Logo
image

বাংলাদেশ যুদ্ধত মোদীৰ কাৰাবৰণৰ তথ্য নাই!

আমাৰ অসম, ২ ছেপ্টেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ স্বাধীনতা সংগ্ৰামত ভাগ লৈ কাৰাবৰণ কৰা বুলি এবছৰ পূৰ্বে দাবী কৰিছিল৷ বাংলাদেশৰ ৫০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ঢাকাত আয়োজিত অনুষ্ঠানত ভাগ লৈ মোদীয়ে উক্ত দাবী কৰিছিল৷ কিন্তু বাংলাদেশৰ স্বাধীনতা যুঁজত ভাগ ল’বলৈ গৈ মোদীয়ে কাৰাবাস খাটিবলগীয়া হোৱা বুলি কোনো তথ্য মজুত নাই বুলি স্পষ্ট কৰি দিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে৷ মোদীয়ে কৰা দাবী সন্দৰ্ভত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত এজনে কৰা আৱেদনৰ উত্তৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে স্পষ্ট কৰি দিয়ে৷ উল্লেখ্য যে, যোৱা বছৰ মোদীয়ে বাংলাদেশৰ স্বাধীনত দিৱসৰ অনুষ্ঠানত ভাগ লৈ দিয়া ভাষণত কোৱা মতে তেওঁ দেশখনৰ স্বাধীনতা সংগ্ৰামৰ সত্যাগ্ৰহ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে ইয়াৰ বাবে কাৰাবাসো খাটিবলগীয়া হৈছিল৷ মোদীৰ এই ভাষ্যক কেন্দ্ৰ কৰি পৰৱৰ্তী সময়ত দেশজুৰি বিতৰ্কৰ সৃষ্টি হয়৷ উল্লেখ্য যে, যোৱা বছৰ বাংলাদেশৰ স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি দেশখনে ‘মুজিব বৰ্ষ’ শীৰ্ষক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে৷ ঢাকাৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ উত্তৰ-পশ্চিম প্ৰান্তৰ ছাভৰত অনুষ্ঠিত উক্ত অনুষ্ঠানত ১৯৭১ চনৰ বাংলাদেশ মুক্তিযুঁজৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়৷ য’ত ভাগ লয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ উক্ত অনুষ্ঠানত দিয়া ভাষণ প্ৰসংগত মোদীয়ে কয়– মোৰ বয়স তেতিয়া হয়তো ২০ বা ২২ বছৰ হৈছিল৷ মই একাংশ সতীৰ্থৰ সৈতে বাংলাদেশৰ স্বাধীনতা সংগ্ৰামৰ সমৰ্থনত উলিওৱা সত্যাগ্ৰহত ভাগ লৈছিলো৷ ইয়াৰ বাবে মই গ্ৰেপ্তাৰ হোৱাৰ উপৰি আনকি কাৰাবাসো খাটিবলগীয়া হৈছিল৷ মোদীৰ এই ভাষ্যৰ পাছতে দেশজুৰি বিতৰ্ক আৰম্ভ হয় যে সঁচাকৈয়ে তেওঁ বাংলাদেশৰ স্বাধীনতা যুঁজত ভাগ লৈ কাৰাবৰণ খাটিছিলনে? বিৰোধী দলসমূহে তেতিয়াই মোদীৰ এই ভাষ্যক মিথ্যাচাৰ বুলি মন্তব্য কৰিবলৈ লৈছিল৷ ইয়াৰ মাজতে এজনে তথ্য জনাৰ অধিকাৰ আইন অনুসৰি মোদীৰ দাবীৰ সঁচা-মিছা জানিবলৈ বিচাৰে৷ যাৰ উত্তৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে স্পষ্ট কৰি দিয়ে যে এনে কোনো তথ্য তেওঁলোকৰ ওচৰত মজুত নাই৷