Logo
image

নতুন আঞ্চলিক শক্তি

সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকাল শেষ হ’বলৈ কেইটামান মাহ বাকী থকা অৱস্থাত ৰাজ্যত ৰাজনৈতিক দলবোৰৰ মাজত নিৰ্বাচনী তৎপৰতা আৰম্ভ হৈছে৷ বিশেষকৈ শাসকীয় বিজেপি দলৰ লগতে কংগ্ৰেছ, এ আই ইউ ডি এফৰ উপৰি ৰাজ্যৰ সৰু-বৰ সকলো দলেই ২০২১ৰ শাসন ক্ষমতা দখল কৰাৰ লক্ষ্যৰে নিৰ্বাচনী কাম-কাজ আৰম্ভ কৰিছে৷ ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰ কৰি অসম আন্দোলনৰ নেতৃত্বই গঢ় দিয়া অসম গণ পৰিষদৰ ওপৰত ৰাইজৰ বহু আশা আছিল যদিও দুবাৰকৈ শাসন ক্ষমতা লাভ কৰিও দলটোৱে ৰাজ্যৰ মূল সমস্যাসমূহ আঁতৰ কৰিব নোৱাৰিলে৷ বৰঞ্চ ৰাজ্যখনত দুৰ্নীতিৰ পোহাৰ মেলি দিয়াৰ উপৰি চৰকাৰী কামকাজত স্বজন-তোষণৰ লগতে মন্ত্ৰী-বিধায়কসকল আমোদ-প্ৰমোদতহে মত্ত হ’ল৷ ৰাইজৰ আশা-আকাংক্ষাক ধূলিসাৎ কৰি দলটোৱে ৰাজ্যত বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিলে৷ অগপৰ দিনত চলা গুপ্তহত্যাই আজিও জনতাক ভয়াৰ্ত কৰি তোলে৷ আঞ্চলিক দলৰ চৰকাৰ গঠন হোৱাৰ পাছত ৰাজ্যৰ অৰ্থনৈতিক ভেটি সবল হোৱাৰ পৰিৱৰ্তে দুৰ্বলহে হ’ল৷ ৰাজ্যৰ নিবনুৱাৰ সংস্থাপন বন্ধ হ’ল৷ কৰ্মচাৰীয়ে মাহৰ দৰমহাটোৰ বাবে কেইবামাহো বাট চাবলগীয়া হ’ল৷ তদুপৰি দলটোৰ মাজতে হোৱা ক্ষমতাকেন্দ্ৰিক অৰিয়াঅৰিয়ে দলটোৰ প্ৰতি জনতাক বীতশ্ৰদ্ধ কৰি তুলিলে৷ দলটোৰ অপশাসনৰ বাবেই জনতাই অগপক ক্ষমতাৰ পৰা আঁতৰালে৷ কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে অসমৰ ৰাইজে আঞ্চলিক জাতীয়তাবাদক বিসৰ্জন দিলে৷ অসমত আজিও আঞ্চলিক ৰাজনীতিৰ প্ৰাসংগিকতা আছে৷ কিন্তু ক্ষমতাৰ লোভত অগপই যিদৰে ৰাষ্ট্ৰীয় দল বিজেপিৰ লগত মিত্ৰতা কৰি অসমৰ জাতীয় সমস্যাসমূহৰ বিষয়ে মাত মাতিবলৈ পাহৰি গ’ল, তেনে ছদ্মবেশী জাতীয়তাবাদী আঞ্চলিক দলৰ প্ৰয়োজন হয়তো ৰাইজে অনুভৱ নকৰে৷ অসম গণ পৰিষদৰ সুবিধাবাদী চৰিত্ৰৰ বাবেই ৰাজ্যখনত নতুন নতুন আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হৈছে৷ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জন্ম দিয়া অসম জাতীয় পৰিষদে বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰত তেওঁলোকৰ প্ৰথমখন ৰাজনৈতিক অভিৱৰ্তন আৰম্ভ হৈছে৷ এই নতুন দল অসম জাতীয় পৰিষদে নিৰ্বাচনলৈ মাত্ৰ কেইমাহমান বাকী থকা অৱস্থাত কিদৰে ৰাইজৰ আস্থা জয় কৰে, সেয়াহে লক্ষণীয় বিষয়৷ তদুপৰি নিৰ্বাচনত শক্তিশালী ৰাষ্ট্ৰীয় দল বিজেপি আৰু কংগ্ৰেছৰ বিৰুদ্ধে কিদৰে নিজৰ প্ৰাৰ্থী থিয় কৰায়, সেয়াও বিচাৰ্যৰ বিষয়৷ কেৱল আৱেগিক ভাষণেৰে নিৰ্বাচনত ৰাইজৰ ভোট পাব বুলি আশা কৰিব নোৱাৰি৷ অৱশ্যে, অসম জাতীয় পৰিষদে ইতিমধ্যে জাতীয় যুৱশক্তি, জাতীয় মহিলা শক্তি, জাতীয় চাহ শক্তি গঠনেৰে বিভিন্ন স্তৰৰ লোকৰ মাজত সাংগঠনিক ভেটি মজবুত কৰিবলৈ প্ৰচেষ্টা চলোৱা দেখা গৈছে৷ কিন্তু যি সময়ত শাসকীয় বিজেপি দলে ইতিমধ্যে প্ৰায় এক কোটি হিতাধিকাৰী সৃষ্টি কৰি ভোট লাভৰ চেষ্টা কৰিছে, তেনে সময়ত অসম জাতীয় পৰিষদে কিদৰে নিৰ্বাচনী ৰণকৌশল গ্ৰহণ কৰে, তাৰ ওপৰতে দলটোৰ ৰাজনৈতিক ভৱিষ্যৎ নিৰ্ভৰ কৰিব৷ অৱশ্যে ৰাজ্যৰ আন এটা শক্তিশালী সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত জন্ম লাভ কৰা ৰাইজৰ দলক যদিহে অসম জাতীয় পৰিষদে লগত লৈ নিৰ্বাচনত অংশ গ্ৰহণ কৰিব পাৰে, তেন্তে বিজেপিৰ বাবে প্ৰত্যাহ্বান সৃষ্টি কৰিবলৈ নিশ্চয় সক্ষম হ’ব৷ কিন্তু তাকে নকৰি যদি নিজৰ সুবিধা আদায়ৰ এক মঞ্চ হিচাপে নতুন আঞ্চলিক দল দুটাক নেতাসকলে গ্ৰহণ কৰে, তেন্তে অসমত আঞ্চলিক শক্তিয়ে কোনোকালে মূৰ দাঙি উঠিব নোৱাৰিব৷