অধ্যাপিকা ৰুমী কাকতিৰ মৃত্যু, চিচি টিভিত অন্য কাহিনী
আমাৰ অসম, ৩ ছেপ্টেম্বৰঃ অধ্যাপিকা ড॰ ৰুমী কাকতি চিকিৎসকৰ গাফিলতিৰ বাবে মৃত্যু হৈছিল নে, নে স্বামীয়ে পৰিকল্পিতভাৱে হত্যা কৰিছিল এই লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে৷ সন্তান প্ৰসৱৰ এদিনৰ পাছতেই বিগত ২৬ আগষ্টত নলবাৰীৰ শুশ্ৰূষা হাস্পতালত কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড॰ ৰুমী কাকতিৰ মৃত্যুৰ সন্দৰ্ভত সন্দেহৰ আঙুলি উঠিছে অধ্যাপিকাগৰাকীৰ স্বামী জয়ন্ত কলিতাৰ বিৰুদ্ধে৷ কিয়নো অধ্যাপিকগৰাকীৰ মৃত্যুৰ পূৰ্বে হাস্পতালৰ নিৰ্দিষ্ট কোঠাটোলৈ স্বামী জয়ন্ত কলিতাই এটা গাৰু লৈ প্ৰৱেশ কৰাৰ চিচিটিভি ফুটেজে মৃত্যুৰ ঘটনাটোক অধিক ৰহস্যঘন কৰি তুলিছে৷ অৱশ্যে ৰুমী কাকতিৰ মৃত্যুৰ পাছত স্বামী জয়ন্ত কলিতাই পত্নীৰ মৃত্যুৰ বাবে হাস্পতালৰ চিকিৎসকৰ গাফিলতি বুলি দাবী কৰি উত্তেজনাময় পৰিস্থিতি সৃষ্টি কৰিছিল যদিও এতিয়া চিকিৎসালয় কতৃৰ্পক্ষই অধ্যাপিকাগৰাকী চিকিৎসাধীন হৈ থকা কোঠাটোৰ সন্মুখৰ চিচিটিভি ফুটেজ ৰাজহুৱা কৰাত সমগ্ৰ ঘটনাই লৈছে অন্য ৰূপ৷ কিয়নো চিচি টিভি ফুটেজত স্পষ্টভাৱে দেখা পোৱা গৈছে যে হাতত এটা গাৰু লৈ হাস্পতালখনত ৰুমী চিকিৎসাধীন হৈ থকা কোঠাটোত প্ৰৱেশ কৰিছিল স্বামী জয়ন্ত কলিতাই৷ লগত এজন যুৱক আছিল যজিও উক্ত যুৱকজন প্ৰথম অৱস্থাত কোঠাটোৰ বাহিৰতে পাইচাৰি কৰি ফুৰিছিল৷ কিছু সময়ৰ পাছত উক্ত যুৱকজনো ৰুমীৰ কোঠাটোত প্ৰৱেশ কৰিছিল৷ প্ৰায় আধা ঘণ্টা মানৰ পাছত কোঠাটোৰ পৰা স্বামী জয়ন্ত কলিতা বাহিৰলৈ ওলাই আহি কৰিড’ৰৰ ইফালে সিফালে চাই পুনৰ কোঠাটোলৈ সোমাই গৈছিল৷ ইয়াৰ পাছতেই ৰুমী কাকতি চিকিৎসাধীন হৈ থকা কোঠাটোৰ পৰা লৰা-লৰিকৈ ওলাই গৈছিল স্বামী জয়ন্ত আৰু আন যুৱকজন৷ ইয়াৰ পাছতেই ৰুমীৰ স্বাস্থ্যৰ অৱস্থাত আকস্মিক অৱনতি ঘটিছিল আৰু চিকিৎসকৰ গাফিলতিৰ বাবেই মৃত্যু হোৱা বুলি দাবী কৰি উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰিছিল স্বামী জয়ন্ত কলিতাই৷ অতি আশ্চৰ্যজনকভাৱে স্বামী জয়ন্ত কলিতাই সংবাদ মাধ্যমৰ আগত হাস্পতাল কৰ্তৃপক্ষই ৰোগীক গাৰু এটাও নিদিয়া বুলি অভিযোগ কৰি বাৰম্বাৰ গাৰু প্ৰসংগ উত্থাপন কৰাও দেখা গৈছিল৷ আনহাতে, ৰুমী কাকতি চিকিৎসকৰ গাফিলতিৰ বাবে মৃত্যু হোৱা বুলি স্বামী জয়ন্ত কলিতাই অভিযোগ কৰিছিল যদিও মৰণোত্তৰ পৰীক্ষাৰ অবিহনে নিশাই অধ্যাপিকাগৰাকীৰ মৃতদেহ সৎকাৰ কৰাক লৈ সন্দেহ প্ৰকাশ কৰিছে ৰুমীৰ সহকৰ্মীসকলেও৷ স্বাভাৱিকতেই এতিয়া স্বামী জয়ন্ত কাকতিৰ সন্দেহজনক চাল-চলন লগতে কথা-বতৰা তথা চিচিটিভি ফুটেজ ৰাজহুৱা হোৱাত অধ্যাপিকাগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ ইফালে ৰুমী কাকতিৰ চিকিৎসাৰ দায়িত্বত থকা শুশ্ৰূষা হাস্পতালৰ কৰ্তব্যৰত চিকিৎসকে ড॰ ৰুমী কাকতিৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ হোৱাত আই চি ইউৰ পৰা পেয়িং কেবিনলৈ উলিয়াই দিয়াৰ পাছতেই আকস্মিকভাৱে স্বাস্থ্যৰ অৱস্থা অৱনতি ঘটিছিল বুলি সদৰী কৰিছে৷ ইফালে অধ্যাপিকা ৰুমী কাকতিয়ে সেৱা আগবঢ়োৱা বিশ্ববিদ্যালয়খনৰ একাংশ সহকৰ্মীয়ে ৰুমীক দ্বিতীয় স্বামী জয়ন্ত কলিতাই ধনৰ বাবে শাৰীৰিক-মানসিক অত্যাচাৰ চলোৱাৰ ভয়ংকৰ অভিযোগ কৰিছিল৷ বিশ্ববিদ্যালয়খনৰ অধ্যাপকসকলে ৰুমী কাকতিৰ মৃত্যুত স্বামীৰ জয়ন্ত কলিতাৰ হাত থকাৰ সন্দেহ কৰি উচিত তদন্তৰ বাবে নলবাৰী জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক স্মাৰক-পত্ৰ দিয়া বুলিও জানিব পৰা গৈছে৷
তদন্ত বিচাৰি বিশ্ববিদ্যালয় কতৃৰ্পক্ষৰ স্মাৰক-পত্ৰ
নলবাৰীস্থিত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড॰ ৰুমী কাকতিৰ মৃত্যুক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ অমায়িক অধ্যাপিকাগৰাকীৰ আকস্মিক মৃত্যুৰ উচিত তদন্ত বিচাৰি শেহতীয়াভাৱে বিশ্ববিদ্যালয়খনৰ শিক্ষক-অনাশিক্ষক কৰ্মচাৰীয়ে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক স্মাৰক-পত্ৰ প্ৰদান কৰাত সমগ্ৰ ঘটনাটোৱে নতুন মোৰ লৈছে৷ অধ্যাপিকা ড॰ ৰুমী কাকতিক স্বামী জয়ন্ত কলিতাই পূৰ্ব পৰিকল্পিতভাৱে মৃত্যুৰ মুখলৈ ঠেলি দিয়া গুৰুতৰ অভিযোগ উত্থাপন কৰি সমগ্ৰ ঘটনাৰ উচিত তদন্তৰে দোষীক শাস্তি প্ৰদান কৰিবলৈ বিশ্ববিদ্যালয় কতৃৰ্পক্ষই উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক আবেদন জনোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷ উল্লেখ্য, ২৬ আগষ্টৰ নিশা নলবাৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় শুশ্ৰূষা হাস্পতালত মৃত্যু ঘটিছিল সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড॰ ৰুমী কাকতিৰ৷ সন্তান প্ৰসৱৰ এদিন পাছতে চিকিৎসকৰ ভুলৰ বাবে অধ্যাপিকাগৰাকী মৃত্যুমুখত পৰা বুলি স্বামী জয়ন্ত কলিতাই অভিযোগ উত্থাপন কৰিছিল যদিও ৰুমী কাকতিৰ মৃত্যুৱে এতিয়া লৈছে নতুন মোৰ৷ ৰুমী কাকতিৰ স্বামী জয়ন্ত কলিতাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তুলিছে নলবাৰীৰ সংস্কৃত বিশ্ববিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসকলে৷ অধ্যাপিকা পত্নীক পৰিকল্পিতভাৱে স্বামী জয়ন্ত কলিতাই তিল তিলকৈ মৃত্যুমুখলৈ ঠেলি দিয়াৰ অভিযোগ উত্থাপন কৰিছে অধ্যাপিকাগৰাকীৰ সহকৰ্মীসকলে৷ বিশ্ববিদ্যালয়খনৰ শিক্ষকসকলে ৰুমী কাকতিৰ মৃত্যু সাধাৰণ মৃত্যু নহয় বুলি অভিযোগ কৰি মৃত ৰুমীৰ কিয় মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা নহ’ল তাক লৈয়ো উত্থাপন কৰিছে প্ৰশ্ন৷ লক্ষণীয়ভাৱে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হোৱা অধ্যাপিকা ড॰ ৰুমী কাকতিয়ে প্ৰায়ে কান্দিছিল সহকৰ্মীৰ সন্মুখত৷ অভিযোগ অনুসৰি, স্বামী জয়ন্ত কলিতাই হস্তগত কৰি লৈছিল ৰুমী কাকতিৰ এটিএমপৰ্যন্ত৷ সংস্কৃত বিশ্ববিদ্যালয়ৰ শিক্ষকসকলে অভিযোগ কৰা মতে, কৰ্তব্যৰত অৱস্থাত ৰুমী কাকতিক প্ৰায়ে ফোন কৰি ব্যতিব্যস্ত কৰি তুলিছিল স্বামী জয়ন্ত কলিতাই৷ স্বামী জয়ন্ত কলিতাই পত্নীক আৰ্থিক শোষণ কৰি অহা বুলি বিশ্ববিদ্যালয় কতৃৰ্পক্ষই উল্লেখ কৰি কয় যে, ড॰ ৰুমী কাকতি তীব্ৰ মানসিক চাপত থকা কথাটো বিশ্ববিদ্যালয়ৰ সকলোৰে দৃষ্টিগোচৰ হৈছিল৷ স্থায়ী নিযুক্তিৰ অতি কম সময়ৰ ভিতৰতে অধ্যাপিকা ৰুমী কাকতিয়ে দুই-তিনিখন বাহন ক্ৰয় কৰাৰ উপৰি ব্যক্তিগত ঋণ লোৱাৰ বিষয়েও জানিব পৰা গৈছে৷ দুই-তিনিখন নিজা বাহন থকাৰ পাছতো গৰ্ভৱতী অৱস্থাত ড॰ কাকতিক নিজৰ থকা ঠাইৰ পৰা কৰ্মক্ষেত্ৰলৈ প্ৰায় দুই কিলোমিটাৰ বাট খোজকাঢ়িয়ে অহা-যোৱা প্ৰত্যক্ষ কৰা হৈছিল৷ এনে বহু বিস্ফোৰক অভিযোগ উত্থাপন কৰি ড॰ ৰুমী কাকতিৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক স্মাৰক-পত্ৰ প্ৰদান কৰিছে বিশ্ববিদ্যালয়খনৰ শিক্ষক সমাজে৷ তদন্ত কৰি দোষীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈও বিশ্ববিদ্যালয়খনৰ শিক্ষকসকলে দাবী জনাইছে৷ এনে পৰিস্থিতিত জিলা প্ৰশাসন তথা নলবাৰী আৰক্ষী প্ৰশাসনৰ উচিত তদন্ততহে পোহৰলৈ আহিব প্ৰকৃততে অধ্যাপিকা ৰুমী কাকতি স্বামীৰ দ্বাৰা হত্যাৰ বলি হৈছিল নে চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈছিল৷






