Logo
image

গুৱাহাটীত টি২০ টিকট কেনেকৈ পাব

আমাৰ অসম, ৩ ছেপ্টেম্বৰঃ শাৰদীয় দুৰ্গা পূজাৰ সময়তে গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ টি-২০ খেল৷ গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত এই খেলা সুচাৰুৰূপে অনুষ্ঠিত কৰিবৰ বাবে প্ৰস্তুতিপৰ্ব হিচাপে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ল বিশেষ বৈঠক৷ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত দিছপুৰৰ জনতা ভৱনত এই বিশেষ বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ লন শইকীয়া, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত, গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষৰ, গড়কাপ্তানি বিভাগ, অগ্নি নিৰ্বাপক বাহিনী আদিৰ উচ্ছ পদস্থ বিষয়াসকল উপস্থিত থাকে৷ বৈঠকৰ অন্তত অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ লন শইকীয়াই কয় যে চলিত মাহৰ অৰ্থাৎ ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহৰ পৰা অনলাইন টিকটৰ বিক্ৰী হ’ব৷ ৩৯,৫০০ অসমৰ ব্যৱস্থা থকা বৰ্ষাপাৰাত ৩২ হাজাৰ টিকট বিক্ৰীৰ বাবে মুকলি কৰি দিয়া হ’ব৷ বিচিচিআইয়ে অসম ক্ৰিকেট সন্থাক অহা দুই অক্টোবৰত এখন টি-২০ মেটছ পতাৰ কাৰণে অনুমতি দিছে৷ সেই অনুসৰি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ছেকেণ্ড টি-২০ মেটছখন গুৱাহাটীত ২ অক্টোবৰত শাৰদীয় দুৰ্গা পূজাৰ মাজতে অনুষ্ঠিত হ’ব৷ টিকট বিক্ৰীৰ বাবে অনলাইন টিকট এজেন্সিৰ পৰা নিবিদাৰ আহ৩ান কৰা হৈছিল৷ সেই মৰ্মে দুটা এজেন্সিয়ে নিবিদাত ভাগ লৈছিল আৰু ইয়াৰে এটাক কালি নিৰ্বাচিত কৰা হৈছে৷ তেওঁলোকে গোটেই ষ্টেডিয়ামৰ চিটৰ মেনিফেষ্টটেশ্বন তৈয়াৰ কৰিব৷ কিছু সংখ্যক টিকট আমি বিচিচিআইক দিব লাগিব৷ কিছুসংখ্যক নামি স্পনছৰশ্বীপৰ  কাৰণে ৰাখিব লাগিব৷ বিভিন্ন জিলাৰ সমূহৰ নামটো এলটমেণ্ট হ’ব৷ ভাৰতৰ বিভিন্ন ৰাজ্যৰ ক্ৰিকেট সংস্থাসমূহকো নিয়ম অনুসৰি এটা বিশেষ সংখ্যাৰ টিকট প্ৰদান কৰিব লাগিব৷ এই সকলোবোৰ হৈ যোৱাৰ পাছত ৩০ বা ৩২ হাজাৰ টিকট আমি ৰাইজৰ কাৰণে মুকলি কৰি দিব পাৰিম৷ ষ্টুডেণ্টৰ কাৰণে খুব কম মূল্যত ষ্টুডেণ্ট কনছেশ্বন টিকট থাকিব৷ এই খেলৰ আয়োজক সমিতিৰ সভাপতি হৈছে যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব৷ খেলাখন অনুষ্ঠিত কৰাৰ বাবে আমাক চৰকাৰৰ সহযোগিতা লাগিব৷ আজিৰ বৈঠকত মুখ্যমন্ত্ৰীয়ে বিভিন্ন বিভাগ বা এজেঞ্চি সমূহক কাৰ কি দায়িত্ব থাকিব, সেয়া ভাগ কৰি দিয়ে৷ অহা দহ ছেপ্টেম্বৰত বৰ্ষাপাৰা ষ্টেডিয়ামত গোটেই এজেঞ্চিসমূহৰ এখন ছেকেণ্ড ৰাউণ্ড বৈঠক অনুষ্ঠিত হ’ব৷ সেইদিনাই আমি গোটেই ৰডমেপ তৈয়াৰ কৰি উলিয়াম৷ চিকিউৰিটি, পাৰ্কিং, চিকিউৰিটি লেফৰ আদি সেই দিনাই ঠিক হ’ব৷ উল্লেখ্য যে চলিত বৰ্ষৰ অক্টোবৰ-নৱেম্বৰত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ব ক্ৰিকেটৰ বিশ্বকাপ টি-২০৷ এই খেলৰ প্ৰস্তুতিৰ অংশ হিচাপে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ভাৰতত তিনিখনকৈ শৃংখলা অনুষ্ঠিত হ’ব৷ ইয়াৰে প্ৰথমখন ২৮ ছেপ্টেম্বৰত কেৰেলাত থিৰুৱনন্তপুৰমত , দ্বিতীয়খন ২ অক্টোবৰত গুৱাহাটীত আৰু তৃতীয়খন ৩ অক্টোবৰত মধ্য প্ৰদেশৰ ইন্দোৰত অনুষ্ঠিত হ’ব৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ২০২০ চনৰ ৫ জানুৱাৰীতো অসম ক্ৰিকেট সন্থাৰ উদ্যোগত গুৱাহাটীত ভাৰত-শ্ৰীলংকাৰ টি-২০ খেল অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে খেলখন পৰিত্যক্ত ঘোষণা কৰিবলগীয়া হৈছিল৷ আনহাতে, খেল পথাৰ ঢাকি ৰখা আবৰণত ছিদ্ৰ ওলোৱাৰ বাবে যথেষ্ট সমালোচনাৰ সন্মুখীন হৈ অসম ক্ৰিকেট সন্থা৷