Logo
image

সাংবাদিক, সমাজকৰ্মী তিস্তা শীতলভাড়ৰ জামিন

আমাৰ অসম, ৩ ছেপ্টেম্বৰঃ গুজৰাটত ২০০২ চনত সংঘটিত ভয়াৱহ সাম্প্ৰদায়িক সংঘৰ্ষই ভুক্তভোগীৰ সৈতে সহযোগ কৰি আইনী যুঁজত অৱতীৰ্ণ হোৱা সমাজকৰ্মী তিস্তা শীতলভাড়ক আঢ়ৈমাহৰ কাৰাবাসৰ পাছত শুকুৰবাৰে উচ্ছতম ন্যায়ালয়ে অন্তৰ্ৱৰ্তীকালীন জামিন প্ৰদান কৰিছে৷ এই গোচৰৰ শুনানি গ্ৰহণ কৰি বৃহস্পতিবাৰে উচ্ছতম ন্যায়ালয়ে কৈছিল যে কাৰাবন্দী কৰি ৰাখিব পৰাকৈ শীতলভাড়ৰ বিৰুদ্ধে আৰক্ষীয়ে তেনে কোনো  প্ৰমাণ দাখিল কৰা নাই৷ এই গোচৰত তেওঁক বন্দী কৰি ৰাখিব নোৱাৰি৷ তেওঁ এগৰাকী মহিলা আৰু কোনোধৰণৰ প্ৰভাৱশালীও নহয়৷ গুজৰাট উচ্ছ ন্যায়ালয়ে কিয় ছসপ্তাহৰ বাবে তেওঁ জামিনৰ আবেদন কৰিব নোৱাৰে বুলি ৰায় দিছিল সেয়া বোধগম্য নোহোৱা বুলি উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ইউ ইউ ললিতৰ নেতৃত্বাধীন বিচাৰপীঠে মন্তব্য কৰিছে৷ জামিন প্ৰদান কৰি শীতলভাড়ক তদন্তকাৰী গুজৰাটৰ বিশেষ আৰক্ষী গোটৰ সৈতে সহযোগিতা কৰিবলৈ উচ্ছতম ন্যায়ালয়ে নিৰ্দেশ দিছে৷  উল্লেখ্য ২০০২ চনৰ গুজৰাটৰ  সাম্প্ৰদায়িক সংঘৰ্ষত তেতিয়াৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী কোনোপ্ৰকাৰে জড়িত নাছিল বুলি আদালতে ৰায়দান কৰাৰ পাছতে তিস্তা শীতলভাড়ক গুজৰাটৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল৷ শীতলভাড়ে গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ বিষয়ে ষড়যন্ত্ৰমূলকভাৱে প্ৰচাৰ চলোৱা বুলি অভিযোগ তুলি গুজৰাট আৰক্ষীয়ে তেওঁক বন্দী কৰি ৰাখিছিল৷ জামিনৰ আবেদন জনোৱা সত্ত্বেও গুজৰাট উচ্ছ ন্যায়ালয়ে ছসপ্তাহলৈ তেওঁ জামিনৰ আবেদন কৰিব নোৱাৰিব বুলি ৰায়দান কৰিছিল৷ উল্লেখ্য গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষত হত্যা, ধৰ্ষণৰ বলি হোৱা পৰিয়াল সমূহৰ কাষত থিয় দিছিল তেওঁ৷  সেই সংখ্যালঘু পৰিয়ালসমূহক সমাজকৰ্মী হিচাপে তিস্তা শীতলভাড়ে আইনী সাহায্যৰ পথ প্ৰদৰ্শন কৰিছিল৷ ইয়াৰ ফলত বিজেপি আৰু বিজেপি নেতৃত্বাধীন কেন্দ্ৰ তথা ৰাজ্য চৰকাৰ তেওঁৰ ওপৰত খৰ্গহস্ত হৈ আছিল৷ মোদীক আদালতে অভিযোগমুক্ত কৰাৰ লগে লগে গুজৰাট আৰক্ষী জপিয়াই পৰে আৰু আইনী সাহায্য প্ৰদানৰ  বাবে  তথা গুজৰাটৰ বিজেপি চৰকাৰক শলঠেকত পেলাবৰ বাবে শীতলভাড়ে প্ৰয়াত কংগ্ৰেছ নেতা আহমেদ পেটেলৰ পৰা ৩০ লাখ টকা লোৱা বুলি তদন্তকাৰীয়ে অভিযোগ কৰি গ্ৰেপ্তাৰ কৰিছিল৷ এই ঘটনাত ৰাষ্ট্ৰসংঘই উদ্বেগ প্ৰকাশ কৰাত নৰেন্দ্ৰ মোদী চৰকাৰ অস্বস্তিত পৰিছিল৷