Logo
image

বাইচুঙে পালে মাত্ৰ এটা ভোট! ভাৰতীয় ফুটবলৰ দায়িত্বত ফুটবলাৰ

আমাৰ অসম, ৩ ছেপ্টেম্বৰঃ খেলৰ জৰিয়তে অৰ্জন কৰা অসামান্য জনপ্ৰিয়তা কিম্বা ছ’চিয়েল মিডিয়াৰ অকুণ্ঠ সমৰ্থন দেশৰ কোনো ক্ৰীড়া ফেডাৰেচনৰ  শীৰ্ষ পদত অধিষ্ঠিত হোৱাৰ বাবে মাপকাঠি নহয়৷ বৰং ক্ষমতাধিষ্ঠিত শাসক দলৰ আশীৰ্বাদ থাকিলে অখ্যাতপ্ৰায় যদু-মধুও দেশৰ ক্ৰীড়া ফেডাৰেচনৰ সৰ্বোচ্ছ পদত অধিষ্ঠিত হ’ব পাৰে৷ ভাৰতৰ সৰ্বকালৰ জনপ্ৰিয়তম আৰু তৰ্কাতীতভাৱে নিজৰ দিনৰ শ্ৰেষ্ঠতম ফুটবলাৰ বাইচুং ভূটিয়াৰ ফুটবল ফেডাৰেচনৰ সভাপতিৰ পদত হোৱা যুঁজত লজ্জাজনকভাৱে পৰাজেয় সেই সত্য নিৰ্মমভাৱে ফুটাই তুলিছে৷ মুঠ ৩৪খন সদস্যৰাজ্যৰ ভোটৰ বাইচুং ভূটিয়াই পালে মুঠেই এটা ভোট৷ বাইচুং ভূটিয়া বিজয়ী নহয় বুলি ফেডাৰেচনৰ নিৰ্বাচনৰ বিষয়ে খা-খবৰ ৰখা সকলোৱে জানিছিল কিন্তু তেওঁৰ দৰে ফুটবলাৰ এনেদৰে পৰাজিত হ’ব বুলি কোনোৱে ধাৰণা কৰা নাছিল৷ বাইচুং ভূটিয়াক পৰাভূত কৰি প্ৰথমবাৰৰ বাবে ভাৰতীয় ফুটবল ফেডাৰেচনৰ সৰ্বোচ্ছ পদত যিজন অধিষ্ঠিত হৈছে সেই কল্যাণ চৌবে এজন প্ৰাক্তন ফুটবলাৰ– ছ’চিয়েল মিডিয়াৰ বাইচুঙৰ সমৰ্থনকাৰী অথবা ফেডাৰেচন প্ৰাক্তন খেলুৱৈৰে গঠন কৰিব লাগে বুলি জনমত সৃষ্টি কৰা সকলোৰে বাবে এয়াই একমাত্ৰ স্বস্তি৷ পিছে তেওঁলোকৰ বাবে এটা অস্বস্তিৰ খবৰো আছে৷ প্ৰাক্তন ফুটবলাৰ হ’লেও কল্যাণ চৌবে বিজেপিৰ এজন সক্ৰিয় সদস্য আৰু পশ্চিমবংগৰ উত্তৰ কলকতা জিলাৰ বিজেপিৰ সভাপতি৷ অৰ্থাৎ প্ৰাক্তন ফুটবলাৰ হিচাপে দেশৰ ফুটবলৰ সৰ্বোচ্ছ সংস্থাৰ শীৰ্ষত অধিষ্ঠিত হ’লেও তেওঁ ৰাজনৈতিক কৃপাধন্য৷ তাকো কল্যাণ চৌবে উলা-মূলা ৰাজ্যৰ প্ৰতিনিধি নহয়– তেওঁক সভাপতিৰ পদত সমৰ্থন জনাইছিল দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ গৃহৰাজ্য গুজৰাটে৷ ফলত প্ৰথমৰ পৰাই দেশৰ সকলো ৰাজ্যৰ প্ৰতিনিধি অৰ্থাৎ ফেডাৰেচনৰ ভোটদাতাই চৌবেৰ পক্ষ অৱলম্বন কৰিছিল৷ কল্যাণ চৌবেৰ পক্ষত দেশৰ সকলো প্ৰতিনিধি এনেদৰে থিয় দিছিল যে, বাইচুং ভূটিয়াক তেওঁৰ মনোনয়নত আনকি নিজৰ ৰাজ্য ছিকিমেও সমৰ্থন নজনালে৷ ফলত বাইচুঙে প্ৰস্তাৱক হিচাপে সমৰ্থন ল’বলগীয়া হ’ল অন্ধ্ৰপ্ৰদেশৰ গোপালকৃষ্ণ কোছাৰাজুৰ পৰা আৰু সমৰ্থক হ’ল কংগ্ৰেছ শাসিত ৰাজস্থানৰ ফুটবল সন্থাৰ বিষয়ববীয়া দিলীপ সিং শেখাৱট৷ পিছে বাইচুঙে তেওঁৰ প্ৰস্তাৱক আৰু সমৰ্থক উভয়ৰ ভোটো নাপালে৷ তাৰে এখন ৰাজ্যৰ প্ৰতিনিধিয়ে ভোট দিলে শাসনাধিষ্ঠিত বিজেপিৰ কৃপাধন্য কল্যাণ চৌবেক৷ ফলত কল্যাণ চৌবেৰ পক্ষে ভোট আহিল ৩৩ টা আৰু এটা ভোটতে সন্তুষ্ট থাকিল বাইচুং ভূটি য়া৷ 

ভাৰতীয় ফুটবল ফেডাৰেচনৰ বিষয়ববীয়াৰ নিৰ্বাচন হোৱাৰ খবৰ প্ৰকাশ পোৱাৰ পাছৰ পৰাই ছ’চিয়েল মিডিয়াত বাইচুং ভূটিয়াৰ সপক্ষে সমৰ্থনৰ ঢৌ উঠিছিল৷ ছ’চিয়েল মিডিয়াৰ নেটিজেনে দাবী কৰিছিল কোনো ৰাজনৈতিক প্ৰতিনিধি নহয়, দেশৰ ফুটবল ফেডাৰেচন চলাব লাগে প্ৰাক্তন ফুটবলাৰে৷ কিয়নো তেওঁলোকেহে খেলুৱৈৰ সুখ-দুখ বুজে৷ এতিয়া প্ৰাক্তন ফুটবলাৰ আহিল, কিন্তু তেওঁ বাইচুং নহয়৷ কল্যাণ চৌবেই ভাৰতীয় জাতীয় দলত স্থান লাভ কৰিছিল কিন্তু তেওঁ জাতীয় দলৰ হৈ এখনো মেচ খেলিবলৈ পোৱা নাছিল৷ গলৰক্ষক হিচাপে সাত বছৰ জাতীয় দলত থাকি তেওঁ বেঞ্চতে বহি থাকিবলগীয়া হৈছিল৷ ৯০ ৰ দশকত যেতিয়া বাইচুং ভূটিয়াই দেশৰ তামাম ফুটবলপ্ৰেমীক তেওঁৰ অনবদ্য ফুটবলৰ যাদুৰে আপ্লুত কৰি আছিল আৰু দেশৰ সন্মান ৰক্ষা কৰিছিল, তেতিয়া তেওঁৰ খেল দলত থাকিও ভ্ৰমণকাৰীৰ ৰূপত অতিৰিক্ত বেঞ্চৰ পৰা চাই থাকিবলগীয়া হৈছিল কল্যাণ চৌবেই৷ ৰাজনীতিৰ কি শক্তি– আজি বাইচুং কল্যাণ চৌবেৰ হাতত ফেডাৰেচনৰ ৰাজনীতিত ধৰাশায়ী হ’ল আৰু কোনোদিনেই জাতীয় দলৰ হৈ খেলিবলৈ নোপোৱা কল্যাণ চৌবে ভাৰতীয় ফুটবল ফেডাৰেচনৰ শীৰ্ষত অধিষ্ঠিত হ’ল৷ এয়াই দেশৰ ক্ৰীড়াৰ ৰাজনীতি বা ৰাজনৈতিক ক্ৰীড়া৷ এই বিজয়ৰ আগলৈকে ৰাজনীতিৰ ময়দানত কল্যাণ চৌবে দুবাৰকৈ নিৰ্বাচনত পৰাজিত হৈছিল৷ মূলতঃ পশ্চিমবংগৰ ফুটবলাৰ কল্যাণ চৌবেই ২০১৫ চনত বিজেপিত যোগদান দিছিল আৰু বিগত লোকসভাৰ নিৰ্বাচনত তেওঁ কৃষ্ণনগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি তৃণমূল কংগ্ৰেছৰ মহুৱা মৈত্ৰৰ বিৰুদ্ধে পৰাজিত হৈছিল৷ পুনৰ ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনত মানিকতলাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি তৃণমূলৰে সাধন পাণ্ডেৰ হাতত পৰাজিত হৈছিল৷ কিন্তু ক্ৰীড়াৰ ৰাজনীতিৰ কি মহিমা! প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ ৰাজ্য গুজৰাটৰ পৰা প্ৰতিনিধিত্ব কৰাৰ ফলত তেওঁৰ শিৰৰ ওপৰত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ আশীৰ্বাদ থকা বুলি সকলো নিশ্চিত হৈছিল আৰু সেয়ে অকুণ্ঠে ভোট দি সকলো ৰাজ্যই তেওঁক বিজয়ী কৰিবলৈ উঠিপৰি লাগিছিল, য’ত দেশৰ সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰ হিচাপে বিবেচিত বাইচুঙৰ কোনো দাম নাই৷