Logo
image

জয়মালাক লৈ বিভ্ৰান্তি মাদুৰাইত অসমৰ বিষয়া

আমাৰ অসম, ৩ ছেপ্টেম্বৰঃ তামিলনাডুৰ কৃষ্ণন মন্দিৰত বৰ্তমান কুশলে আছে অসমৰ জয়মালা৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত জয়মালাক উদ্ধাৰ কৰাৰ বাবে শুকুৰবাৰে মাদুৰাইত উপস্থিত হয় অসম চৰকাৰৰ ৪ জনীয়া বিষয়া-চিকিৎসকৰ দলটো৷ অৱশ্যে সুদূৰ তামিলনাডুত মাউতৰ নিৰ্মম নিৰ্যাতনৰ বলি হোৱা জয়মালাক অসমলৈ ঘূৰাই অনাৰ বাবে অসম চৰকাৰে প্ৰচেষ্টা হাতত ল’লেও জয়মালাক লৈ এতিয়াও বিভ্ৰান্তি আঁতৰ হোৱা নাই৷ কিয়নো ২০০৮ চনতে অসমৰ পৰা জয়মালা নামৰ এজনী মাইকী হাতীক ৬ মাহৰ বাবে লীজত ধৰ্মীয় কামৰ বাবে বিহাৰলৈ নিয়া হৈছিল যদিও জয়মালাৰ প্ৰকৃত ‘গৰাকী’ বুলি ইতিমধ্যে অসমৰ দুজন ব্যক্তিয়ে দাবী কৰিছে৷ তিতাবৰৰ মোহন চুতীয়া নামৰ লোকজনৰ ‘জয়মালা’ নামৰ এজনী মাইকী হাতী আৰু কাকপথাৰৰ গিৰিণ মৰাণ নামৰ ব্যক্তিজনৰো ‘জয়মতী’ নামৰ এজনী মাইকী হাতী ২০০৮ চনতে বিহাৰলৈ প্ৰেৰণ কৰাৰ তথ্য বন বিভাগৰ নথিত স্পষ্ট হৈ আছে৷ কিন্তু বিহাৰলৈ পঠোৱা হাতীজনী তামিলনাডু কেনেকৈ পালেগৈ তাক লৈ ৰহস্যৰ সৃষ্টি হ’লেও মাদ্ৰাছ উচ্ছ ন্যায়ালয়ত শেহতীয়াকৈ তামিলনাডুৰ বন বিভাগে জয়মালা ওৰফে জেয়মাল্যতা নামৰ হাতীজনীৰ গৰাকী অসমৰ গিৰিণ মৰাণ বুলি উল্লেখ কৰাত আন এক বিভ্ৰান্তিৰ সৃষ্টি হৈছে৷ ইফালে, স্বেচ্ছাসেৱী সংস্থা ‘পেটা ইণ্ডিয়াই’ তামিলনাডুৰ শ্ৰীভিল্লীপুত্তুৰ নাছিয়াৰ থিৰুকোভিল মন্দিৰত প্ৰশিক্ষণৰ নামত মাউতে নিৰ্মম অত্যাচাৰ চলোৱা অসমৰ ‘জয়মালা’ মাইকী হাতী বুলি উল্লেখ কৰিছিল যদিও বাস্তৱত তামিলনাডুৰ কৃষ্ণণ কোভিল মন্দিৰত থকা ‘জয়মালা’ এটা মতা হাতী বুলিহে জানিব পৰা গৈছে৷ স্বাভাৱিকতেই জয়মালা মতা নে মাইকী তাক লৈও বিভ্ৰান্তিৰ সৃষ্টি হৈছে৷ অৱশ্যে মন্দিৰ কতৃৰ্পক্ষই তেওঁলোককৰ আ৷ য়ত থকাত জয়মালা ওৰফে জয়ামালিনী নামৰ হাতীটোকেই দুবছৰ পূৰ্বে মাউতে নিৰ্যাতন চলোৱা বুলিও জানিবলৈ দিছে৷ অৱশ্যে বৰ্তমান জয়মালা সুস্থিৰ আৰু নিৰাপদে থকা বুলি প্ৰকাশ কৰি অসমলৈ জয়মালাক ঘূৰাই পঠাবলৈ অসন্মতি প্ৰকাশ কৰিছে মন্দিৰ কৰ্তৃপক্ষই৷ জয়মালা মন্দিৰৰ ভক্ত দৰ্শনাৰ্থী তথা কতৃৰ্পক্ষৰ সৈতে আত্মিক সম্পৰ্ক গঢ়ি উঠাৰ বাবেই অসমলৈ ঘূৰাই পঠোৱাৰ ইচ্ছা প্ৰকাশ কৰাৰ নাই মন্দিৰ কতৃৰ্পক্ষই৷ আনকি মন্দিৰ কতৃৰ্পক্ষই জয়মালাক সুস্থভাৱে ৰাখি মন্দিৰৰ পূজাৰ কামত নিয়োগ কৰা বুলিও জানিবলৈ দিছে৷ অৱশ্যে জয়মালাক উদ্ধাৰৰ বাবে অসম চৰকাৰৰ প্ৰতিনিধি দলটোৱে মাদুৰাই উপস্থিত হ’লেও কাইলৈ পুৱাৰ ভাগতে দলটো মন্দিৰত উপস্থিত হ’ব৷ স্বাভাৱিকতেই এতিয়া পশুপ্ৰেমীসকলে জয়মালাক অসমলৈ ঘূৰাই অনাৰ দাবী জনালেও জয়মালাই জীৱনৰ এটা দশক তামিলনাডুৰ কৃষ্ণণ মন্দিৰ আৰু এন্দেল মন্দিৰত পাৰ কৰাত এতিয়া সেইসকল ভক্ত-দৰ্শনাৰ্থী তথা মন্দিৰ কতৃৰ্পক্ষক বিমুখ কৰি প্ৰতিনিধি দলটোৱে জয়মালাক অসমলৈ ঘূৰাই আনিব পাৰিব নে নাই, সেয়া সময়তহে স্পষ্ট হ’ব৷