Logo
image

জয়মালাক নেদেখাকৈয়ে উভতি আহিব বিচাৰিছে অসমৰ বিষয়া

চেন্নাইতে বাহৰ পাতিবলৈ মুখ্যমন্ত্ৰী হিমন্তৰ নিৰ্দেশ

আমাৰ অসম, ৪ ছেপ্টেম্বৰঃ অসমলৈ ঘূৰাই আনিবলৈ সক্ষম হ’ব নে জয়মালাক৷ তামিলনাডুৰ পৰা জয়মালাক অসমলৈ ঘূৰাই অনাত অনিশ্চয়তাই দেখা দিছে৷ কিয়নো জয়মালাক ঘূৰাই পঠোৱাৰ ক্ষেত্ৰত কোনোধৰণৰ সহযোগিতা আগবঢ়োৱা নাই তামিলনাডু চৰকাৰে৷ মাউতৰ নিৰ্মম নিৰ্যাতনৰ বলি হোৱা জয়মালা নামৰ হাতটোক অসমলৈ উভতাই অনাৰ বাবে মাদুৰাই অসম চৰকাৰৰ ৪ জনীয়া বিষয়া-চিকিৎসকৰ দলে বাহৰ পাতি আছে যদিও শ্ৰীভিল্লীপুত্তুৰ নাছিয়াৰ কৃষ্ণন কোভিল মন্দিৰত থকা হাতীটোক প্ৰত্যক্ষ কৰিবলৈকে অসমৰ প্ৰতিনিধি দলটোক অনুমতি দিয়া নাই তামিলনাডু চৰকাৰে৷ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন বৰ্তমান ৰাজ্যখনৰ বাহিৰত থকাত অসম চৰকাৰৰ প্ৰতিনিধি দলটোক মুখ্যমন্ত্ৰী ষ্টেলিনৰ অনুমতি অবিহনে জয়মালাক ঘূৰাই পঠোৱাটো দূৰৰে কথা, কাষৰ পৰা এবাৰ চাবলৈও দিয়া নহয় বুলি স্পষ্ট কৰি দিছে তামিলনাডুৰ বন বিভাগে৷ যাৰ বাবে জয়মালাক নেদেখাকৈয়ে অসমৰ প্ৰতিনিধি দলটোৱে উভতি অহাৰ প্ৰস্তুতি চলাইছে৷ অৱশ্যে  অসমৰ পৰা যোৱা সাংবাদিকক কৃষ্ণন কোভিল মন্দিৰৰ চৌহদত জয়মালাক প্ৰত্যক্ষ কৰা তথা ফটো তোলাত অনুমতি দিছে যদিও অসমৰ ৪ জনীয়া চৰকাৰী বিষয়াৰ দলটোক স্থানীয় প্ৰশাসনে কোনোধৰণৰ সহযোগিতা আগঢ়োৱা নাই৷ যাৰ বাবে চেন্নাইৰ হোটেলতে বাহৰ পাতি আছে অসহায় অসমৰ প্ৰতিনিধি দলটোৱে৷ ইতিমধ্যে অসমৰ প্ৰতিনিধি দলটোৱে তামিলনাডু চৰকাৰৰ অসহযোগিতাৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অৱগত কৰি নিৰুপায় হৈ অসমলৈ ঘূৰি অহাৰ ইচ্ছা  ব্যক্ত কৰিছে৷ অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ প্ৰতিনিধি দলটোক জয়মালাক প্ৰত্যক্ষ নকৰাকৈ ঘূৰি অহাৰ মানা কৰাৰ লগতে জয়মালাৰ সন্দৰ্ভত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ লগত কথা পাতব বুলিও জানিবলৈ দিছে৷ অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যক্ষ হস্তক্ষেপ কৰিলে জয়মালাক অসমলৈ ঘূৰাই অনাৰ কিছু সম্ভাৱনা আছে যদিও সেয়া কিমান দূৰ সফল হ’ব সময়েহে ক’ব৷ কিয়নো ইতিমধ্যে কৃষ্ণন মন্দিৰ কতৃৰ্পক্ষই জয়মালাৰ ভক্ত-দৰ্শনাৰ্থীৰ সৈতে আত্মিক সম্পৰ্ক গঢ় লৈ উঠা বুলি সদৰি কৰি তামিলনাডুৰ পৰা অসমলৈ ঘূৰাই পঠোৱাত অসন্মতি প্ৰকাশ কৰিছে৷ অৱশ্যে ৬ মাহৰ বাবে লীজত নি জয়মালাক ১৩ বছৰ ধৰি অবৈধভাৱে বন্দী কৰি ৰখা তামিলনাডু চৰকাৰে সহযোগিতা আগনবঢ়ালে জয়মালাক লৈ ন্যায়ালয়ত আইনী যুঁজৰ কোনো বিকল্প নাথাকিব অসম চৰকাৰৰ হাতত৷ অৱশ্যে ভক্তসকলৰ আৱেগক আঘাত কৰি কৃষ্ণন মন্দিৰত ৰাজকীয় আতিথ্য লাভ কৰা জয়মালাক অসমলৈ অনা হ’ব নে নাই সেয়াও বৰ্তমান অনিশ্চিত হৈ আছে৷