Logo
image

জেহাদীৰ ঘাটি বাবে নহয়, মাদ্ৰাছা উচ্ছেদ নিম্নমানৰ নিৰ্মাণৰ বাবেহে

দুৰ্বল নিৰ্মাণ ভাঙিবলৈ ২০খন বুলড’জাৰ কিয়! ইউডিএফ

আমাৰ অসম, ৩ ছেপ্টেম্বৰঃ মাদ্ৰাছাৰ পৰা জেহাদীৰ কাম-কাজ চলাৰ অভিযোগত এখনৰ পাছত এখনকৈ মাদ্ৰাছা ভাঙি পেলোৱা হৈছে৷ মাদ্ৰাছাৰ শিক্ষক ইমামৰ বেশেৰে আল-কাইদা আৰু আনছাৰুল্লাহ বাংলা টীমৰ হৈ অসমত শ্লীপাৰ চেলৰ কোচকাৱাজ চলোৱা একাধিক জেহাদীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ এইসকল জেহাদীক গ্ৰেপ্তাৰৰ পাছতেই সংশ্লিষ্ট মাদ্ৰাছাসমূহৰ ওপৰত  বুলড’জাৰ চলাইছে প্ৰশাসনে৷ মৈৰাবাৰীৰ চহৰীয়া গাঁৱৰ জমিউল হুদা মাদ্ৰাছাৰ শিক্ষকৰূপী জেহাদী মুফতি মুস্তাফা আৰক্ষীৰ জালত পৰাৰ পাছতেই প্ৰশাসনে মাদ্ৰাছাখনৰ ওপৰত চলাই বুলড’জাৰ৷ ইফালে, গোৱালপাৰা আৰক্ষীয়ে যোগীঘোপাৰ কাবাইটাৰী মাৰ্কাজুল মা আৰিফ ক্কাৰিয়ানা মাদ্ৰাছাৰ শিক্ষকৰূপী আন এটা জেহাদী মুফতি হাফিজুৰ ৰহমানক গ্ৰেপ্তাৰ কৰাৰ পাছতেই দুদিন পূৰ্বে উক্ত মাদ্ৰাছাখনো উচ্ছেদ চলাই বঙাইগাঁও জিলা  প্ৰশাসনে৷ ইফালে গোৱালপাৰা আৰক্ষীয়ে পাখিউৰাৰ দৰগাৰ আলগা চৰৰ মাদ্ৰাছাৰ দুই শিক্ষক ভাতৃ আব্দুল ছোৱাহান আৰু জামালুদ্দিন শ্বেখক জেহাদীৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পাছত শুকুৰবাৰে গোৱালপাৰা জিলা প্ৰশাসনে মাদ্ৰাছাখনকো উচ্ছেদৰ বাবে সাজু হৈছিল যদিও দিছপুৰৰ নিৰ্দেশত শেষ মুহূৰ্তত উচ্ছেদ কাৰ্য স্থগিত ৰাখে৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে আৰক্ষী-প্ৰশাসনৰ ফালৰ পৰা মাদ্ৰাছাৰ শিক্ষকৰ চলেৰে জেহাদৰ কাম-কাজ চলোৱাৰ অভিযোগত সংশ্লিষ্ট মাদ্ৰাছাসমূহত বুলড’জাৰ চলোৱা বুলি প্ৰচাৰ কৰিলেও প্ৰকৃততে জেহাদীৰ বাবে এইসমূহ মাদ্ৰাছাত উচ্ছেদ চলোৱা নাই৷ মাদ্ৰাছাৰ বিল্ডিং নিৰ্মাণৰ অনুমতি নথকা তথা আন্তঃগাঁথনিৰ আসোঁৱাহ আদি কাৰণতে দুই-তিনিমহলীয়া কংক্ৰিটৰ মাদ্ৰাছাকেইখনত ১০-২০খনকৈ বুলড’জাৰ চলাই একে নিশাৰ ভিতৰতে ভাঙি পেলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে৷ বঙাইগাঁও জিলা প্ৰশাসনে জেহাদী মুফতি হাফিজুল ৰহমানে শিক্ষকতা কৰা যোগীঘোপাৰ মাৰ্কজুল মা আৰিফ ক্কাৰিয়ানা মাদ্ৰাছাখন উচ্ছেদৰ সম্পৰ্কত জাৰি কৰা নিৰ্দেশনাতে মাদ্ৰাছাখন জেহাদীৰ বাবে নহয়, কেৱল অট্টালিকাটোৰ অবৈধ নিৰ্মাণৰ বাবেহে ভাঙি পেলোৱাৰ কথা উল্লেখ কৰিছিল৷ ১৯৮৫ চনতে স্থানীয় লোকে দান-বৰঙণিৰে স্থাপন কৰা মাদ্ৰাছাখন ভাঙি পেলোৱাৰ সন্দৰ্ভত ৩০ আগষ্টত বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ে মাদ্ৰাছা কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা মেমো নম্বৰ বিএনচি/ডিচি/২০২২/০৪/১৮ নিৰ্দেশমৰ্মে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ ২৬ [২] আৰু ৩৪ [চি], ৩৪ [এম] ধাৰাৰ অধীনত মাদ্ৰাছাখনৰ দুমহলীয়া ঘৰটো বুলড’জাৰ চলোৱাৰ কথা উল্লেখ কৰিছিল৷ জাননীত প্ৰকাশ কৰা মতে, মাদ্ৰাছাখনৰ দুমহলীয়া অট্টালিকাটো সম্পূৰ্ণ অবৈধভাৱে নিৰ্মাণ কৰা হৈছে৷ নিৰ্মাণৰ ক্ষেত্ৰত গড়কাপ্তানি বিভাগৰ নিয়ম মানি চলা হোৱা নাই৷ দুৰ্যোগ ব্যৱস্থাপনাৰ সুৰক্ষাৰ দিশতো দুই শতাধিক শিক্ষাৰ্থীৰ বাবে ভৱনটো ভূমিকম্প প্ৰতিৰোধৰ ক্ষেত্ৰত নিৰাপদ নহয়৷ যিকোনো মুহূৰ্ততে বিপদ ঘটাৰ আশংকা কৰিয়েই প্ৰশাসনে অট্টালিকাটো ভাঙি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জাননীত উল্লেখ কৰে৷ স্থানীয় লোকৰ মতে, যদিহে মাদ্ৰাছাখনৰ অট্টালিকাটো অবৈধভাৱে নিৰ্মাণ কৰা হৈছে, তেন্তে প্ৰশাসনে ইমান দিনে কিয় শুই আছিল বুলি প্ৰশ্ন কৰিছে৷ ইফালে, মাদ্ৰাছাখন উচ্ছেদ চলোৱাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা বঙাইগাঁও জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে জেহাদীৰ বাবে উচ্ছেদ চলোৱা নাই বুলিও সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰি দিয়ে৷ ইফালে চৰকাৰে মাদ্ৰাছাত উচ্ছেদ চলোৱা বিৰোধিতাৰে শুকুৰবাৰে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সাক্ষাৎ কৰে৷ এ আই ইউ ডি এফৰ প্ৰশ্ন জেহাদীৰ বাবে যদি মাদ্ৰাছা ভাঙি পেলোৱা হৈছে, তেনেহ’লে আলফা ধৰা পৰা বাবে গুৱাহাটী বিশ্ববিদ্যালয়খননো উচ্ছেদ কৰিব নেকি? বিৰোধী ৰাজনৈতিক দলটোৰ সাধাৰণ সম্পাদক আমিনুল ইছলামৰ অভিযোগ– আৰ এছ এছক ভাল লগাবলৈকে মুখ্যমন্ত্ৰীয়ে এমাহত তিনিখনকৈ মাদ্ৰাছা ভাঙিছে৷ এতিয়া উত্তৰ প্ৰদেশতকৈ ওপৰত গৈছে অসম৷ যদিহে দুৰ্বল আন্তঃগাঁথনিৰ বাবে মাদ্ৰাছাখন উচ্ছেদ কৰা হৈছে, তেনেহ’লে দুৰ্বল আন্তঃগাঁথনি ভাঙিবলৈ ২০খন বুলড’জাৰৰ প্ৰয়োজন হ’ল কিয় বুলিও এ আই ইউ ডি এফে প্ৰশ্ন কৰিছে৷