Logo
image

অৰুণাচল সীমান্তত উত্তেজনা, পুনৰ মন্ত্ৰী জয়ন্ত ঘেৰাও

আমাৰ অসম, ৫ ছেপ্টেম্বৰঃ অসমৰ ভূমি অৰুণাচল প্ৰদেশক এৰি নিদিয়াৰ হুংকাৰ দিছে ধেমাজি জিলাৰ সীমান্তবাসীয়ে৷ আজি অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে ধৰি দুয়োখন ৰাজ্যৰ মন্ত্ৰী আৰু উচ্ছ পদস্থ প্ৰশাসনিক বিষয়াৰ এটা দলে সীমান্ত পৰিদৰ্শন কৰিবলৈ যোৱাৰ সময়ত ধেমাজি জিলাৰ চিলাপথাৰৰ লিকাবালিত ৰাইজে দলটোক ঘেৰাও কৰি এই হুংকাৰ দিয়ে৷ সীমান্তবাসী অসমীয়াই অসমৰ মাটি অৰুণাচলক এৰি নিদিয়াৰ শ্লোগানৰে উত্তাল কৰি তোলে৷ একেদৰে জিলাখনৰ ডিমৌ, দিপা অঞ্চলৰ অসমীয়া ৰাইজেও অসমৰ ভূমি অৰুণাচলক এৰি দিয়া নহ’ব বুলি দলটোক স্পষ্ট কৰি দিয়ে৷ এই দলটোত অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ লগতে ধেমাজি জিলাৰ উপায়ুক্ত অসীম ভট্টাচাৰ্য, আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা, অতিৰিক্ত উপায়ুক্ত [ৰাজহ] উৎপল দলে, যাদৱ পেগু, ধেমাজি সংমণ্ডলৰ বন প্ৰাধিকাৰী ৰোহিণী দাস, অৰুণাচল প্ৰদেশ চৰকাৰৰ উদ্যোগ মন্ত্ৰী নমকে বাগ্ৰা, অৰুণাচল প্ৰদেশৰ নামনি চিয়াং জিলাৰ উপায়ুক্ত মাৰ্তু ৰিবা প্ৰমুখ্যে বিষয়াসকল উপস্থিত থাকে৷ উল্লেখ্য, আজি পুৱা দলটোৱে লিকাবালি পৰিদৰ্শন কৰাৰ পাছতে ডিমৌ, দিপা অঞ্চলত উপস্থিত হয়৷ ডিমৌৰ পালে গাঁৱত এখন ৰাজহুৱা সভাত উপস্থিত থাকি অসম আৰু অৰুণাচল প্ৰদেশ চৰকাৰ-প্ৰশাসনৰ প্ৰতিনিধি দলটোৱে ৰাইজৰ মতামত গ্ৰহণ কৰে৷ ৰাজহুৱা সভাত অসমৰ ডিমৌ অঞ্চলৰ হৈ টিএমপিকে, আগছু, আছুৰ ডিমৌ আঞ্চলিক সমিতিয়ে ডিমৌৰ অঞ্চলৰ নতুন সীমান্ত, ডিমৌ পালে আদি পথাৰ, দিপা ন-নাৰী পথাৰ গাঁও সমূহৰ ভূমি কোনোপধ্যে অৰুণাচলক এৰি নিদিয়াৰ দাবীৰে জোনাইৰ বিধায়কৰ জৰিয়তে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক এখন আৱেদন প্ৰদান কৰে৷ আনহাতে অৰুণাচল প্ৰদেশৰ ডিমৌৰ পালে গাঁৱৰ ৰাইজৰ হৈ এখন আৱেদন মন্ত্ৰীজনক প্ৰদান কৰে৷ ৰাইজৰ মতামত আৰু আৱেদন গ্ৰহণ কৰি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় যে দীৰ্ঘদিনীয়া অসম অৰুণাচল প্ৰদেশৰ সীমা সমস্যাৰ ওৰ পেলাবলৈ দুয়োখন চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে৷ দুয়োখন ৰাজ্যৰ স্থানীয় ৰাইজৰ মতামত তথা সহযোগত এই বহুদিনীয়া সমস্যাৰ সমাধান সম্ভৱ কৰিবলৈ চিন্তা কৰা হৈছে বুলিত মন্ত্ৰীজনে উল্লেখ কৰে৷ অৱশ্যে আন্তঃৰাজ্যিক সীমা নিৰ্ধাৰণ কৰাটো কেন্দ্ৰীয় চৰকাৰৰ বিষয় বুলি কৈ তেওঁ দুয়োখন ৰাজ্যৰ পৰামৰ্শসমূহ কেন্দ্ৰীয় চৰকাৰক অৱগত কৰোৱাব পাৰি বুলি কয়৷ লগতে স্থানীয় ৰাইজে সদায় শান্তি বিচাৰে আৰু সমিলমিলৰ মাজত সমস্যাৰ সমাধান পোৱাটো কামনা কৰে বুলি মত ব্যক্ত কৰি সোনকালে এই সীমা বিবাদৰ এটা স্থায়ী সমাধান ওলাব বুলিও মন্ত্ৰী বৰুৱাই আশা প্ৰকাশ কৰে৷ আজিৰ কাৰ্যসূচীত মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী, সাধাৰণ সদস্য প্ৰতাপ টায়ে, ববীকান্ত পেগু, ৰাতিৰাম বসুমতাৰী, চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ শচীন দলেকে প্ৰমুখ্যে কৰি বহু সংখ্যক নেতৃস্থানীয় ব্যক্তি উপস্থিত থাকে৷

ৰঙা সংৰক্ষিত বনাঞ্চলত অসমীয়া যুৱ মঞ্চৰ অৰ্ধ উলংগ প্ৰতিবাদ

অৰুণাচল প্ৰশাসনে অসমৰ ভূমিত শনিবাৰে অবৈধভাৱে তম্বু স্থাপন কৰাক লৈ আজি সৰৱ হৈ পৰে অসমীয়া যুৱ মঞ্চ নামৰ সংগঠনটো৷  সংগঠনটোৱে আজি বিয়লি অসম-অৰুণাচল সীমান্তৱৰ্তী লখিমপুৰ জিলাৰ নাওবৈচাৰ ভিতৰিপামৰ শুকান নদীৰ বক্ষত নামি অৰ্ধ উলংগ হৈ অসমৰ এক ইঞ্চি মাটিও অৰুণাচলক এৰি দিয়া নহ’ব বুলি হুংকাৰ দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ অসমৰ এক ইঞ্চি মাটিতো হাত নিদিবলৈ অৰুণাচলী লোকক সকীয়াই দিয়ে অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় নেতা অনুপম শইকীয়াই৷ প্ৰয়োজন অনুসৰি অসমীয়া যুৱ মঞ্চই হাতত হেংদাং লৈয়ো অৰুণাচলীক খেদিবলৈ সাজু আছোঁ বুলি হুংকাৰ দিয়ে৷ উল্লেখ্য যে, নাওবৈচা সীমান্তৱৰ্তী অসমৰ ভূমিত অৰুণাচলী লোকে আগ্ৰাসন চলাই স্থানীয় লোকক দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই আহিছে৷ শেহতীয়াকৈ অৰুণাচলী একাংশ দুৰ্বৃত্তই ঐতিহাসিক ৰাজগড় আলিলৈকে অৰুণাচলৰ ভূমি বুলি দাবী জনায় পোষ্টাৰিং কৰাৰ লগতে কালি অসম চৰকাৰৰ মন্ত্ৰীক বিপথে পৰিচালিত কৰাৰ বাবে অসমৰ ভূমিত তম্বু স্থাপন কৰি সেই ভূমি অৰুণাচলৰ  বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰা বিষয়টোক সংগঠনটোৱে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে৷ অৰুণাচলী লোকৰ আগ্ৰাসনৰ বিৰুদ্ধে স্থানীয় বিধায়ক ভৰত নৰহে কোনো গুৰুত্ব প্ৰদান নকৰা বিষয়টোও গৰিহণাযোগ্য বুলি উল্লেখ কৰি বিধায়কজন অনাগত সময়ত তীব্ৰ গণৰোষৰ সন্মুখীন হ’বলৈ সাজু থাকিবলৈ সংগঠনটোৱে সকীয়াই দিয়ে৷