Logo
image

প্ৰাক্তন ফুটবলাৰ অশোক দাস অইল ইণ্ডিয়াৰ নতুন সঞ্চালক

আমাৰ অসম, ৩ ছেপ্টেম্বৰঃ ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ তেল অন্মেষণ আৰু উৎপাদন কোম্পানী অইল ইণ্ডিয়া লিমিটেড চমুকৈ অইলৰ মানৱ সম্পদ শাখাৰ সঞ্চালক হিচাপে শুকুৰবাৰে নয়দাস্থিত কাৰ্যালয়ত কাৰ্যভাৰ গ্ৰহণ কৰে অশোক দাসে৷ উল্লেখযোগ্য যে কটন কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ অশোক দাস এজন ফুটবলাৰ হিচাপে জনপ্ৰিয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলতো ভাগ লৈছিল৷ আনকি এজন সুদক্ষ নাট্যকৰ্মী হিচাপে পৰিচিত আৰু বাণিজ্য প্ৰশাসনত স্নাতকোত্তৰ ডিগ্ৰীধাৰী অশোক দাসে ১৯৮৯ চনত অইলত কাৰ্যবাহী প্ৰশিক্ষাৰ্থী হিচাপে যোগদান কৰিছিল৷ তাৰ পাছত বিগত সময়চোৱাত নিজৰ যোগ্যতা, দক্ষতা, অভিজ্ঞতাৰ বলত অইলৰ বিভিন্ন ক্ষেত্ৰত সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰি সঞ্চালকৰ দৰে শীৰ্ষ পদবীলৈ অধিষ্ঠিত হবলৈ সক্ষম হয়৷ আনহাতে অইলৰ সামাজিক দায়বদ্ধতা আঁচনিৰ নেতৃত্ব দিয়াৰ অভিজ্ঞতা থকা অশোক দাসে গুৱাহাটীত উত্তৰ পূবৰ ভিতৰত অইলে স্থাপন কৰা দক্ষতা বিকাশ প্ৰতিষ্ঠানখনৰো নেতৃত্ব বহন কৰিছিল৷