Logo
image

গুৱাঃ বিশ্ববিদ্যালয়তো আলফা ওলাইছিল, উচ্ছেদ কৰা নহ’ল কিয়

এইবাৰ বিৰোধীৰ প্ৰশ্ন

আমাৰ অসম, ৩ ছেপ্টেম্বৰঃ মাদ্ৰাছা উৎখাতক লৈ সৰৱ কংগ্ৰেছ-এআইইউডিএফ৷ জেহাদীক আশ্ৰয় দিয়াৰ অভিযোগত এখনৰ পাছত আনখন মাদ্ৰাছাত উচ্ছেদ চলোৱাৰ পাছত ইউডিএফ বিধায়ক আমিনুল ইছলামে শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত কয়–মাদ্ৰাছাত জেহাদী থাকিলে শাস্তি দিয়ক৷ এনেলোকক  ফাঁচী দিয়ক৷ আমি সন্ত্ৰাসবাদক কেতিয়াও সমৰ্থন নকৰো৷ কিন্তু আইন সকলোৰে বাবে একে হ’ব লাগে৷ গুৱাহাটী বিশ্ববিদ্যালয়তো আলফা ওলাইছিল৷ বিশ্ববিদ্যালয়খন ভাঙি পেলোৱা হৈছিল নেকি? চৰকাৰৰ এনে আক্ৰোশ¸মূলক কাৰ্যৰ বিৰুদ্ধে আদালতলৈ যাম৷ ইফালে, কংগ্ৰেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে বিজেপি-এআইইউ ডিএফে মিলিজুলি মাদ্ৰাছাত উচ্ছেদ চলোৱা বুলি বিস্ফোৰক অভিযোগ কৰে৷ তেওঁ কয়–বিজেপি আৰু ইউডিএফে সাপ আৰু বেজ হৈ কাম কৰি আছে৷ বিজেপিয়ে যদি সাপ হৈ খোটে, ইউডিএফে বেজ হৈ কাম কৰে৷ বিজেপিয়ে উচ্ছেদ কৰি ইউডিএফক মলম লগাবলৈ সংখ্যালঘু জনতাৰ ওচৰলৈ পঠাই দিছে৷ সংখ্যালঘু এলেকাত বদৰুদ্দিন আজমলক সুযোগ দিবলৈ চৰকাৰখনে মিলিজুলি এই কাম কৰি আছে৷ বিজেপি-ইউডিএফে মিলিজুলি মাদ্ৰাছা ভঙাৰ কাম কৰি আছে৷ এজনে ভাঙি যায় আনজনে মলম লগাবলৈ আহে৷ আজমলৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্ক বেয়া নহয়৷ আজমল অকল ৰাজনৈতিক নেতা নহয়, তেওঁ ধৰ্মীয় নেতাও৷ মাদ্ৰাছাত যি শিকোৱা হয় সেই কথা আজমলে মুখ্যমন্ত্ৰীক বেছি ভালকৈ বুজাব পাৰে৷ মাদ্ৰাছাসমূহ হ’ল ‘ৰছুলৰ ঘৰ’ যিদৰে মছজিদ ‘আল্লাৰ ঘৰ’৷ ৰছুলৰ ঘৰ চৰকাৰে উচ্ছেদ কৰাৰ কাৰণে সকলোৱে কান্দিছে৷ বিজেপিৰ হতুৱাই মাদ্ৰাছা ভাঙি এতিয়া ইউ ডি এফে মলম লগাই ৰাজনীতি কৰিবলৈ গৈছে৷ আজি চৰকাৰে মাদ্ৰাছাসমূহৰ ওপৰত যি অন্যায় অত্যাচাৰ কৰি আছে এই অত্যাচাৰ আগতে বন্ধ কৰিব পাৰিব লাগিছিল৷ বিজেপিয়ে কংগ্ৰেছক শত্ৰু বুলি ভাবেই৷ বিজেপিয়ে বিচাৰে কংগ্ৰেছ নোহোৱা হৈ ইউডিএফ হওক বা আন কিবা হওক৷ এই উদ্দেশ্য লৈ আগবাঢ়ি আছে বিজেপি আৰু তাৰ সুযোগ লৈ আছে ইউডিএফে৷ আজিৰ তাৰিখত বিজেপি-ইউডিএফ ‘বড়া ভাই চোটা ভাই’৷ ‘বড়া ভাই চোটা ভাই’ মিলি পৰিকল্পিতভাৱে কাম কৰি আছে৷ কৰিমগঞ্জৰ কটাহবাৰীৰ উচ্ছেদস্থলী পৰিদৰ্শন কৰিবলৈ যাওঁতে কংগ্ৰেছক বাধা দিছিল আৰক্ষীয়ে৷ কিন্তু তাৰ আগমুহূৰ্তত উক্ত অঞ্চলটোলৈ যাবলৈ দিয়া হৈছিল ইউডিএফক৷ এই কথাই প্ৰমাণ কৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ ইউডিএফ প্ৰীতি৷ চৰকাৰে পৰিকল্পিতভাৱে মুছলমান মানুহক বিপদৰ ফালে ঠেলি দি আছে আৰু বিপদত পৰা মানুহৰ ওচৰলৈ পঠাই দিছে আজমলক৷ ৰঞ্জন দৈমাৰীয়ে গণেশগুৰিত কিমান মানুহ হত্যা কৰিলে তেওঁ পঢ়া স্কুলখনত বুলড’জাৰ চলাইছে নেকি? পৰেশ বৰুৱাই কিমান মানুহ হত্যা কৰিলে তেওঁ পঢ়া বিদ্যালয়ত উচ্ছেদ চলাইছে নেকি?