Logo
image

মন্ত্ৰী ভ্ৰমিছে সীমান্ত জ্বলিছে

আমাৰ অসম, ৪ ছেপ্টেম্বৰঃ য’তেই মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, ত’তেই যেন অথন্তৰ৷ এইজন মন্ত্ৰীয়ে ভ্ৰমণ কৰাৰ লগে লগেই জুই জ্বলিছে সীমান্তত৷ শেহতীয়াভাৱে দিছপুৰৰ ভাষানীতিক কেন্দ্ৰ কৰি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ সন্দৰ্ভত বিৰূপ মন্তব্য কৰি বিপদত পৰা জয়ন্তমল্ল বৰুৱাৰ বিড়ম্বনাৰ দিনৰ যেন অন্ত পৰা নাই৷ দিনচেৰেক পূৰ্বে এঠাইত জয়ন্তমল্ল বৰুৱাৰ উপস্থিতিতে জাতীয় সংগীত পৰিৱেশনত আউল লাগে৷ অৱশ্যে বিজেপি বিধায়ক মানৱ ডেকাৰ হস্তক্ষেপত অধিক বিড়ম্বনাৰ পৰা ৰক্ষা পৰে মন্ত্ৰীজন৷ শনিবাৰেও সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শন কৰিবলৈ যোৱা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ প্ৰস্থানৰ লগে লগেই থৈয়া-নথৈয়া কাজিয়া লাগে৷ ইফালে, কৃষিমন্ত্ৰী অতুল বৰা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তয়ো শনিবাৰে অৰুণাচল সীমান্তৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰে৷ মন্ত্ৰী বৰা আৰু মন্ত্ৰী মহন্তৰ ভ্ৰমণকালত কিন্তু কোনো অঘটন নঘটিল৷ ইয়াৰ বিপৰীতে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ ভ্ৰমণৰ পাছতেই দুটা পক্ষৰ মাজত আৰম্ভ হয় দুৰ্বাদল কাজিয়া৷ উল্লেখ্য, অসম-অৰুণাচলৰ দীৰ্ঘদিনীয়া সীমাসমস্যা সমাধানৰ লক্ষ্যৰে দুয়োখন ৰাজ্যই এক সুস্থিৰ সীমা নিৰ্ধাৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ অংশস্বৰূপে শনিবাৰে ধেমাজিৰ সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই৷ ধেমাজিত অসম-অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চল চৰজমিন তদন্ত কৰিবলৈ আহি সীমান্তৱৰ্তী জয়ৰামপুৰৰ চিলনীবস্তীত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ৰাইজৰ মতামত লৈ নিকটৱৰ্তী তৰাজান বস্তীলৈ ৰাওনা হোৱাৰ পিছতেই সীমান্তৱৰ্তী জয়ৰামপুৰৰ কেঁচাকাঠনিত অসমীয়া আৰু অৰুণাচলীৰ মাজত অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হয়৷ দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট সংঘটিত হোৱাত দুয়োটাপক্ষৰে কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয়৷ সীমান্তৱৰ্তী চিলনীত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই অসম-অৰুণাচলৰ দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলত বাস কৰা ৰাইজৰ মতামত লৈ থকা সময়তে চেপা উত্তেজনাই বিৰাজ কৰে উক্ত স্থানত৷ প্ৰবল বৰষুণৰ মাজত অৰুণাচলৰ দুজন বিধায়ক আৰু সীমান্তৱৰ্তী ধেমাজি জিলা প্ৰশাসন আৰু অৰুণাচলৰ নামনী চিয়াং জিলাৰ প্ৰশাসনীয় বিষয়াসকলক লগত লৈ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ধেমাজিৰ চিলনীৰ সভাত অংশগ্ৰহণ কৰি ৰাইজৰ মতামত লোৱাৰ লগতে অসম-অৰুণাচলৰ সীমান্তৱৰ্তী চিলনী, তৰাজান, গেৰমেৰ আদি অৰুণাচলৰ কেইবাটাও বস্তি পৰিদৰ্শন কৰি ৰাইজৰ মতামত গ্ৰহণ কৰে৷ চিলনীত ৰাইজৰ মতামত লৈ মন্ত্ৰী তৰাজানলৈ যোৱাৰ পাছতে অৰুণাচলৰ একাংশ লোকৰ সৈতে অসমৰ সীমান্তৱৰ্তী একাংশ লোকৰ সৈতে বাক-বিতণ্ডা হোৱাৰ লগতে খেদাখেদি হয় আৰু পাছত দুয়োটা পক্ষৰ মাজত মাৰপিটৰ দৰে ঘটনাৰ সূত্ৰপাত হয়৷ উল্লেখ্য যে, পূৰ্বেও দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী জয়ৰামপুৰৰ পানবাৰীৰ উক্ত অঞ্চলটোত সীমাকেন্দ্ৰিক সমস্যাৰ বাবে প্ৰায়েই উত্তেজনাময় পৰিৱেশে বিৰাজ কৰি আহিছিল৷ অসম-অৰুণাচলৰ সীমান্তৱৰ্তী লোকসকলৰ মাজত প্ৰায়েই সংঘাত সৃষ্টি হৈ অহা অঞ্চলটোত পুনৰ মন্ত্ৰীৰ পৰিদৰ্শনৰ পিছতেই মাৰপিটৰ ঘটনা সংঘটিত হোৱাত বৰ্তমানে অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে৷ ইফালে ৰাইজৰ মতামত গ্ৰহণ কৰি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী ৰাইজে দীৰ্ঘদিন ধৰি মিলা-প্ৰীতিৰ মাজেৰে বাস কৰা বুলি মন্তব্য কৰি অসমৰ মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত আৰু দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ ফলশ্ৰুতিত কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে দুয়োখন ৰাজ্যৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধান কৰাত সফল হ’ব বুলি উল্লেখ কৰে৷ ইফালে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ চৰজমিন তদন্তই সীমান্তবাসী অসমীয়াক কোনো আশ্বস্ত কৰা নাই বুলি ক্ষোভ উজাৰে অঞ্চলবাসীয়ে৷ মন্ত্ৰীজনে কেৱল অৰুণাচলীসকলৰ সৈতেহে একপক্ষীয়ভাৱে আলোচনা কৰা বুলি ক্ষোভ প্ৰকাশ কৰে জিলাখনৰ দল-সংগঠনে৷ আনকি অসমৰ দল-সংগঠনৰ লগত কোনো আলোচনাই নকৰিলে বুলি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক সমালোচনা কৰে সীমান্তবাসী অসমীয়াই৷ কেৱল অলপ সময়ৰ বাবে অৰুণাচলীৰ সৈতে বাৰ্তালাপ কৰি সম্পূৰ্ণ একপক্ষীয়ভাৱে সীমান্তৱৰ্তী অঞ্চল চৰজমিন তদন্ত কৰিবলৈ অহা মন্ত্ৰীৰ এনে পৰিদৰ্শনে সীমা সমস্যা কেতিয়াও সমাধান নকৰে বুলি ক্ষোভ উজাৰে ধেমাজিৰ সীমান্তৱৰ্তী গঞাই৷

অৰুণাচল সীমান্তত পুনৰ খণ্ডযুদ্ধ, কমেও কুৰিজন আহত

অসম আৰু অৰুণাচল প্ৰদেশ চৰকাৰে সীমান্তৰ সমস্যা শান্তিপূৰ্ণ সমাধানাৰ্থে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও দুয়োখন ৰাজ্যৰ সীমা সমস্যাৰ কোনো শান্তিপূৰ্ণ সমাধানৰ আশা নাই৷ আজি পুনৰ অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ আগমনতেই ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত জয়ৰামপুৰৰ কেঁচাই খাটনিত দুয়োখন ৰাজ্যৰ সীমান্তৱত্তৰ্ী বাসিন্দাৰ মাজত চলিল প্ৰচণ্ড মল্লযুঁজ৷ ঘটনাৰ বিৱৰণি মতে, আজি পুৱা ১০ বজাত অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই জয়ৰামপুৰৰ কেঁচাই খাটনিত বিজেপি দলৰ নেতা-পালিনেতা লৈ উপস্থিত হৈ বিবদমান অঞ্চল পৰিদৰ্শন কৰে৷ পৰিদৰ্শন কৰাৰ মাজতে মন্ত্ৰী জয়ন্তমল্লই দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত মত- বিনিময় কৰি অহা বাটে উভতি যায়৷ মন্ত্ৰী জয়ন্তমল্ল উভতি যোৱাৰ কিছুসময় পাছতে অসম আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৱত্তৰ্ী একাংশ লোকৰ মাজত বাক্‌-বিতাণ্ডাৰ উদ্ভৱ হয় আৰু উক্ত বাক্‌-বিতণ্ডাই হিংসা ৰূপ ধাৰণ কৰে৷ হাতে হাতে দা, যাঠি, জোং লৈ প্ৰথমে একাংশ অৰুণাচলীয়ে অসমৰ বাসিন্দাসকলক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে৷ অসমৰ বাসিন্দাসকলেও অৰুণাচলীক প্ৰত্যাক্ৰমণ আৰম্ভ কৰাত ঘটনাই জটিল ৰূপ ধাৰণ কৰে৷ অৱশ্যে অসম আৰক্ষীয়ে দুয়োপক্ষৰ হাতৰ পৰা অস্ত্ৰবোৰ কাঢ়ি নিজৰ জিন্মাত ৰাখিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে অস্ত্ৰবোৰ গাড়ীত তুলি থকাৰ সময়তে দুয়োপক্ষৰ মাজত পুনৰ চলে প্ৰচণ্ড মাৰপিট৷ পৰিস্থিতি অধিক অৱনতি ঘটাত অসম আৰক্ষীয়ে বল প্ৰয়োগ কৰি কোনোমতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷  প্ৰায় দহ মিনিট ধৰি চলা এই হিংসাত্মক কাৰ্যত দুয়োপক্ষৰ কুৰিৰো অধিক লোক গুৰুতৰভাৱে আহত হয়৷ বহুতৰ বুকু, মুখ, মূৰ, হাত-ভৰি বেয়াকৈ জখম হৈছে৷ আজিৰ হিংসাত্মক ঘটনাই সমগ্ৰ জয়ৰামপুৰ অঞ্চলত তীব্ৰ চেপা-উত্তেজনাৰ সৃষ্টি কৰিছে৷

সীমান্তৱৰ্তী ৰাইজৰ মতামতক সন্মান জনোৱা হ’বঃ মন্ত্ৰী অতুল বৰা

চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে বহু দশকজোৰা সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত অন্যান্য বহুবোৰ বিষয়ৰ লগতে বিবদমান অঞ্চলসমূহৰ স্থানীয় ৰাইজৰ মনোভাৱ হৃদয়ংগম কৰি এইক্ষেত্ৰত সমাধান সূত্ৰ নিৰ্ণয়ৰ বাবে আগবঢ়া হৈছে৷– শনিবাৰে ৰাজ্যৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত অসম চৰকাৰে গঠন কৰি দিয়া আঞ্চলিক সমিতিখন আৰু অৰুণাচল প্ৰদেশ চৰকাৰে গঠন কৰি দিয়া সংশ্লিষ্ট আঞ্চলিক সমিতিখনে অসমৰ ডিব্ৰুগড় জিলা আৰু অৰুণাচল প্ৰদেশৰ টিৰাপ জিলা সীমান্তৱৰ্তী বিবদমান অঞ্চলসমূহৰ লগতে দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ অন্তিম সীমা-পূৱেৰুণ ঘাট ভ্ৰমণ কৰাৰ সময়ত এইদৰে মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই৷ টিৰাপ জিলাৰ নামচাং চাহ বাগিচাত অনুষ্ঠিত এখন সভাত সীমান্তৱৰ্তী অঞ্চলটোৰ ৰাইজৰ সৈতে মত বিনিময় কৰাৰ পাছত সাংবাদিকৰ আগত মন্ত্ৰী বৰাই কয় যে, ইতিমধ্যে দুয়োখন ৰাজ্যই গঠন কৰা ১২খন আঞ্চলিক সমিতিয়ে বিবদমান অঞ্চলসমূহ চিহ্নিত কৰিছে আৰু আলাপ-আলোচনাৰ মাজেৰে শীঘ্ৰে এই সমস্যাৰ সমাধান কৰিব পৰা হ’ব৷ ঐতিহাসিক নামচাই ঘোষণা পত্ৰৰ আধাৰত সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত সীমামূৰীয়া ৰাইজৰ মতামতক সন্মান জনোৱা হ’ব বুলিও মন্ত্ৰী বৰাই উল্লেখ কৰে৷ শনিবাৰৰ দিনটোতো আঞ্চলিক সমিতিসমূহে সীমামূৰীয়া অঞ্চলসমূহ পৰিভ্ৰমণ কৰি ৰাইজৰ মতামত গ্ৰহণ কৰি আছে বুলি মন্ত্ৰী বৰাই উল্লেখ কৰে৷ চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে থকা অসমৰ বহু বছৰ পুৰণি সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তা আৰু আন্তৰিকতাপূৰ্ণ প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী বৰাই কয় যে, ইতিমধ্যে মেঘালয়ৰ সৈতে সীমা বিবাদ মীমাংসাৰ ক্ষেত্ৰত বহুখিনি সফল হোৱা হৈছে৷ মিজোৰাম আৰু নাগালেণ্ডৰ সৈতে সীমা সমস্যা নিষ্পত্তিৰ ক্ষেত্ৰত আলোচনা চলি থকাৰ লগতে অৰুণাচল প্ৰদেশৰ সৈতে হোৱা বিভিন্ন পৰ্যায়ৰ আলোচনাক ইতিবাচক বুলিও মন্ত্ৰী বৰাই উল্লেখ কৰে৷ অসম চৰকাৰে গঠন কৰি দিয়া আঞ্চলিক সমিতিসমূহে তেওঁলোকৰ প্ৰতিবেদন ১৫ ছেপ্তেম্বৰৰ ভিতৰত মুখ্যমন্ত্ৰীৰ ওচৰত দাখিল কৰিব বুলিও তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰে৷ পৰিদৰ্শনকালত মন্ত্ৰী বৰাৰ অধ্যক্ষতাত গঠিত আঞ্চলিক সমিতিখনৰ সদস্য নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ, ডিব্ৰুগড় জিলাৰ অভিভাৱক সচিব অনন্ত লাল জ্ঞানী, ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, ডিব্ৰুগড় জিলাৰ উপ-আৰক্ষী অধীক্ষক, বন বিভাগ আৰু সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল উপস্থিত থাকে৷

সীমা সমস্যাৰ সমাধানৰ পথ মুকলি হ’বঃ মন্ত্ৰী কেশৱ মহন্ত

লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৰ বিবদমান অঞ্চল মইনাজুলিত আজি দিনৰ প্ৰায় ১২বজাত কেবিনেট মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হয়৷  বান্দৰদেৱাৰ সীমান্তৱতী অঞ্চলৰ সীমা সমস্যাৰ চৰজমিন তদন্তৰ বুজ ল’বলৈ আহি কেবিনেট মন্ত্ৰীজনে ৰাইজৰ উদ্দেশ্য কয় যে ‘ৰাইজৰ ভয়ৰ কোনো কাৰণ নাই৷ দুয়ো ৰাজ্যৰ জনসাধাৰণৰ মতামতসাপেক্ষে সীমা সমস্যাৰ সমাধানৰ পথ মুকলি হ’ব৷ অসমৰ ৰাইজৰ বসতিপ্ৰধান এলেকাৰ মাটি অৰুণাচলক এৰি দিয়াৰ কোনোধৰণৰ প্ৰশ্ন ইয়াত নাথাকিব৷’ এই দাবীও মন্ত্ৰীজনৰ৷ অসমৰ কেবিনেট মন্ত্ৰীজনৰ সৈতে অৰুণাচলৰ মন্ত্ৰী-বিধায়কৰ লগতে দুয়োখন ৰাজ্যৰ প্ৰশাসনিক বিষয়াসকলৰ লগত এখন বৈঠকত অংশগ্ৰহণ কৰে৷ ইয়াৰ পাছতেই কেবিনেট মন্ত্ৰীজনে সীমান্তৱতী ৰঙা ৰিজাৰ্ভ, , কাছজুলী, ফুলবাৰী, ৰামপুৰ, কিমিন, জুমি, দ্ৰোপাং আদি অঞ্চলত ভ্ৰমণ কৰি সীমা সমস্যাৰ বুজ লয়৷ লখিমপুৰ জিলা ছাত্ৰ সন্থাই কেবিনেট মন্ত্ৰী কেশৱ মহন্তক বান্দৰদেৱাৰ সীমান্তৱতী মইনাজুলিত সাক্ষাৎ কৰি অসম -অৰুণাচলৰ সীমা সমস্যাৰ সমাধানৰ দাবী জনোৱাৰ লগতে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে৷ লখিমপুৰ জিলা ছাত্ৰ সন্থাই অভিযোগত কৰা মতে, অসম আৰু অৰুণাচলৰ সীমা সমস্যা এটি দীৰ্ঘদিনীয়া সমস্যা ইয়াক স্থায়ীভাৱে সমাধান হোৱাটো সকলোৱে বিচাৰে৷ কিন্তু অতি পৰিতাপৰ বিষয় যে আজি বহুবছৰ ধৰি লখিমপুৰ জিলাখনৰ সীমান্তৱতী অঞ্চলসমূহত ব্যাপকৰূপত অৰুণাচলৰ লোকে অৰুণাচল চৰকাৰৰ সহযোগত ভয়-ভাবুকি দেখুৱাই বেদখল কৰাৰ লগতে অসমৰ সংৰক্ষিত বানাঞ্চলসমূহ ধবংস কৰি আহিছে লগতে অতি শেহতীয়াভাৱে আলোচনা হোৱাৰ পাছতো নতুন নতুন পদ্ধতিৰে অসমৰ ভূমিসমূহ দখল কৰিছে৷ এই সম্পৰ্কত লখিমপুৰ জিলা প্ৰশাসনে বিশেষ পদক্ষেপ গ্ৰহণ কৰা দৃষ্টিগোচৰ হোৱা নাই৷ লখিমপুৰ জিলাৰ ৰাজগড়, পিছলা, তাৰাজুলি, ৰঙা ৰিজাৰ্ভ, বান্দৰদেৱা, কাছজুলী, ফুলবাৰী, ৰামপুৰ, কিমিন, জুমি, দ্ৰোপাং আদি জনবসতিপূৰ্ণ অঞ্চলত আগ্ৰাসীৰূপ লৈ বেদখল কৰা দৃষ্টিগোচৰ হৈছে৷ হাৰমতি অঞ্চলত থকা গুমটো গেট পূৰ্বৰ ঠাইৰ পৰা উঠাই আনি অসমৰ ভূমিত স্থাপন কৰিলে৷ ৰামপুৰ অঞ্চলৰ সংৰক্ষিত বনাঞ্চলৰ মাজেৰে বনাঞ্চল ধবংস কৰি পথ নিৰ্মাণ কৰা দৃষ্টিগোচৰ হৈছে৷ দুলুং সংৰক্ষিত অঞ্চল চিয়া নাহৰৰ বাবে বিখ্যাত৷ উক্ত অঞ্চলত ব্যাপক বেদখল প্ৰতিদিনে কৰি থকা দৃষ্টিগোচৰ হৈছে৷ জনবসতিপূৰ্ণ, বনজ সম্পদত চহকী অসমৰ অতি মূল্যবান অঞ্চলসমূহ ৰক্ষা কৰাৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে আৰু নিশ্চুপ হৈ বহি থকা জিলা প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল’বৰ বাবে অসমৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তক স্মাৰক-পত্ৰ প্ৰদান কৰি দাবী জনাই জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত নেওগ আৰু সম্পাদক স্বৰাজ শংকৰ গগৈৰ নেতৃত্বত আছুৰ এটি সজাতি দলে৷ ইফালে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হাৰমতী আঞ্চলিক সভাপতি পৰমানন্দ দাস আৰু সম্পাদক ৰূপম শইকীয়াৰ নেতৃত্বত যোৱা এটি দলে অসম-অৰুণাচলৰ সীমা সমস্যা সমাধান আৰু অৰুণাচলীৰ অসমৰ ভূমি আগ্ৰাসন ৰোধ কৰাৰ দাবীত কেবিনেট মন্ত্ৰী কেশৱ মহন্তক স্মাৰক-পত্ৰ প্ৰদান কৰে৷

লাম্পীবাসীৰ সৈতে মত বিনিময় অনুষ্ঠান

অসম-মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে দুয়ো ৰাজ্যৰ বিষয়াপৰ্যায়ৰ পৰা আৰম্ভ কৰি নতুন দিল্লীত মুখ্যমন্ত্ৰী পৰ্যায়লৈকে অনুষ্ঠিত হোৱা বৈঠকত সম্পন্ন প্ৰথম পৰ্যায়ৰ সমাধান সূত্ৰৰ পাছতে পুনৰাই দুয়ো ৰাজ্যৰ চৰকাৰে সীমা সমস্যা সমাধানৰ দ্বিতীয় পৰ্যায়ৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ দুয়োখন ৰাজ্যই সমাধান কৰিবলৈ লোৱা এই দ্বিতীয় পৰ্যায়ৰ সীমা সমস্যা হিচাবে চিহ্নিত হোৱা সীমামূৰীয়া অঞ্চলসমূহৰ অন্যতম অঞ্চল হৈছে কামৰূপ জিলাৰ বকোৰ চিৰসেউজ লাম্পী অঞ্চল৷ উল্লেখ্য, অসম চৰকাৰে লাম্পীক লৈ গ্ৰহণ কৰিবলগীয়া পদক্ষেপৰ পূৰ্বে আজি লাম্পীত আত্মসমৰ্পণকাৰী সশস্ত্ৰ গোৰ্খা সংগঠনৰ ‘ইউনাইটেড গোৰ্খা পিপুলছ অৰ্গেনাইজেশ্যন’ৰ নেতৃবৃন্দই লাম্পীবাসীৰ সৈতে এক মতবিনিময় অনুষ্ঠানত মিলিত হয়৷ অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ অসমৰ টাৱাংখ্যাত লাম্পীৰ ওপৰত মেঘালয়ৰ কোনো দখলদাৰিত্ব মানি নোলোৱাৰ হুংকাৰেৰে আত্মসমৰ্পণকাৰী সংগঠনটোৱে এইক্ষেত্ৰত ১০ ছেপ্টম্বৰৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰীক নিজৰ স্থিতি অৱগত কৰিব বুলি লাম্পীবাসীৰ সৈতে হোৱা মত বিনিময়ত সিদ্ধান্ত গ্ৰহণ কৰে৷ লাম্পীৰ ওপৰত মেঘালয়ৰ অবৈধ অগ্ৰাসনৰ বাস্তৱ প্ৰতিচ্ছবিৰ লগতে অসমৰ ভৌগোলিক মানচিত্ৰ আৰু লাম্পী অসমৰ হিচাবে যাৱতীয় নথিও মুখ্যমন্ত্ৰীৰ ওচৰত দাঙি ধৰিব বুলিও সংগঠনটোৱে সিদ্বান্ত গ্ৰহণ কৰে৷ উল্লেখ্য, ১০ ছেপ্টেম্বৰত অসম চৰকাৰৰ কেবিনেট উপ-সমিতিৰ অধ্যক্ষ মন্ত্ৰী অতুল বৰা, বকোৰ বিধায়িকাসহ এটা সজাতি দলে  লাম্পীত উপস্থিত হৈ সীমা সমস্যাৰ চৰজমিন তদন্ত কৰি প্ৰতিবেদন যুগুত কৰাৰ কথা জানিব পৰা গৈছে৷ এনে প্ৰেক্ষাপটত লাম্পীবাসীয়ে নিজৰ অস্তিত্ব সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত ন্যায়ালয়ৰ দাৰস্থ হ’ব বুলি অসম গোৰ্খা সন্মিলনৰ কামৰূপ জিলাৰ সভাপতি অজুৰ্ন ছেত্ৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে৷ ইফালে, কালি ইউনাইটেড গোৰ্খা পিপুলছ অৰ্গেনাইজেশ্যনৰ অধ্যক্ষ সূৰুজ ঘিমিৰে লাম্পীত উপস্থিত হৈ মেঘালয়ৰ খাছীসকলে অসমৰ গোৰ্খা ৰাইজৰ ওপৰত দীৰ্ঘদিন ধৰি চলাই অহা আতিশয্য, নিৰ্যাতন সন্দৰ্ভত দুখ প্ৰকাশ কৰে৷ ইয়াৰ বাবে অধ্যক্ষজনে হুংকাৰ প্ৰদান কৰি কয় যে, অস্ত্ৰহে এৰিছোঁ, জীয়াই থকাপৰ্যন্ত নিজৰ জাতিও জন্মস্থানৰ বাবে যুঁজিবলৈ সাজু৷ গোৰ্খা জাতি শান্তিৰে জীয়াই থাকে, কিন্তু সমগ্ৰ বিশ্বতে গোৰ্খাৰ যুদ্ধৰ বাবে নাম আছে বুলিও উল্লেখ কৰে অধ্যক্ষজনে৷