Logo
image

সলনি হ’ল নৌসেনাৰ নিচান, আঁতৰিল ইংৰাজৰ ৰঙা ক্ৰছ

৩০খন যুদ্ধ বিমান, হেলিকপ্টাৰ থাকিব ‘বিক্ৰান্ত’ত, আৰম্ভ হ’ল ভাৰতীয় নৌসেনাৰ শক্তিৰ নতুন যুগ

আমাৰ অসম, ৩ ছেপ্টেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰ্থাৎ ২ ছেপ্টেম্বৰত ভাৰতীয় নৌসেনাক অৰ্পণ কৰে দেশৰ প্ৰথমখন সৰ্ববৃহৎ স্বদেশী যুদ্ধ বিমানবাহক যুদ্ধ জাহাজ আইএনএছ বিক্ৰান্তক৷ শুকুৰবাৰে পুৱা ৯.৪৮ বজাত কেৰালাৰ কোচিত ভাৰতীয় নৌসেনাৰ হাতত এই অত্যাধুনিক আৰু বিশাল স্বদেশী যুদ্ধ জাহাজখন অৰ্পণ কৰে৷ লগতে ভাৰতীয় নৌসেনাৰ ধবজৰ নতুন নিচানো মুকলি কৰে৷ স্বদেশীভাৱে নিৰ্মিত এই বিশাল যুদ্ধ বিমানবাহক আইএনএছ বিক্ৰান্তক নৌসেনাৰ হাতত অৰ্পণ কৰাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি ভাৰতবাসীয়ে এক নতুন ভৱিষ্যতৰ সূৰ্যোদয়ৰ সাক্ষী হৈ ৰ’ল৷ আইএনএছক বিক্ৰান্ত বিশাল, বিৰাট আৰু বিহংগম বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰীয়ে৷ বিক্ৰান্তক বিশিষ্ট আৰু বিশেষ বুলিও অভিহিত কৰে তেওঁ৷ বিক্ৰান্ত কেৱল এখন যুদ্ধ জাহাজ নহয়, ২১ শতিকাৰ ভাৰতৰ পৰিশ্ৰম, প্ৰতিভা, প্ৰভাৱ আৰু দায়ৱদ্ধতাৰ প্ৰমাণ বুলিও তেওঁ কয়৷ আনহাতে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে আইএনএছ বিক্ৰান্ত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ প্ৰতীক৷ আজিৰ দিনটোতে ভাৰতে বিশ্বৰ অত্যাধুনিক যুদ্ধ বিমানবাহক যুদ্ধ জাহাজ নিৰ্মাণ কৰা দেশৰ এলীট গ্ৰুপত স্থান লাভ কৰে৷ ইয়াৰ পূৰ্বে আমেৰিকা, ৰাছিয়া, ফ্ৰান্স, ব্ৰিটেইন আৰু চীনেহে এই বিশেষ কৃতিত্ব লাভ কৰিছিল৷ ২০ হাজাৰ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা এই বিশাল যুদ্ধ জাহাজখনৰ ৭৬ শতাংশ অংশই হৈছে স্বদেশী৷ ২৬২ মিটাৰ দীঘল আৰু ৬২ মিটাৰ প্ৰস্থৰ আইএনএছ বিক্ৰান্তত একে সময়তে ২০খন যুদ্ধ জাহাজ আৰু ১০খন হেলিকপ্টাৰ ৰখাই থোৱা হ’ব৷ মাত্ৰ তিনি ছেকেণ্ডতে যুদ্ধ জাহাজে ইয়াৰ পৰা উৰা মাৰিব পাৰিব৷ এবাৰতে এই যুদ্ধ জাহাজখনে ৭,৫০০ ন’টিকেল মাইল যাব পাৰে৷ এই যুদ্ধ জাহাজখনৰ নাম ভাৰতৰ প্ৰথমখন বিমানবাহক যুদ্ধ জাহাজ আইএনএছ বিক্ৰান্তৰ নামত ৰখা হয়৷ ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে যুদ্ধত উক্ত যুদ্ধ জাহাজে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ এই যুদ্ধ জাহাজত আছে ১৮টা মহল আৰু ২,৪০০ কম্পাৰ্টমেণ্ট৷ ইয়াত ৰ,৬০০ শক্তিশালী সেনা থাকিব পাৰে৷ বিমান ৰখা স্থানেই হৈছে এখন ফুটবল ফিল্ডৰ সমান৷ ২০২৩ চনত এই জাহাজখন যুদ্ধৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিব আৰু তেতিয়া অত্যাধুনিক ৰাফাল আৰু আমেৰিকাৰ অত্যাধুনিক এফ-১৮এ যুদ্ধ জাহাজো ৰাখিব পৰা যাব৷ ইয়াত ভাৰতৰ শক্তিশালী ব্ৰহ্মছ ক্ষেপণাস্ত্ৰও ৰাখিব পৰা যাব৷ 

৮ বছৰৰ পাছত সলনি হ’ল নৌসেনাৰ ধবজৰ নিচান আঁতৰোৱা হ’ল ইংৰাজৰ ৰঙা ক্ৰছ

আজিৰ অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় নৌসেনাৰ ধবজৰ নতুন নিচান মুকলি কৰে৷ ৮ বছৰৰ পাছত ভাৰতীয় নৌসেনাৰ নিচান সলনি কৰা হয় আৰু ইয়াৰ পৰা ইংৰাজৰ ৰঙা ক্ৰছ আঁতৰাই পেলোৱা হয়৷ ইয়াৰ পূৰ্বে নেভীৰ নিচানত ৰঙা ক্ৰছ আছিল৷ এতিয়া সেয়া আঁতৰাই দিয়া হয় আৰু বাঁওফালে ওপৰত তিৰংগা ৰখা হয়৷ কাষতে নীলা ৰঙৰ বেকগ্ৰাউণ্ডত সোণালী ৰঙৰ অশোক চিহ্ন আৰু তাৰ তলত লিখা আছে ‘সত্য মেৱ জয়তে’৷