নাছিল যে এদিন তেওঁৰ সন্মুখত এক প্ৰত্যাহ্বান আহি পৰিব আৰু সেয়া মোকাবিলা কৰিব নোৱাৰি নিজৰ ভাল লগা কামটোকে এৰিবলগীয়া হ’ব৷ গীৰ্জাটোলৈ নতুনকৈ অহা যাজকজনে যেতিয়া জানিব পাৰিলে যে এডৱাৰ্ড নিৰক্ষৰ, তেতিয়াই সমস্যাৰ উদ্ভৱ হ’ল৷ নতুন যাজকজনে ভাবিছিল যে গীৰ্জাৰ ভাৰ্জাৰগৰাকী শিক্ষিত হোৱাটো উচিত৷ সেয়ে তেওঁ এডৱাৰ্ডক  পঢ়া-শুনা কৰিবলৈ তিনিমাহ সময় দিছিল যদিও সেই প্ৰস্তাৱ এডৱাৰ্ডে প্ৰত্যাখ্যান কৰিছিল৷ ফলত কাম হেৰুৱাই নিৱনুৱা হ’বলগীয়া হৈছিল এডৱাৰ্ড৷ 

এডৱাৰ্ডে যেতিয়া গীৰ্জাটো এৰিছিল, তেতিয়া তেওঁ স্বাভাৱিকতেই  হতাশগ্ৰস্ত  হৈ পৰিছিল আৰু ঘৰলৈ যোৱাৰ পৰিৱৰ্তে অন্য এটি বাটেৰে আগবাঢ়িছিল৷ সেইখিনি সময়ত নানা চিন্তাই তেওঁক জুমুৰি দি ধৰিছিল৷ গীৰ্জাৰ ফালৰ পৰা কিছু টকা পাইছিল যদিও ঘৰ চলাবলৈ সেয়া যথেষ্ট নাছিল৷ নতুনকৈ কি আৰম্ভ কৰিব তাকে ভাবি ভাবি লক্ষ্যহীনভাৱে খোজ কাঢ়ি গৈ থাকোতে এডৱাৰ্ডৰ এটা চিগাৰেট হুপিবলৈ মন গ’ল৷ পিছে বহুদূৰ আগবাঢ়ি যোৱাৰ পাছতো তেওঁ চিগাৰেট কিনিবলৈ এখন দোকান বিচাৰি নাপালে৷ তেতিয়াই এডৱাৰ্ডৰ মনলৈ আহিল যে এই ঠাইত যদি এখন চিগাৰেটৰ দোকান দিব পৰা যায়, তেনেহ’লে ভাল চলিব৷ ভবা মতেই কাম৷ পিছদিনাই এডৱাৰ্ডে এখন দোকান ভাড়াত লৈ তেওঁৰ চিগাৰেটৰ ব্যৱসায় আৰম্ভ কৰিলে৷ ব্যৱসায় ভাল চলিল আৰু দহ বছৰৰ ভিতৰত লণ্ডনত দহখন এনে দোকান খুলিবলৈ এডৱাৰ্ড সক্ষম হ’ল৷ নিজকে এগৰাকী সফল ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠা কৰা এডৱাৰ্ডৰ বেংক বেলেন্স ত্ৰিশ হাজাৰ পাউণ্ডলৈ বৃদ্ধি পালে৷

এদিনাখন বেংকৰ মেনেজাৰে এডৱাৰ্ডক এই বিশাল ধনৰাশি বিনিয়োগ কৰাৰ পৰামৰ্শ দিলে৷ এডৱাৰ্ডে এই বিষয়ে অজ্ঞতা প্ৰকাশ কৰাত বেংকৰ মেনেজাৰগৰাকীয়ে ক’লে যে বিনিয়োগৰ সকলো দিশ  তেৱেঁই চোৱা-চিতা কৰি দিব৷ এইক্ষেত্ৰত এডৱাৰ্ডে কেৱল স্বাক্ষৰটো কৰিলেই হ’ব৷ ব্যৱসায় আৰম্ভ কৰাৰ পাছত এডৱাৰ্ডে স্বাক্ষৰটো  কৰিবলৈ শিকিছিল যদিও তেতিয়াও তেওঁ পঢ়া-শুনা কৰিবলৈ একেবাৰে নাজানিছিল৷ বিনিয়োগৰ চুক্তিপত্ৰখন পঢ়ি চালেই সকলো কথা জানিব পাৰিব বুলি কওঁতে এডৱাৰ্ডে যেতিয়া বেংকৰ মেনেজাৰগৰাকীক জনালে যে তেওঁৰ পঢ়া-শুনা নাই, তেওঁ  প্ৰকৃততে নিৰক্ষৰ, তেতিয়া স্বাভাৱিকতে বেংকৰ মেনেজাৰগৰাকী আচৰিত হ’ল৷ লিখিব-পঢ়িব নজনাকৈয়ে এডৱাৰ্ডে নিজকে সফল ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠা কৰিছে, বৃহৎ ধনৰাশি উপাৰ্জন কৰিছে৷ যদি তেওঁ লিখিব-পঢ়িব জানিলেহেঁতেন? যদি তেওঁ শিক্ষিত হ’লহেঁতেন? তেতিয়া? বেংকৰ মেনেজাৰগৰকীৰ এই প্ৰশ্নৰ উত্তৰত এডৱাৰ্ডে বিনয়েৰে কৈছিল যে যদি তেওঁ লিখিব-পঢ়িব জানিলেহেঁতেন, তেতিয়া তেওঁ ছেণ্ট পিটাৰ্ছ নেভেল স্কোৱাৰ চাৰ্চৰ ভাৰ্জাৰ হৈ থাকিলেহেঁতেন৷ তাতকৈ বেছি একো হ’ব নোৱাৰিলেহেঁতেন৷

[দুই]

টমাছ আলভা এডিছন৷ বিজুলীবাতি  আৱিষ্কাৰ কৰি সমগ্ৰ পৃথিৱীখনকে আলোকিত কৰা এইগৰাকী মহান বিজ্ঞানীয়ে আৱিষ্কাৰ কৰা যন্ত্ৰপাতিৰ সীমা-সংখ্যা নাই বুলিব পাৰি৷ সৰুৰে পৰাই টমাছ কৌতূহলী মনৰ অধিকাৰী আছিল যদিও  পঢ়া-শুনাত খুবেই দুৰ্বল আছিল তেওঁ৷ এবাৰ স্কুল কৰ্তৃপক্ষই টমাছৰ হাতত অভিভাৱকলৈ বুলি এখন চিঠি পঠিয়াইছিল৷ পিতৃহাৰা টমাছে মাকৰ হাতত চিঠিখন তুলি দিয়াৰ পাছত সেইখন পঢ়ি মাকৰ চকুত পানী বিৰিঙিছিল৷ কন্দাৰ কাৰণ সোধাত মাকে সেয়া আনন্দৰ চকুলো বুলি কৈছিল আৰু চিঠিখন উচ্ছাৰণ কৰি পঢ়ি শুনাইছিল–‘আপোনাৰ ল’ৰাটি অত্যন্ত মেধাৱী, সাংঘাতিক জিনিয়াছ৷ আমাৰ এই সৰু চহৰখনত তেওঁক পঢ়ুৱাব পৰাকৈ  যোগ্য শিক্ষক নাই৷ সেয়ে যদি পাৰে তেন্তে কোনো ডাঙৰ চহৰৰ বিদ্যালয়ত তেওঁক নামভৰ্ত্তি কৰি দিলে ভাল হয়৷ এই লৰাটিয়ে এদিন সমগ্ৰ বিশ্বতে প্ৰচুৰ খ্যাতি অৰ্জন কৰিব৷’ ইয়াৰ পাছত মাকে টমাছক ঘৰতে পঢ়ুৱাবলৈ লৈছিল৷ এসময়ত টমাছ হৈ পৰিছিল বিশ্ববিখ্যাত বিজ্ঞানী, উদ্ভাৱক৷ ইতিমধ্যে মাকৰ মৃত্যু হৈছিল৷ এদিন পুৰণি কাগজৰ মাজত টমাছে সেই চিঠিখন পাইছিল, যিখন চিঠি বহুবছৰ পূৰ্বে, টমাছ সৰু থাকোতেই বিদ্যালয় কতৃৰ্পক্ষই মাকলৈ বুলি দিছিল৷ চিঠিখন পঢ়ি টমাছৰ বুকুখন মোছৰ খাই গৈছিল৷ তাত লিখা আছিল–‘আপোনাৰ ল’ৰাটি  মানসিকভাৱে বাধাগ্ৰস্ত, অতি নিৰ্বোধ৷ তেওঁক শিক্ষা দিয়াৰ ক্ষমতা আমাৰ নাই৷ আপোনাৰ ল’ৰাটিৰ বাবে আমাৰ বিদ্যালয়ৰ সুনাম বিনষ্ট হ’ব৷ সেয়ে তেওঁক বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷’ 

বিদ্যালয়, মহাবিদ্যালয় অথবা বিশ্ববিদ্যালয়ত আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিলেহে যে মহান কাম কৰাটো সম্ভৱ, আনুষ্ঠানিক শিক্ষাৰ ডিগ্ৰী অথবা চাৰ্টিফিকেট থাকিলেহে যে  খ্যাতি অৰ্জন কৰিব পাৰি, সেইদৰেই প্ৰচুৰ মেধাসম্পন্ন হ’লেহে যে জীৱনত সফল হ’ব পাৰি–সেইকথা ভুল বুলি বহুতেই ইতিমধ্যে প্ৰমাণ কৰিছে৷ আনুষ্ঠানিক শিক্ষা নোহোৱাকৈয়ো, ডিগ্ৰী অথবা চাৰ্টিফিকেট নথকাকৈয়ো যে নিজ অধ্যাৱসায়ৰ বলত, কঠোৰ শ্ৰম, একাগ্ৰতা আৰু সাধনাৰ বলত মানুহে সফলতাৰ এভাৰেষ্ট আৰোহণ কৰিব পাৰে, তাৰ উৎকৃষ্ট উদাহৰণ হৈছে টমাছ আলভা এডিছন৷ বিজুলী বাতিৰ আৱিষ্কাৰক হিচাপে সমগ্ৰ পৃথিৱীয়ে বিশেষভাৱে মনত ৰখা এইগৰাকী মহান বিজ্ঞানীয়ে সৰু-বৰ অসংখ্য যন্ত্ৰপাতি আৱিষ্কাৰ কৰি মানৱ জাতিৰ উত্তৰণত অভূতপূৰ্ব তথা অতুলনীয় বৰঙণি আগবঢ়াই থৈ গৈছে৷ কেৱল টমাছ আলভা এডিছনেই নে?

বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনক শিক্ষকসকলে লেহেমীয়া ছাত্ৰ বুলি কৈছিল৷ বুৰঞ্জী, সাহিত্য আদি বিষয়বোৰ পঢ়ি বেয়া পাইছিল বাবে বিদ্যালয়ৰ পৰীক্ষাত ভাল ফল দেখুৱাব পৰা নাছিল তেওঁ৷ ব্ৰিটেইনৰ  প্ৰাক্তন প্ৰধানমন্ত্ৰী টনী ব্লেয়াৰক শিক্ষকসকলে সদায় বিফল ছাত্ৰ বুলি অভিহিত কৰিছিল৷ শিক্ষকসকলৰ বাবে টনী ব্লেয়াৰ আছিল মূৰৰ কামোৰণি স্বৰূপ৷ ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰে অষ্টম মান শ্ৰেণীৰ পৰীক্ষাতে অনুত্তীৰ্ণ হৈছিল৷ ‘ফেচবুক’ৰ সহ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গ  কলেজলৈ নগ’লেই৷ স্কুলতে পঢ়া-শুনা সামৰি তেওঁ এতিয়া পৃথিৱীখন শাসন কৰি আছে৷ ৰিচাৰ্ড ব্ৰেনছনে ষোল্ল বছৰ বয়সতে স্কুল এৰি দিছিল৷ পঢ়া-শুনাত মন নথকা ব্ৰেনছনে প্ৰথমে ‘ষ্টুডেণ্ট’ নামৰ এখন আলোচনীৰ প্ৰকাশ আৰম্ভ কৰিছিল আৰু বৰ্তমান তেওঁ ‘ভাৰ্জিন গ্ৰুপ’ৰ স্বত্বাধিকাৰী৷ এই গ্ৰুপৰ অধীনত বৰ্তমান বিভিন্ন ক্ষেত্ৰৰ প্ৰায় চাৰিশৰো অধিক কোম্পানী  চলি আছে ৷ ছাইমন কোৱেল বৰ্তমান বিশ্বৰ মিউজিক উদ্যোগৰ অন্যতম ধনী ব্যক্তি৷ বি এম জি ৰেকৰ্ডছৰ পৰা ইতিমধ্যে ১৫০ নিযুত ৰেকৰ্ডছ বিক্ৰী কৰিবলৈ সক্ষম হোৱা কোৱেল স্কুলৰ পৰীক্ষাত সদায় বিফল হৈছিল৷ পঢ়া-শুনা বাদ দি কোৱেলে প্ৰথম অৱস্থাত মিউজিক কোম্পানীৰ মেইল ৰূমত কাম কৰিছিল৷ ড্ৰিউ বেৰীম’ৰ এগৰাকী বিশ্ববিখ্যাত অভিনেত্ৰী, নামজ্বলা প্ৰযোজক আৰু সফল ব্যৱসায়ী৷ তেওঁ বৰ্তমান ৰাষ্ট্ৰসংঘৰ ‘ৱ’ল্ডৰ্ ফুড প্ৰ’গ্ৰেম’ৰ অধীনত  ‘এম্বেছাদৰ এগেইনষ্ট হাংগাৰ’ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ অৰ্থাৎ, ৰাষ্ট্ৰসংঘই হাতত লোৱা ক্ষুধা নিবাৰণৰ কাৰ্যসূচীত এম্বেছাদৰ হিচাপে দায়িত্ব পালন কৰি আছে৷ এইগৰাকী বেৰীম’ৰে দশম শ্ৰেণীতে পঢ়া-শুনা সামৰি বিদ্যালয় এৰিছিল৷ ক্লেয়াৰ বল্ডিং হৈছে ব্ৰিটেইনৰ এগৰাকী সুখ্যাত ব্ৰডকাষ্টাৰ অৰ্থাৎ সম্প্ৰচাৰক৷ অলিম্পিকৰ দৰে ক্ৰীড়া মহাৰণৰ উপস্থাপক বল্ডিঙে বিদ্যালয় এৰি মেট্ৰিকৰ সমপৰ্যায়ৰ পৰীক্ষাত কোনোমতে উত্তীৰ্ণ হ’বলৈ সময় লৈছিল দুটাকৈ বছৰ৷ বিদ্যালয়ত পঢ়ি থাকোতে দোকানৰ পৰা বস্তু চুৰি কৰাৰ বাবে এইগৰাকী মহিলাক গ্ৰেপ্তাৰো কৰা হৈছিল৷ জন শ্ব’ আছিল ব্ৰিটেইনৰ এগৰাকী প্ৰভাৱশালী  ৰেডিঅ’ ব্ৰডকাষ্টাৰ৷ মেট্ৰিকৰ সম পৰ্যায়ৰ পৰীক্ষাত তেওঁ ইংৰাজী বিষয়ত চি গ্ৰেড পাইছিল আৰু আন তিনিটা বিষয়ত ফেইল কৰিছিল৷  এলেন ছুগাৰ হৈছে এগৰাকী প্ৰখ্যাত ব্ৰিটিছ উদ্যমী, লেখক, ৰাজনীতিক৷  দ্বাদশ শ্ৰেণীৰ পাছত তেওঁ পঢ়া-শুনা এৰি দিছিল৷ বাৰ বছৰ বয়সৰ পৰাই তেওঁ উপাৰ্জনমুখী হৈ পৰিছিল৷ এটি নিম্ন মধ্যবিত্ত গুজৰাটী পৰিয়ালত জন্মগ্ৰহণ কৰা ধীৰু ভাই আম্বানীয়ে ১৬ বছৰ বয়সতে য়েমেনলৈ গৈ এটা কোম্পানীত কেৰাণীৰ চাকৰি কৰিছিল৷ পিছলৈ তেঁৱেই হৈ পৰিছিল বিখ্যাত ৰিলায়েন্স কোম্পানীৰ অধিপতি৷ মুঠতে দেশ-বিদেশৰ এনে অসংখ্য উদাহৰণ আছে–য’ত দেখা যায় যে ব্যক্তিগৰাকীয়ে স্কুল-কলেজৰ পৰীক্ষাত বিশেষ পাৰদৰ্শিতা দেখুৱাব নোৱাৰিলেও, জীৱনৰ পৰীক্ষাত  অনুকৰণীয় সফলতা অৰ্জন কৰি দহৰ বাবে আদৰ্শ হৈছে৷ আন নালাগে, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱেই  প্ৰথমবাৰ মেট্ৰিক পৰীক্ষাত অনুত্তীৰ্ণ হৈছিল৷ সেইদৰেই, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰো শিক্ষাগত অৰ্হতা অথবা পৰীক্ষাৰ ফলাফল সাংঘাটিক কিবা বুলি ক’ব নোৱাৰি৷ অথচ আজি তেওঁ  অসংখ্যজনৰ মুখত হাঁহি বিৰিঙাই আছে৷ কেৱল বিদ্যালয়, মহাবিদ্যালয় অথবা বিশ্ববিদ্যালয়ৰ পৰীক্ষাতে নহয়,  প্ৰতিযোগিতামূলক অন্যান্য পৰীক্ষা অথবা  সাক্ষাৎকাৰ আদিতো  প্ৰথম পৰ্যায়ত বিফল হোৱাৰ পাছত পৰৱৰ্ত্তী পৰ্যায়ত  আশাতীত সফলতা অৰ্জন কৰাৰ অলেখ নজিৰ আছে৷ মাতটো গলগলীয়া হোৱাৰ বাবেই এসময়ত অল ইণ্ডিয়া ৰেডিঅ’ই বলীউডৰ চিৰসেউজ অভিনেতা অমিতাভ বচ্ছনক  চাকৰি দিবলৈ অস্বীকাৰ কৰিছিল৷ দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মহান বিজ্ঞানী ড॰ এ পি জে আব্দুল কালামে এসময়ত পাইলটৰ ইণ্টাৰভিউ দি বিফল হৈছিল৷ জে কে ৰাউলিঙৰ বিশ্ববিখ্যাত গ্ৰন্থ  হেৰী প’টাৰ  প্ৰথম পৰ্যায়ত প্ৰকাশকে প্ৰকাশেই কৰিব বিচৰা নাছিল৷  পিছে, কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু মানসিক দৃঢ়তাৰ বলত তেওঁলোক প্ৰত্যেকেই পৰৱৰ্ত্তী সময়ত সফল হৈছে৷ সাময়িক বিফলতাত হতাশ হৈ, হাত সাৱটি বহি থাকিলে তেওঁলোক সফলো নহ’লহেঁতেন আৰু আজি এইদৰে বন্দিতও নহ’লহেঁতেন৷ 

[তিনি]

আমি আনুষ্ঠানিক শিক্ষা অথবা ভাল ফলাফলৰ বিৰোধী নহয়৷  আমি বিচাৰো দেশৰ প্ৰতিটো শিশু বিদ্যালয়লৈ যাওঁক আৰু তেওঁলোক প্ৰত্যেকেই শিক্ষিত হৈ, জ্ঞানী হৈ আমাৰ সমাজ-আকাশ পোহৰাই তোলক৷ ছাত্ৰ-ছাত্ৰীসকলৰ যিহেতু পঢ়া-শুনা কৰাটোৱেই মূল কাম, গতিকে তেওঁলোকে পঢ়া-শুনাত ভালদৰে মনোনিৱেশ কৰি ভাল ফলাফল কৰাটোও আমি বিচাৰো৷ প্ৰতিযোগিতাৰ এই পৃথিৱীত ভাল ফলাফল কৰি, নিজকে উপযুক্ত স্থানত সংস্থাপিত কৰি, সুখ-স্বাচ্চন্দ্যৰে ভৰা এক জীৱন কামনা কৰাটো কেতিয়াও অসমৰ্থনযোগ্য হ’ব নোৱাৰে৷ আমি ক’বলৈ বিচৰা কথাটো হৈছে– পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শন কৰিলে ভাল৷ কিন্তু কিবা কাৰণত ফলাফল বেয়া হ’লেও হতাশ হোৱাৰ প্ৰয়োজন নাই৷ কিয়নো এটা মাত্ৰ পৰীক্ষাৰ ফলাফলে মানুহৰ জীৱনৰ সফলতা-বিফলতা নিৰূপন কৰিব নোৱাৰে৷ জীৱনৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাটোহে মূল কথা৷ মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী আদি  পৰীক্ষাৰ ফলাফলত যিসকলে স্থান লাভ কৰে অথবা সুখ্যাতিৰে উত্তীৰ্ণ হয় তেওঁলোক নি(য় আমাৰ সম্পদ৷ কিন্তু তাৰ অৰ্থ এইটো নহয় যে  এই পৰীক্ষাসমূহত অনুত্তীৰ্ণ হোৱা অথবা তৃতীয় বিভাগ পোৱাসকল আমাৰ বাবে আপদ৷ সকলোৰে মাজত এটা সম্ভাৱনীয়তা লুকাই থাকে৷ সেয়া আৱিষ্কাৰ কৰি আত্মবিশ্বাসেৰে আগুৱাই গ’লেই সফলতাৰ এভাৰেষ্ট আৰোহণ কৰিব পাৰি৷ 

যিসকলে স্থান লাভ কৰে, সুখ্যাতিৰে উত্তীৰ্ণ হয়, তেওঁলোকক লৈ আমাৰ ব্যস্ততাৰ সীমা নাথাকে৷ তেওঁলোকক লৈ সংবাদ মাধ্যম ব্যস্ত হয়, তেওঁলোকক সম্বৰ্ধনা জনাবলৈ মানুহৰ হেতাওপৰা লাগে৷ সেইখিনি নি(য় তেওঁলোকৰ প্ৰাপ্য৷ তেওঁলোকক উৎসাহ জনোৱাটো আমাৰ সকলোৰে দায়িত্বও৷ পিছে, একেটা পৰীক্ষাতে অনুত্তীৰ্ণ হোৱা অথবা তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা, একেখন সমাজৰে অভিন্ন অংগ গৰিষ্ঠসংখ্যক ছাত্ৰ-ছাত্ৰীৰ কথা আমি সেইখিনি সময়ত পাহৰি থাকো অথবা মনত পেলোৱাৰ প্ৰয়োজনবোধ নকৰো৷ আমাৰ সামাজিক পৰিৱেশ, দৃষ্টিভংগী অথবা আচৰণেই এনেকুৱা হৈ পৰিছে যে ভাল ফলাফল প্ৰদৰ্শন কৰিলেই আমি বহুত কিবাকিবি হোৱা বুলি ভাবো, তেওঁলোকক মূৰত তুলি লওঁ আৰু ফলাফল বেয়া হোৱাসকলৰ কোনো কাম নাই বুলি ভাবি তেওঁলোকক চুড়ান্তভাৱে অৱজ্ঞা কৰো৷ অথচ এই শাৰীত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাই সদায় বেছি হয়৷ আন নালাগে, আমি যদি চলিত বৰ্ষৰ মেট্ৰিকৰ ফলাফলকে বিশ্লেষণ কৰি চাওঁ তেনেহ’লে দেখিবলৈ পাম যে ২০২২ বৰ্ষত মেট্ৰিক পৰীক্ষাত অৱত্তীৰ্ণ হৈছিল মুঠ ৪,০৫,৫৮২ গৰাকী শিক্ষাৰ্থী৷ ইয়াৰে ভিতৰত উত্তীৰ্ণ হৈছে ২,২৯,১৩১ গৰাকী শিক্ষাৰ্থী৷ উত্তীৰ্ণৰ হাৰ ৫৬.৪৯ শতাংশ৷ অৰ্থাৎ প্ৰায় আধাসংখ্যক শিক্ষাৰ্থী অনুত্তীৰ্ণই হৈছে৷ উত্তীৰ্ণ হোৱাসকলৰ ভিতৰতো মাত্ৰ ৬৫,১৭৬ গৰাকী শিক্ষাৰ্থীহে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে৷ এতিয়া প্ৰশ্ন হ’ল– অনুত্তীৰ্ণ হোৱা অথবা তুলনামূলকভাৱে বেয়া ফলাফল প্ৰদৰ্শন কৰা এই বুজনসংখ্যক শিক্ষাৰ্থীৰ প্ৰতি আমাৰ কোনো দায়িত্ব অথবা কৰণীয় নাই নেকি? তেওঁলোকৰ প্ৰত্যেকৰে মাজত যে একোটা সম্ভাৱনীয়তা লুকাই থাকে, এটা মাত্ৰ পৰীক্ষাৰ ফলাফলে যে জীৱনৰ প্ৰকৃত সফলতা-বিফলতা নিৰ্ণয় নকৰে– এই  কথাবোৰ বুজাই দি, সঠিক সময়ত সঠিক পথৰ সন্ধান নিদিলে, তেওঁলোক অবাটে যোৱাৰ সম্ভাৱনাও নাথাকিব নে? আমাৰ উদ্বিগ্নতাও সেইখিনিতেই৷

মূলতঃ মেট্ৰিক পৰীক্ষাত অনুত্তীৰ্ণ হোৱা অথবা তৃতীয় বিভাগ পোৱা ছাত্ৰ-ছাত্ৰীসকলক সঠিক পথৰ সন্ধান দিয়া, তেওঁলোকৰ মাজত লুকাই থকা প্ৰতিভা আৰু সম্ভাৱনীয়তাখিনি আৱিষ্কাৰ কৰাত সহায় কৰা, তেওঁলোকৰ মনোবল তথা আত্মবিশ্বাস বৃদ্ধি কৰা আৰু যাৱতীয় পৰামৰ্শ-¸ প্ৰশিক্ষণ প্ৰদান কৰি বিভিন্ন বৃত্তিৰ বাবে তেওঁলোকক সাজু কৰি তোলাৰ লক্ষ্যৰে অসম আৰক্ষীয়ে ইতিমধ্যে কেতবোৰ পৰিকল্পনা যুগুত কৰি উলিয়াইছে, পদক্ষেপ হাতত লৈছে৷ ইয়াৰে অংশ হিচাপে বিগত  জুলাই মাহৰ মাজভাগত উজনিৰ শিৱসাগৰ আৰু তিনিচুকীয়া জিলাত অনুষ্ঠিত দুখন কেৰিয়াৰ সজাগতা সভাত আমি নিজেও অংশগ্ৰহণ কৰিছিলো৷ শিৱসাগৰ আৰক্ষীৰ উদ্যোগত অ’এনজিচিৰ সভাকক্ষত অনুষ্ঠিত সভাখনত অসম দক্ষতা বিকাশ অভিযানৰ দুগৰাকী প্ৰকল্প বিষয়া, অ’এনজিচিৰ মুখ্য মহাপ্ৰৱন্ধক, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ তথা মহাবিদ্যালয়খনৰ দক্ষতা বিকাশ বিভাগৰ প্ৰৱক্তা, শিৱসাগৰ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক, চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক আদিয়েও অংশ লৈছিল৷ সেইদৰেই তিনিচুকীয়া আৰক্ষীৰ উদ্যোগত অনুষ্ঠিত হোৱা  দক্ষতা বিকাশ আৰু কাৰিকৰী বৃত্তিগত জীৱিকা সম্পৰ্কীয় সজাগতা সভাখনত অসম দক্ষতা বিকাশ অভিযানৰ প্ৰকল্প বিষয়া দুগৰাকীৰ উপৰি অইল ইণ্ডিয়া লিমিটেডৰ বিষয়ববীয়া, তিনিচুকীয়া জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক আদি উপস্থিত আছিল৷ দুয়োখন সভাতে  ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰি, সুন্দৰ ভৱিষ্যতৰ সম্ভাৱনীয়তা লুকাই থকা  তেওঁলোকৰ উজ্জ্বল চকু-মুখবোৰ দেখি অভিভূত হৈ পৰিছিলো৷ আমি গভীৰভাৱে আশাবাদী– এই পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলৰ মনৰ হতাশা দূৰ কৰিব, তেওঁলোকক অবাটে যোৱাৰ পৰা ৰক্ষা কৰিব আৰু উগ্ৰপন্থীৰ সমস্যা তথা কানি বৰবিহ আৰু ড্ৰাগছ্‌ৰ সমস্যা দূৰীকৰণত নিশ্চিতভাৱে সহায় কৰিব৷ আমাৰ এই প্ৰচেষ্টা অব্যাহত আছে৷

[চাৰি]

শেহতীয়াভাৱে যোৱা ২১ আগষ্ট আৰু ২৮ আগষ্টত অসম চৰকাৰৰ প্ৰায় ২৫ হাজাৰ তৃতীয় আৰু  চতুৰ্থ  বৰ্গৰ পদৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈ গৈছে৷ ২১ আগষ্টত চতুৰ্থ বৰ্গৰ ১৪,২৮১টা পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হয়৷ সেইদিনা দশম শ্ৰেণী আৰু তাৰ ওপৰৰ শাখাত মুঠ ৩,৫০,৮৩৪ গৰাকী প্ৰাৰ্থী আৰু অষ্টম শ্ৰেণী আৰু তাৰ ওপৰৰ শাখাত মুঠ ৯২,২৭৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হয়৷ সেইদৰেই ২৮ আগষ্টত তৃতীয় বৰ্গৰ ১০,৪০৬টা পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হয়৷ সেইদিনা দ্বাদশ শ্ৰেণী আৰু তাৰ ওপৰৰ শাখাত মুঠ ৪,৫৬,৫০৬ গৰাকী প্ৰাৰ্থী আৰু স্নাতক আৰু তাৰ ওপৰৰ শাখাত মুঠ ৩,১৯,৩৭৬ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হয়৷ এই হিচাপেৰে দুয়োটা পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ১২,১৮,৯৯০ গৰাকী যদিও বহু পৰীক্ষাৰ্থীয়ে যিহেতু একাধিক শাখাত অৱতীৰ্ণ হৈছে গতিকে অৱতীৰ্ণৰ প্ৰকৃত সংখ্যাটো কম হ’ব৷ অৰ্থাৎ একাধিক শাখাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীক এগৰাকী প্ৰাৰ্থী হিচাপে গণ্য কৰিলে অৱতীৰ্ণৰ প্ৰকৃত সংখ্যাটো কম হ’ব৷ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণভাৱে স্বচ্চ আৰু নিকা কৰাৰ স্বাৰ্থত পৰীক্ষাৰ সময়ছোৱাত ইণ্টাৰনেট কৰ্তনকে ধৰি কৰণীয় বুলি বিবেচিত সকলোখিনি পদক্ষেপেই গ্ৰহণ কৰা হৈছে৷ যাতে যোগ্যজন বঞ্চিত হ’বলগীয়া নহয়, যাতে এটকাও নিদিয়াকৈ চৰকাৰী চাকৰি লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰিবলৈ যাওঁতে আমি কিছু কঠোৰ  হ’বলগীয়া হৈছে আৰু তাৰ বাবে সমালোচিতও হৈছো৷ পিছে যিহেতু ব্যক্তিগত লাভালাভৰ বাবে আমি এনে কৰা নাই, সামূহিক স্বাৰ্থতহে কৰিছো, গতিকে এই সমালোচনাক লৈ আমাৰ কোনো আক্ষেপ নাই৷ যি কি নহওঁক শেহতীয়া এই নিযুক্তি পৰীক্ষাতো  প্ৰায় ২৫ হাজাৰ যুৱক-যুৱতীহে চৰকাৰী চাকৰিৰ বাবে যোগ্য বিবেচিত হ’ব৷ বাকী বুজন সংখ্যকেই এই তালিকাৰ পৰা বাদ পৰিব৷ নিযুক্তি পৰীক্ষাত সফল হ’বলগীয়াসকলক আমি নিশ্চয় অভিনন্দন জনাম৷ পিছে, যিসকল বিফল হ’ব তেওঁলোকক?

তেওঁলোককো সেই একেখিনি কথাই ক’ম, বিগত জুলাই মাহত শিৱসাগৰ আৰু তিনিচুকীয়া জিলাত দুখনকৈ কেৰিয়াৰ সজাগতা সভাত অংশ লৈ যিখিনি কথা কৈছিলো৷ এটা মাত্ৰ পৰীক্ষাৰ ফলাফলে জীৱনৰ সফলতা-বিফলতা নিৰূপণ কৰিব নোৱাৰে৷ সকলোৰে মাজত একোটা সম্ভাৱনীয়তা লুকাই থাকে৷ সেয়া আৱিষ্কাৰ কৰি, কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু মানসিক দৃঢ়তাক সাৰথি কৰি, আত্মপ্ৰত্যয়েৰে আগবাঢ়ি গ’লেই সফলতাৰ এভাৰেষ্ট আৰোহণ কৰিব পাৰি৷ পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শন কৰিব পাৰিলে ভাল, কিন্তু ফলাফল বেয়া হ’লেও  আকাশখন খহি নপৰে৷ হতাশাক প্ৰশ্ৰয় নিদি জীৱনৰ বাটত আগুৱাই গ’লেই হ’ল৷ 

[পাঁচ]

শেহতীয়াভাৱে অনুষ্ঠিত হোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত যিসকল সফল হ’ব, তেওঁলোকলৈ আমাৰ আহ্বান– সবল আৰু সফল নেতৃত্বৰে আমাৰ ৰাজ্যখনক আগুৱাই নিয়া মাননীয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এখন দুৰ্নীতিমুক্ত আৰু সমৃদ্ধিশালী অসম গঢ়াৰ যি সপোন দেখিছে, সেয়া বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত আপোনালোকে সহযোগ কৰক, অনুকৰণীয় কৰ্ম-সংস্কৃতি গঢ়ি তোলক, নিষ্ঠা আৰু সততাৰে নিজৰ কৰ্তব্য সম্পাদন কৰক, নিজৰ সেৱাৰে দেশ নিৰ্মাণৰ অংশীদাৰ হওঁক৷ যিহেতু কোনোধৰণৰ অন্যায়, অনিয়মৰ আশ্ৰয় নোলোৱাকৈ সম্পূৰ্ণ যোগ্যতাৰ ভিত্তিত চাকৰি পাব, গতিকে নিজৰ চাকৰি জীৱনতো কোনোধৰণৰ অন্যায়, অনিয়মৰ আশ্ৰয় নলওঁ বুলি তথা কোনোধৰণৰ দুৰ্নীতিক প্ৰশ্ৰয় নিদিও বুলি সংকল্পবদ্ধ হওঁক৷  আৰু যিসকল বিফল হ’ব তেওঁলোকলৈ আমাৰ আহ্বান– আপোনালোকে এই সাময়িক বিফলতাত হতাশ নহৈ, অধ্যাৱসায়ৰ জৰিয়তে এনে সফলতা আজুৰি আনিবলৈ সংকল্পবদ্ধ হওঁক, যি সফলতাই আপোনালোকক দহৰ বাবে আদৰ্শ কৰি তুলিব পাৰে৷ আমি আশা কৰিম– সফলতাই এদিন আপোনালোকক এনে এক উচ্ছতালৈ লৈ যাওক, য’ত থিয় দি আপোনালোকে উপলব্ধি কৰিব যে তৃতীয় আৰু চতুৰ্থবৰ্গৰ পদ নোপোৱাৰ বাবেহে আজি এই  স্থানত থিয় দিয়াটো সম্ভৱ হৈছে৷ আমি আশা কৰিম– তৃতীয় আৰু চতুৰ্থবৰ্গৰ পদ নোপোৱাৰ বাবেই এদিন আপোনালোকৰ জীৱনলৈয়ো অনুৰূপ  পৰিৱৰ্তনৰ  ঢল নামি আহক,যিদৰে ছেণ্ট পিটাৰ্ছ নেভেল স্কোৱাৰ চাৰ্চৰ ভাৰ্জাৰ পদ হেৰুওৱাৰ বাবেই এলবাৰ্ট এডৱাৰ্ড ফ’ৰমেনৰ জীৱনলৈ নাটকীয় পৰিৱৰ্তন আহিছিল৷ সামৰ্থ অনুযায়ী আপোনালোকো দেশ নিৰ্মাণৰ অংশীদাৰ হওঁক৷