Logo
image

আশ্চৰ্যকৰ! ৬,০০০ বছৰীয়া প্ৰাচীন গছৰ ভিতৰতে বাৰ

আমাৰ অসম, ২ ছেপ্টেম্বৰঃ জীৱ বিজ্ঞানীসকলে সন্ধান পাইছে বিশ্বৰ এজোপা প্ৰাচীন বিশাল গছৰ৷ গছজোপা আছে দক্ষিণ আফ্ৰিকাৰ লিপ্পোপো প্ৰদেশত৷ ৬,০০০ বছৰৰো অধিক বয়সীয়া গছজোপাৰ নাম হ’ল ‘সোনলেণ্ড বাউবাব’৷ আশ্চৰ্যকৰ কথাটো হ’ল গছজোপাৰ গুৰিতে থকা গা-গছ অংশত আছে এখন বাৰ৷ বাউবাব গছজোপাক ‘আদানছোনিয়া’ নামেৰেও জনাজাত৷ মধ্য আফ্ৰিকাৰ পাশ্বৰ্ৱত¹ এলেকাত বহুতো ডাঙৰ ডাঙৰ সোনলেণ্ড বাউবাব গছ আছে৷ তাৰ ভিতৰত আদানছোনিয়া’ নামৰ বিশাল গছজোপাই সকলোতকৈ বিখ্যাত আৰু প্ৰাচীনতম বাউবাব গছ৷ গছজোপাৰ গুৰিৰ গা-গছ অংশত এখন কাঠবাৰ আছে৷ এই কাঠবাৰখন মানুহে তৈয়াৰ কৰা নহয়৷ প্ৰাকৃতিকভাৱে কাঠবাৰখন তৈয়াৰী৷ প্ৰকৃততে বিশাল গছজোপাৰ গৰ্ভত ১৯৯৩ চনত এখন বাৰ স্থাপন কৰা হয়৷ বাৰখন ভেন হাৰ্ডিন পৰিয়ালৰ মালিকানাধীন৷