Logo
image

ছটফটাই বাগৰি পৰিল হনুমান, দৰ্শকৰ হাত চাপৰি

আমাৰ অসম, ৫ ছেপ্টেম্বৰঃ সমগ্ৰ দৰ্শকৰ হাততালিৰ মাজত হনুমানে যি অভিনয় কৰিছিল সেয়া সকলোৱে সঁচা আৰু সুন্দৰ অভিনয় বুলি ভাবি উপভোগ কৰিছিল৷ সন্মুখৰ শাৰীৰ দৰ্শক আপ্লুত হৈছিল ঘাইকৈ হনুমানৰ অনবদ্য অভিনয়ত৷ যিদৰে হনুমানে অভিনয়ৰ মাজতে হঠাতে বহি পৰি চটফটাই মৃত্যুৰ ভাও জুৰিছিল তাত কোনো অস্বাভাৱিকতা দেখা নাছিল দৰ্শকে৷ নিখুঁত অভিনয় দেখি সেয়ে সকলোৱেই হাততালিৰে গিৰ্জনি তুলিছিল৷ কোনেও ভাবিবই পৰা নাছিল সেয়া অভিনয় নহয়, সঁচা ঘটনাহে৷ সেয়ে চটফটাই থাকি মৃত্যুমুখে গতি কৰা হনুমানক কোনেও ৰক্ষা কৰিবলৈ আগবাঢ়ি অহা নাছিল আৰু তেনেদৰেই অসহায়ভাৱে মৃত্যুবৰণ কৰিছিল হনুমানে৷ 

এই শোকাৱহ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মঈনপুৰীত শনিবাৰে৷ স্থানীয় কোতৱালী থানাৰ অধীনত থকা এটা শিৱ মন্দিৰত গণেশ চতুৰ্থী উপলক্ষে  ভাওনা আয়োজন কৰা হৈছিল৷ মুলতঃ হনুমানক লৈয়েই আয়োজিত হৈছিল এই ভাওনা৷ হনুমানৰ চৰিত্ৰত অভিনয় কৰিছিল ৰবি শৰ্মা নামৰ এজন ব্যক্তিয়ে৷ তেওঁৰ অভিনয় অতি সুন্দৰ আৰু স্বাভাৱিক আছিল৷ দৰ্শকৰ হাততালিৰ মাজত সুন্দৰ অভিনয় কৰি থকা অৱস্থাত হঠাতে তেওঁ হাতেৰে ভেজা দি মাটিত বহি পৰে৷ ঢলংপলঙকৈ কেইটামান খোজ দি মাটিত বহি  হঠাতে তললৈ মূৰ দি শুই পৰে হনুমানৰ অভিনয় কৰা ৰবি শৰ্মাই৷ দৰ্শকৰ ধাৰণা আছিল সেই অভিনয়ো ভাওনাৰে এক অংশ৷ হনুমানে সম্ভৱতঃ মৃত্যুৰ ভাও দিছে৷ হনুমানৰূপী ৰবি শৰ্মাই মাটিত শুই পৰাৰ পাছত দীৰ্ঘসময় কঁপি আছিল৷ এবাৰ তেওঁ আপ্ৰাণ চেষ্টা কৰি উঠি বহিব খুজিছিল৷ কিন্তু বহিব নোৱাৰি তেওঁ পুনৰ শুই পৰে আৰু কঁপিবলৈ ধৰে৷ সকলো দৰ্শকেই সেয়া নিখুঁত অভিনয় বুলি ভাবি হাততালিৰে গিৰ্জনি তোলে৷ পিছে হনুমান নিথৰ হৈ যোৱা দেখি ওচৰতে থকা এগৰাকী মহিলা দৰ্শকে সন্দেহবশতঃ তেওঁক ঠেলি দিয়ে৷ পিছে তেতিয়াও লৰচৰ নোহোৱাত উদ্যোক্তাৰ সন্দেহ হয় আৰু তেওঁক তুলিবলৈ যত্ন কৰে৷ তেতিয়া তেওঁৰ নিথৰ দেহ দেখি কাৰো বুজিবলৈ বাকী নাছিল যে হনুমানৰ মৃত্যু ঘটিছে, সেয়া অভিনয় নহয়৷ জানিব পৰা মতে অভিনয় কৰি থকা অৱস্থাতে হূদৰোগত আক্ৰান্ত হ’ল হনুমানৰূপী ৰবি শৰ্মা৷ সম্ভৱতঃ তেওঁ নিজেও হাৰ্ট এটেক হোৱা বুলি বুজিব পৰা নাছিল৷ কিন্তু অসহ্য বেদনা হোৱাত তেওঁ অভিনয় এৰি বহি পৰিছিল আৰু বহি থাকিব নোৱাৰি তললৈ মূৰ কৰি শুই গৈছিল৷ হনুমানৰূপী ৰবি শৰ্মাৰ দুৰ্ভাগ্য এয়ে যে তেওঁৰ সেই যন্ত্ৰণাত সকলোৱে অভিনয় হিচাপে ভাবিয়েই প্ৰশংসা কৰিবলৈ ধৰিছিল৷ শুশ্ৰূষা কৰাৰ প্ৰশ্নই নুঠিল৷ কিয়নো দৰ্শক আৰু উদ্যোক্তা সকলোৱে তেওঁক কঁপি কঁপি নিস্তেজ হৈ পৰা দেখিলেও সেয়া অভিনয় বুলিয়ে ভাবিছিল৷  সেই ঘটনাৰ ভিডিঅ’ ইতিমধ্যে দেশজুৰি ভাইৰেল হৈ পৰিছে৷ সকলোৱে অখ্যাত অভিনেতা ৰবি শৰ্মাৰ প্ৰতি শোকবাৰ্তা প্ৰেৰণ কৰিছে আৰু তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে৷ অনেক ধৰ্মীয় ব্যক্তিয়ে ৰবি শৰ্মা পোনে পোনে স্বৰ্গলৈ যোৱা বুলিও মন্তব্য কৰিছে৷ তেওঁলোকৰ দাবী– ভগৱান ৰামৰ ভক্তৰ অভিনয় কৰি মৃত্যুৰ মুখত পৰিলেও সেই মৃত্যু অপৰাজেয়৷ পাছত চিকিৎসকে জনোৱা মতে তেওঁৰ গুৰুতৰ হাৰ্ট এটেক হয়৷  অভিনয়ৰ মাজতে হাৰ্ট এটেক হোৱাত তেওঁ কোনো চিকিৎসা সাহায্য অবিহনে মৃত্যু হয়৷ তেওঁ কাকো শাৰীৰিক বেদনাৰ কথা প্ৰকাশ কৰিব নোৱাৰাৰ বাবেই চিকিৎসা সাহায্যৰ পৰা বঞ্চিত হোৱা বুলি চিকিৎসকে উল্লেখ কৰিছে৷ অৱশ্যে সেই চিকিৎসকৰ বক্তব্য, হনুমানৰূপী ৰবি শৰ্মাৰ হাৰ্ট এটেক ইমানেই ‘মেছিভ’ আছিল যে সন্মুখত চিকিৎসক থকা হ’লেও তেওঁক চিকিৎসা সাহায্য প্ৰদান কৰিবলৈ সুযোগ নাপালেহেঁতেন৷ হাৰ্ট এটেকৰ ৩-৫ মিনিটৰ ভিতৰত তেওঁৰ মৃত্যু হোৱা বুলি চিকিৎসকে প্ৰকাশ কৰিছে৷