Logo
image

কাশ্মীৰত আজাদ

আমাৰ অসম, ৫ ছেপ্টেম্বৰঃ সুদীৰ্ঘকাল কংগ্ৰেছ দলৰ সৈতে জড়িত থাকি কেইটামান দিন পূৰ্বে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰা জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্ষীয়ান ৰাজনীতিবিদ গোলাম নবী আজাদে দেওবাৰে জন্মুত এখন ৰাজনৈতিক সভাত ভাগ লয়৷ কংগ্ৰেছৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত থকা গোলাম নবী আজাদে কংগ্ৰেছ দলৰ নেতৃত্বৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি এসপ্তাহ পূৰ্বে দলৰ সভানেত্ৰী ছোনিয়া গান্ধীলৈ ৫ পৃষ্ঠাৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল৷ কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পাছত দেওবাৰে প্ৰথমখন ৰাজনৈতিক সভাত অংশ লোৱা গোলাম নবী আজাদক জম্মু বিমানবন্দৰত হাজাৰ হাজাৰ জনতাই উষ্ম আদৰণি জনাই সভাস্থলীলৈ বিশাল শোভাযাত্ৰাৰে আগবঢ়াই লৈ যায়৷ উল্লেখ্য, কংগ্ৰেছ ত্যাগ কৰাৰ মাত্ৰ এসপ্তাহৰ পাছতেই গোলাম নবী আজাদে জম্মু আৰু কাশ্মীৰত নিজৰ এক নতুন ৰাজনৈতিক দলৰ পাতনি মেলিবলৈ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে৷ দেওবাৰে ৰাজনৈতিক সভাত আজাদে নিজ দল গঠনৰ বিষয়ে ঘোষণা কৰি কয় যে আগন্তুক জম্মু আৰু কাশ্মীৰৰ নিৰ্বাচনত ইয়াৰ প্ৰথম গোটটো আৰম্ভ কৰা হ’ব৷ দলটোৰ মুখ্য লক্ষ্য হ’ব– জম্মু-কাশ্মীৰৰ ৰাজ্যিকতা পুনৰুদ্ধাৰ কৰা, ইয়াৰ বাসিন্দাসকলৰ মাটি আৰু চাকৰিৰ অধিকাৰ সুৰক্ষিত কৰা আৰু কাশ্মীৰী পণ্ডিতসকলৰ প্ৰত্যাৱৰ্তন আৰু পুনৰ্বাসন৷ জম্মুৰ উপকণ্ঠ অঞ্চলৰ সৈনিক কলনীত দেওবাৰে অনুষ্ঠিত সভাত ভাষণ দি প্ৰবীণ নেতাজনে জম্মু-কাশ্মীৰৰ জনসাধাৰণ আৰু নেতাসকলৰ লগত আলোচনা কৰি নিজৰ নতুন দলৰ নাম ঘোষণা কৰিব বুলি কয়৷ উল্লেখ্য, আজাদে প্ৰায় পাঁচ দশকজোৰা সম্পৰ্কৰ অন্ত পেলাই কংগ্ৰেছ দল ত্যাগ কৰাৰ ফলত দলটোৰ জম্মু আৰু কাশ্মীৰ গোটৰ পৰা অন্য বহু কংগ্ৰেছ নেতাই ব্যাপক দলত্যাগ কৰিছিল৷ পদত্যাগৰ পাছত প্ৰবীণ নেতাজনে ৰাহুল গান্ধীৰ বিৰুদ্ধে ‘শিশুসুলভ আচৰণ’ আৰু অপৰিপক্কতাৰ অভিযোগ উত্থাপন কৰিছিল৷