Logo
image

জয়মালাই পাহৰা নাই অসমীয়াক

আমাৰ অসম, ৫ ছেপ্টেম্বৰঃ সুদূৰ তামিলনাডুৰ পৰা জয়মালা অসমলৈ ঘূৰাই আনিব পাৰি নে, তাক লৈ আজিও আজিও অনিশ্চয়তা আঁতৰ হোৱা নাই৷ কিয়নো জয়মালাক লৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত সন্মানৰ বিষয় হৈ পৰিছে৷ জয়মালাৰ প্ৰতি লৈ অসমবাসীৰ যিদৰে আৱেগৰ সৃষ্টি হৈছে, ঠিক তেনেদৰে তামিলনাডুৰ কৃষ্ণন কোভিল মন্দিৰৰ ভক্ত দৰ্শনাৰ্থীসকলৰো জয়মালাৰ সৈতে আত্মিক সম্পৰ্ক জড়িত হৈ পৰিছে৷ অসম হাতীটোক অসমবাসীয়ে ঘূৰাই বিচাৰিছে যদিও বিগত ১২-১৩ বছৰ তামিলনাডুতে জীৱনৰ এটা সময় পাৰ কৰি কৃষ্ণন কোভিল মন্দিৰৰ সৈতে আৱেগ গঢ় লৈ উঠাত ভক্ত-দৰ্শনাৰ্থীসকলেও জয়মালাক উভতাই পঠাবলৈ ইচ্ছা প্ৰকাশ কৰা নাই৷ স্বাভাৱিকতেই জয়মালাক লৈ অসম আৰু তামিলনাডুৰ মাজত যেন একপ্ৰকাৰ ছায়া যুঁজ চলিছে৷ ইতিমধ্যে তামিলনাডুত নিৰ্মম নিৰ্যাতনৰ বলি হোৱা জয়মালাক ঘূৰাই অনাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হস্তক্ষেপ কৰি ৰাজ্যৰ চাৰিজনীয়া চিকিৎসক-বিশেষজ্ঞৰ এটা দলক মাদুৰাইলৈ প্ৰেৰণ কৰাত এইবাৰ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনেও জয়মালাক যিকোনো প্ৰকাৰে কৃষ্ণন কোভিল মন্দিৰতে ৰখাৰ বাবে বদ্ধ পৰিকৰ হৈ পৰিছে৷ যাৰ বাবে জয়মালাৰ বিষয়টো মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে নিজেই তদাৰক কৰাৰ লগতে তেওঁ ৰাজ্যৰ বাহিৰত থকাৰ অজুহাতত অসম চৰকাৰৰ প্ৰতিনিধি দলটোক জয়মালাক প্ৰত্যক্ষ কৰাৰ বাবেও অনুমতি দিয়া নাই৷ তামিলনাডু চৰকাৰৰ এনে অসহযোগিতাত জয়মালা অসমলৈ ঘূৰাই আনিব পাৰিব নে, নে তামিলনাডুতে থাকিব লাগিব তাক লৈ অনিশ্চয়তাই দেখা দিছে৷ এটা হাতী আশ্ৰয় স্থানক লৈ দুয়োখন ৰাজ্যৰ সন্মান জড়িত হৈ পৰিলেও অসমৰ জয়মালাই পাহৰা নাই মাতৃভাষা অসমীয়া৷  ২০০৮ চনৰ পৰা তামিলনাডুত থাকিলেও অসমীয়া মানুহৰ কথা-বতৰা শুনিলেই আৱেগিক হৈ পৰে জয়মালা৷  এই কথা সদৰী কৰিছে বিশিষ্ট হস্তী বিশেষজ্ঞ তথা পদ্মশ্ৰী সন্মান প্ৰাপক চিকিৎসক কুশল শৰ্মাই৷  জয়মালাক ঘূৰাই অনাৰ বাবে মাদুৰাইত বাহৰ অসমৰ প্ৰতিনিধিদলটোৰ অন্যমত সদস্য ডাঃ কুশল শৰ্মাই সংবাদ মাধ্যমৰ মাধ্যমৰ আগত প্ৰায় দুমাহ পূৰ্বে কৃষ্ণন কোভিল মন্দিৰত জয়মালাক প্ৰত্যক্ষ কৰিছিল বুলি উল্লেখ কৰি অসমীয়াত বিভিন্ন কামান দিয়াত জয়মালাই সঁহাৰি দিয়া বুলিও জানিবলৈ দিয়ে৷ জয়মালাই আজিও অসমীয়া পাহৰা নাই বুলিও সদৰী কৰিছে প্ৰখ্যাত হস্তী বিশেষজ্ঞজনে৷ ইফালে শনিবাৰে অসমৰ চাৰিজনীয়া প্ৰতিনিধি দলটোৱে চেন্নাইত তামিলনাডুৰ প্ৰধান মুখ্য বন সংৰক্ষক [বন্যপ্ৰাণী] শ্ৰীনিবাসন ৰেড্ডীক সাক্ষাৎ কৰাত বন বিভাগৰ মূৰব্বীজনে অসমৰ দলটোক মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ অনুমতি অবিহনে জয়মালাক প্ৰত্যক্ষ কৰিবলৈ দিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে৷ অৱশ্যে তামিলনাডু চৰকাৰে কোনো সঁহাৰি নজনালেও অসমৰ প্ৰতিনিধি দলটোক জয়মালাক প্ৰত্যক্ষ নকৰাকৈ অসমলৈ ঘূৰি অহাত মানা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ অৱশ্যে দেওবাৰে মুখ্যমন্ত্ৰী এম কে ষ্টেলিন তামিলনাডুলৈ ঘূৰি অহাত কাইলৈ অসমৰ বিশেষজ্ঞৰ দলটোৱে জয়মালাক প্ৰত্যক্ষ কৰাৰ বাবে অনুমতি লাভ কৰাৰ সম্ভাৱনা আছে৷

কোনটো জয়মালা ঘূৰি আহিব অসমলৈ?

ৰাজ্যত বন বিভাগ আৰু প্ৰকৃতিপ্ৰেমী ৰাইজৰ মাজত বিগত কিছুদিন ধৰি তামিলনাডুত থকা জয়মালা নামৰ হাতীটোৰ প্ৰসংগক লৈ আজিও ব্যাপক চৰ্চা অব্যাহত আছে৷ ২০০৮ চনতে তামিলনাডুলৈ লৈ যোৱা জয়মালা নামৰ হাতীটোৰ ওপৰত চলোৱা নিৰ্যাতনৰ এটা ভিডিঅ’ শেহতীয়াকৈ ভাইৰেল হোৱাৰ পাছতেই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ জয়ামালাক অসমলৈ ঘূৰাই অনাৰ বাবে তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মতে বন বিভাগৰ অতিৰিক্ত মুখ্য বন সংৰক্ষক হৃদেশ মিশ্ৰৰ নেতৃত্বত অসম কৃষি বিশ্ববিদ্যালয়ৰ পশু চিকিৎসা বিজ্ঞান বিভাগৰ অধ্যাপক  ডাঃ কুশল শৰ্মা, মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন, তিনিচুকীয়া জিলা পশু চিকিৎসা আৰু পশুপালন বিষয়া ডাঃ ৰূপজ্যোতি কাকতিক সদস্য হিচাপে লৈ গঠিত প্ৰতিনিধিৰ দলটোৱে তামিলনাডু অভিমুখে ৰাওনা হৈছিল৷ এতিয়া প্ৰশ্ন উত্থাপন হৈছে বহিঃৰাজ্যৰ পৰা অসমলৈ কোনটো জয়মালাক ঘূৰাই আনিব৷ কাৰণ জয়ামালা নামৰ দুটা বনৰীয়া হাতী অসমৰ পৰা প্ৰেৰণ কৰা হৈছিল৷ প্ৰকৃতিপ্ৰেমী দিলীপ নাথৰ পৰা পোৱা তথ্য অনুসৰি, তিনিচুকীয়া জিলাৰ বৰডুমুচাৰ কৰিয়াজানৰ নিৱাসী মহেন্দ্ৰ মৰাণ আৰু যোৰহাট জিলাৰ বৰহোলা অন্নপূৰ্ণাৰ নিৱাসী মোহন চেতিয়াৰ পোহনীয়া জয়মালা নামৰ হাতী দুটা অসমৰ পৰা মন্দিৰ ভ্ৰমণৰ উদ্দেশ্যৰে বহিঃৰাজ্যলৈ প্ৰেৰণ কৰা হৈছিল৷ মহেন্দ্ৰ মৰাণৰ জয়মালা নামৰ পোহনীয়া হাতীটোৰ মাইক্ৰ’চীপ নম্বৰটো হ’ল ৯৬১০০১০০০০০২৪৭৮ আৰু মোহন চেতিয়াৰ জয়মালা নামৰ পোহনীয়া হাতীটোৰ মাইক্ৰ’চীপ নম্বৰটো হ’ল ৯৬১০০১০০০০০৪৩৩৷ ৰাজ্যৰ বন বিভাগৰ প্ৰতিনিধিৰ দলটোৱে অসমলৈ কোনটো মাইক্ৰ’চীপ নম্বৰ থকা হাতীক অসমলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিব সেয়া পৰৱৰ্তী সময়ত জানিব পৰা যাব৷