Logo
image

বাংলাদেশৰ হিন্দুক অভয় দি আজি ভাৰতত হাছিনা

মোদীৰ আমন্ত্ৰণত চফৰ

৭ চুক্তিৰ সম্ভাৱনা

আমাৰ অসম, ৫ ছেপ্টেম্বৰঃ সোমবাৰৰ পৰা বহু প্ৰত্যাশিত আৰু বহু আকাংক্ষিত চাৰিদিনীয়া ভাৰত ভ্ৰমণৰ পূৰ্বে দেশৰ সংখ্যালঘু অৰ্থাৎ হিন্দু নাগৰিকৰ শিৰত চৰকাৰৰ আশীৰ্বাদ আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই৷ আসন্ন ভাৰত ভ্ৰমণৰ পূৰ্বে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হাছিনাই সংবাদ সংস্থা এএনআইক এটা দীঘলীয়া আৰু গুৰুত্বপূৰ্ণ সাক্ষাৎকাৰ দিয়ে, য’ত তেওঁ উভয় দেশৰ মৈত্ৰীৰ সম্পৰ্কৰ বিষয়ে বৰ্ণনা কৰাৰ লগতে বাংলাদেশত হিন্দুসকল নিৰাপদেই বাস কৰি আছে বুলি মন্তব্য কৰে৷ তেওঁ কয় যে সংখ্যালঘুৰ ওপৰত কোনো অত্যাচাৰৰ ঘটনা ঘটিলে তেওঁৰ দল আৰু চৰকাৰে দ্ৰুতভাৱে পদক্ষেপ গ্ৰহণ কৰে৷ সেয়ে বাংলাদেশত সংখ্যালঘু হৈয়ো হিন্দুসকল নিশ্চিন্তভাৱে থাকিব পাৰে৷ সাম্প্ৰতিক অতীতত দেশখনত হিন্দুৰ ওপৰত অত্যাচাৰ বৃদ্ধি পোৱা বুলি উল্লেখ কৰাত শ্বেখ হাছিনাই কয়– ‘প্ৰতিখন দেশেই এনে বিষয়ত মহানুভৱতা আৰু মানৱীয়তা প্ৰদৰ্শন কৰা উচিত৷ বাংলাদেশ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ৷ ইয়াত বিভিন্ন ধৰ্মৰ মানুহে বাস কৰে৷ দেশখনত সাম্প্ৰদায়িক সম্প্ৰীতি আছে কিন্তু তাৰ মাজতো অনভিপ্ৰেত দুই এটা ঘটনা সংঘটিত হয়৷ তেনে ঘটনা সংঘটিত হোৱাৰ লগে লগে আমাৰ দল আৰু চৰকাৰে দ্ৰুতভাৱে পদক্ষেপ গ্ৰহণ কৰে৷ সেয়ে মই সংখ্যালঘু নাগৰিকসকলক বাংলাদেশত নিশ্চিন্তভাৱে থাকিবলৈ অনুৰোধ জনালো৷’ আৱামী লীগৰ নেত্ৰী তথা বাংলাদেশৰ জন্মদাতা শ্বেখ মুজিবৰ কন্যা হাছিনাই স্বীকাৰ কৰে যে আন পাঁচখন দেশৰ দৰে  বাংলাদেশতো উগ্ৰপন্থী কাৰ্যকলাপ আছে৷ তেনে সমস্যা ভাৰততো আছে বুলি তেওঁ উল্লেখ কৰে৷ ইয়াৰ মাজতো তেওঁ সংখ্যালঘু অৰ্থাৎ হিন্দুসকলৰ প্ৰতি নিৰ্ভয় বাৰ্তা দি কয়– ‘আমি যেতিয়াৰ পৰা ক্ষমতাত আছোঁ, তেতিয়াৰ পৰা দেশৰ সংখ্যালঘুসকলক কৈ আহিছো, আপোনালোকে নিজৰ দেশতে বাস কৰি আছে৷ সেয়ে আপোনালোকে নিজকে দুৰ্বল বুলি ভবাৰ কোনো কাৰণ নাই৷’

প্ৰসংগতঃ উল্লেখযোগ্য দুবছৰৰ পূৰ্বে বাংলাদেশত হিন্দুৰ ওপৰত একেৰাহে নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছিল৷ তাৰ পাছত ক’ভিডকাল শেষ নোহোৱালৈকে তেনে কোনো চিন্তনীয় ঘটনা সংঘটিত হোৱা নাছিল৷ কিন্তু যোৱা ১৫ জুলাইত বাংলাদেশৰ নড়াইলৰ সাহাপাড়া অঞ্চলত এদল দুষ্কৃতিকাৰীয়ে হিন্দু ধৰ্মাৱলম্বীৰ ঘৰ-দুৱাৰ জ্বলাই দিয়ে৷ তাৰ পাছত উপৰ্যুপৰি হিন্দুৰ ওপৰত আক্ৰমণ সংঘটিত হয়৷ ফেচবুকত এজন হিন্দু ধৰ্মাৱলম্বীয়ে ইছলাম ধৰ্মক অপমান কৰা বুলি উৰা বাতৰি প্ৰচাৰ হোৱাৰ পাছত এই সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হয়৷ এনে ক্ষেত্ৰত বাংলাদেশ সদায়েই স্পৰ্শকাতৰ৷ পিছে হাছিনা চৰকাৰে সেই ঘটনা কঠোৰ হাতেৰে দমন কৰে৷ উল্লেখ কৰিব পাৰি শেহতীয়া লোকপিয়ল অনুসৰি বাংলাদেশত হিন্দুৰ সংখ্যা ১৩.৫ শতাংশৰ পৰা হ্ৰাস পাই ৮.৫ শতাংশ হৈছে৷ এই বিষয়টোত বাংলাদেশৰ লগতে ভাৰতৰো হিন্দু সংগঠনবোৰে উদ্বিগ্নতা প্ৰকাশ কৰিছে৷ স্বাভাৱিকতে সেই বিষয়টোৱে হাছিনা চৰকাৰক অস্বস্তিত ভুগিবলৈ বাধ্য কৰিছে৷ সেয়ে তেওঁ ভাৰত ভ্ৰমণৰ পূৰ্বে বাংলাদেশত থকা সংখ্যালঘু হিন্দুসকল নিৰাপদ বুলি ভাৰতলৈ এটা ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে৷ 

ভাৰত-বাংলাদেশৰ মাজত সাতখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা

চাৰিদিনীয়া ভাৰত ভ্ৰমণলৈ যোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সতীৰ্থ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড॰ এ কে আব্দুল মোমেনে এক সংবাদমেলত জনায় যে এই ভ্ৰমণকালত উভয় দেশৰ মাজত সাতখন বুজাবুজিৰ চুক্তি সম্পন্ন হোৱাৰ সম্ভাৱনা আছে৷ ইয়াৰ লগতে এতিয়ালৈকে নিষ্পত্তি নোহোৱা দ্বিপাক্ষিক একাধিক বিষয় শ্বেখ হাছিনাৰ চাৰিদিনীয়া ভ্ৰমণত নিষ্পত্তি হোৱাৰ আশা কৰিছে বাংলাদেশ চৰকাৰে৷ বৈদেশিক মন্ত্ৰীজনে কয়– ‘বাংলাদেশ-ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক বিগত কেইবছৰত যথেষ্ট উচ্ছতাত উপনীত হৈছে৷ এই সু-সম্পৰ্কৰ ফলত আমি শান্তিপূৰ্ণভাৱে স্থলসীমা আৰু জলসীমাৰ সমস্যাসমূহৰ সমাধান কৰি ঐতিহাসিক দৃষ্টান্ত স্থাপন কৰিছো৷ ইয়াৰ উপৰি অন্যান্য দ্বিপাক্ষিক বিষয়ো পাৰস্পৰিক বুজাপৰাৰ মাজেৰে সমাধান হৈছে৷ এইবাৰৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণত সাতটা বিষয়ত উভয় ৰাষ্ট্ৰৰ মাজত দ্বিপাক্ষিক বুজাবুজিৰ চুক্তি সম্পন্ন হ’ব বুলি আমি আশা কৰিছো৷’ সোমবাৰে দিল্লীত উপস্থিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰতৰ নতুন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিব৷ মাজৰ সময়ছোৱাত তেওঁৰ ব্যস্ত কাৰ্যসূচী আছে৷ শ্বেখ হাছিনাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মুখামুখি আলোচনাত মিলিত হোৱাৰ উপৰি অন্যান্য কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতেও আলোচনাত বহিব৷ তেওঁ ২০১৯ চনত শেষবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল৷ ২০২০ চনত মোদীৰ সৈতে তেওঁ ভাৰ্চুৱেল বৈঠকত ভাগ লৈছিল৷ অৱশ্যে ২০২১ চনত পশ্চিমবংগ বিধানসভাৰ নিৰ্বাচনৰ প্ৰথম ভোটদানৰ দিনটোত প্ৰধানমন্ত্ৰী মোদীয়ে বাংলাদেশ ভ্ৰমণ কৰি মটুৱা সম্প্ৰদায়ক সাক্ষাৎ কৰিছিল৷ ক’ভিড অতিমাৰীৰ মাজতে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি বিতৰ্কৰ উদ্ভৱ হৈছিল৷