Logo
image

হাল্লা বোল! কংগ্ৰেছে কঁপালে দিল্লী

আমাৰ অসম, ৫ ছেপ্টেম্বৰঃ অৱশেষত আন্দোলন কৰি পথলৈ নামিল কংগ্ৰেছ৷ নিৰ্বাচনী যুদ্ধত বিজেপিক ঘটুৱাব নোৱাৰা কংগ্ৰেছে ইমান দিনে আন্দোলনেৰেও ব্যতিব্যস্ত কৰিব পৰা নাছিল ৰাজনীতিৰ ঘোৰ শত্ৰু বিজেপিক৷ সৰ্বদিশতে বিজেপিৰ হাতত পৰাভূত হৈ দেশৰ ৰাজনীতিত সম্পূৰ্ণৰূপে শলঠেকত কংগ্ৰেছ৷ অথচ যি বিজেপিৰ বিৰুদ্ধে এতিয়া কংগ্ৰেছৰ ছত্ৰভংগপ্ৰায় অৱস্থা, সেই বিজেপিৰ ৰাজনৈতিক উত্থান হৈছিল কংগ্ৰেছৰ বিৰুদ্ধে কৰা উপৰ্যুপৰি আন্দোলনৰ দ্বাৰা৷ অৱশেষত কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে আন্দোলন কৰি বিজেপিৰ অস্ত্ৰৰেই ৰাজনীতিৰ চিৰশত্ৰুক পৰাভূত কৰাৰ পৰিকল্পনা কৰিছে৷ সেই পৰিকল্পনাৰ অংশ ৰূপেই শনিবাৰে কংগ্ৰেছে নতুন দিল্লীৰ ৰামলীলা ময়দানত ‘হাল্লা বোল’ শীৰ্ষক শ্ল’গান দি বৃহৎ সমাৱেশৰ আয়োজন কৰে৷ কংগ্ৰেছে বিজেপি আৰু আৰএছএছৰ বিৰুদ্ধে দেশৰ সকলো ৰাজনৈতিক দলক একত্ৰিত হ’বলৈ আহ্বান জনায়৷ একেলগে থাকিলেহে বিজেপিক পৰাভূত কৰিব পৰা যাব বুলি শ্ল’গান দিয়ে এই সমাৱেশত৷ কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে কয় যে, বিজেপি ক্ষমতালৈ অহাৰ পাছৰ পৰা দেশত ঘৃণা আৰু হিংসাৰ ৰাজনীতি বিয়পি পৰিছে৷ এতিয়া দেশৰ সৰ্বত্ৰ ঘৃণা আৰু হিংসাৰ পৰিৱেশ৷ সেই পৰিৱেশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে সৃষ্টি কৰা বুলি ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ হাল্লা বোল ৰেলীত মন্তব্য কৰে৷ তেওঁৰ মতে দেশৰ মিডিয়া আৰু দুজন ব্যৱসায়ীৰ কৃপাত নৰেন্দ্ৰ দেশৰ প্ৰধানমন্ত্ৰী হৈ আছে৷ কংগ্ৰেছে এই সমাৱেশত দেশত অত্যাৱশ্যকীয় আৰু অন্যান্য সামগ্ৰীৰ লগতে ইন্ধনৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধেও প্ৰতিবাদ কৰে৷ কংগ্ৰেছৰ হাল্লা বোল ৰেলীৰ বিৰুদ্ধে চৰম কটাক্ষ কৰিছে বিজেপিয়ে৷ দলটোৰ নেতা সম্বিত পাত্ৰই কয়– এয়া কংগ্ৰেছৰ হাল্লা বোল ৰেলী নহয়, পৰিবাৰ বচাও ৰেলীহে৷