Logo
image

সেনাৰ পোছাকত চাইবাৰ অপৰাধীৰ দলে লুটি নিলে চিকিৎসক দম্পতীৰ লক্ষাধিক টকা

আমাৰ অসম, ৩ ছেপ্টেম্বৰঃ ৰাজ্যত ক্ৰমাৎ সক্ৰিয় হৈছে চাইবাৰ চক্ৰ৷ দুদিনমানৰ পূৰ্বে ডিব্ৰুগড় চহৰৰ শ্মশানপাৰাৰ এটা পৰিয়াল চাইবাৰ অপৰাধীৰ চক্ৰত পৰি ১৬ লাখ টকা হেৰুওৱাৰ পাছত এইবাৰ চাইবাৰ ক্ৰাইমৰ বলি হৈ নিজৰ একাউণ্টৰ ধন হেৰুওৱালে ডিব্ৰুগড়ৰ চিকিৎসক দম্পতী৷ নতুন কৌশল অৱলম্বন কৰি চাইবাৰ অপৰাধ চক্ৰটোৱে চিকিৎসকক ৰোগীৰ চিকিৎসা কৰোৱাৰ ফিজ দিয়াৰ চলেৰে লুটিলে চিকিৎসক দম্পতীৰ একাউণ্টৰ টকা৷ শেহতীয়াকৈ বিভিন্ন পদ্ধতিৰে, বিভিন্ন চলনাৰে হেকাৰে সৰ্বসাধাৰণ ৰাইজৰ সাঁচতীয়া ধন লুট কৰি অহাৰ সময়তে চতুৰ হেকাৰে ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ চিকিৎসক দম্পতীৰ একাউণ্টৰ পৰা ধন হৰলুকি কৰা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ অসম চিকিৎসা মহাবিদ্যালয়ৰ মানসিক ৰোগ বিভাগৰ চিকিৎসক ডাঃ শান্তনু বৰাৰ পত্নী দন্ত চিকিৎসক ডাঃ শিল্পীকা চুতীয়াৰ একাউণ্টৰ পৰা নগদ ডেৰ লক্ষাধিক টকা লুটি নিয়া কাৰ্যই চৰ্চা লাভ কৰিছে৷ ভাৰতীয় সেনাৰ নামত হেকাৰে এই ধন লুট কৰি নিয়াৰ কথা জানিবলৈ দিছে৷ দন্ত চিকিৎসকজনৰ ওচৰত চিকিৎসা কৰাবলৈ বুলি সেনাৰ ডিব্ৰুগড়ৰ মোহনবাৰীৰ পৰা ৩০ জনীয়া জোৱান যোৱাৰ বাবে বহুদিন ধৰি চিকিৎসকজনৰ সৈতে যোগাযোগ কৰি আছিল৷ চিকিৎসকগৰাকীয়ে প্ৰথম পৰ্যায়ত গুৰুত্ব দিয়া নাছিল যদিও ভিডিঅ’ ফোনপৰ্যন্ত কৰি সেনাৰ পোছাক পৰিহিত লোককেইজনে বাৰম্বাৰ ফোন কৰি অনুৰোধ কৰাত ভাৰতীয় সেনাৰ প্ৰতি থকা আনুগত্যৰ বাবে নিজৰ ব্যক্তিগত চেম্বাৰলৈ ১০জনকৈ আহিব পাৰিব বুলি তেওঁলোকক জনায়৷ অৱশেষত ডাঃ শিল্পীকা চুতীয়াৰ ওচৰলৈ চিকিৎসা গ্ৰহণ কৰা বাবে সেনাৰ দলটোৱে আগতীয়াকৈ চিকিৎসকৰ ফিজ দিয়াৰ বাবে চিকিৎসকগৰাকীক অনুৰোধ জনায়৷ ইতিমধ্যে বিভিন্ন চলাহী কথা তথা কৌশলেৰে সেনাৰ বেশধাৰী হেকাৰে চিকিৎসকগৰাকীৰ বেংক একাউণ্ট নম্বৰ সংগ্ৰহ কৰে৷ পৰৱৰ্তী সময়ত আগতীয়াকৈ চিকিৎসাৰ বাবে ফিজ দিয়াৰ নামত কৌশলেৰে চিকিৎসকগৰাকীৰ একাউণ্ট পৰা লৈ গ’ল ডেৰ লক্ষাধিক টকা৷ উপায়ন্তৰ হৈ চিকিৎসক দম্পতীয়ে ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ কাষ চাপিছে৷ ৰাজ্যৰ বিভিন্ন অ-সচেতন লোকক বিভিন্ন কৌশলেৰে একাউণ্টৰ ধন লুণ্ঠন কৰি নিয়াৰ সময়তে এগৰাকী চিকিৎসকক চিকিৎসা সেৱা গ্ৰহণ কৰাৰ কথা দি ওলোটাই ধন লৈ যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ গতিকে কোনো অচিনাকি লোকৰ ফোন কল বা মেছেজ বা আপোনাৰ বেংক তথ্য দিয়াৰ আগত হাজাৰবাৰ ভাবক৷ অন্যথা এনে কু-চক্ৰৰ কৱলত পৰৰি আপুনিও হেৰুওৱাব পাৰে নিজৰ সাঁচতীয়া ধন৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে ডিব্ৰুগড় শ্মশানপাৰা দম্পতী শিপ্ৰা চক্ৰৱৰ্তী আৰু সঞ্জিত চক্ৰৱৰ্তীলৈ অহা এটা অচিনাকি ফোনে বেংক একাউণ্ট পৰা হৰলুকি ১৬ লাখকৈ টকা হৰলুকি কৰে৷  অৱসৰপ্ৰাপ্ত বি এছ এন এল কৰ্মচাৰী শিপ্ৰা চক্ৰৱৰ্তীলৈ ২৪ আগষ্টত অহা এটা অচিনাকি ফোনে প্ৰেৰণ কৰা অ’ টি পি নম্বৰত ক্লিক কৰা পাছতে হঠাৎ নোহোৱা হয় ১২ লাখ টকা৷ ইয়াৰ পাছতে ২৫ আগষ্টত পুনৰ ৪ লাখ টকা হঠাৎ বেংক একাউণ্টৰ পৰা নোহোৱা হয়৷ এই ঘটনাৰ পাছতে পৰিয়ালটোৱে আৰক্ষীৰ কাষ চপাৰ লগতে ১৯৩০ নম্বৰত কল কৰি অভিযোগ দাখিল কৰা পাছতে ডিব্ৰুগড় আৰক্ষীৰ তৎপৰতাত ১০ লাখ ৩০ হাজাৰ টকা চাইবাৰ অপৰাধীৰ কৱলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল৷ শেহতীয়াকৈ চিকিৎসক দম্পতীৰ ক্ষেত্ৰত সংঘটিত হোৱা ঘটনাক লৈ ডিব্ৰুগড়ত বিৰূপ চৰ্চা চলিছে৷