চিবিআইক সহযোগ কৰিম বুলি কলকাতাত অংকিতা, আজি জেৰা
আমাৰ অসম, ৩ ছেপ্টেম্বৰঃ প্ৰায় দহ বছৰ পুৰণি হাজাৰ কোটি টকীয়া সাৰদা চিট ফাণ্ডৰ চি বি আইৰ গোচৰ সন্দৰ্ভত আদালতৰ চমনৰ ভিত্তিত আজি কলকাতালৈ উৰা মাৰে অসম যুৱ কংগ্ৰেছৰ সভানেত্ৰী তথা কংগ্ৰেছৰ প্ৰয়াত শীৰ্ষ নেতা অঞ্জন দত্তৰ কন্যা অংকিতা দত্ত৷ উল্লেখ্য যে কলকাতা চিবিআইৰ চি ০৪/এছ/২০১৪ নম্বৰৰ গোচৰৰ ভিত্তিত পশ্চিমবংগৰ আলিপুৰৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে শনিবাৰে [৩ ছেপ্টেম্বৰত] অংকিতা দত্তক সোঁশৰীৰে আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ জাৰি কৰিছিল৷ সেই মৰ্মে অংকিতা দত্তৰ পৰা কাইলৈ আদালতে জৱানবন্দী ল’ব৷ বিগত ১৬ আগষ্টত অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে অংকিতা দত্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪২০/১২০ [বি] ধাৰা আৰু অবৈধ বিত্তীয় লেনদেন প্ৰতিৰোধ আইনৰ ধাৰাত গোচৰ ৰুজু হোৱাৰ কথা উল্লেখ কৰি অংকিতা দত্তক আদালতত উপস্থিত হৈ উত্তৰ দিয়াৰ নিৰ্দেশ দিছিল৷ আজি কলকাতালৈ উৰা মৰা যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই গুৱাহাটী বিমান বন্দৰত সাংবাদিকৰ আগত এনেদৰে কয়– ‘‘যিবোৰ কথালৈ মোক মাতি পঠাইছে, সেই বিষয়ে মই একো নাজানো৷ যি সময়ত গোটেই ঘটনাবোৰ হৈছিল, সেই সময়ত মই ২৪-২৫ বছৰীয়া কলেজীয়া ষ্টুডেণ্ট আছিলো৷ তথাপি মোক যেতিয়া মাতিছে, মই চিবিআইক সহযোগ কৰিম৷ দেউতাৰ বিয়োগৰ এক-ডেৰ বছৰৰ পিছতহে মই অনুভূতি প্ৰিণ্টাৰ্ছ এণ্ড পাব্লিকেশ্বনৰ এমডিৰ দায়িত্ব লৈছিলো৷ ইয়াৰ পূৰ্বে অনুভূতি প্ৰিণ্টাৰ্ছৰ পৰিচালনাৰ লগত মই কোনোধৰণে জড়িত নাছিলো৷ সাৰদা কেলেংকাৰিৰ সন্দৰ্ভত চিবিআইয়ে গোচৰ ৰুজু কৰিছিল ২০১৪ চনত৷’ চি বি আইৰ অভিযোগ অনুসৰি অংকিতা দত্তৰ পিতৃ প্ৰয়াত অঞ্জন দত্তৰ মালিকানাধীন মেচাৰ্ছ অনুভূতি প্ৰিণ্টাৰ্ছ এণ্ড পাব্লিকেশ্বন্ছ প্ৰাইভেট লিমিটেডৰ প্ৰেছতে সাৰদা গোষ্ঠীয়ে প্ৰকাশ কৰা বাংলা বাতৰি কাকত ‘সকালবেলা’ আৰু ইংৰাজী দৈনিক বাতৰি কাকত ‘দ্য ছেভেন ছিষ্টাৰ পোষ্ট’ৰ ছপা কৰা হৈছিল৷ যাৰ বাবে প্ৰিণ্টিং প্ৰেছটোৰ মালিক অঞ্জন দত্তৰ সৈতে সাৰদাৰ মালিক সুদীপ্ত সেনৰ ধনৰ লেনদেন হৈছিল৷ আনকি সাৰদা চিট ফাণ্ড কেলেংকাৰিৰ গোচৰত সেই সময়ত চি বি আয়ে অঞ্জন দত্তক কেইবাবাৰো জেৰা কৰাৰ লগতে অঞ্জন দত্তৰ মালিকানাধীন ‘আজিৰ দৈনিক বাতৰি’ কাকত গোষ্ঠীটোৰ কৰ্মচাৰীকো জেৰা কৰিছিল৷ সাৰদা কেলেংকাৰি গোচৰত জামিনদ্বাৰৰ অভাৱত বৰ্তমানেও সুদীপ্ত সেন বংগৰ কাৰাগাৰত বন্দী হৈ আছে৷ ২০১৪ চনতে ৰুজু হোৱা গোচৰটোৰ সংক্ৰান্তত হঠাতে আদালতে যুৱ কংগ্ৰেছৰ নেত্ৰী অংকিতা দত্তলৈ চমন পঠোৱা ঘটনাই প্ৰতিক্ৰিয়া কৰিছে৷ অংকিতা দত্তই যুৱ কংগ্ৰেছৰ দায়িত্ব লৈ বিজেপি-মিত্ৰজোঁটৰ চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন অব্যাহত ৰখাৰ সময়তে চি বি আইৰ উক্ত গোচৰটোত চমন লাভ কৰা খবৰে ৰাজনৈতিক মহলতো বিশেষ চৰ্চা লাভ কৰিছে৷






