Logo
image

হেল্ল’! মই আৰ্মী কেম্পৰ পৰা কৈছোঁ...

সেনাৰ ৰূপত অবাধ লুণ্ঠন চাইবাৰ অপৰাধীৰ, আৰক্ষী দিশহাৰা

আমাৰ অসম, ৪ ছেপ্টেম্বৰঃ এইবাৰ চাইবাৰ হেকাৰ চক্ৰই সলনি কৰিছে ধন সৰকোৱাৰ ফন্দি৷ এ টি এম নবীকৰণ, বেংক পাছ বুক আপডেটৰ নামত চাইবাৰ চক্ৰই অনলাইনৰ জৰিয়তে ধন লুট কৰাৰ পুৰণিকলীয়া কৌশল সলনি কৰি এতিয়া অভিনৱ কৌশলেৰে জাল পেলাইছে৷ এইবাৰ ভাৰতীয় সেনাৰ পৰিচয় দি এজনৰ পাছত এজনকৈ লোকৰ পৰা  চাইবাৰ অপৰাধী চক্ৰই লুটি নিছে ধন৷ অচিনাক্ত ফোন নম্বৰৰ পৰা আৰ্মী কেম্পৰ বিষয়াই কৈছো বুলি কৈয়ে শিক্ষিত ব্যক্তিকো জালত বন্দী কৰি পেলাইছে প্ৰৱঞ্চক চক্ৰই৷ সেনাৰ ৰূপত অবাধ লুণ্ঠন চলোৱা চাইবাৰ অপৰাধীৰ ওচৰত এতিয়া যেন দিশহাৰা স্মাৰ্ট অসম আৰক্ষীও৷ শেহতীয়াকৈ অসমত সেনাৰ নাম লৈ প্ৰৱঞ্চক চক্ৰই বেংকৰ একাউণ্টৰ পৰা হাজাৰ হাজাৰ টকা লুট কৰি নিয়া কেইবাটাও ঘটনা পোহৰলৈ আহিছে৷ সাধাৰণ মাছ বেপাৰীৰ পৰা আৰম্ভ কৰি চিকিৎসক পৰ্যন্ত এই চক্ৰটোৰ প্ৰৱঞ্চনাৰ বলি হৈছে৷ আনকি চাইবাৰ অপৰাধীৰ জালৰ পৰা বাদ পৰি নগ’ল শিক্ষিত ব্যক্তি হিচাপে পৰিচিত বুদ্ধিজীৱীও৷ শুকুৰবাৰে ডিব্ৰুগড়ৰ ডাঃ শান্তনু বৰা আৰু ডাঃ শিল্পীকা চুতীয়া নামৰ চিকিৎসক দম্পত্তিৰ পৰা ভাৰতীয় সেনাৰ নাম লৈ চাইবাৰ হেকাৰ চক্ৰই বেংক একাউণ্টৰ পৰা ডেৰ লাখ টকা লুট কৰি নিয়াৰ পাছত এইবাৰ বুদ্ধিজীৱী অখিল ৰঞ্জন দত্ত, মনোৰম গগৈ আৰু সোণাৰিৰ মাছ ব্যৱসায়ী চালামত আনচাৰীৰ পৰা ধন লুটি নিয়াৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ তাৎপৰ্যপূৰ্ণভাৱে এই আটাইকেইজন লোককে হেকাৰ চক্ৰটোৱে নিজকে সেনা বিষয়া বুলি পৰিচয় দি ধন লুট কৰি নিয়ে৷ গুৱাহাটীৰ থলগিৰি নামৰ থলুৱা খাদ্যৰ হোটেলখনৰ স্বত্বাধিকাৰী তথা প্ৰাক্তন সাংবাদিক মনৰোম গগৈক নাৰেংগীৰ আৰ্মী স্কুললৈ ভাতৰ থালি যোগান ধৰাৰ অৰ্ডাৰ দি প্ৰৱঞ্চক চক্ৰটোৱে বেংক একাউণ্টৰ পৰা ১০ হাজাৰ টকা লুট কৰি নিয়ে৷ এই প্ৰৱঞ্চনাৰ সন্দৰ্ভত সাংবাদিক গগৈয়ে আৰক্ষীকো অভিযোগ দাখিল কৰিছে৷ আৰ্মীৰ নাম লৈ কৰা চাইবাৰ প্ৰৱঞ্চনাৰ সন্দৰ্ভত সামাজিক মাধ্যম ফেচবুকত মনোৰম গগৈয়ে বৰ্ণনা কৰিছে এইদৰে– ‘নাৰেংগী আৰ্মী স্কুলৰ নাম লৈ চাইবাৰ অপৰাধীৰ দলে মোকো বুৰ্বক বনাই লুটি নিলে দহ হেজাৰ টকা৷ আজি পুৱা ১১.৩০ বজাত ৮৫৭৬৯৫৬৬০১ নম্বৰৰ পৰা মোলৈ এটা ফোন আহিল৷ ক’লে– ‘মই নাৰেংগী আৰ্মী স্কুলৰ পৰা কাজলে কৈছোঁ৷ আমি এসপ্তাহৰ বাবে পুৱা-গধূলি ২০ প্লেটকৈ নন্‌ ভেজ থালি আনিম৷ আপুনি আগতীয়াকৈ বিলখন পঠাই দিয়ক৷’ মই বিলখন পঠোৱাৰ পাছত সিটো মূৰৰ পৰা ক’লে– এঘণ্টাৰ ভিতৰত আমি আনিবলৈ গৈ আছোঁ৷ এঘণ্টাৰ আগে আগে থালিখিনি ৰেডী হ’ল৷ সিফালৰ পৰা আন এটা নম্বৰ ৯০৩৯৩৮৯৯৪৬১ পৰা আকৌ ফোন আহিল৷ ‘মই আৰ্মী স্কুলৰ একাউণ্টটেণ্টে কৈছোঁ৷ আমাৰ স্কুলৰ বাবে আপোনাক অৰ্ডাৰ দিয়া বস্তুখিনিৰ ৫০ শতাংশ আমি অনলাইনত এতিয়াই পেমেণ্ট কৰি দিম৷ গতিকে আপোনাৰ বেংক ডিটেইলছ দিয়ক৷’ তাৰ পাছত প্ৰৱঞ্চক চক্ৰটোৱে ফোনতে বহু সময় ধৰি ধন পঠাই আছোঁ বুলি কৈ মোৰ একাউণ্টৰ পৰা কৌশলেৰে দহ হেজাৰ টকা সৰকাই নিলে৷ কথাটো লগে লগে ধৰিব পাৰি মই ওলোটাই সিহঁতক গালি দিবলৈ আৰম্ভ কৰিলোঁ৷ সিফালৰ পৰা ফোনৰ সংযোগ কাটি দিলে৷ ঘটনাৰ সবিশেষ আৰক্ষীক জনাই ইতিমধ্যে অভিযোগ দাখিল কৰিছোঁ৷’ ইফালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা বুদ্ধিজীৱী অখিল ৰঞ্জন দত্তকো আৰ্মীৰ বিষয়া বুলি পৰিচয় দিয়া প্ৰৱঞ্চকে দত্তৰ এটা ফ্লেট ভাৰালৈ ল’ম বুলি কৈ অগ্ৰিম ধন দিয়াৰ চলেৰে লুটি নিয়ে ৩৫ হাজাৰ টকা৷ বিগত ৫ আগষ্টতে চাইবাৰ চক্ৰৰ প্ৰৱঞ্চনাৰ বলি হয় যদিও মুখ লজ্জাৰ বাবে বুদ্ধিজীৱীজনে এই কথা ৰাজহুৱা কৰা নাছিল৷ শনিবাৰে সামাজিক মাধ্যমত অখিল ৰঞ্জন দত্তই প্ৰৱঞ্চকৰ কৌশলৰ কথা বৰ্ণনা কৰিছে এইদৰে–  ‘আৰ্মিৰ নামত প্ৰবঞ্চনা৷ আমাৰ পৰা সৰকালে ৩৫,০০০ টকা৷ বেংকৰ ছাৰ্ভাৰ ডাউন আছিল বাবে বাছি গ’ল ৫০,০০০ টকা৷  মোক বুৰ্বক বনাই মোৰ পৰিবাৰ মৌচুমীৰ একাউণ্টৰ পৰা লৈ গ’ল ৩৫,০০০ টকা যোৱা পাঁচ আগষ্টতে৷ মৌচুমীয়ে বাৰে বাৰে সন্দেহ কৰি মোক সাৱধান কৰি দিয়াৰ পাছতো মই সিহঁতৰ কথাৰ পাকত বন্দী হৈ ৰ’লো৷ সিহঁতৰ এটা দল আছে৷ কথাত বৰ ভদ্ৰ৷ কামটো কৰে সাধাৰণতে পাঁচ বজাৰ পাছত৷ আমাক ঠগিলে আমাৰ ফ্লেটৰ ভাড়াৰ বাবদ অগ্ৰিম ধন দিম বুলি৷ নজনা নিচিনাকৈ কাৰো স’তে অনলাইন লেনদেন নকৰিব৷ আৰ্মী কাৰ্ডৰ জৰিয়তে তেওঁলোকে লেনদেন কৰিম বুলি কৈ পইছা জমা দিয়াৰ নামত প্ৰথমে পাঁচ টকা জমা দি বেলেন্স কিমান হৈছে সোধে৷ তাৰ পাছত জমা দিয়া বুলি কৈ একাউণ্টৰ পৰা ওলোটাই ধন উলিয়াই নিয়ে৷ আপুনি গম পাই আপত্তি কৰিলে ভুল হোৱা বুলি কৈ এনেকুৱাকৈ বুজাব যে আপুনি পুনৰ একেটা ভুলকেই কৰিব৷ দুটা ফোনৰ ব্যৱহাৰৰ কথা ক’লে আৰু QR code পঠালে জানিব সেইয়া জালিয়াতি৷ অসম আৰক্ষীৰ চাইবাৰ ক্ৰাইম ৰোধ কৰা বিভাগ এটা আছে৷ কিন্তু কিবা কৰিব পাৰে বুলি বিশ্বাস নহয়৷ যিবোৰ নম্বৰৰ পৰা ফোন আহে সেইবোৰ ফোন সক্ৰিয় হৈও থাকে৷ তাৰ পাছতো সিহঁতক ধৰিব নোৱাৰে৷ বেংকেও সহায় কৰিব নোৱাৰে৷ মুঠতে ডিজিটেল দুনিয়াত খোজে প্ৰতি বিপদ৷  বেংকক অৱগত কৰোঁতে ‘‘ছাৰ আপোনাকো ঠগিলে নেকি’’ বুলি কৈ যিধৰণে চকুলৈ চালে লাজতে অতদিনে কথাটো ৰাজহুৱা কৰা নাছিলো৷ যোৱা কেইদিনমানত বহুজন এই প্ৰবঞ্চনাৰ জালত পৰিছে৷ সেয়েহে সকলোকে সাৱধান কৰি দিলো৷’  আনহাতে চৰাইদেউ জিলাৰ  সোণাৰিৰ মাইবেলাৰ সেনাৰ শিবিৰত প্ৰীতি ভোজৰ বাবে ৫০ কেজি মাছৰ অৰ্ডাৰ দি অনলাইনত ধন আদায় দিয়াৰ চলেৰে এ টি এম কাৰ্ডৰ জৰিয়তে সোণাৰিৰ দৈনিক বজাৰৰ চালামত আনচাৰী নামৰ মৎস্য ব্যৱসায়ীজনৰ পৰাও শনিবাৰে ১০ হাজাৰ টকা লুট কৰি নিয়ে প্ৰৱঞ্চক চক্ৰই৷ অতি উদ্বেগজনভাৱে সহজ-সৰল লোকৰ পৰা আৰম্ভ কৰি শিক্ষিত লোকৰো  কষ্টোপাৰ্জিত ধন চাইবাৰ হেকাৰ চক্ৰই প্ৰৱঞ্চনাৰে সৰকাই নিছে যদিও এনকাউণ্টাৰ এক্সপাৰ্ট হিচাপে দেশতে অবাঞ্চিত কৃতিত্ব অৰ্জন কৰা অসম আৰক্ষীয়ে চাইবাৰ অপৰাধী চক্ৰটোক কৰায়ত্ত কৰাত ব্যৰ্থ হোৱাহে দেখা গৈছে৷ যাৰ বাবে ৰাজ্যত চাইবাৰ অপৰাধজনিত ঘটনা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে৷ এন চি আৰ বিৰ তথ্য অনুসৰি ২০১৯ চনত অসমত ২,২৩১টা চাইবাৰ অপৰাধৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ২০২০ চনত ৩,৫০৩টা চাইবাৰ অপৰাধৰ ঘটনা সংঘটিত হয়৷ কিন্তু ২০২১ বৰ্ষত চাইবাৰ অপৰাধৰ ঘটনা ৪,৮৪৬ টালৈ বৃদ্ধি পাই৷ চাইবাৰ অপৰাধৰ হাৰৰ ক্ষেত্ৰত অসম এতিয়া দেশৰ ভিতৰতে দ্বিতীয় শীৰ্ষ স্থানত আছে৷

সোণাৰিত মৎস্য ব্যৱসায়ীৰ পৰা দহ হাজাৰ টকা লুট

সাৱধান যিকোনো মুহূৰ্ততে আপোনাৰ একাউণ্টৰ কষ্টোপাৰ্জিত সাঁচতীয়া সমুদায় টকা নাইকিয়া হৈ যাব পাৰে৷ বা সকলো টকা আপোনাৰ চকুৰ সন্মুখতে বেলেগ একাউণ্টলৈ স্থানান্তৰ হ’ব পাৰে! হয়, তেনে এক ঘটনাই সংঘটিত হৈছে সোণাৰিৰ এজন মৎস্য ব্যৱসায়ীৰ সৈতে৷ চাইবাৰ ক্ৰাইমৰ বলি হৈ ব্যৱসায়ীজনৰ নিজৰ একাউণ্ট প্ৰায় সম্পূৰ্ণৰূপে খালী হোৱা ঘটনাই সোণাৰিত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে সকলোৰে চকু কপালত তুলিছে৷ যাতে কোনেও তিলমাত্ৰাও সন্দেহ কৰিব নোৱাৰে সেই বাবে হেকাৰে ভাৰতীয় সেনাৰ ৰূপত এই প্ৰৱঞ্চনাৰ জাল পেলাইছিল৷ এনেদৰেই চাইবাৰ অপৰাধীয়ে নিতৌ ন - ন কৌশল প্ৰয়োগৰে সাধাৰণ জনতাৰ ধন কৌশলৰে আত্মসাৎ কৰি আহিছে৷ এইবাৰ মাছ ক্ৰয় কৰাৰ নামত এজন ব্যৱসায়ীৰ একাউণ্টৰ পৰা দহ হাজাৰ টকা লুটি নিয়াৰ ঘটনা এটা পোহৰলৈ আহিছে৷ ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে, সোণাৰি দৈনিক বজাৰৰ মৎস্য ব্যৱসায়ী চালামত আনচাৰীক দুদিনমানৰ পূৰ্বে মোবাইল ফোনযোগে নিজকে ভাৰতীয় সেনা বাহিনীৰ লোক বুলি পৰিচয় দিয়া এজন লোকে সোণাৰিৰ মাইবেলাত থকা সেনা শিবিৰত অনুষ্ঠিত হ’ব লগা এক প্ৰীতিভোজৰ বাবে পঞ্চাশ কেজি মাছৰ অৰ্ডাৰ দিয়ে৷ পাছদিনা পুৱাই মাছখিনি দৰকাৰ হ’ব বুলি জনাই মাছসমূহ পুৱা ৰেডি ৰাখিবলৈ লোকজনে ব্যৱসায়ীজনক নিৰ্দেশ দিয়ে৷ লগতে আগধন হিচাপে অলপ ধন পঠিয়াই দিয়াৰ কথা উল্লেখ কৰি ব্যৱসায়ীজনৰ গুগল পে’ৰ কিউআৰটো ব্যৱসায়ীজনক ৱাটছ এপযোগে পঠিয়াবলৈ কয়৷ কিন্তু ব্যৱসায়ীজনে তেওঁৰ এই সুবিধা নথকাৰ কথা সদৰি কৰাত তেওঁৰ এটিএম কাৰ্ডখন ৱাটছ এপযোগে পঠিয়াবলৈ আহ৩ান জনায়৷ ব্যৱসায়ীজনক বিশ্বাস জন্মাবলৈ লোকজনে আনকি সেনাৰ ক’ড নম্বৰপৰ্যন্ত প্ৰকাশ কৰে৷ ইফালে পাছদিনা পুৱাই ব্যৱসায়ীজনে পঞ্চাশ কেজি মাছ কাটি ৰেডি কৰি লোকজনক তেওঁৰ এটিএম কাৰ্ডটো লোকজনক ৱাটছ এপযোগে প্ৰেৰণ কৰাৰ লগে লগে তেওঁৰ একাউণ্টৰ পৰা দহ হাজাৰ টকা কৰ্তন হোৱা বুলি মেছেজ অহাত তেওঁ হেকাৰৰ কৱলত পৰা বুলি নিশ্চিত হয়৷ ব্যৱসায়ীজনে ততালিকে কাষ্টমাৰ কেয়াৰত ফোন কৰি এটিএম কাৰ্ডটো ব্লক কৰাতহে সমুদায় ধন হৰলুকি হোৱাৰ পৰা ৰক্ষা পৰে৷ ঘটনা সন্দৰ্ভত ব্যৱসায়ীজনে ইতিমধ্যে সোণাৰি আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে৷