Logo
image

আলফা-‘নিয়া’ সমুখ সমৰত, সতৰ্ক হৈ গ’ল পৰেশ বৰুৱা

আমাৰ অসম, ৪ ছেপ্টেম্বৰঃ ছ’চিয়েল মিডিয়াৰ জৰিয়তে আলফা স্বাধীনে ব্যাপক সদস্যভৰ্তি অভিযান চলোৱাত এইবাৰ তদন্তত নামিছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা৷ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা বিদ্ৰোহী সংগঠনটোলৈ যুৱক-যুৱতীৰ সোঁত বোৱাৰ লগতে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত কৰ্মৰত অসমৰ যুৱক-যুৱতীয়েও সামাজিক মাধ্যমৰ জৰিয়তে আলফাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলাৰ চাঞ্চল্যকৰ তথ্য উদ্‌ঘাটন কৰিছিল চোৰাংচোৱা সংস্থাই৷ ছ’চিয়েল মিডিয়াৰ প্লেটফৰ্ম ব্যৱহাৰ কৰি আলফাই সদস্য ভৰ্তি অভিযান চলোৱা কাৰ্যক অসম আৰক্ষীয়ে ৰোধ কৰিব নোৱৰাত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৰাষ্ট্ৰীয় অনুন্ধানকাৰী সংস্থা চমুকৈ ‘নিয়া’ক তদন্তৰ দায়িত্ব দিয়ে৷ সেই অনুসৰি কেন্দ্ৰীয় সংস্থাটোৱে প্ৰাথমিক অনুসন্ধানৰ পাছত শুকুৰবাৰে আলফাৰ সংযোগ বিচাৰি ৰাজ্যৰ জ্জখন জিলাৰ ১৬টা স্থানত তালাচী চলায়৷ আনকি নিয়াই আলফাৰ প্ৰচাৰ গোটৰ সদস্য তথা সামাজিক মাধ্যমৰ জৰিয়তে সদস্যভৰ্তি অভিযানক নেতৃত্ব দিয়া আইচেং অসমৰ শদিয়াস্থিত বাসগৃহতো তালাচী অভিযান চলোৱা বুলি জানিব পৰা গৈছে৷ নিয়াৰ এই অনুসন্ধানৰ পাছতেই অধিক সতৰ্ক হৈ পৰিছে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা৷ কাৰ্যতঃ আলফা আৰু নিয়া এতিয়া যেন সমুখ সমৰত৷ ইতিপূৰ্বে আলফাৰ সদস্য ভৰ্তিৰ সন্দৰ্ভত নিয়াৰ গোচৰৰ খবৰ প্ৰকাশ পাইছে৷ নিয়াৰ তদন্তৰ খবৰ প্ৰচাৰ হোৱা পাছতেই পাই আলফাই ম্যানমাৰৰ শিবিৰত গুপ্তচৰৰ সন্ধানত নামি পৰিছে৷ শিবিৰৰ পৰা সামাজিক মাধ্যমত সন্দেহজনক ব্যক্তিৰ সৈতে বাৰ্তালাপ কৰা সদস্য দেখিলেই তদন্ত আৰম্ভ কৰিছে আলফাৰ শীৰ্ষ নেতৃত্বই৷ ইতিপূৰ্বে অসম আৰক্ষীয়ে প্ৰেৰণ কৰা বুলি দাবী কৰি চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত সঞ্জীৱ শৰ্মা আৰু ধনজিৎ দাস নামৰ দুজন যুৱকক হত্যা কৰাৰ পাছত শেহতীয়াকৈ আৰক্ষীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগ তুলি ছাইফুল ইছলাম ওৰফে ৰিহন অসম নাম আন এজন যুৱককো ম্যানমাৰৰ শিবিৰতে গুলীয়াই হত্যা কৰিছিল৷ আনকি শিবিৰত কোনো সদস্যৰ প্ৰতি সন্দেহ হ’লেই শীৰ্ষ নেতৃত্বৰ তদন্ত তথা শাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে আলফাৰ সদস্যসকল৷ যাৰ বাবে শিবিৰত শীৰ্ষ নেতৃত্বৰ সন্দেহ আৰু শাৰীৰিক-মানসিক নিৰ্যাতনৰ সন্মুখীন হৈ এজনৰ পাছত এজনকৈ সদস্যই পলায়নৰ চেষ্টা চলাইছে৷ এনে কাৰণতে বৃহস্পতিবাৰে ম্যানমাৰৰ শিবিৰৰ পৰা পুনৰ দুজন সদস্যই পলায়ন কৰা বুলি জানিব পৰা গৈছে৷ ম্যানমাৰৰ চলমান শিবিৰৰ পৰা পলায়ন কৰা সদস্য দুজন হৈছে মাধৱ অসম আৰু গিৰীশ অসম৷ ইফালে, শুকুৰবাৰে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই আলফাত যোগদান গোচৰৰ সন্দৰ্ভত কামৰূপ, নলবাৰী, ডিব্ৰুগড়, তিনিচুকীয়া, শদিয়া, চৰাইদেউ আৰু শিৱসাগৰকে ধৰি অসমৰ সাতখন জিলাৰ ১৬টা স্থানত তালাচী চলায়৷ আলফাত যুৱক-যুৱতীৰ যোগদান, আলফাক শক্তিশালী কৰাৰ বাবে ধনদাবী আৰু যুৱক-যুৱতীসকলক আলফাই বেআইনী কাৰ্যকলাপৰ সৈতে জড়িত কৰোৱা সম্পৰ্কতে উক্ত গোচৰটো পঞ্জীয়ন কৰিছে নিয়াই৷ আনহাতে, নিয়াই প্ৰাথমিক অনুসন্ধানত অভিযুক্ত হিচাপে চিনাক্ত কৰা যুৱক-যুৱতীসকলে ম্যানমাৰৰ ভাৰত-ম্যানমাৰ সীমান্তৰ সিপাৰে অৱস্থিত আলফাৰ শিবিৰসমূহত প্ৰশিক্ষণো গ্ৰহণ কৰাৰ অভিযোগ আছে৷ তালাচী অভিযানত ডিজিটেল সঁজুলি, সজীৱ গুলীৰ লগতে আপত্তিজনক নথিপত্ৰ আৰু আলফা সম্পৰ্কীয় লিখিত তথ্যও জব্দ কৰে বুলি নিয়াই প্ৰকাশ কৰিছে৷

তিনিচুকীয়া, শদিয়াৰ বিভিন্ন ঠাইত ‘নিয়া’ৰ অভিযান

আলফাৰ [স্বাঃ] শেহতীয়া গতিবিধি সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰুজু কৰাৰ পাছত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এৰ দলে শুকুৰবাৰে তিনিচুকীয়াৰ ৬টা নিৰ্দিষ্ট স্থানত অভিযান চলায়৷ তিনিচুকীয়া আৰক্ষীয়ে এই সন্দৰ্ভত কোনো তথ্য সদৰি কৰা নাই যদিও নিৰ্ভৰযোগ্য সূত্ৰে জানিব পৰা মতে, তিনিচুকীয়া আৰক্ষী জিলাৰ ৬ স্থানত আকস্মিকভাৱে চলোৱা এই অভিযানত এন আই এৰ দলে কেতবোৰ নথি-পত্ৰ জব্দ কৰে৷ ইফালে শদিয়া আৰক্ষী জিলাৰ বিভিন্ন স্থানত এন আই এৰ অভিযান চলা বুলি প্ৰকাশ৷ সূত্ৰ মতে, এই অভিযানৰ সময়ত সজীৱ গুলীও জব্দ কৰে এন আই এৰ দলে৷ কিন্তু এই সন্দৰ্ভত কোনো নিশ্চিত তথ্য লাভ কৰিব পৰা হোৱা নাই৷ উল্লেখ্য যে, আলফাৰ [স্বাঃ] সদস্যভৰ্তি অভিযান, ধন দাবী আৰু অন্যান্য আইনবিৰোধী কাম-কাজ সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰুজু কৰা ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটোৱে শুকুৰবাৰে কামৰূপ, নলবাৰী, ডিব্ৰুগড়, তিনিচুকীয়া, শদিয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ ১৬ স্থানত অভিযান চলাইছিল৷ উক্ত অভিযানত এন আই এৰ দলে সক্ৰিয় গুলী, বাৰুদৰ লগতে ডিজিটেল ডিভাইছ আৰু বিভিন্ন নথি-পত্ৰ জব্দ কৰা বুলি প্ৰকাশ৷