Logo
image

পৌৰপতিক গঁতিয়ালে মন্ত্ৰী কিষাণে, তিনিচুকীয়াত চাঞ্চল্য

আমাৰ অসম, ৫ ছেপ্টেম্বৰঃ ক্ষমতাই মূৰত ধৰিছে মন্ত্ৰী সঞ্জয় কিষাণৰ৷ ক্ষমতাৰ ৰাগীত মতলীয়া মন্ত্ৰী কিষাণৰ দৰে বিতৰ্কিত জনপ্ৰতিনিধিৰ কেতবোৰ অভব্য আচৰণে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ ভাৱমূৰ্তি জনমানসত ম্লান কৰি পেলাইছে৷ নিষিদ্ধঘোষিত সংগঠন আলফাৰ [স্বা] মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক কৰযোৰে ক্ষমা খুজি নিজৰ পদমৰ্যাদা ভূ-লুণ্ঠিত কৰা মন্ত্ৰী কিষাণ এইবাৰ চৰ্চালৈ আহিছে তিনিচুকীয়াৰ প্ৰথমজন নাগৰিকৰ ওপৰত হাত উঠাই অশালীন আচৰণ প্ৰদৰ্শন কৰি৷ বিজেপি দলে ৰাজ্যত দ্বিতীয়বাৰ চৰকাৰ গঠনৰ সময়তে এক নিযুক্তি কেলেংকাৰিতো নাম সাঙোৰ খাই পৰা মন্ত্ৰী কিষাণে শনিবাৰে বিয়লি বহুজনৰ চকুৰ আগতে তিনিচুকীয়াৰ পৌৰপতি তথা চহৰখনৰ প্ৰথমজন নাগৰিক জয়ন্ত বৰুৱাক শাৰীৰিকভাৱে অপদস্থ কৰি ক্ষমতা প্ৰদৰ্শন কৰা কাৰ্যই সমগ্ৰ তিনিচুকীয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে, নিকা ভাৱমূৰ্তিৰ জয়ন্ত বৰুৱাই তিনিচুকীয়াৰ বিধায়ক তথা মন্ত্ৰী কিষাণৰ কথামতে উঠা-বহা নকৰাৰ বাবেই তেওঁক আঁতৰাই নিজৰ পছন্দৰ মানুহক পৌৰপতিৰ চকীত বহুওৱাৰ বাবে দীৰ্ঘদিনৰ পৰা মন্ত্ৰী কিষাণে লবী পকোৱাৰ ৰাজনীতি কৰি অহিছে৷ জানিব পৰা মতে, তিনিচুকীয়া পৌৰসভাৰ একাংশ কৰ্মচাৰীয়ে তৰা গোচৰৰ ওপৰত উচ্ছ ন্যায়ালয়ে প্ৰদান কৰা ৰায় সন্দৰ্ভত আলোচনাৰ বাবে শনিবাৰে বিয়লি পৌৰসভাৰ এক বৈঠক অনুষ্ঠিত হৈছিল৷ উক্ত বৈঠকত অন্যান্য ৱাৰ্ড কমিছনাৰসকলৰ উপৰি উপস্থিত আছিল তিনিচুকীয়াৰ বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণ৷ বিষয়বস্তুৰ ওপৰত আলোচনাৰ পাছত বৈঠকৰ অন্ত পৰে যদিও মন্ত্ৰী কিষাণে বিশেষ কথা আছে বুলি তিনিচুকীয়া পৌৰসভাৰ সভাপতি জয়ন্ত বৰুৱাক বহিবলৈ কয়৷ অভিযোগ অনুসৰি কথা পতাৰ অচিলা লৈ মন্ত্ৰীয়ে ৱাৰ্ড কমিছনাৰসকলৰ সন্মুখতে পৌৰপতিক অভব্য আচৰণ কৰে৷ পৌৰপতি বৰুৱাক ‘তই’ বুলি সম্বোধন কৰি তেওঁক গালি-গালাজ কৰাতে ক্ষান্ত নাথাকি মন্ত্ৰী কিষাণে এটা সময়ত জনপ্ৰতিনিধিৰ মৰ্যাদা পাহৰি পৌৰপতিক গতিয়াই শাৰীৰিকভাৱে অপদস্থ কৰে৷ কথা বিষম দেখি তিনিচুকীয়া পৌৰসভাৰ ৩ নং ৱাৰ্ডৰ কমিছনাৰ প্ৰদীপ দাসে মাজত সোমাই কোনোৰকম পৌৰপতিক ৰক্ষা কৰে আৰু পৰিস্থিতি অধিক জটিল হোৱাৰ পূৰ্বেই পৌৰসভাৰ কাৰ্যবাহী বিষয়াই বৰুৱাক সভাকক্ষৰ বাহিৰলৈ পঠাই দিয়ে৷ ইফালে এজন দায়িত্বশীল মন্ত্ৰীয়ে এজন পৌৰপতিক শাৰীৰিকভাৱে অপদস্থ কৰাৰ ঘটনাই ইয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে, ৪ মাহ পূৰ্বে দায়িত্ব গ্ৰহণ কৰাৰ পাছত নিজৰ কৰ্মদক্ষতাৰ জৰিয়তে ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা তিনিচুকীয়াৰ পৌৰপতি জয়ন্ত বৰুৱাই প্ৰতিটো কথাতে ‘হয় হজুৰ’ নীতি মানি চলিবলৈ সন্মত নোহোৱাৰ বাবেই মন্ত্ৰী কিষাণৰ অপ্ৰিয়ভাজন হৈ পৰে৷ শেহতীয়াকৈ ১৩খন আঁচনিৰ প্ৰায় ১ কোটি ৩০ লাখ টকাৰ কামৰ বাবে পৌৰসভাই মুকলি নিবিদা আহ্বান কৰাক কেন্দ্ৰ কৰি পৌৰপতিৰ সৈতে মন্ত্ৰী কিষাণৰ সংঘাত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ সমগ্ৰ বিষয়ে ইতিমধ্যে বিভাগীয় মন্ত্ৰী অশোক সিংঘালক অৱগত কৰা হৈছে বুলি প্ৰকাশ৷ আনহাতে, শনিবাৰৰ ঘটনা সন্দৰ্ভত ‘আমাৰ অসম’ৰ তৰফৰ পৰা মন্ত্ৰী সঞ্জয় কিষাণৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত তেওঁ পৌৰপতি জয়ন্ত বৰুৱাক শাৰীৰিকভাৱে অপদস্থ কৰাৰ কথা অস্বীকাৰ কৰে৷