Logo
image

নৌসেনাক অৰ্পণ ৰণতৰী বিক্ৰান্ত

আমাৰ অসম, ৩ ছেপ্টেম্বৰঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত দেশীয়ভাৱে এখন কেৰিয়াৰ অৰ্থাৎ বিমানবাহী যুদ্ধ জাহাজ নিৰ্মাণ কৰাৰ পৰিকল্পনা হাতত লৈ নিৰ্মাণ আৰম্ভ কৰা আইএনএছ বিক্ৰান্তক শুকুৰবাৰে বিজেপি চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৌবাহিনীৰ হাতত অৰ্পণ কৰিছে৷ শুকুৰবাৰে কোচিত আইএনএছ বিক্ৰান্ত ভাৰতীয় নৌবাহিনীৰ হাতত তুলি দিয়াৰ লগে লগে দেশৰ নৌবাহিনী দুখনকৈ কেৰিয়াৰ অৰ্থাৎ বিমানবাহী যুদ্ধ জাহাজৰ শক্তিৰে সমৃদ্ধ হ’ল৷ ইয়াৰ আগলৈকে ভাৰতীয় নৌবাহিনীৰ হাতত একমাত্ৰ কেৰিয়াৰ আছিল আইএনএছ বিক্ৰমাদিত্য৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে এই বিমানবাহী যুদ্ধ জাহাজখন সক্ৰিয় কৰি সাগৰৰ বুকুলৈ পঠিয়াই দিয়াৰ লগে লগে নৌবহৰৰ শক্তিৰ দিশত ভাৰত আমেৰিকা, ব্ৰিটেইন, ৰাছিয়া, চীন আৰু ফ্ৰান্সৰ দৰে দেশৰ সৈতে একে বন্ধনীত সোমাই পৰিল৷ সম্পূৰ্ণ দেশীয়ভাৱে আৰু দেশীয় প্ৰযুক্তিৰে নিৰ্মাণ কৰা এইখনেই ভাৰতৰ একমাত্ৰ বিশাল যুদ্ধ জাহাজ অৰ্থাৎ কেৰিয়াৰ৷ পিছে অতি তাৎপৰ্যপূৰ্ণভাৱে শুকুৰবাৰে জাহাজখন উদ্বোধন কৰোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউপিএ চৰকাৰৰ দিনত এই জাহাজখন নিৰ্মাণ কৰাৰ বিষয়ে এটা শব্দ বাদেই, আখৰো উল্লেখ নকৰিলে৷ প্ৰধানমন্ত্ৰীৰ এনে আচৰণৰ প্ৰতি প্ৰশ্ন তুলিছে কংগ্ৰেছ দলে৷ মোদীৰ ভাষণৰ সমাপ্তিৰ পাছতে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে টুইট কৰি প্ৰশ্ন কৰে– ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আইএনএছ বিক্ৰান্তৰ কমিছন কৰিলে৷ তাত তেওঁ কি ২০১৪ চনৰ পূৰ্বৱৰ্তী চৰকাৰৰ ভূমিকাৰ কথা উল্লেখ কৰিলে? আত্মনিৰ্ভৰ ভাৰত যে ২০১৪ চনৰ আগতো আছিল সেয়া বিক্ৰান্তৰ কমিছনৰ লগে লগে  সকলোৰে সন্মুখত প্ৰকাশ্য হৈ পৰিছে৷ কেৱল পূৰ্বৰ চৰকাৰৰ অৱদানৰ বিষয়ে নিজৰ ভাষণত উল্লেখ কৰা নাই প্ৰধানমন্ত্ৰীয়ে৷ দলৰ নহয়, তেওঁ এখন দেশৰ   প্ৰধানমন্ত্ৰী৷ সেই পদমৰ্যাদা অটুট ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে সংবিধানৰ নামত খোৱা শপত অনুসৰি নিৰপেক্ষতা বৰ্তাই ৰাখিব লাগিছিল৷’

আইএনএছ বিক্ৰান্ত হৈছে ভাৰতীয় নৌবাহিনয়ে হাতত পোৱা একে নামৰ দ্বিতীয়খন কেৰিয়াৰ৷ কিয়নো ভাৰতীয় নৌবাহিনীৰ প্ৰথমখন কেৰিয়াৰৰ নামো আছিল আইএনএছ বিক্ৰান্ত৷ সেই কেৰিয়াৰখন দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পাছত  ১৯৪৫ চনত ভাৰতে ব্ৰিটেইনৰ পৰা ক্ৰয় কৰিছিল৷ সেই বিক্ৰান্তৰ পূৰ্বৰ নাম আছিল হাৰকিউলিছ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ ভৰপক সময়ত ১৯৪৩ চনত ব্ৰিটেইনে হাৰকিউলিছৰ নিৰ্মাণ সম্পূৰ্ণ কৰি সেই যুদ্ধত ব্যৱহাৰ কৰিছিল৷ যুদ্ধৰ পাছত প্ৰয়োজনীয়তা শেষ হোৱাত ব্ৰিটেইনে কোনো চৰ্ত তৈয়াৰ নকৰাকৈ যুদ্ধ জাহাজখন ভাৰতক বিক্ৰী কৰে৷ পিছে ভাৰতে ১৯৫৭ চনতহে জাহাজখন নিজৰ হাতত পায় আৰু বিক্ৰান্ত নাম দি নৌসেনাত অন্তৰ্ভুক্ত কৰে৷ ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধত আইএনএছ বিক্ৰান্তে ভাৰতৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল৷ জাহাজখনৰ বয়সে ভাটি দিয়াত ৯০ ৰ দশকৰ শেষত আইএনএছ বিক্ৰান্তক মাজ সাগৰৰ পৰা ডকলৈ পঠিয়াই দিয়া হয়, অৰ্থাৎ অৱসৰ দিয়া হয়৷ কিছুদিন দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি ৰাখি পাছত আইএনএছ বিক্ৰান্ত ভাঙি পেলোৱা হয়৷ সেই বিক্ৰান্তৰ শৰীৰৰ অনেক অংশ নতুন বিক্ৰান্তত ব্যৱহৃত হৈছে৷

নতুন আইএনএছ বিক্ৰান্ত নিৰ্মাণ কৰোতে এটা দশকৰ প্ৰয়োজন হ’ল৷ উল্লেখ্য কেৰিয়াৰ বা বিমানবাহী জাহাজেই হৈছে বিশ্বৰ যুদ্ধ জাহাজৰ ভিতৰত সৰ্ববৃহৎ আৰু সবাতোকৈ শক্তিশালী৷ এই জাহাজত যুদ্ধৰ বিমান আৰু হেলিকপ্টাৰ অৱতৰণ কৰাৰ সুবিধা আছে আৰু সকলো সময়তে কেৰিয়াৰত ফাইটাৰ জেট তথা ফাইটাৰ হেলিকপ্টাৰ মজুত ৰখা হয়৷ নৌবাহিনীত কেৰিয়াৰৰ পাছতে স্থান পায় ডেষ্ট্ৰয়াৰ, ফ্ৰিগেট আদিয়ে, তেনে  জাহাজ বিমানবাহী নহয়, কিন্তু যুদ্ধত অংশগ্ৰহণ কৰে৷ নতুন আইএনএছ বিক্ৰান্ত ইমানেই ডাঙৰ, য’ত এটা আশী মহলীয়া অট্টালিকা গোটে গোটে সোমাই যাব৷ ইয়াত যিমান তীখা ব্যৱহাৰ কৰা হৈছে, সিমান তীখাৰে তিনিটা আইফেল টাৱাৰ নিৰ্মাণ কৰিব পৰা যাব৷ ইয়াৰ ফাইটাৰ জেট অৱতৰণ কৰা স্থানৰ পৰিধি দুখন ফুটবল ফিল্ডৰ সমান৷ ইয়াৰ পৰা ৩০ খন ফাইটাৰ জেট উৰিব আৰু অৱতৰণ কৰিব পাৰিব৷ বিক্ৰান্তৰ উচ্ছতা ২৬২ মিটাৰ আৰু প্ৰস্থ ৬২ মিটাৰ৷ কেৰিয়াৰ বা বিমানবাহী এই ৰণতৰীত ১৬০০ নৌসেনা থকাৰ সুবিধা আছে আৰু মহিলা নৌসেনা থকাৰ বাবে পৃথক ব্যৱস্থা আছে৷ এই জাহাজখন নিৰ্মাণ কৰোতে ব্যয় হৈছে ২০ হাজাৰ কোটি টকা৷ ৪৫ হাজাৰ টন ওজনৰ আইএনএছ বিক্ৰান্তৰ সাগৰৰ জলপৃষ্ঠত গতি হৈছে ৭,৫০০ সহনশীল নটিকেল মাইলত ২৮ নট৷ 

দেশৰ বাবে গৌৰৱৰ দিনঃ সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ কোচিন শ্বিপয়াৰ্ড লিমিটেডৰ দ্বাৰা নিৰ্মিত ভাৰতৰ প্ৰথমখন থলুৱা বিমানবাহী যুদ্ধজাহাজ- ‘আইএনএছ বিক্ৰান্ত’ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰতি উৎসৰ্গিত কৰে৷ আজিৰ এই দিনটোক ভাৰতৰ বাবে এক গৌৰৱৰ দিন বুলি অভিহিত কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়– ‘দেশৰ প্ৰতি উৎসৰ্গিত হোৱা আইএনএছ বিক্ৰান্তৰ শুভ উদ্বোধনে দেশবাসীক শক্তি আৰু সামৰ্থ্যৰ সন্দৰ্ভত শক্তিশালী আস্থা আৰু ভৰসা প্ৰদান কৰিছে৷ আমাৰ মনোবল বৃদ্ধি কৰাৰ লগতে শত্ৰুৰ মুখামুখি হ’ব পৰাকৈ আমাৰ সাহসো বৃদ্ধি কৰিছে বিক্ৰান্তে৷ আদৰণীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত আমাৰ চৰকাৰে এখন অগ্ৰগামী, শক্তিশালী আৰু আত্মবিশ্বাসী নতুন ভাৰতবৰ্ষ গঢ়াৰ বাবে সংকল্পবদ্ধ হোৱাৰ লগতে এইক্ষেত্ৰত বৃহৎ পদক্ষেপ ল’বলৈ সাজু হৈছে৷ আইএনএছ বিক্ৰান্ত মোদী ডাঙৰীয়াৰ ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপৰো এক দূৰদৰ্শী পৰিচায়ক৷ আইএনএছ বিক্ৰান্তৰ সৈতে জড়িত সেই সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ, যাৰ অক্লান্ত নিষ্ঠা আৰু সবল প্ৰচেষ্টাৰ বলত আত্মনিৰ্ভৰ ভাৰতৰ এক গৌৰৱ আইএনএছ বিক্ৰান্তে সাগৰৰ মাজেৰে যাত্ৰা কৰি আমাৰ আটাইতকৈ বিশ্বাসী প্ৰহৰী হৈ উঠিছে৷ উল্লেখযোগ্য যে, আইএনএছ বিক্ৰান্তৰ দ্বিতীয় সাগৰীয় পৰীক্ষণৰ সময়ত সৰ্বানন্দ সোণোৱালে নিজে উপস্থিত থাকি পৰীক্ষণৰ বুজ লৈছিল আৰু যুদ্ধ জাহাজখনৰ নিৰ্মাণৰ সৈতে জড়িত সংশ্লিষ্ট সকলোকে উৎসাহিত কৰিছিল৷ ২৬২.৫ মিটাৰ দীঘল আৰু ৬১.৬ মিটাৰ বহল এই বিক্ৰান্তৰ সৰ্বাধিক গতি হৈছে ৭,৫০০ নটিকেল মাইল সহনশীলতাৰ সৈতে ২৮ নট৷ জাহাজখনত প্ৰায় ২,২০০টা কম্পাৰ্টমেণ্ট আছে, যাক মহিলা বিষয়া আৰু নাবিকসহ প্ৰায় ১,৬০০ লোকৰ বাবে ডিজাইন কৰা হৈছে৷ এই যুদ্ধ জাহাজখনত ৩০খন বিমানৰ এয়াৰ উইং পৰিচালনা কৰাৰো সক্ষমতা আছে৷