Logo
image

ডিভাইডাৰত মাৰ্চিডিজৰ খুন্দা, নিহত চাইৰাছ মিস্ত্ৰী

আমাৰ অসম, ৫ ছেপ্টেম্বৰঃ টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ দেওবাৰে এক ভয়ংকৰ গাড়ী দুৰ্ঘটনাত মৃত্যু হৈছে৷ মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত দেওবাৰে বিয়লি ৩-১৫ বজাত এই মাৰাত্মক দুৰ্ঘটনাটো সংঘটিত হয়৷ আহমেদাবাদৰ পৰা মুম্বাই অভিমুখে এখন মাৰ্চিডিজ গাড়ীত আহি থকা অৱস্থাত গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজত থকা ডিভাইডাৰত খুন্দিয়াই কেইবালুটি মাৰি দূৰত পৰেগৈ৷ টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰী আৰু আন এজন আৰোহীৰ ঘটনাস্থলীতে মৃত্যু হয়৷ জিএলচি ৩০০ মডেলৰ মাৰ্চিডিজ বেঞ্জ হেট্‌চবেক গাড়ীখনত মুঠতে চাৰিজন যাত্ৰী আছিল৷ দুজন যাত্ৰী গুৰুতৰভাৱে আহত হয়৷ তেওঁলোকক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷ চাইৰাছ মিস্ত্ৰীৰ সৈতে একেলগে যাত্ৰা কৰা বাকী কেইজন ব্যক্তি হৈছে– বিনাশ্বাহ পাণ্ডোলে, অনহিতা পাণ্ডোলে আৰু ডাৰিয়াছ পাণ্ডোলে৷ ইয়াৰে বিনাশ্বাহ পাণ্ডোলেৰ চাইৰাছ মিস্ত্ৰীৰ সৈতে ঘটনাস্থলীতে মৃত্যু হৈছে৷ আনহাতে অনহিতা পাণ্ডোলে হৈছে ব্ৰীছকেণ্ডি হাস্পতালৰ এজন প্ৰখ্যাত চিকিৎসক আৰু ডাৰিয়াছ পাণ্ডোলে হৈছে জে এম ফাইনেন্সিয়েল প্ৰাইভেট ইকুইটি কোম্পানীৰ সঞ্চালক তথা চিইঅ’৷ ডাৰিয়াছ পাণ্ডোলে আৰু অনহিতা পাণ্ডোলে গুৰুতৰভাৱে আহত হোৱা বুলি পালঘড়ৰ আৰক্ষী অধীক্ষক বালাচাহেব পাটিলে প্ৰকাশ কৰিছে৷ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়ত গাড়ীখন চলাই আছিল অনহিতা পাণ্ডোলে৷ আৰক্ষী অধীক্ষক বালাচাহেব পাটিলে প্ৰকাশ কৰা অনুসৰি প্ৰাথমিক অনুসন্ধান মতে অনহিতা পাণ্ডোলেই গাড়ীখন অস্বাভাৱিক বেগত চলাই আছিল৷ অতিৰিক্ত গতিত গাড়ীখন চলাই থকাৰ সময়ত তেওঁ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা ডিভাইডাৰত খুন্দিয়াই দিয়ে৷ অনহিতা পাণ্ডোলেক সোধা-পোছা কৰিলে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি আৰক্ষী অধীক্ষকজনে মন্তব্য কৰে৷ এই দুৰ্ঘটনাত কোনো অস্বাভাৱিকতা আছে নেকি সেয়া পৰীক্ষা কৰাৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যৰ আৰক্ষীক জৰুৰী তদন্তৰ নিৰ্দেশ দিছে৷ গৃহবিভাগৰ দায়িত্বত থকা দেৱেন্দ্ৰ ফাড়নবিশে নিজেই সেই দায়িত্ব হাতত লৈছে৷ কিয়নো ঘটনাৰ  পাছত গাড়ীৰ ভিতৰতে চাইৰাছ মিস্ত্ৰীক মৃত অৱস্থাত পোৱা গৈছিল৷ মাৰ্চিডিজৰ দৰে এখন বিলাসী গাড়ী অতিশয় সুৰক্ষিত হয়৷  তেনে এখন গাড়ী দুৰ্ঘটনাগ্ৰস্ত হ’লেও আৰোহী সুৰক্ষিত হৈ থকাৰ বহু সম্ভাৱনা থাকে৷ প্ৰয়াত ভাৰতীয় ধন কুবেৰ পালোনজি ছাপুৰজিৰ কনিষ্ঠ পুত্ৰ, দেশৰ প্ৰখ্যাত উদ্যোগপতি চাইৰাছ মিস্ত্ৰীৰ এনেদৰে পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ ঘটনাক মহাৰাষ্ট্ৰ চৰকাৰে সহজভাৱে গ্ৰহণ কৰা নাই৷ দুৰ্ঘটনাৰ ক্ষেত্ৰত প্ৰাথমিকভাৱে সন্দেহজনক কোনো তথ্য পোৱা হোৱা নাই যদিও এই ঘটনাৰ পূৰ্ণ পৰ্যায়ৰ তদন্তৰ প্ৰতি আগ্ৰহী হৈছে মহাৰাষ্ট্ৰ চৰকাৰ৷ 

দুৰ্ঘটনাত নিহত হোৱা টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীয়ে মৃত্যুৰ সময়ত পত্নী আৰু দুজন পুত্ৰক এৰি থৈ গৈছে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল মুঠেই ৫৪ বছৰ৷ তেওঁৰ পৰিয়ালৰ ঘনিষ্ঠ ব্যক্তিয়ে জনোৱা মতে সম্প্ৰতি মিস্ত্ৰীৰ পৰিয়াল এটা অনুষ্ঠানত ভাগ লোৱাৰ বাবে বিদেশত আছে৷

এই ঘটনাৰ খবৰ প্ৰকাশ হোৱাৰ লগে লগে দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি একাধিক ৰাজনীতিক, উদ্যোগপতি, অনেক গণ্যমান্য ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা শোকবাৰ্তাত কৈছে– ‘চাইৰাছ মিস্ত্ৰীৰ অকাল মৃত্যুৱে মোক হতবাক কৰি তুলিছে৷ তেওঁ অতি প্ৰতিশ্ৰুতিপূৰ্ণ আৰু প্ৰতিভাৱান উদ্যোগী আছিল, যি দেশৰ অৰ্থনৈতিক শক্তিৰ ওপৰত বিশ্বাস ৰাখিছিল৷’ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে, উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিশ, এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰ, তেওঁৰ সাংসদ-কন্যা সুপ্ৰিয়া ছুলে আদিয়ে শোকপ্ৰকাশ কৰিছে৷ টাটা চন্সৰ সাম্প্ৰতিক অধ্যক্ষ এন চন্দ্ৰশেখৰণে এটা শোকবাৰ্তাত চাইৰাছ মিস্ত্ৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আৰু এই বিপদৰ সময়ত তেওঁলোক মিস্ত্ৰীৰ পৰিয়ালৰ কাষত থাকিব বুলি প্ৰতিশ্ৰুতি দিছে৷

ৰতন টাটাই তেওঁৰ বাঢ়ি অহা বয়সৰ বাবে যেতিয়া টাটা গোষ্ঠীৰ অধ্যক্ষ পদ এৰিছিল, তেতিয়াই চাইৰাছ মিস্ত্ৰীক টাটা গোষ্ঠীৰ উত্তৰাধিকাৰী হিচাপে চিহ্নিত কৰি টাটা চন্সৰ অধ্যক্ষৰ পদত অধিষ্ঠিত কৰিছিল৷ সেয়া আছিল ২০১২ চনৰ কথা৷ কিন্তু অধ্যক্ষ পদৰ পৰা আঁতৰি গ’লেও তেতিয়াও ৰতন টাটাই উপদেষ্টা হিচাপে থাকি টাটা গোষ্ঠীৰ সকলো কাৰ্যকলাপ সূক্ষ্মভাৱে লক্ষ্য কৰি আছিল৷ চাইৰাছ মিস্ত্ৰীৰ  টাটা চন্সৰ অধ্যক্ষ হিচাপে হাতত লোৱা কাম-কাজ তেওঁৰ আৰু সামগ্ৰিকভাৱে টাটা গোষ্ঠীৰ ব’ৰ্ড অৱ ডাইৰেক্টটৰ্ছৰ পছন্দ হোৱা নাছিল৷ চাৰি বছৰৰ পাছত ২০১৬ চনত হঠাতে টাটা গোষ্ঠীৰ ব’ৰ্ড অৱ ডাইৰেক্টৰ্ছে তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ কৰি চাইৰাছ মিস্ত্ৰীক অধ্যক্ষ পদৰ পৰা  অপসাৰণ কৰে৷ দেশৰ উদ্যোগ জগত কঁপি যোৱা সিদ্ধান্ত আছিল সেয়া৷ এক অৰ্থত চাইৰাছ মিস্ত্ৰীৰ অপসাৰণক দেশৰ উদ্যোগ ক্ষেত্ৰৰ বৃহত্তম অভ্যুত্থান বুলি কোৱা হৈছিল৷ তেওঁক যে অধ্যক্ষৰ পদৰ পৰা এনেদৰে আচম্বিতে অপসাৰণ কৰিব সেয়া চাইৰাছ মিস্ত্ৰীয়ে নিজেও ভবা নাছিল, যিদৰে নভবাকৈয়ে লাভ কৰিছিল টাটা গোষ্ঠীৰ বিশাল সাম্ৰাজ্যৰ উত্তৰাধিকাৰ৷ পিছে আচম্বিতে লাভ কৰাৰ দৰে হঠাতে নোহোৱা হৈ পৰিছিল তেওঁৰ টাটা গোষ্ঠীৰ ওপৰত থকা আধিপত্য৷ চাইৰাছ মিস্ত্ৰী আছিল ছাপুৰজি-পালোনজি গোষ্ঠীৰ সন্তান আৰু সেই ব্যৱসায়ী গোষ্ঠীৰ প্ৰতিনিধি৷ ৰতন টাটা আৰু কোম্পানীৰ অভিজ্ঞ ব্যক্তিয়ে তেওঁক ছাপুৰজি-পালোনজি গোষ্ঠীৰ পৰা আনি টাটা চন্সৰ শীৰ্ষত অধিষ্ঠিত কৰিছিল কেৱল দেশজুৰি আৰু বছৰ বছৰ ধৰি বিস্তৃত হৈ থকা টাটাৰ সাম্ৰাজ্যখন সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত৷ কিন্তু দায়িত্ব লাভ কৰাৰ কিছুদিনৰ পাছতে চাইৰাছ মিস্ত্ৰীৰ ক্ষমতাই মূৰত ধৰে আৰু তেওঁ একনায়কত্ববাদী মনোভাৱেৰে কোম্পানীটো পৰিচালনা কৰিবলৈ আৰম্ভ কৰে৷ চাইৰাছ মিস্ত্ৰীয়ে একক সিদ্ধান্তৰে  টাটাৰ লোকচান ভৰি থকা কেইবাটাও কোম্পানী বন্ধ কৰিবলৈ সিদ্ধান্ত লয়৷ অথচ কোম্পানীৰ কৰ্মচাৰীসকলৰ স্বাৰ্থৰ কথা ভাবি লোকচান সত্ত্বেও ৰতন টাটাই সেই কোম্পানীসমূহ বন্ধ কৰাৰ সিদ্ধান্ত লোৱা নাছিল৷ চাইৰাছ মিস্ত্ৰীৰ তেনে কেতবোৰ বিতৰ্কিত সিদ্ধান্তই স্বয়ং ৰতন টাটাক অসন্তুষ্ট কৰি তোলে আৰু ৰতন টাটাৰ অদৃশ্য ইচ্ছাক ব’ৰ্ড অৱ ডাইৰেক্টৰ্ছে ২০১৬ চনত চাইৰাছ মিস্ত্ৰীক অপসাৰণ কৰি তেওঁৰ স্থানত ৰতন টাটাৰ স্নেহধন্য নটৰাজন চন্দ্ৰশেখৰণক অধিষ্ঠিত কৰে৷ এই সিদ্ধান্তৰ বিৰুদ্ধে চাইৰাছ মিস্ত্ৰীয়ে উচ্ছতম ন্যায়ালয়ত গোচৰ তৰিছিল৷ সেই গোচৰৰ এতিয়াও নিষ্পত্তি হোৱা নাই৷