Logo
image

দুৰ্গম অৰুণাচল সীমান্তত মন্ত্ৰী পীয়ূষ

আমাৰ অসম, ৩ ছেপ্টেম্বৰঃ মন্ত্ৰী পীয়ূষ হাজৰিকাই আজি অসম-অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে গঠিত আঞ্চলিক সমিতিৰ আন সদস্যসকলৰ সৈতে অসমৰ বিশ্বনাথ আৰু অৰুণাচল প্ৰদেশৰ পাকে কিচাং জিলাৰ সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শন কৰে৷ মন্ত্ৰী হাজৰিকাই অৰুণাচল প্ৰদেশৰ মন্ত্ৰী মামা নাটুং আৰু দুয়োখন ৰাজ্যৰ বিধায়কত্ৰয় ক্ৰমে ৰঞ্জিত দত্ত, প্ৰমোদ বৰঠাকুৰ আৰু বিয়ুৰাম ৱাহগেৰ সৈতে অঞ্চলটোৰ দিকালমুখ, ডিপিক, বালিচ’ আৰু পাচ’ গাঁও পৰিভ্ৰমণ কৰি সীমা অঞ্চলত বসবাস কৰি থকা ব্যক্তিসকলৰ সৈতে মত-বিনিময় কৰে৷ দলটোৱে প্ৰথমে দিকালমুখ গাঁও ভ্ৰমণ কৰি স্থানীয় বাসিন্দাসকলৰ সৈতে মত- বিনিময় কৰে৷ দিকালমুখ গাঁও বনাঞ্চলত থকাৰ বাবে এই অঞ্চলত কোনো এখন ৰাজ্য চৰকাৰেই সীমা সমস্যাৰ সমাধানৰ বাবে পোনপটীয়াকৈ পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ অনুৰোধ জনাব বুলি উল্লেখ কৰে৷ আনহাতে অঞ্চলটোৰ বাসিন্দাসকলে অসমৰ ভূমিৰ মাজেৰে দৈনন্দিন যাত্ৰা কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাক এইক্ষেত্ৰত সহায় কৰিবলৈ অনুৰোধ কৰাত মন্ত্ৰীগৰাকীয়ে বনাঞ্চল আইনৰ অধীনত কোনোধৰণৰ নীতি ভংগ নকৰাকৈ যাত্ৰা কৰাৰ ব্যৱস্থা কৰি দিবলৈ প্ৰশাসনক আহ৩ান জনায়৷ আনহাতে সীমা সমস্যাৰ স্থায়ী সমাধান নহ’লে সীমা অঞ্চলৰ বাসিন্দাসকলেহে আটাইতকৈ বেছি সমস্যাৰ সন্মুখীন হৈ থাকে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই এইবাৰ ৰাজ্য দুখনৰ মাজত শান্তিপূৰ্ণভাৱে সীমা সমস্যা সমাধান হ’ব বুলি আশা প্ৰকাশ কৰে৷ পাছত আঞ্চলিক সমিতিৰ দলটোৱে বৰগাং নদী পাৰ হৈ পাচ’, দিপিক আৰু বালিছ’ গাঁও ভ্ৰমণ কৰি স্থানীয় বাসিন্দাৰ সৈতে মত-বিনিময় কৰে৷ পৰিদৰ্শন কালত মন্ত্ৰী হাজৰিকাই উপস্থিত সাংবাদিকক জনায় যে অসম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী দুজনাৰ সদিচ্ছাৰ বাবে দুয়োখন ৰাজ্যৰ সীমা সমস্যাই সমাধানৰ মুখ দেখিবলৈ গৈ আছে৷ আজি পৰিদৰ্শনকালত দিকালমুখ, দিপিক আৰু বালিছ’ৰ বাসিন্দাসকলে অৰুণাচল প্ৰদেশৰ সৈতে থাকিবলৈ ইচ্ছা প্ৰকাশ কৰাৰ বিপৰীতে পাচ’ অঞ্চলৰ প্ৰায় ৪০ শতাংশ বাসিন্দাই অসমৰ সৈতে থাকিব বিচৰাৰ কথা মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে৷ পাচ’ অঞ্চলৰ মূলত কাৰ্বি সম্প্ৰদায়ৰ লোকসকলে মন্ত্ৰীগৰাকীক তেওঁলোকৰ সমস্যাৰ কথা উত্থাপন কৰাত মন্ত্ৰী হাজৰিকাই তেওঁলোকৰ যাতায়াতৰ সুবিধা হোৱাকৈ বৰগাং নদীৰ ওপৰত দলং নিৰ্মাণৰ চিন্তা কৰিব বুলি আশ্বাস দিয়ে৷ আনহাতে অঞ্চলটোত বিদু্যতৰ ব্যৱস্থা কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে বাসিন্দাসকলক প্ৰতিশ্ৰুতি দিয়ে৷ আজি পৰিদৰ্শন কৰা অঞ্চলকেইটা অসমৰ ফালে সংৰক্ষিত বনাঞ্চল থকা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই এই ক্ষেত্ৰত সীমা অঞ্চলত বাস কৰা বাসিন্দাসকলৰ সমস্যা সমাধান কৰাৰ বাবে উচ্ছতম ন্যায়ালয় আৰু ভাৰত চৰকাৰলৈ প্ৰতিবেদন পঠিয়াব লাগিব বুলি উল্লেখ কৰে৷ সীমান্ত অঞ্চলত বহুতো সমস্যাৰে জৰ্জড়িত দুয়োখন ৰাজ্যৰ বাসিন্দাসকলৰ সমস্যাসমূহ সীমা সমস্যা সমাধানৰ জৰিয়তে সমাধান কৰিবলৈ চেষ্টা কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷