Logo
image

দেশতকৈ মাদ্ৰাছা ডাঙৰ নহয়!

ডিজিপিৰে সংখ্যালঘু সংগঠনৰ বৈঠক

আমাৰ অসম, ৫ ছেপ্টেম্বৰঃ যিদৰে দেশতকৈ মোমাই ডাঙৰ নহয় ঠিক সেইদৰে দেশতকৈ মাদ্ৰাছা ডাঙৰ নহয়৷ এইদৰে কয় ইছলামীক সংগঠন নডোৱাডত তামীজৰ নেতা ফৰিদ্দিন আহমেদ চৌধুৰীয়ে৷ গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আজি আয়োজন কৰা এক সংবাদ মেলত ভাগ লৈ ইছলামীক সংগঠনৰ নেতা ফৰিদ্দিন আহমেদ চৌধুৰীয়ে কয় যে অসমৰ মাদ্ৰাছা সমূহত কোনোধৰণৰ জেহাদী প্ৰশিক্ষণ দিয়া নহয়৷ জেহাদীক ধৰিবলৈ ইছলামীক চাৰিটা সংগঠনে অসম আৰক্ষীক সম্পূৰ্ণ সহায়-সহযোগীতা আগবঢ়াব বুলি উল্লেখ কৰি চৌধুৰীয়ে কয় যে মাদ্ৰাছাৰ বিল্ডিং দুৰ্বল হোৱাৰ বাবেই আৰক্ষীয়ে মাদ্ৰাছাৰ অট্টালিকা উচ্ছেদ কৰিছে৷ সংবাদ মেলত ভাগ লোৱা সদৌ অসম তনজিম মাদ্ৰাছাৰ সাধাৰণ সম্পাদক মৌলনা আব্দুল কাদিৰ কাছিমে সাংবাদিকক সম্বোধন কৰি কয় যে অসমৰ কিছুমান মাদ্ৰাছা আৰু মছজিদত জড়িত থকা ব্যক্তি ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপত লিপ্ত হৈছে৷ এই সমস্যাটো সমাধান কৰিবলৈ অসমৰ চাৰিটা বৃহৎ ইছলামীক সংগঠনে অসম আৰক্ষীক সহায় কৰিবলৈ আগবাঢ়ি আহিছে৷ অসমত থকা শতকৰা ৩০-৩৪ শতাংশ মুছলমান জনসংখ্যাৰ নগণ্য সংখ্যক লোকে এইধৰণৰ ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপত লিপ্ত হৈছে৷ অসম আৰক্ষীৰ ফালৰ পৰা সকলো মাদ্ৰাছা নিৰ্দিষ্ট নিয়ম-নীতিৰ মাজেৰে পৰিচালনা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে৷ আগন্তুক ছয়মাহৰ ভিতৰত অসমৰ সকলো মাদ্ৰাছা জৰিপ কৰা হ’ব৷ ধৰ্মৰ নামত কোনোবাই কাম কৰিব আমি মানি নলও৷ আৰক্ষীয়ে বিচৰা সহযোগীতাত আমি সমৰ্থন জনাইছোঁ৷ মাদ্ৰাছাসমূহত ধৰ্মীয় শিক্ষাৰ উপৰিও অন্যান্য কাৰিকৰী শিক্ষা, বিভিন্ন বিষয়াৰ পাঠ্যক্ৰমৰ শিক্ষা দিবলৈ আৰক্ষীয়ে পৰামৰ্শ আগবঢ়াইছে৷ অসমৰ বাহিৰৰ কোনো মানুহ মাদ্ৰাছালৈ আহিলে তেওঁৰ পুলিছ ভেৰিফিকেশ্বন কৰিবলৈ আৰক্ষীয়ে দল-সংগঠনক নিৰ্দেশ দিছে৷ কোৰাণৰ লগত, ইছলামৰ লগত সন্ত্ৰাসবাদীৰ কোনো সম্পৰ্ক নাই৷ সন্ত্ৰাসবাদীৰ নিজৰ এটা ধৰ্ম হৈছে৷ মাদ্ৰাছা বা মছজিদত বাহিৰৰ পৰা অহা লোকৰ ওপৰত ইছলামীক চাৰিটা সংগঠনে আৰক্ষীৰ সহযোগত তীক্ষ্ণ দৃষ্টি ৰাখিব৷ অপ্ৰয়োজনীয় মাদ্ৰাছাসমূহ আতৰ কৰা হ’ব৷ এইদৰে কয় ইছলামী সংগঠনৰ নেতাসকলে৷ সংবাদ মেলত অল আসাম ইছলামীক ৰিচাৰ্জ চেণ্টাৰৰ সভাপতি মুঞ্চি  মকিবৰ ৰহমান আজহাৰীকে ধৰি ভালেমান মুছলমান বুদ্ধিজীৱী উপস্থিত থাকে৷ উল্লেখ্য যে, সংবাদ মেলৰ পূৰ্বে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰ জ্যোতি মহন্তই ইছলামীক সংগঠন ক্ৰমে জমিয়ত উলেমা ই হিন্দ, আহলে হাদিজ, আহলে চুন্নত জামাত আৰু নাদুৱাতুতামিৰ এই চাৰি সংগঠনৰ নেতাৰ লগত এক বৈঠকত মিলিত হৈ জেহাদী সমস্যাৰ ওপৰত আলোচনা কৰে৷ আলোচনাৰ অন্তত ডিজিপি ভাস্কৰজ্যোতি মহন্তই এক সংবাদ মেলৰ আয়োজন কৰে৷ সংবাদ মেল সম্বোধন কৰি ডিজিপি ভাস্কৰজ্যোতি মহন্তই কয় যে অল কায়দাকে ধৰি সন্ত্ৰাসবাদী সংগঠন সমূহত অসমৰ প্ৰতি লুলুপ দৃষ্টি আছে৷ মাদ্ৰাছা সমূহক কেতবোৰ নীতি নিৰ্দেশনা আগবঢ়োৱা হৈছে৷ ইছলামীক চাৰিটা অভিভাৱক সংগঠনক পৰামৰ্শ দিয়া হৈছে৷ সংগঠনৰ নিয়মাৱলী সমূহত অতিৰিক্ত নিয়ম অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে৷ এই ক্ষেত্ৰত অসম আৰক্ষীয়ে এটা পাৰ্টেল খুলিব৷ এই পৰ্টেলত মাদ্ৰাছাসমূহৰ সঠিক তথ্য শিক্ষকসকলৰ তথ্য, দৰমহাৰ উৎস আদি সকলো বিষয় অন্তৰ্ভুক্ত কৰিব লাগিব৷ কেইজনমান মানুহ লগ লাগি ইমাম নিযুক্তি দিলেই নহ’ব৷ জমিয়তৰ অধীনত ৭৩৯খন মাদ্ৰাছাকে ধৰি অসমত প্ৰায় এক হাজাৰ মাদ্ৰাছা পঞ্জীয়ন হৈ আছে৷ দল-সংগঠনৰ প্ৰতিনিধিৰ জৰিয়তে এখন কমিটী গঠন কৰা হ’ব৷ তেওঁলোকে সকলো মাদ্ৰাছাৰ সকলো তথ্য পৰ্টেলত অন্তৰ্ভুক্ত হৈছে নে নাই তাক নিৰীক্ষণ কৰি থাকিব৷ এইদৰে কয় ডিজিপি ভাস্কৰজ্যোতি মহন্তই৷ অসমত এক সুস্থিৰ বাতাবৰণ ঘূৰি আহিব বুলি ভাস্কৰজ্যোতি মহন্তই আশা প্ৰকাশ কৰে৷

জেহাদী-বিদেশীৰ নামত অত্যাচাৰ বন্ধৰ দাবী জমিয়তৰ

‘‘ভাৰতবৰ্ষৰ স্বাধীনতা লাভৰ বহু পূৰ্বৰে পৰা হিন্দু- মুছলমানৰ মাজত এক আত্মিক সম্বন্ধ আছিল৷ ভাৰতবৰ্ষক ইংৰাজৰ কৱলৰ পৰা উদ্ধাৰ কৰাৰ বাবে সমগ্ৰ দেশব্যাপী যি স্বাধীনতা আন্দোলন হৈছিল সেই আন্দোলনত জমিয়ত উলামা- ই-হিন্দে এক মুখ্য ভূমিকা লৈ আন্দোলনত নামি পৰিছিল আৰু স্বাধীনতা আন্দোলনত শ শ উলেমাই দেশমাতৃৰ হকে প্ৰাণআহুতি দি শ্বহীদ হৈছিল৷ হিন্দু, খ্ৰীষ্টান, মুছলমান, শিখ, জৈন আদি সকলো ধৰ্মাৱলম্বীৰ লোকে পৰাধীনতাৰ শিকলি ভাঙি ওলাই অহাৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিছিল আৰু এটা সময়ত ঐক্যবদ্ধ ভাৰতীয়ৰ হাতত পৰাজিত হৈ ব্ৰিটিছে ভাৰতৰ পৰা গুচি যাবলৈ বাধ্য হৈছিল৷ সকলো জাতি-জনগোষ্ঠীৰ এক সুন্দৰ মিলনভূমি ভাৰতবৰ্ষত অটুট থকা বৈচিত্ৰ্যৰ মাজত ঐক্যৰ প্ৰতি সম্প্ৰতি ভাবুকিৰ সৃষ্টি কৰি নিৰ্দিষ্ট কিছু ৰাজনৈতিক দলে সমাজত সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাই শান্তি-সম্প্ৰীতি বিনষ্ট কৰাৰ চেষ্টা চলাইছে৷ ৰাজনৈতিক স্বাৰ্থত সমাজ জীৱনক অস্থিৰ কৰি বিকাশৰ পথত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰা হৈছে৷ এনে সংকটজনক পৰিস্থিতিত সকলো জাতি-জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধৰ এনজাৰীডাল মজবুত কৰি তুলিব লাগিব৷ তেতিয়াহে ভাৰতবৰ্ষৰ প্ৰকৃত গুণ-গৰিমা প্ৰকট হৈ থাকিব৷’ এই ভাষ্য আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ৰফিকুল ইছলামৰ৷ আজি গোসাঁইগাঁও জিলা জমিয়ত উলামা - ই- হিন্দৰ উদ্যোগত ভোমৰাবিলস্থিত ৰাজহুৱা ভৱনত অনুষ্ঠিত সদ্ভাৱনা সংসদ অনুষ্ঠানত অংশগ্ৰহণ কৰি ছাত্ৰ নেতা ৰফিকুল ইছলামে আৰু কয় যে ‘প্ৰকৃত জেহাদী যদি আছে সেইসকলক গ্ৰেপ্তাৰ কৰি শাস্তি দিয়ক৷ কিন্তু জেহাদীৰ নামত নিৰীহ লোকক হাৰাশাস্তি বন্ধ কৰিব লাগে৷ জেহাদী বুলি প্ৰমাণ হোৱা ব্যক্তিৰ আইন মতে চৰকাৰে শাস্তি দিয়ক কিন্তু মাদ্ৰাছাত জেহাদী থকা বুলি সন্দেহ কৰিয়েই মাদ্ৰাছাসমূহত উচ্ছেদ চলোৱা কাৰ্য কেতিয়াও সমীচীন নহয়৷ ৰাজনীতিৰ স্বাৰ্থত ধৰ্মীয় বিভেদৰ সৃষ্টিৰ যি চক্ৰান্ত চলিছে সেয়া সকলো ধৰ্মৰ লোকে সমিলমিলে প্ৰতিহত কৰিব লাগে৷ শান্তিৰ বাতাবৰণ অটুট ৰাখি নিজৰ কৰ্মসংস্কৃতি সুন্দৰভাৱে পালন কৰি মানৱীয় জ্ঞানৰ পৰিধিৰ মাত্ৰা উত্তৰণ ঘটাই জীৱন যাপন কৰক৷ তেতিয়াহে প্ৰকৃত মানুহৰ পৰিচয় প্ৰকট হৈ উঠিব বুলি কয় ছাত্ৰ নেতা ৰফিকুল ইছলামে৷ গোসাঁইগাঁও জিলা জমিয়তৰ সভাপতি মৌলনা গোলাম আজমৰ সভাপতিত্ব অনুষ্ঠিত সদ্ভাৱনা সংসদ অনুষ্ঠানত বঙালী জনমুক্তি বাহিনীৰ সভাপতি ৰঞ্জন সৰকাৰে কয় যে ‘১৯ ১৯ চনত সৰ্বভাৰতীয় জমিয়ত উলামা ই হিন্দৰ জন্ম হৈছিল৷ তেতিয়াৰ পৰাই দেশমাতৃৰ জটিল সন্ধিক্ষণত আগভাগ লৈ দেশৰ স্বাৰ্থত কাম কৰি আছে৷ সম্প্ৰতি দেশৰ পৰিস্থিতি দেখি বৈচিত্ৰ্যৰ মাজত ঐক্য, ঐতিহ্য সুৰক্ষিত কৰি ৰখাৰ লগতে সামাজিক ঘৃণা আৰু কঠোৰতাক প্ৰতিহত কৰাৰ প্ৰয়াস কৰিছে৷ নিজ নিজ ধৰ্মৰ গণ্ডীৰ মাজত থাকি দেশৰ তথা মানৱ জাতিৰ হিতাৰ্থে কাম কৰাটোৱে হৈছে প্ৰকৃত ধৰ্ম৷ ধৰ্মৰ নামত বিভেদকাৰ্য চলোৱাটো এজন মানুষ্যত্ব লোকৰ কাৰণে কেতিয়াও মানুহৰ পৰিচয় নহ’ব৷ সেয়ে সকলোৱে প্ৰকৃত মানৱীয় জয়গান গাই সমাজৰ কাম কৰি এখন সুস্থ সমাজ গঢ়াত মনোনিৱেশ কৰক৷ অনুষ্ঠানত সমাজকৰ্মী ৰহিতন নাৰ্জাৰীয়ে কয় যে আমাৰ প্ৰথম পৰিচয় এজন মানৱ৷ ধৰ্ম, জাতি এইবিলাক পাছৰ পৰিচয়৷ আমি একেটা ইশ্বৰৰ সৃষ্টি মানৱ সেয়ে মানৱীয় গুণেৰে কাম-কাজ কৰাৰ বাবে সকলোৱে যত্নপৰ হ’ব লাগে৷ তেতিয়াহে শান্তি বৰ্তি থাকিব আৰু দেশ-সমাজৰ উন্নয়ন হ’ব৷ অনুষ্ঠানত শ্ৰীৰামপুৰ সমষ্টিৰ এম চি এল এ সজল সিংহ উপস্থিত থাকি সকলোকে শান্তি-সম্প্ৰীতি বজাই ৰখাৰ বাবে আহ্বান জনায়৷ তেওঁ আৰু কয় ‘অহেতুক কোনো কথা-বাৰ্তাত পতিয়ন গৈ পৰিস্থিতি জটিল কৰাৰ পৰা বিৰত থকাটোৱে প্ৰকৃত মানুহৰ পৰিচয়৷’ অনুষ্ঠানত সমাজকৰ্মী নিবাৰণ বসুমতাৰীয়ে মহাপুৰুষসকলৰ মানৱীয় গুণসম্পন্ন জীৱনৰ ওপৰত আলোকপাত কৰি ভাষণ দিয়ে৷ সাপকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শিৱ প্ৰসাদ কলিতা, বিজেপিৰ যুৱ নেতা নীলেশ্বৰ ৰায় আদিকে ধৰি দেশৰ সম্প্ৰতিক পৰিস্থিতিৰ ওপৰত আলোকপাত কৰি সৰ্বশ্ৰেষ্ঠ মানুহ নামৰ মানৱীয়তা গুণৰ আধাৰ সৰোগত কৰি চলাৰ বাবে সকলোকে আহ্বান জনায়৷ সদ্ভাৱনা সংসদ অনুষ্ঠানত জমিয়তৰ বহু নেতাৰ লগতে ভালেসংখ্যক লোকৰ সমাগম ঘটে৷

মাদ্ৰাছা পৰিচালনাত চৰকাৰৰ হস্তক্ষেপ, ভাৰতীয় সংবিধানৰ উলংঘনঃ অল ইণ্ডিয়া ইমাম্‌ছ কাউঞ্চিল

অল ইণ্ডিয়া ইমামছ কাউঞ্চিলৰ ৰাষ্ট্ৰীয় সভাপতি মৌলানা আহমেদ বেগ নাদৱীয়ে তেওঁৰ এক শেহতীয়া প্ৰেছ বিবৃতিত কয় যে, উত্তৰ প্ৰদেশ আৰু অসম চৰকাৰৰ অযথা হস্তক্ষেপকাৰী নীতি দুৰ্ভাগ্যজনক তথা অতি নিন্দনীয়৷ অহেতুক বিভিন্নধৰণৰ মিছা অভিযোগ আনি মাদ্ৰাছাবোৰত অন্যায়ভাৱে আক্ৰমণ আৰু অসংবিধানিক পদ্ধতিত হস্তক্ষেপ কৰা পদক্ষেপে প্ৰমাণ কৰে যে এক বিশেষ ৰাজনৈতিক মানসিকতাৰ চৰকাৰ য’ত য’ত আছে, তাতেই প্ৰকাশ্যভাৱে মুছলমান আৰু মুছলমানৰ ধৰ্মীয় অনুষ্ঠানত আক্ৰমণ হৈ আছে৷ কেৱলমাত্ৰ মাদ্ৰাছাসমূহৰ ওপৰতেই কিয় ইমান আক্ৰমণ কৰা হৈ আছে, অন্যান্য ধৰ্মালম্বীসকলৰ স্কুল, কলেজ, শিক্ষা প্ৰতিষ্ঠান, উপাসনালয় আদি আছে, কিন্তু সেইবোৰৰ ওপৰততো কেতিয়াও আক্ৰমণ নহয়? যদিও মুছলমানসকলে কেতিয়াও কোনো ধৰ্মৰে শিক্ষা প্ৰতিষ্ঠান বা উপাসনালয় আদিৰ বিৰোধী নহয়৷ কেন্দ্ৰ আৰু বিভিন্ন ৰাজ্য চৰকাৰসমূহলৈ আমাৰ প্ৰশ্ন, আচলতে চৰকাৰে কিহৰ ওপৰত ভিত্তি কৰি মুছলমান আৰু মুছলমানসকলৰ ধৰ্মীয় অনুষ্ঠান আদিত আক্ৰমণ কৰি আছে, চৰকাৰে আমাক জনাব পাৰিবনে? যিবোৰ অভিযোগ মাদ্ৰাছাৰ ওপৰত আনি আছে, এইবোৰ অন্যান্য ধৰ্মৰ অনুষ্ঠানসমূহত নাইনে? চৰকাৰৰ এই অভিযোগবোৰ যদি ক্ষন্তেক সময়ৰ বাবেও মানি লোৱা হয় যে, সিহঁতৰ দাবী মতে, মাদ্ৰাছা আৰু মছজিদৰ যিবোৰ ভুল আৰু দুৰ্বলতা আছে৷ তেন্তে প্ৰশ্ন হ’ল যে, এনেকুৱা ভুল বা দুৰ্বলতা অন্যান্য ধৰ্মৰ ধৰ্মীয় অনুষ্ঠানত বা উপাসনালয়ত নাইনে? সেইবোৰত কিয় বুলড’জাৰ চলোৱা নহয়? বৰঞ্চ কোনো কোনো অনুষ্ঠানত প্ৰকাশ্যভাৱে অস্ত্ৰ প্ৰশিক্ষণ দিয়াৰ খবৰ সৰ্বজনবিদিত আৰু যিবোৰ বাতৰিত আহিয়ে থাকে৷ অথচ চৰকাৰে সেইবোৰ দিশত সম্পূৰ্ণ মৌন অৰ্থাৎ বিপৰীত মেৰুত অৱস্থান কৰে৷ এনেকুৱা দুমুখীয়া নীতিয়ে দেশৰ সংবিধানৰ ওপৰত ভাবুকি কঢ়িয়াই আনিছে৷ ৰাষ্ট্ৰীয় সভাপতিজনে বিবৃতিটোত কয় যে অসম চৰকাৰ হওক বা উত্তৰ প্ৰদেশ চৰকাৰ হওক, উভয়ে এনেকুৱা ঘৃণনীয় মানসিকতা পৰিৱৰ্তন কৰি দেশৰ জনগণৰ বাবে প্ৰকৃত আৰু সাৰ্বিক উন্নয়নৰ ক্ষেত্ৰত মনোনিৱেশ কৰা উচিত৷ লগতে দেশৰ মুছলমানসকলৰ ওচৰত আমাৰ অনুৰোধ, সিহঁতে যাতে ধৈৰ্য ধাৰণ কৰে আৰু দেশৰ সাংবিধানিক পদ্ধতি অৱলম্বন কৰি চৰকাৰৰ এই ঘৃণনীয় পদক্ষেপৰ বিৰুদ্ধে থিয় হ’ব লাগে৷