Logo
image

চৰকাৰৰ পৰা প্ৰাপ্যবঞ্চিত হ’লেও দান কৰি গ’ল নিজৰ দেহ

আমাৰ অসম, ৩ ছেপ্টেম্বৰঃ বছৰৰ পিছত বছৰ ধৰি নিজৰ প্ৰাপ্য দৰমহা আৰু পেন্সনৰ পৰা বঞ্চিত হোৱা ড॰ প্ৰফুল্ল মহন্তই দেহদানৰ ইচ্ছা পত্ৰত স্বাক্ষৰ কৰিছিল আৰু সেই অনুসৰিয়ে শুকুৰবাৰে বিশিষ্ট সমাজ বিজ্ঞানীজনৰ দেহ অখিল ভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠান [এইমছ]ক দান দিয়া হয়৷ একমাত্ৰ দিছপুৰৰ হেমাহিৰ ফলতে বিগত ১৭ বছৰে প্ৰাপ্য দৰমহা আৰু পেন্সনৰ পৰা বঞ্চিত হৈ থাকিল প্ৰয়াত ড॰ মহন্ত৷ এই বঞ্চনাৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ আৰু হতাশা বুকুত বান্ধিয়ে বৃহস্পতিবাৰে শেষ নিশা ২.৫০ বজাত ইহ সংসাৰৰ পৰা বিদায় লয় ড॰ মহন্ত৷ আইন-আদালতৰ কাষ চাপিও সেই ক্ষেত্ৰত চৰকাৰৰ পৰা ন্যায় নাপালে ড॰ মহন্তই৷ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী, শিক্ষা বিভাগৰ আমোলা, বিষয়া কোনেও যেন শেষ পৰ্যন্ত ড॰ মহন্তৰ হাতত তুলি দিব নোৱাৰিলে বদ্ধিৰ্ত দৰমহা আৰু পেন্সনৰ টকা কেইটা৷ উল্লেখ্য যে ২০০৫ চনত ৩১ ডিচেম্বৰত আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা অসমৰ সঞ্চালক পদৰ পৰা অৱসৰ গ্ৰহণ কৰে গৱেষক-সাহিত্যিকজনে৷ কিন্তু প্ৰাপ্য দৰমহা আৰু পেন্সন অবিহনে তেওঁ অৱসৰ গ্ৰহণ কৰিবলগীয়া হয় একমাত্ৰ চৰকাৰী ফাইলৰ মেৰ পেছৰ বাবে৷ উপায়হীন হৈ তেওঁ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ কাষ চাপে আৰু ন্যায়ালয়েও বদ্ধিৰ্ত হাৰৰ বকেয়া বেতন আদায় দিবলৈ চৰকাৰক কঠোৰ নিৰ্দেশ দিয়ে৷ কিন্তু ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশেও ন্যায় দিব নোৱাৰিলে ড॰ মহন্তক৷ এটা সময়ত দিছপুৰৰ পৰাই সন্ধানহীন হয় মহন্তৰ ফাইল৷ ফলত প্ৰাপ্য দৰমহা আৰু পেন্সনৰ পৰা বঞ্চিত হৈয়ে সুদীৰ্ঘ ৮ বছৰ দুৰাৰোগ্য ৰোগৰ বিৰুদ্ধে যুঁজি শুকুৰবাৰে পুৱতি নিশা শেষ-নিশ্বাস ত্যাগ কৰি ড॰ মহন্ত৷ ৰজা ঘৰে-প্ৰজা ঘৰে প্ৰাপ্য সন্মান, প্ৰাপ্য দৰমহা, প্ৰাপ্য পেন্সনৰ পৰা বঞ্চিত কৰিলেও ড॰ মহন্তই কিন্তু মৃত্যুৰ পিছতো চিকিৎসা বিজ্ঞানৰ গৱেষণাৰ বাবে দান দি গ’ল নিজৰ দেহ৷ স্বাস্থ্যৰ অবনতি হোৱাৰ বাবে কিছুদিন পূৰ্বে তেওঁ জি এন আৰ চিত ভৰ্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হয়৷ নিজৰ চিকিৎসাৰ বাবে প্ৰাপ্য দৰমহা আৰু পেন্সনৰ ধন মুকলি কৰি দিবলৈ বহুবাৰ তেওঁ চৰকাৰক আহ্বান জনাইছিল৷ অৱশ্যে দিছপুৰে তেওঁৰ এই আশা পূৰণ কৰাত সম্পূৰ্ণভাৱে ব্যৰ্থ হয়৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীকো অৱগত কৰোৱা হৈছিল ড॰ মহন্তই সন্মুখীন হোৱা অন্যায়-অবিচাৰৰ সুদীৰ্ঘ ইতিহাস৷ কেৱল ফাইল ঘূৰোৱাৰ নামতে তেওঁ সুদীৰ্ঘ ১৭ বছৰ বঞ্চিত হৈ থাকিল নিজৰ প্ৰাপ্য দৰমহা আৰু পেন্সৰ ধন লাভৰ পৰা৷ কিন্তু ইয়াৰ পিছতো তেওঁ সমাজৰ, দহৰ ভালৰ কাৰনে দান কৰি গ’ল নিজৰ দেহ৷ মানৱতাবাদী আৰু বিজ্ঞানমনস্ক লেখক-সাহিত্যিক ড॰ প্ৰফুল্ল মহন্তৰ শেষ ইচ্ছা অনুসৰি আজি তেখেতৰ মৰণোত্তৰ দেহ গুৱাহাটীৰ চাংসাৰিত নতুনকৈ স্থাপন কৰা অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান [এইমছ]ত দান কৰা হয়৷ এই ক্ষেত্ৰত প্ৰয়াত মহন্তৰ পৰিয়ালৰ উপৰিও ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগ আৰু এইমছৰ এনাটমী বিভাগৰ মুৰব্বী অধ্যাপক তথা কতৃৰ্পক্ষই সহযোগিতা কৰে৷ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান [এইমছ] কতৃৰ্পক্ষৰ হৈ ড॰ প্ৰফুল্ল মহন্তৰ মৰণোত্তৰ দেহ মৰ্যাদা সহকাৰে গ্ৰহণ কৰে এনাটমী বিভাগৰ মূৰব্বী অধ্যাপক ডাঃ ৰুণমণি ডেকা আৰু প্ৰশাসনিক বিষয়া তপন চক্ৰৱৰ্তীয়ে৷ অনুষ্ঠানত উপস্থিত থাকে এইমছ শৰীৰতত্ব বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ মানসী ভট্টাচাৰ্য্য প্ৰমুখ্যে কেইবাজনো শিক্ষক-কৰ্মচাৰী আৰু ভালে সংখ্যক ছাত্ৰ-ছাত্ৰী৷ মৰণোত্তৰ দেহদান অনুষ্ঠান পৰিচালনা কৰে ইলোৰা বিজ্ঞান মঞ্চৰ উপ-সভাপতি ইচফাকুৰ ৰহমান আৰু সাধাৰণ সম্পাদক কমলেশ গুপ্তই৷ অনুষ্ঠানটোত মহন্তৰ পুত্ৰদ্বয় ক্ৰমে অধ্যাপক ৰাহুল মহন্ত আৰু মন্ময় মহন্ত, আত্মীয় গুণমণি মহন্ত, বিশিষ্ট সাংবাদিক তথা লেখক-সাহিত্যিক প্ৰশান্ত ৰাজগুৰু, আনন্দৰাম বৰুৱা ভাষা কলা-সংস্কৃতি প্ৰতিষ্ঠানৰ মুৰব্বী ড॰ দিলীপ কলিতাসহ অনুষ্ঠানটোৰ শিক্ষক-অধ্যাপকসকল, প্ৰয়াত মহন্তৰ ওপজা ঠাই নগাঁৱৰ জাজৰি বগৰীগুৰি [হেমাৰবড়ি সত্ৰ]ৰ মহেন্দ্ৰ মহন্ত, ইলোৰা বিজ্ঞান মঞ্চৰ জগদীশ দত্ত, প্ৰণৱজ্যোতি ডেকা, অনুপ ৰায়চৌধুৰী, শিশিৰ ভট্টাচাৰ্য, নৰেন মহন্ত, মনোজ ৰায় প্ৰমুখ্যে মঞ্চৰ বহু কেইজন কৰ্মকৰ্তাই অংশগ্ৰহণ কৰি বিজ্ঞানমনস্ক আৰু মানৱহিতৈষী লেখকজনৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে৷ ড॰ প্ৰফুল্ল মহন্তই ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে ২০১৮ চনৰ ২৩ মাৰ্চত চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধন আৰু মানৱ কল্যাণৰ হকে মৰণোত্তৰ দেহদানৰ শেষ ইচ্ছা পত্ৰত স্বাক্ষৰ কৰিছিল৷ উল্লেখযোগ্য গুৱাহাটীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান [এইমছ]ত ড॰ প্ৰফুল্ল মহন্তৰ দেহদানেই হ’ল প্ৰথম দেহদান৷ ইলোৰা বিজ্ঞান মঞ্চই মানৱহিতৈষী তথা বিজ্ঞানমনস্ক শিক্ষাবিদ ড॰ প্ৰফুল্ল মহন্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে৷