Logo
image

সাহিত্যিক, সমাজতাত্ত্বিক ড॰ প্ৰফুল্ল মহন্ত প্ৰয়াত

আমাৰ অসম, ৩ ছেপ্টেম্বৰঃ বৰেণ্য লেখক-সাহিত্যিক, বিশিষ্ট শিক্ষাবিদ, গৱেষক আৰু সমাজবিজ্ঞানী ড॰ প্ৰফুল্ল মহন্ত আৰু নাই৷ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত বৃহস্পতিবাৰে শেহনিশা প্ৰায় ২.৫০ বজাত ড॰ মহন্তৰ মৃত্যু হয়৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰা ড॰ মহন্তৰ মৃত্যুৰ সময়ত বয়স আছিল ৮১ বছৰ৷ চিন্তাশীল, মানৱতাবাদী আৰু বিজ্ঞানমনস্ক লেখকৰূপে সুপৰিচিত ড॰ মহন্তৰ ইচ্ছা অনুসৰি গুৱাহাটীৰ চাংসাৰিত স্থাপন কৰা অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত [এইম্‌ছ] তেওঁৰ মৰণোত্তৰ দেহদান কৰা হয়৷ মৃত্যুৰ সময়ত ড॰ মহন্তই পত্নী চেনিচম্পা মহন্তৰ উপৰি দুজন পুত্ৰ আৰু এগৰাকী কন্যাৰ লগতে বহু আত্মীয়-স্বজন আৰু অসংখ্য গুণমুগ্ধক এৰি থৈ যায়৷ ড॰ মহন্তৰ মৃত্যু অসমীয়া সমাজ আৰু সাহিত্যৰ বাবে এটা ডাঙৰ ক্ষতি বুলি ইতিমধ্যে মত প্ৰকাশ কৰিছে বিজ্ঞ সমাজে৷ বিশিষ্ট শিক্ষাবিদ, সমাজবিজ্ঞানী, গৱেষকজনে ৰচনা কৰা গ্ৰন্থসমূহৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য ‘অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস’, ‘জনগোষ্ঠীয় চেতনাঃ আত্মপ্ৰতিষ্ঠাৰ প্ৰশ্ন’, ‘অসমীয়া জাতীয়তাবাদৰ উৎস প্ৰসংগ’, ‘সমাজ-সংস্কৃতিৰ ইতিহাস ইত্যাদি’, ‘জনজাতীয় স্বাধিকাৰ আন্দোলন আৰু বড়ো জাতিসত্তা’, ‘বড়োভূমিৰ উচুপনি’, ‘বিষয়ঃ জনজাতিৰ মৰ্মবেদনা’, ‘ঐতিহাসিক প্ৰেক্ষাপটত জনজাতীয় সমস্যা, শংকৰদেৱ আৰু বড়ো জাতি’, ‘ঐতিহাসিক প্ৰেক্ষাপটত খিলঞ্জীয়াৰ অস্তিত্বৰ সংকট আৰু অনুপ্ৰৱেশৰ সমস্যা’, ‘খিলঞ্জীয়াৰ সুৰক্ষা আৰু জাতি-জনগোষ্ঠীৰ ঐক্যৰ সূত্ৰধাৰ বড়োসকল’, ‘হিন্দুবাদ– বৰ্ণবাদবিধবস্ত অসমীয়া জাতীয়তাবাদ আৰু নৱজাগ্ৰত জনজাতীয় চেতনা’, ‘আধুনিক অসমীয়া সাহিত্য ঃ সামাজিক-বৌদ্ধিক পটভূমি আৰু অন্যান্য’, ‘সমাজনায়ক শংকৰদেৱ– ঐতিহাসিক প্ৰেক্ষাপট’ অন্যতম৷ তত্ত্বগধুৰ আৰু চিন্তাশীল লেখাৰে অসমৰ সমাজ-জীৱনলৈ অনবদ্য বৰঙণি আগবঢ়োৱা ড॰ প্ৰফুল্ল মহন্তই ৰচনা কৰিছিল ‘সোণাইৰ সোঁত’, ‘ইতিহাসে ৰিঙিয়ায়’ আৰু ‘মিলিত প্ৰয়াস’ নামৰ তিনিখন উপন্যাস৷ ‘আমাৰ প্ৰতিনিধি’ত খণ্ড খণ্ডকৈ প্ৰকাশিত ‘মিলিত প্ৰয়াস’ নামৰ উপন্যাসখন অৱশ্যে গ্ৰন্থ আকাৰে প্ৰকাশ পোৱা নাই৷ ১৯৪১ চনত নগাঁৱৰ জাঁজৰি বগৰীগুৰিৰ হেমাৰবড়ি সত্ৰত জন্মগ্ৰহণ কৰা প্ৰফুল্ল মহন্তৰ পিতৃৰ নাম থুলেশ্বৰ মহন্ত, মাতৃ কিৰণ মহন্ত৷ ১৯৫৭ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰফুল্ল মহন্তই প্ৰাইভেটকৈ পৰীক্ষা দি ১৯৬০ চনত আইএ পাছ কৰে৷ ১৯৬২ চনত নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা প্ৰফুল্ল মহন্তই ১৯৬৩ চনত যোৰহাটৰ পিজিটি কলেজৰ পৰা বিটি ডিগ্ৰী লাভ কৰাৰ পাছত ১৯৬৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়াৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ ‘অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ উদ্ভৱ, বিকাশ আৰু ব্ৰিটিছ আমোলৰ অসমৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক ৰূপান্তৰত তেওঁলোকৰ ভূমিকা [১৮২৮-১৯৪৭]’ শীৰ্ষক বিষয়ত গৱেষণা কৰি ১৯৮৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে প্ৰফুল্ল মহন্তই৷ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত কঁহিগুৰি এমভি, এলপি স্কুলত কিছুদিন শিক্ষকতা কৰাৰ উপৰি বৰপাথৰি বাপুজী হাইস্কুল আৰু কুঁজিদাহ হাইস্কুলতো শিক্ষকতা কৰিছিল প্ৰফুল্ল মহন্তই৷ ১৯৬৬ চনৰ শেষৰ ফালে ডিফু কলেজত অসমীয়া বিষয়ৰ শিক্ষকৰূপে যোগদান কৰা প্ৰফুল্ল মহন্তই সেই বছৰেই কলেজখনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে৷ ১৯৬৮ চনত মৰিয়নি কলেজৰ অসমীয়া বিভাগৰ শিক্ষকৰূপে যোগদান কৰা প্ৰফুল্ল মহন্তই ১৯৯৪ চনত মৰিয়নি কলেজৰ চাকৰি এৰি উত্তৰ গুৱাহাটীস্থিত আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা, অসমত [আবিলেক] ছিনিয়ৰ ৰিচাৰ্ছ ফেল’ৰূপে যোগদান কৰে৷ ১৯৯৮ চনত আবিলেকৰ সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰা ড॰ প্ৰফুল্ল মহন্তই ২০০৫ চনৰ ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰে আৰু ২০০৭ চনত ‘নতুন সময়’ কাকতৰ সম্পাদকৰূপে যোগদান কৰে৷ ২০২২ চনৰ ১ ছেপ্টেম্বৰৰ শেহনিশা ২.৫০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰফুল্ল মহন্তই৷ লক্ষণীয়ভাৱে আবিলেকত চাকৰি কৰা কালৰ দৰমহা কাৰিকৰী কাৰণত লাভ কৰিবলৈ সক্ষম নহ’ল ড॰ প্ৰফুল্ল মহন্ত৷ বিগত সময়ছোৱাত এই সন্দৰ্ভত সংশ্লিষ্ট কতৃৰ্পক্ষক বহুবাৰ আৱেদন জনোৱা হ’ল যদিও আশ্চৰ্যজনকভাৱে ড॰ প্ৰফুল্ল মহন্তৰ ফাইলে গতিয়েই নল’লে৷ ইফালে, স্বাভিমানী গৱেষকজনে আনৰ পৰা টকা ল’বলৈ ৰাজী নহয়৷ সেইবাবেই ড॰ মহন্তৰ চিকিৎসাত সংকটৰেই সৃষ্টি হৈছিল৷ সেই কাৰণেই ড॰ মহন্তক পৰৱৰ্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হয়৷ অৱশেষত মনৰ দুখ মনতে লৈ চিৰদিনলৈ গুচি গ’ল অভিমানী গৱেষকজন৷ ড॰ মহন্তৰ মৃত্যুত বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰিছে৷ অসম সাহিত্য সভাই গৱেষক-পণ্ডিত ড॰ মহন্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷ ড॰ মহন্তৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে শুকুৰবাৰে সন্ধিয়া অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ত এখন শোকসভা অনুষ্ঠিত হয়৷ এই সভাতে সাহিত্য সভাৰ সভাপতি ড॰ কুলধৰ শইকীয়াই কয়– ড॰ মহন্তৰ বিয়োগ অসমৰ সমাজ-জীৱনৰ বাবে বৃহৎ ক্ষতি৷ অসম সাহিত্য সভাৰ ‘বৈষ্ণৱ পণ্ডিত শশীচন্দ্ৰ বৰবৰুৱা বঁটা’প্ৰাপক, অসমৰ বৌদ্ধিক পৰিমণ্ডলৰ এক উজ্জ্বল জ্যোতিষ্কৰ পৰিসমাপ্তি ঘটিল৷ ড॰ মহন্তৰ দেহাৱসানত অসম সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰাৰ উপৰি এক মিনিট সময় মৌনতা অৱলম্বন কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷ শোকসভাখনৰ আঁত ধৰে সভাৰ মুখপাত্ৰ ড॰ সঞ্জীৱ কুমাৰ শৰ্মাই৷ ড॰ প্ৰফুল্ল মহন্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি বিশিষ্ট শিক্ষাবিদ, লেখক উদয়াদিত্য ভৰালীয়ে কয়– শ্ৰদ্ধেয় ড॰ মহন্তৰ বিয়োগৰ বাতৰি পাই শোকত মৰ্মাহত হৈছোঁ৷ প্ৰগতিশীল শিবিৰৰ বাবে তেওঁৰ বিয়োগ এক অপূৰণীয় ক্ষতি৷ তেওঁৰ প্ৰতিটো লেখাই আছিল জনগণৰ স্বাৰ্থত৷ এই সৃষ্টিসমূহে তেওঁৰ নাম বিদ্বান সমাজত চিৰস্মৰণীয় কৰি ৰাখিব৷ অহা ৪ ছেপ্টেম্বৰত প্ৰকাশ হ’বলগীয়া মোৰ অভিনন্দন গ্ৰন্থত লিখা লেখাটোৱেই বোধহয় তেওঁৰ শেষ লেখা৷ তেওঁৰ স্মৃতিলৈ জনাইছোঁ সশ্ৰদ্ধ প্ৰণাম৷ শোকসন্তপ্ত পৰিয়াললৈ যাচিছোঁ আন্তৰিক সমবেদনা৷ ড॰ প্ৰফুল্ল মহন্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে নতুন সাহিত্য পৰিষদৰ ৰাজ্যিক সমিতিয়ে৷ এটা বিজ্ঞপ্তিত সমিতিয়ে কয়– বিশিষ্ট সমাজবিজ্ঞানী ড॰ প্ৰফুল্ল মহন্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ৷ ড॰ মহন্তই নিৰ্মোহভাৱে অসমীয়া মধ্যবিত্তৰ বিকাশৰ ইতিহাস অধ্যয়ন কৰিছিল৷ প্ৰতিটো জাতিৰ গণতন্ত্ৰীকৰণতো বিশেষ ভূমিকা লৈছিল৷ শংকৰদেৱৰ বস্তুনিষ্ঠ অধ্যয়নেৰে তেওঁৰ ঐতিহাসিক ভূমিকা তুলি ধৰি শংকৰদেৱক সংকীৰ্ণভাৱে উপস্থাপন কৰাসকলকো উদঙাই দিছিল৷ ড॰ মহন্তৰ প্ৰয়াণ জাতিৰ বাবে ডাঙৰ ক্ষতি৷

সমাজ জীৱনৰ অপূৰণীয় ক্ষতিঃ মুখ্যমন্ত্ৰী

বিশিষ্ট সাহিত্যিক তথা সমাজতত্ত্ববিদ ড॰ প্ৰফুল্ল মহন্তৰ বিয়োগত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে৷ আজি এক শোকবাৰ্তা শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে কয় যে বহুকেইখন তত্ত্বগধুৰ গ্ৰন্থৰ প্ৰণেতা চিন্তাশীল লেখকগৰাকীয়ে তেওঁৰ সৃষ্টিৰাজীৰে অসমীয়া সাহিত্যক চহকী কৰি থৈ গৈছে৷ এগৰাকী শিক্ষাবিদ হিচাপেও তেওঁ  ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰলৈ যথেষ্ট অৱদান আগবঢ়াইছিল৷ আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা [আবিলাক]ৰ সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰা খ্যাতনামা বুদ্ধিজীৱীগৰাকীৰ মৃত্যু অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলিও মুখ্যমন্ত্ৰীয়ে অভিহিত কৰে৷ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷ ড॰ মহন্তৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি, ডি ৱাই এফ আই, চি পি আই [এম] এ৷

ড॰ প্ৰফুল্ল মহন্তৰ অৱদানক সদায় শ্ৰদ্ধাৰে সুঁৱৰিমঃ এবছু

বিশিষ্ট সাহিত্যিক, সমাজবিজ্ঞানী, চিন্তাবিদ, গৱেষক ড॰ প্ৰফুল্ল মহন্তৰ মৃত্যুত কোকৰাঝাৰ পূব জনজাতি বিধানসভা সমষ্টিৰ ইউপিপিএল দলৰ যুৱ বিধায়ক লৰেন্স ইছলাৰীয়ে গভীৰ শোক প্ৰকাশ কৰিছে৷ আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক শোকবাৰ্তাত বিধায়ক ইছলাৰীয়ে বিশিষ্ট সাহিত্যিকজনৰ মৃত্যুত মৰ্মাহত হোৱা বুলি জানিবলৈ দি বিদেহ আত্মাৰ সদ্‌গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷ লগতে অসমৰ জনগোষ্ঠীয় সংঘাত আৰু সমস্যাক লৈ শ্ৰেণীবদ্ধ গৱেষণা কৰা ড॰ প্ৰফুল্ল মহন্তৰ  মৃত্যু জনগোষ্ঠীয় সমাজৰ বাবে এক অপূৰণীয় ক্ষতি বুলিও শোকবাৰ্তাত উল্লেখ কৰে বিধায়কজনে৷ আনপিনে, এবছুৰ কেন্দ্ৰীয় সভাপতি দীপেন বড়ো আৰু সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰী স্বাক্ষৰিত এক শোকবাৰ্তাত ছাত্ৰ নেতাদ্বয়ে সদ্যপ্ৰয়াত সাহিত্যিকজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি বৈকুণ্ঠগামী আত্মাৰ চিৰশান্তি কামনা কৰিছে৷ শোকবাৰ্তাটোত ছাত্ৰ নেতাদ্বয়ে অসমৰ ভূমিপুত্ৰ বড়ো জনগোষ্ঠীৰ অধিকাৰ আৰু ন্যায়ৰ বাবে বহুখিনি অৱদান যোগাই গৈছে৷ এই অৱদানক এবছুৱে সদায় শ্ৰদ্ধাৰে সোঁৱৰিব আৰু মনত ৰাখিব৷ সমান্তৰালভাৱে ৰাজ্যখনৰ আন আন জাতি-জনগোষ্ঠীৰ মাজত শান্তি-সম্প্ৰীতি বজাই ৰখা আৰু নিজৰ অধিকাৰ লৈ মৰ্যাদাসহকাৰে জীয়াই থকাৰ বাবে বহু অৰিহণা যোগাইছে৷ এনে এজন সুচিন্তক, গৱেষক, সমাজবিজ্ঞানীক হেৰুওৱাই এবছু সঁচাকৈয়ে মৰ্মাহত হৈছে৷ উল্লেখ্য যে, শোকবাৰ্তাযোগে এবছুৱে শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈকো গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷