Logo
image

সোণোৱালৰ গুৱাহাটীত পদাৰ্পণ, ফৰিং ছিটিকা দিলে সতীৰ্থই! পদ্মভৱনো সেমেকা

আজি মাছখোৱাত ‘সম্বৰ্ধনা’

আমাৰ অসম, ৫ ছেপ্টেম্বৰঃ পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰিয়ে দেওবাৰে বিয়লি নতুন দিল্লীৰ পৰা আহি গুৱাহাটীত উপস্থিত হয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ বিজেপিৰ সংসদীয়  বোৰ্ড আৰু নিৰ্বাচনী সমিতিৰ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ পাছত  সোণোৱালৰ এইটো  প্ৰথম অসম ভ্ৰমণ৷ প্ৰদেশ বিজেপিৰ তৰফৰ পৰা সোণোৱালৰ আজিৰ কাৰ্যসূচী আগতীয়াকৈ ঘোষণা কৰা হৈছিল৷ কিন্তু ৰহস্যজনকভাৱে সোণোৱালক আদৰিবলৈ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত দেখা নগ’ল দলৰ এজনো জ্যেষ্ঠ নেতাক৷ আনকি দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাও উপস্থিত নহ’ল সোণোৱালক আদৰণি জনোৱাৰ বাবে৷ কেৱল দলৰ নেতাই নহয়, অসম মন্ত্ৰীসভাৰ এজন মন্ত্ৰীকহে দেখা গ’ল বিমান বন্দৰত সোণোৱালক আদৰণি জনোৱা৷ সোণোৱালৰ অতি ঘনিষ্ঠ বুলি ৰাজনৈতিক মহলত পৰিচিত মন্ত্ৰী বিমল বড়া উপস্থিত আছিল বিমানবন্দৰত৷ মন্ত্ৰী বিমল বৰাৰ উপৰি সোণোৱালক আদৰণি জনোৱাৰ বাবে বিমান বন্দৰত প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক নৱ কুমাৰ দলে৷ গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, প্ৰদেশ বিজেপিৰ সাধাৰণ সম্পাাদক দিপ্লুৰঞ্জন শৰ্মা, উপ-সভাপতি জয়ন্ত দাস, সোণোৱাল চৰকাৰৰ তদানীন্তন আইন উপদেষ্টা শান্তনু ভৰালী আদি উপস্থিত হয়৷বিমান বন্দৰৰ পৰা সোণোৱাল পোনে পোনে যায় বিজেপিৰ নৱনিৰ্মিত ৰাজ্যিক কাৰ্যালয়লৈ৷ ৮ ছেপ্টেম্বৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই কাৰ্যালয় উদ্বোধন কৰিব৷ ইতিমধ্যে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠা এই পঞ্চতাৰকা সদৃশ ৰাজ্যিক বিজেপিৰ নৱনিৰ্মিত কাৰ্যালয়টোত সৰ্বানন্দ সোণোৱালক আদৰণি জনাবলৈ উপস্থিত হয় দলৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া৷ উল্লেখ্য, কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল বিজেপিৰ নৱনিৰ্মিত কাৰ্যালয়ত উপস্থিত হোৱাৰ বহু পাছত উপস্থিত হয় মঙলদৈৰ সাংসদ দিলীপ শইকীয়া৷ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল আজি সন্ধিয়া ৫.৩০ বজাত বিজেপিৰ নৱনিৰ্মিত ৰাজ্যিক কাৰ্যালয়ত উপস্থিত হ’ব বুলি বাজপেয়ী ভৱনৰ পৰা পূৰ্বতে ঘোষণা কৰা হৈছিল যদিও তেওঁক আদৰণি জনাবলৈ সময়মতে উপস্থিত নহ’ল দলৰ কোনো শীৰ্ষ নেতা৷ আনকি তেওঁক আদৰণি জনাবলৈ কোনো বিশেষ আয়োজনো কৰা হোৱা নাছিল ৰাজ্যিক বিজেপিৰ উক্ত কাৰ্যালয়ত৷ উল্লেখ্য, বশিষ্ঠস্থিত বিজেপিৰ নৱনিৰ্মিত কাৰ্যালয়ত সোণোৱাল উপস্থিত হোৱাৰ পাছতে তাত বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ উপস্থিত হয়৷ সোণোৱাল আজি নিশা প্ৰায় ৮ বজাত প্ৰদেশ বিজেপিৰ ৰাজ্যিক কাৰ্যালয় বাজপেয়ী ভৱনত উপস্থিত হয়৷ ইয়াত তেওঁক আদৰণি জনাবলৈ আয়োজন কৰা দলীয় সভাত উপস্থিত থাকে প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী বিমল বৰা, নন্দিতা গাৰ্লোচা,বিধায়ক নৱ কুমাৰ দলে, প্ৰদেশ বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা, প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা৷ প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা উক্ত সভাত বহু পলমকৈ উপস্থিত হয়৷  ইয়াৰ পূৰ্বে সোণোৱাল উজান বজাৰস্থিত বিজেপিৰ উত্তৰ-পূৰ্বাঞ্চলৰ নৱনিৰ্মিত কাৰ্যালয় পদ্ম ভৱনত উপস্থিত হয়৷ লক্ষণীয়ভাৱে পদ্ম ভৱনত  সেই সময়ত উপস্থিত নাছিল অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিজেপিৰ কোনো নেতা৷ দলৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাই অতি নিমাওমাও পৰিৱেশত সোণোৱালক পদ্ম ভৱনত আদৰণি জনায়৷ সোণোৱালে পদ্ম ভৱনত কিছু সময় কটাই ভৱনটো পৰিদৰ্শন কৰাৰ পাছত তেওঁ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ যায়৷ লক্ষণীয়ভাৱে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়তো দলীয় কৰ্মীৰ উপস্থিতিত আছিল  অতি সেৰেঙা৷  বাজপেয়ী ভৱনৰ পৰা সোণোৱালে গুৱাহাটীৰ বৰবাৰীস্থিত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্ৰৰ কাৰ্যালয় সুদৰ্শনালয়ত জ্যেষ্ঠ প্ৰচাৰকসকলৰ সৈতে মত-বিনিময় কৰে৷ দলীয় নেতাৰ ক্ষমতাতো  বাদেই আনকি নিজৰ দলৰ বিধায়ক কাকো দেখা নগ’ল কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ কাষত৷ স্মৰ্তব্য, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা দেওবাৰৰ দিনটো কটায় দিল্লীৰ অসম ভৱনত৷ উল্লেখ্য, সৰ্বানন্দ সোণোৱাল পূৰ্বনিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি দেওবাৰে পদাৰ্পণ কৰে যদিও পূৰ্বৰ মুখ্যমন্ত্ৰীজনৰ অধিকাংশ সতীৰ্থই ফৰিং চিটিকা দিলে৷ সোণোৱাল য’তেই গৈছে তাতেই সেমেকা আয়োজন৷

বঙাইগাঁৱত মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত ব্যস্ত মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰঞ্জিত দাস

অসমৰ ৰাইজ খিলঞ্জীয়া প্ৰৱণতৰ৷ মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ অথবা অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টী চমুকৈ আপ অসমৰ খিলঞ্জীয়া দল নহয়৷ এইবিলাক বহিঃৰাজ্যৰ দল৷ গতিকে এই দল দুটাক অসমৰ ৰাইজে গ্ৰহণ নকৰে৷ আজি অসমৰ কোনো এজনৰ সমস্যা হ’লে কলকাতাত যাব লগিব মমতা দিদিক লগ ধৰিবৰ কাৰণে৷ কিন্তু ইয়াতে ঘৰতে বহি লগ পাব মুখমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক৷ গতিকে এনে বহিৰাগত দলক অসমৰ ৰাইজে গ্ৰহণ নকৰে৷ বিজেপি হ’ল অসমৰ খিলঞ্জীয়াৰ দল৷ অসমৰ ৰাইজৰ আবেগ হ’ল খিলঞ্জীয়াৰ প্ৰতি,  গতিকে অসমৰ ৰাইজে বিজেপি দলক যেনেকৈ আঁকোৱালি লৈছে আগন্তুক দিনতো একে অৱস্থান থাকিব ৰাইজৰ৷ এই মন্তব্য আগবঢ়াইছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে৷ বঙাইগাঁৱত শনিবাৰৰে পৰা আৰম্ভ হোৱা ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ দ্বিতীয় ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত এই মন্তব্য আগবঢ়ায়, লগতে কয় অসমৰ ধুবুৰী, বৰপেটা, গোৱালপাৰা, হাইলাকান্দি আৰু মৰিগাঁও জিলাত পূৰ্বে কংগ্ৰেছ আৰু এআইইউডিএফ দুয়োটা দলৰেই স্থিতি আছিল যদিও শেহতীয়াকৈ এই জিলাসমূহত পঞ্চায়ত নিৰ্বাচনত বিজেপি দলৰ মূল প্ৰতিদ্বন্দ্বিতা হৈছে এআইইউডিএফ দলৰ লগত৷  কংগ্ৰেছৰ অস্তিত্ব থকা এই জিলাবোৰতো নাই এতিয়া কোনো অস্তিত্ব৷ গতিকে ৰাজ্যখনত এতিয়া কংগ্ৰেছ কোনো ফেক্টৰ নহয়৷ অৱশ্যে এইবোৰ অঞ্চলত যদি যদি পূৰ্বে বিজেপি দলক আস্থাত লোৱা নাছিল৷ এইবাৰ যদি আস্থাত লয় তেনেহ’লে বিজেপি আৰু অধিক শক্তিশালী হ’ব৷ ইপিনে এই কাৰ্যসূচীত বিজেপি দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই অংশগ্ৰহণ কৰি কয় যে কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত সম্পৰ্ক গঢ়োঁতেই সময় নালাগে আকৌ ডিৰ্ভচ দিওঁতেও বেছি সময় নালাগে৷ এই কাৰ্যনিৰ্বাহক সভাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অংশগ্ৰহণ কৰি সংবাদ মাধ্যমক জনায় যে আগন্তুক লোকসভা নিৰ্বাচনত কোকৰাঝাৰ আৰু বৰপেটা লোকসভাৰ আসন দুখন জয়লাভৰ কাৰণে বিজেপি দলে প্ৰচেষ্টা লৈছে আৰু যাৰ বাবে মহিলা মৰ্চাৰ এই কাৰ্যনিৰ্বাহক সভাখন বঙাইগাঁৱতে অনুষ্ঠিত কৰা হয়৷ ভাৰতীয় তেল নিগমৰ অধীনত বঙাইগাঁও শোধনাগাৰৰ শোধন ক্ষমতা বৃদ্ধি কৰা হ’ব বুলিও জনায় কেন্দ্ৰীয় মন্ত্ৰীজনে৷ বঙাইগাঁও শোধনাগাৰ সম্প্ৰসাৰণ কৰাৰ বাবে ১২০০ বিঘা মাটিৰ প্ৰয়োজন হ’ব বুলিও জনায় তেওঁ৷ এই বিষয়লৈ আজি বঙাইগাঁও আৰু চিৰাং জিলা উপায়ুক্তৰ সৈতে এক সভাত মিলিত হোৱা বুলিও জনায় মন্ত্ৰীজনে৷ উল্লেখ্য যে, কালিৰে পৰা বঙাইগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা মহিলা মৰ্চাৰ এই কাৰ্যনিৰ্বাহক সভাখনৰ আজি সামৰণি পৰে৷