Logo
image

ডিএছপিৰ সাজত স্বৰ্ণজয়ী নয়নমণি

আমাৰ অসম, ৪ ছেপ্টেম্বৰঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শণিবাৰে কমনৱেল্‌থ গেম্‌ছ-২০২২ৰ স্বৰ্ণপদকপ্ৰাপ্ত ল’ন বল খেলুৱৈ নয়নমণি শইকীয়াক অসম ক্ৰীড়া নীতি অনুসৰি ৫০ লাখ টকাৰ চেক প্ৰদান কৰাৰ লগতে অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক [ডিএছপি] পদত আনুষ্ঠানিকভাৱে নিযুক্তি দিয়ে৷ উল্লেখ্য, অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত মুখ্যমন্ত্ৰীৰ সভাকক্ষত আয়োজিত ‘ক্ৰীড়া পেঞ্চন’ দিৱসৰ কাৰ্যসূচীতে নয়নমণিক নিযুক্তি-পত্ৰ প্ৰদান তথা চেক অৰ্পণ কৰে মুখ্যমন্ত্ৰীয়ে৷ এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ ৪ গৰাকী বিশিষ্ট ক্ৰীড়াবিদক ৫০ হাজাৰ টকাৰ এককালীন সাহায্য, ৪ গৰাকী ক্ৰীড়াবিদক ১০ হাজাৰ টকাকৈ নিয়মীয়া ‘ক্ৰীড়া পেঞ্চন’ আৰু ৪ গৰাকী এন চি চি কেডেটক ‘বীৰ চিলাৰায় বঁটা’ প্ৰদান কৰে৷ এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে যি সময়ত অসমত পেছাদাৰী ক্ৰীড়াৰ বিশেষ অস্তিত্বই নাছিল, তেনে সময়তে ১৯৬৬ চনত এছিয়ান গেমছত স্বৰ্ণপদক জয় কৰি ভোগেশ্বৰ বৰুৱাই অসমৰ ক্ৰীড়া ক্ষেত্ৰত সোণালী অধ্যায়ৰ সূচনা কৰিছিল৷ এইগৰাকী বিশিষ্ট ক্ৰীড়াবিদে দেখুৱাই যোৱা পথেৰে অগ্ৰসৰ হৈ শণিবাৰে অসমৰ নতুন প্ৰজন্মই ক্ৰীড়াৰ ক্ষেত্ৰখনত সবল খোজ পেলাবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যৰ ক্ৰীড়া জগতলৈ আগবঢ়োৱা অৱদানৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি বিগত বৰ্ষৰ পৰা অসম চৰকাৰে তেওঁৰ জন্মদিনটো ক্ৰীড়া পেঞ্চন দিৱস হিচাপে উদ্‌যাপন কৰি আহিছে৷ বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰত অনবদ্য প্ৰতিভাৰে জিলিকি উঠা ৰাজ্যৰ প্ৰতিভাধৰ খেলুৱৈসকলৰ বিষয়ে তথ্যসমৃদ্ধ বৰ্ণিল ইতিহাসৰ ওপৰত মুখ্যমন্ত্ৰীয়ে ভাষণত আলোকপাত কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে দৃঢ় মন আৰু একাগ্ৰ লক্ষ্যৰে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে দেশমাতৃক ধন্য কৰা মানসিকতা থকা বাবে নয়নমণি শইকীয়াই এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ অসমত নতুন খেলুৱৈ সৃষ্টিৰ ক্ষেত্ৰত উদগণি যোগাই যাবৰ বাবে মুখ্যমন্ত্ৰীয়ে নয়নমণি শইকীয়াক আহ্বান জনায়৷ তেওঁ লগতে কয় যে বিশ্ব ক্ৰীড়াংগণত উজলি উঠা খেলুৱৈসকলক ৰাজ্য চৰকাৰে উপযুক্ত সন্মান প্ৰদৰ্শন কৰিব বিচাৰিছে যাতে উঠি অহা প্ৰজন্মই ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হ’ব পাৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে নতুন সংহত ক্ৰীড়া নীতি অনুসৰি অলিম্পিক, এছিয়ান গেমছ অথবা কমনৱেলথ গেমছত পদক বিজয়ীসকলক তেওঁলোকৰ শৈক্ষিক অৰ্হতা, বয়সৰ নূ্যনতম যোগ্যতা আদি নিৰ্বিশেষে নিযুক্তি প্ৰদানৰ পদক্ষেপ লোৱা হৈছে৷ তেওঁ কয় যে গুজৰাটত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত পদক বিজয়ীসকলক চৰকাৰী চাকৰি প্ৰদানৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে৷ ক্ৰীড়াৰ আন্তঃগাঁথনি শক্তিশালী কৰা, গ্ৰামাঞ্চলত ষ্টেডিয়াম নিৰ্মাণ, আধুনিক প্ৰশিক্ষণৰ দৰে ব্যৱস্থাৱলীসমূহ গ্ৰহণ  কৰি ইয়াক সংহত ৰূপত আগুৱাই নিয়া হৈছে সৰুসজাইৰ দৰে নাৰেংগী আৰু যোৰহাটত ‘ষ্টেট অব আৰ্ট’ ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব৷ প্ৰতিখন জিলাতে জিলা ষ্টেডিয়াম নিৰ্মাণৰ লক্ষ্যৰে অসম চৰকাৰে অক্টোবৰৰ পৰা ৫০ কোটি টকাকৈ মুঠ ৫০০ কোটি টকা ব্যয় সাপেক্ষে ১০ খন জিলা ষ্টেডিয়াম নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যত ক্ৰীড়াৰ শক্তিশালী পৰিৱেশ গঢ়ি তুলিবলৈ ৩০ টা ‘খেলো ইণ্ডিয়া কেন্দ্ৰ’ গঠনত অনুমতি প্ৰদান কৰিছে আৰু আন ৩০টা ‘খেলো ইণ্ডিয়া কেন্দ্ৰ’ নিৰ্মাণৰ বাবে ব্যৱস্থা কৰা হ’ব৷ সৰুসজাইৰ দৰে চন্দ্ৰপুৰত দ্বিতীয়তো ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ কাম হাতত লোৱা হ’ব৷ তদুপৰি যোৰহাট ষ্টেডিয়ামক আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পূৱ গুৱাহাটী আৰু যোৰহাটক বাদ দি ইতিমধ্যে ক্ৰীড়া আন্তঃগাঁথনি সবলীকৰণৰ বাবে ১২ কোটি  টকাকৈ ব্যয় সাপেক্ষে অসমৰ ৫২টা সমষ্টিত ষ্টেডিয়াম নিৰ্মাণৰ কাম সম্পূৰ্ণ  কৰিছে আৰু ৭০ খন ষ্টেডিয়াম নিৰ্মাণৰ কাম অক্টোবৰৰ পৰা আৰম্ভ কৰা হ’ব৷ প্ৰতিখনতে ২৫০ জনকৈ খেলুৱৈ তথা প্ৰশিক্ষক থাকিব পৰাকৈ আমিনগাঁও আৰু সৰুসজাইত গেমছ ভিলেজ নিৰ্মাণৰো পৰিকল্পনা গ্ৰহণ কৰা হৈছে বুলি৷ অসম আৰক্ষীত ক্ৰীড়াৰ পৰিৱেশ শক্তিশালী কৰি তোলাৰ বাবে আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰতিটো কেন্দ্ৰত ২২ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটী আৰু যোৰহাটত বিজ্ঞানসন্মতভাৱে খেলুৱৈসকলৰ শাৰীৰিক সক্ষমতাৰ মূল্যাংকণ আৰু উত্তৰণৰ বাবে ‘উচ্ছ পাৰদৰ্শিতা কেন্দ্ৰ’ গঢ়ি তোলা হ’ব৷ বিদেশী প্ৰশিক্ষক ৰাখিবৰ বাবে চন্দ্ৰপুৰত পৰ্যাপ্ত সুবিধা উপলব্ধ আৱাসিক কোৱাৰ্টাৰ নিৰ্মাণ কৰা হ’ব বুলি তেওঁ কয়৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা খেলসমূহক ক্ৰীড়া বিশ্বৰ মানচিত্ৰলৈ আগবঢ়াই নিয়াৰ সুদুৰপ্ৰসাৰী উদ্দেশ্য আগত লৈ ৰাজ্যত ‘থলুৱা ক্ৰীড়া সমাৰোহ’ আয়োজনৰ উদ্যোগ গ্ৰহণ কৰাৰ লগতে ক্ৰীড়াবিদসকলৰ দৰে ক্ৰীড়া প্ৰশিক্ষক আৰু ক্ৰীড়া সংগঠকসকলকো স্বীকৃতি প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই সভাত অসম অলিম্পিক সন্থা তথা ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগক আহ৩ান জনায়৷ উল্লেখ্য যে বিশিষ্ট ক্ৰীড়াবিদ কাছাৰ জিলাৰ টী শ্যামোলিনি দেৱী, ধেমাজিৰ ৰজনী দেউৰী, কামৰূপ মহানগৰ জিলাৰ মনি কংকনা দত্ত বৰুৱা আৰু পল্লবী দত্ত বৰুৱাক এককালীন সাহায্য প্ৰদান কৰাৰ উপৰি বিশিষ্ট ক্ৰীড়াবিদ কাছাৰ জিলাৰ ৱাই অমৃত কান্তা সিংহ আৰু নতুম সিংহ, যোৰহাটৰ ৰঞ্জিত ৰাজকুমাৰ আৰু কামৰূপ মহানগৰ জিলাৰ মৌচুমী ভূঞাক নিয়মীয়া ক্ৰীড়া পেঞ্চন প্ৰদান কৰা হয়৷ এই অনুষ্ঠানতে চাৰিগৰাকী সৰ্বশ্ৰেষ্ঠ এন চি চি কেডেট ক্ৰমে চিন্ময় বিশ্বাস, সুকন্যা কাশ্যপ মহন্ত, বিজু নমশূদ্ৰ, তন্ময়ী শ্ৰুতিধাৰা গগৈক মুখ্যমন্ত্ৰীয়ে বীৰ চিলাৰায় বঁটা প্ৰদান কৰে৷ এন চি চি কেডেট হিচাপে দেখুওৱা অসাধাৰণ কৃতিত্বৰ বাবে তেওঁলোকৰ প্ৰত্যেককে একোটাকৈ মেডেল, এখন প্ৰমাণপত্ৰ আৰু চেকযোগে ২৫ হাজাৰ টকাকৈ আগবঢ়োৱা হয়৷ আজিৰ এই অনুষ্ঠানত পৰিৱেশ আৰু বন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা, ভূমি সংৰক্ষণ আদি বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং, ৰৱিশংকৰ প্ৰসাদ, প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱ, প্ৰৱীণ ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মা প্ৰমুখ্যে এন চি চিৰ কেডেট, ক্ৰীড়াপ্ৰেমী ৰাইজ আৰু গণ্যমান্য লোকসকল উপস্থিত থাকে৷