Logo
image

দিল্লীৰ পতিতালয়ত উদ্ধাৰ আত্মসহায়ক আঁচনিৰ যুৱতী

দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল বিকাশ যোজনাৰ দুই বিষয়াক জেৰা

আমাৰ অসম, ২ ছেপ্টেম্বৰঃ দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল বিকাশ যোজনাৰ অধীনত বহিঃ ৰাজ্যত কৰ্মসংস্থাপনৰ বাবে নিয়া অসমৰ এগৰাকী যুৱতীক দিল্লীৰ পতিতালয়ৰ পৰা উদ্ধাৰ কৰা ঘটনাক লৈ কোকৰাঝাৰ তথা বিটিআৰৰ ৰাইজক হতভম্ব কৰিছে৷ চৰকাৰী আত্মসহায়ক আঁচনিৰ অধীনত প্ৰশিক্ষণ লৈ ‘চাকৰি’ কৰা কোকৰাঝাৰৰ এই যুৱতীগৰাকীৰ ক্ষেত্ৰত সংঘটিত হোৱা দুৰ্ভাগ্যজনক ঘটনাই বহু প্ৰশ্নৰ উদ্ৰেক ঘটাইছে৷ দেশৰ অনগ্ৰসৰ, কৰ্মসংস্থাপনহীন আৰু দক্ষতাহীন যুৱক-যুৱতীসকলক দক্ষতাসম্পন্ন কৰি তুলি সংস্থাপিত কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত এনআৰএলএম অৰ্থাৎ জাতীয় গ্ৰামীণ জীৱিকা নিৰ্বাহ মিচনৰ এটা অংশ হিচাপে ২০১৪ চনত গ্ৰহণ কৰা দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল্যা যোজনা প্ৰকৃততে কি সেয়া নিশ্চিতভাৱে সন্দেহৰ আৱৰ্তত সোমাই পৰিছে৷ এই সন্দৰ্ভত পতিতালয়ৰ ভয়ংকৰ অভিজ্ঞতা লৈ বৰ্তমান ট্ৰ’মাত থকা গাৰো জনগোষ্ঠীৰ যুৱতীগৰাকীয়ে এই প্ৰতিবেদকৰ আগত সদৰি কৰা মতে, ৰেবিকা মাৰাক নামৰ মাকৰ সম্পৰ্কীয় বায়েক এগৰাকীয়ে মেট্ৰিক পৰীক্ষাত অনুত্তীৰ্ণ হৈ ঘৰত এনেয়ে বহি থকা বাবে তাইক কোকৰাঝাৰ চহৰৰ খাৰগাঁওস্থিত দীনদয়াল উপাধ্যায় কৌশল বিকাশ কেন্দ্ৰত নামভৰ্তি কৰাই সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰশিক্ষণ লোৱাৰ সুযোগ পাব বুলি পৰামৰ্শ আগবঢ়ায়৷ সেইমৰ্মে এসাজ খালে আনসাজৰ কথা ভাবিবলগীয়া পৰিয়ালটোৰ যুৱতীগৰাকীয়ে চলিত বৰ্ষত কোকৰাঝাৰ খাৰগাঁওস্থিত দীনদয়াল উপাধ্যায় কৌশল বিকাশ কেন্দ্ৰত মাল্টিস্কিন টেকনিচিয়ান বিষয়ত চাৰিমহীয়া প্ৰশিক্ষণ গ্ৰহণ কৰে৷ প্ৰশিক্ষণ গ্ৰহণৰ পাছত তিনি মাহ পাছত যুৱতীগৰাকীক কেন্দ্ৰৰ তৰফৰ পৰা মাতি আনি জনোৱা হয় যে চেন্নাইত ওঠৰ হাজাৰ টকা দৰমহাত চাকৰি হৈছে৷ ইয়াৰ দুই সপ্তাহ পাছত ৮ আগষ্টৰ দিনা পলাশ ৰাজবংশী নামৰ ষ্টেট হেডজনে যুৱতীগৰাকীৰ নায়েক গাঁওস্থিত ঘৰলৈ গৈ মাকক  জ্ঝআগষ্টত তেওঁলোকৰ কন্যাক চেন্নাইলৈ যাব বুলি জানিবলৈ দি ছোৱালীজনীক সাজু কৰি দিবলৈ কয়৷ কিন্তু উক্ত সময়ত ঘৰৰ পিতৃ নথকাৰ বাবে মাকে জীয়েকক ইমান দূৰলৈ পঠিয়াবলৈ অমান্তি হয়৷ কিন্তু কন্যাৰ আঁকোৰগোঁজ স্থিতিত অৱশেষত উপায়ন্তৰ হৈ মাক মান্তি হয়৷ সেইমৰ্মে ৯ আগষ্টৰ বিয়লি ৪ বজাত চেন্নাইৰ পৰিৱৰ্তে উক্ত গাৰো যুৱতীসহ সৰ্বমুঠ ৪০ জন যুৱক-যুৱতীক লৈ নৰ্থ ইষ্ট এক্সপ্ৰেছৰে ষ্টেট হেড পলাশ ৰাজবংশীয়ে নয়দালৈ যাত্ৰা কৰে৷ নয়দাত মিন্দা কোম্পানীত পুনৰ তেওঁলোকে ইণ্টাৰভিউত অৱতীৰ্ণ হ’বলগীয়া হয় কিন্তু উক্ত কোম্পানী কতৃৰ্পক্ষই এই যুৱক-যুৱতীসকলৰ একাংশ যোগ্য নহয় বুলি নথি-পত্ৰবোৰ ওভোতাই দিয়ে৷ তেতিয়া পলাশ ৰাজবংশীয়ে যুৱক যুৱতীসকলক আন কোম্পানীত হ’ব বুলি আশা দেখুৱাই এটা হোষ্টেলত থকাৰ ব্যৱস্থা কৰি দিয়ে৷ কিন্তু সকলো কিনি খাবলগীয়া ল’বলগীয়া হোৱাত পৰ্যাপ্ত পৰিমাণৰ টকা নথকা বাবে গাৰো যুৱতীগৰাকীয়ে ১৬ আগষ্টৰ দিনা পুৱাই হোষ্টেলৰ পৰা পলাই দিল্লীত উপস্থিত হয়৷ তাৰ পৰা তাই মাকক মই চাকৰি নকৰোঁ পলাই আহিছোঁ বুলি জানিবলৈ দিয়ে৷ কিন্তু ষ্টেচনত টিকট কটাৰ যো-জা কৰাৰ সময়তে এটা অচিনাকি নম্বৰৰ পৰা ফোন আহে যে যদিহে তাই ক’ত আছে শীঘ্ৰে জনাবলৈ কয় অন্যথা মাকক জে’লত ভৰাই থ’ব বুলি ভীতি প্ৰদৰ্শন কৰাত তাই ভয়তে ক’ত আছে জনাই দিয়ে৷ তাৰ পাছত পলাশ ৰাজবংশীয়ে তাইক মাক আহি আছে তোমাক নিবলৈ বুলি কৈ তাইক দুজন পুলিচৰ লগত পঠিয়াই দিয়ে৷ পুলিচ দুজনে তাইক এটা স্বেচ্ছাসেৱী সংগঠনৰ আশ্ৰয়ত থয়৷ তাত আন আৱাসীসকলৰ শাৰীৰিক-মানসিক অত্যাচাৰ সহি দুদিন থকাৰ পাছত তাইক এজন যুৱকে অটোৰে আন এঠাইলৈ লৈ যায় আৰু তাত থাকিবলৈ দিয়ে৷ যুৱতীগৰাকীয়ে উক্ত স্থানত তাইৰ সমবয়সীয়া ৫০জনীমান ছোৱালী থকা বুলি জানিবলৈ দিয়ে৷ উক্ত স্থানৰ ৱাৰ্ডেনগৰাকীয়ে তাইক আবেলি শাড়ী পৰিধান কৰাই সুন্দৰকৈ মেকআপ কৰাই হোটেলত লৈ যায়৷ যুৱতীগৰাকীয়ে পাঁচদিন তেনেদৰে দহজন গ্ৰাহকৰ চাহিদা পূৰণ কৰাৰ মাজতে মাকক ফোন কৰি তাই বেয়া পথত ভৰি দিছে বুলি জনায় আৰু মাকক লৈ যাবলৈ আহ্বান জনায়৷ উল্লেখ্য যে, যুৱতীগৰাকীয়ে পোনতে এনেদৰে পতিতা হ’বলৈ আপত্তি কৰিছিল যদিও আশ্ৰয়গৃহৰ কতৃৰ্পক্ষই তোক আমি এনেয়ে ৰাখিব নোৱাৰোঁ যিমান দিন ইয়াত থাকিবি এই কাম কৰিব লাগিব বুলি সকীয়নি দিছিল৷ ইফালে জীয়েকৰ ফোন পোৱাৰ পাছত যুৱতীগৰাকীৰ গাঁৱত, গাৰো জাতীয় সংগঠনত, মাতৃগৃহত হুলস্থূল লাগে৷ তেওঁলোকে খাৰগাঁওস্থিত দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা কেন্দ্ৰৰ কত্তৃৰ্পক্ষক সাক্ষাৎ কৰে আৰু ছোৱালীজনীক উদ্ধাৰ কৰি দিবলৈ দাবী জনায়৷ কিন্তু মাকে ২২ আগষ্টত টকা ধাৰ কৰি জীয়েকে দিয়া ঠিকনাত উপস্থিত হয় আৰু ২৫ আগষ্টত কোকৰাঝাৰত উপস্থিত হয়৷ ইতিমধ্যে গাৰো যুৱতীগৰাকীৰ মাতৃয়ে সহজ-সৰল জীয়েকক চাকৰিৰ প্ৰলোভন দি এনেদৰে পতিতালয়ত থোৱাৰ অভিযোগত কোকৰাঝাৰ থানাত পলাশ ৰাজবংশী, ফেকাল্টি বিক্ৰম ব্ৰহ্ম আৰু জনৈক মুকেশ নামৰ তিনিজনৰ বিৰুদ্ধে গোচৰ ৰজু কৰে৷ প্ৰথম অৱস্থাত আৰক্ষীয়ে ইমান গুৰুত্ব আৰোপ কৰা নাছিল যদিও সংবাদ মাধ্যমে ঘটনাটো জনাৰ পাছত কোকৰাঝাৰ আৰক্ষীয়ে পতিতালয়ৰ পৰা উভতি অহা যুৱতীগৰাকীৰ স্বাস্থ্য পৰীক্ষা, ১৬৪ ৰেকৰ্ড, দিল্লী আৰক্ষীৰে যোগাযোগ কৰাৰ লগতে দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা কেন্দ্ৰত উপস্থিত হৈ এচিষ্টেণ্ট মেনেজাৰ[ অপাৰেচন] প্ৰশান্ত কুণ্ডল্যক সোধ-পোছৰ বাবে থানালৈ লৈ যায় আৰু পলাশ ৰাজবংশীক বঙাইগাঁৱৰ পৰা সোধ-পোছৰ বাবে মাতি আনে৷ ইফালে, পলাশ ৰাজবংশী নামৰ অন্যতম প্ৰধান অভিযুক্তজনে ফোন অফ কৰি অজ্ঞাত স্থানত আত্মগোপন কৰিছে৷ নিৰ্যাতিতা যুৱতীগৰাকীয়ে দিয়া স্বীকাৰোক্তি মতে দিল্লীৰ আশ্ৰয়গৃহত থকা যুৱতীসকলক প্ৰথমে বেজী দিয়া হৈছিল আৰু তাৰ পাছত অৱশ হৈ পৰা অৱস্থাত বেশ্যাবৃত্তিত জড়িত হ’বলৈ বাধ্য কৰা হৈছিল৷ উল্লেখ্য যে, দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা কেন্দ্ৰৰ এচিষ্টেণ্ট মেনেজাৰ [ অপাৰেচন ] প্ৰশান্ত কুণ্ডল্যই সংবাদ মাধ্যমৰ আগত চালে-বেৰে কোবোৱা কিছুমান যুক্তি দৰ্শাই গাৰো যুৱতীগৰাকীৰ ওপৰত সম্পূৰ্ণ দোষ জাপি দিয়াৰ প্ৰচেষ্টা চলায় যদিও এতিয়া কথা হৈছে আগদিনা চেন্নাইলৈ লৈ যাব বুলি জনোৱাৰ পাছত ১২ ঘণ্টা নৌহওঁতেই কেনেকৈ যুৱক-যুৱতীসকলক নয়দালৈ নিয়া হৈছিল? তদুপৰি, চৰকাৰী নীতি-নিৰ্দেশনা অনুসৰি অষ্টম শ্ৰেণী উত্তীৰ্ণ হ’লেই প্ৰশিক্ষণ লৈ চাকৰিৰ বাবে যোগ্যতা অৰ্জন কৰিব পাৰিব যদিও বহিঃ ৰাজ্যৰ কোম্পানীত দশম উত্তীৰ্ণ হ’ব লাগিব বুলি দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা কেন্দ্ৰৰ কত্তৃৰ্পক্ষই জনা নাছিল নেকি? অন্যথাই উক্ত গাৰো যুৱতীগৰাকীক মিণ্ডা কোম্পানীত চাকৰিত নিযুক্তি লাভ কৰিছে বুলি নিযুক্তি-পত্ৰ দেখুৱাই কিয় নয়দালৈ লৈ গৈছিল? তদুপৰি, গাৰো যুৱতীগৰাকী নয়দাৰ পৰা পলাই যোৱাৰ দিনা কোকৰাঝাৰ দীনদয়াল উপাধ্যায় বিকাশ কেন্দ্ৰৰ পৰা মাকৰ ওচৰলৈ গৈ তাইৰ নথি-পত্ৰ আৰু ফটো বিচাৰি বিভিন্নধৰণৰ মানসিক নিৰ্যাতন চলোৱাৰ আঁৰৰ ৰহস্য কি? অৱশ্যে ইতিমধ্যে কোকৰাঝাৰ আৰক্ষীয়ে সোধ-পোছৰ বাবে আটক কৰিছে কোকৰাঝাৰ দীনদয়াল উপাধ্যায় কৌশল বিকাশ কেন্দ্ৰৰ সহঃ প্ৰবন্ধক প্ৰশান্ত কৌণ্ডিল্যক সোধ-পোছ তথা তদন্ত আৰম্ভ কৰাৰ পাছত অতিশীঘ্ৰে সকলো ওলাই পৰিব বুলি আশা কৰা হৈছে৷ মন কৰিবলগীয়া কথা এয়ে যে কোকৰাঝাৰ দীনদয়াল উপাধ্যায় কৌশল বিকাশ কেন্দ্ৰটো বৰ্তমান অল ইণ্ডিয়া টেকন’লজি মেনেজমেণ্ট কাউন্সিল ভেন্সাৰ প্ৰাইভেট লিমিটেড চমুকৈ এআইটিএমচি ভেন্সাৰ প্ৰাইভেট লিমিটেড নামৰ এটা সংস্থাই চলাই আছে৷ যিসময়ত কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা পৰিয়ালৰ যুৱক-যুৱতীসকলক দক্ষ কৰি কৰ্মসংস্থাপিত কৰিব বুলি দাবী শ্লোগান দি আহিছে সেয়া প্ৰকৃততে কাৰ্যকৰী হৈছে নে সেয়া এগৰাকী যুৱতী দিল্লীৰ পতিতালয়ত উদ্ধাৰ হোৱা ঘটনাই স্পষ্ট কৰি তুলিছে৷