Logo
image

ৰাষ্ট্ৰপতি দ্ৰৌপদীৰ পৰা বঁটা ল’লে মীনাক্ষিয়ে

আমাৰ অসম, ৬ ছেপ্টেম্বৰঃ ‘অসমৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহত অধ্যয়ন কৰিবৰ বাবে শিক্ষাৰ্থীক আকৰ্ষিত কৰিবলৈ হ’লে চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীসকলে কিছু কষ্ট কৰিব লাগিব৷ তেজপুৰৰ বিহগুৰিৰ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পোৱা নাই৷ আমাৰ বিদ্যালয়ত প্ৰতিবছৰে শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি হৈছে৷ আমি বহুতকে বিমুখ কৰিবলগীয়াও হৈছে৷’– এই ভাষ্য শিক্ষক দিৱসত শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক মীনাক্ষি গোস্বামীৰ৷ ৫ ছেপ্টেম্বৰ, সোমবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা শিক্ষক দিৱসৰ ৰাষ্ট্ৰীয় বঁটা গ্ৰহণ কৰাৰ পাছত ‘আমাৰ অসম’ক এইদৰে কয় কৃতী শিক্ষয়িত্ৰীগৰাকীয়ে৷ শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰি নিজে আনন্দিত হোৱাৰ লগতে গৌৰৱবোধ কৰা বুলি সদৰী কৰি মীনাক্ষি গোস্বামীয়ে অধ্যক্ষ হিচাপে তেওঁ কেনেকৈ তেওঁৰ বিদ্যালয়খন পৰিচালনা কৰিছে, সেই বিষয়েও সাংবাদিকক কিছু আভাষ দিয়ে৷ উল্লেখ্য, তেজপুৰৰ নাতিদূৰৰ বিহগুৰি মৌজাৰ পিঠাখোৱাৰ টুমুকীস্থিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মীনাক্ষি গোস্বামীয়ে এইবাৰ লাভ কৰিছে শিক্ষক দিৱসৰ ‘শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটা’৷ এইবাৰ শিক্ষক দিৱস উপলক্ষে দেশৰ মুঠ ৪৬গৰাকী শিক্ষকলৈ আগবঢ়োৱা হৈছে শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটা৷ এই তালিকাত স্থান পোৱা অসমৰ একমাত্ৰ শিক্ষকগৰাকীয়েই হৈছে মীনাক্ষি গোস্বামী৷ এই বঁটাত প্ৰমাণ-পত্ৰৰ লগতে আছে নগদ ধন আৰু ৰূপৰ পদক৷ উল্লেখ্য, বিহগুৰিৰ পিঠাখোৱাৰ টুমুকীস্থিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত ইংৰাজীৰ বিষয় শিক্ষয়িত্ৰীৰূপে যোগদান কৰা মীনাক্ষি গোস্বামীয়ে পৰৱৰ্তী সময়ত বিদ্যালয়খনৰ অধ্যক্ষৰ দায়িত্ব বহন কৰে৷ ২০০৭ চনত ভাৰতীয় চিকিৎসা সন্থাৰ দ্বাৰা আয়োজিত আন্তৰ্জাতিক নাৰী দিৱসত বিশেষভাৱে পুৰস্কৃত হয় কৃতী শিক্ষয়িত্ৰী আৰু সুদক্ষ প্ৰশাসক মীনাক্ষি গোস্বামী৷ ২০১৬ চনত অইল ইণ্ডিয়া লিমিটেডৰ সন্মানজনক ‘শিক্ষাৰত্ন’ পুৰস্কাৰ লাভ কৰা মীনাক্ষি গোস্বামীয়ে ২০১৮ চনত কৃতী শিক্ষকৰ ৰাজ্যিক বঁটা লাভ কৰে৷ ২০১৯ চনৰ গণৰাজ্য দিৱসত মীনাক্ষি গোস্বামীক অসম চৰকাৰে বিশেষভাৱে সন্মান জনায়– শিক্ষা, কলা-সংস্কৃতি আৰু মানৱ সম্পদৰ উত্তৰণৰ ক্ষেত্ৰত তেওঁ আগবঢ়োৱা বৰঙণিৰ বাবে৷ ছাত্ৰ জীৱনত তীক্ষ্ণ মেধাৰ পৰিচয় দিয়া মীনাক্ষি গোস্বামী এগৰাকী আগশাৰীৰ কবি৷ ভাৰতৰ বিভিন্ন ঠাইৰ উপৰি বিদেশতো কবিতাৰ বহু কাৰ্যসূচীত অংশ লোৱা মীনাক্ষি গোস্বামী একাধিক গ্ৰন্থৰ ৰচয়িতা৷ নৰ্থ-ইষ্ট ৰাইটাৰ্ছ ফ’ৰামৰ অন্যতম সদস্য মীনাক্ষি গোস্বামী এগৰাকী দক্ষ ক্ৰীড়া সংগঠকো৷ মীনাক্ষি গোস্বামীৰ প্ৰয়াত পিতৃ, তেজপুৰৰ মাজগাঁও ৰত্নপুৰ নিবাসী ড॰ লোহিত চন্দ্ৰ গোস্বামী আছিল তেজপুৰ চৰকাৰী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আৰু এগৰাকী বিশিষ্ট শিক্ষাবিদ৷ মীনাক্ষি গোস্বামীৰ মাতৃ গীতা গোস্বামী সৰবৰহী আৰু ধৰ্মপ্ৰাণা মহিলা, সুগৃহিনী৷ শিক্ষা, সাহিত্য আৰু ক্ৰীড়া জগতৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত, তেজপুৰৰ কমাৰচুবুৰী নিবাসী মীনাক্ষি গোস্বামী সামাজিক কাম-কাজতো বিশেষভাৱে আগৰণুৱা৷ এইবাৰৰ শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা অসমৰ একমাত্ৰ শিক্ষক মীনাক্ষি গোস্বামীৰ কৃতিত্বৰ বাবে বৃহত্তৰ বিহগুৰি পিঠাখোৱা অঞ্চলৰ উপৰি তেজপুৰকে ধৰি সমগ্ৰ শোণিতপুৰ জিলাত পৰিলক্ষিত হয় আনন্দময় পৰিৱেশ৷ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে অসমলৈ সন্মান কঢ়িয়াই অনাৰ বাবে মীনাক্ষি গোস্বামীক অভিনন্দন জনাইছে৷ ২০২২ বৰ্ষৰ শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটা গ্ৰহণ কৰাৰ পাছত মীনাক্ষি গোস্বামীয়ে ‘আমাৰ অসম’ক এইদৰে কয়– ‘বঁটা লাভ কৰাৰ বাবে নিশ্চয় ভাল লাগিছে৷ তাতকৈ বেছি ভাল লাগিছে এইবাবেই যে ইয়াৰ জৰিয়তে বিহগুৰি পিঠাখোৱাৰ টুমুকীস্থিত কৰ্মবীৰ চন্দ্ৰনাথ উচ্ছতৰ মাধ্যমিক বিদ্যালয়খনৰ নাম উচ্ছাৰিত হ’ব ৰাষ্ট্ৰীয় পৰ্যায়ত৷ সামগ্ৰিকভাৱে অসমৰ বাবে আৰু বিশেষভাৱে শোণিতপুৰ আৰু তেজপুৰৰ লগতে বিহগুৰি পিঠাখোৱা অঞ্চলৰ উপৰি মই কাম কৰা বিদ্যালয়খনৰ বাবে এয়া গৌৰৱৰ বিষয়৷ মই ভাবোঁ যে মোৰ সহকৰ্মী শিক্ষক-কৰ্মচাৰীসকলৰ সহায়-সহযোগ অবিহনে এয়া সম্ভৱ নহ’লহেঁতেন৷ মই মৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সন্মানীয় অভিভাৱক-অভিভাৱিকাসকলক তেখেতসকলৰ নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ টুমুকী-পিঠাখোৱাকে ধৰি বৃহত্তৰ বিহগুৰি অঞ্চলৰ সকলো শ্ৰেণীৰ ৰাইজক– যিসকলৰ সহায়-সহযোগ আৰু সৰ্বাত্মক অংশগ্ৰহণ অবিহনে চন্দ্ৰনাথ শৰ্মা উচ্ছতৰ মাধ্যমিক বিদ্যালয়খনে বৰ্তমানৰ অৱস্থান নাপালেহেঁতেন৷ মই মোৰ এই বঁটা সেই সকলোৰে নামত অৰ্পণ কৰিছোঁ৷ এই বঁটাৰ প্ৰকৃত গৌৰৱৰ অংশীদাৰ সেইসকলহে৷ মোক শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচন কৰাৰ কাৰণে মই ভাৰত চৰকাৰক ধন্যবাদ জনাইছোঁ৷ এই বঁটাই মোৰ দায়িত্ব আৰু কৰ্তব্য দুগুণে বৃদ্ধি কৰিলে বুলি মই উপলব্ধি কৰিছোঁ৷’ উল্লেখ্য, ৫ ছেপ্টেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰপতিৰ পৰা শিক্ষক দিৱসৰ বঁটা গ্ৰহণ কৰাৰ পাছত মীনাক্ষি গোস্বামীকে ধৰি এইবাৰ শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা শিক্ষক-শিক্ষয়িত্ৰীসকলক চাহমেলৰ বাবে নিমন্ত্ৰণ জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ চাহমেলত বঁটাপ্ৰাপক শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে বহুসময় ধৰি মত বিনিময় কৰে প্ৰধানমন্ত্ৰী মোদীয়ে৷ মোদীৰ চাহমেলত ভাগ লোৱাৰ পাছত মীনাক্ষি গোস্বামীকে ধৰি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক শিক্ষক-শিক্ষয়িত্ৰীসকলক নৈশ আহাৰৰ বাবে নিমন্ত্ৰণ জনায় কেন্দ্ৰীয় শিক্ষা আৰু দক্ষতা বিকাশমন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে৷ নতুন দিল্লীৰ তাৰকাযুক্ত হোটেল অশোকাত অনুষ্ঠিত হয় নৈশভোজ৷ ধৰ্মেন্দ্ৰ প্ৰধানৰ নৈশভোজত কেন্দ্ৰীয় চৰকাৰৰ কেইবাজনো বিষয়া আৰু শিক্ষাবিদেও ভাগ লয়৷ সকলোৱে দেশৰ শিক্ষা ব্যৱস্থা সন্দৰ্ভত বহু সময় ধৰি মত বিনিময় কৰে৷ ইফালে, মীনাক্ষি গোস্বামীয়ে শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ বাবে তেওঁক বিশেষভাৱে অভিনন্দন জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যই৷ ড॰ ভট্টাচাৰ্যই কয়– ‘এই বছৰৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটা লাভ কৰা বিহগুৰি পিঠাখোৱাৰ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মীনাক্ষি গোস্বামীক আন্তৰিক অভিনন্দন জনাইছোঁ৷ এইবাৰ এনে মৰ্যাদাপূৰ্ণ সন্মানেৰে সন্মানিত মীনাক্ষি গোস্বামীয়েই হৈছে অসমৰ একমাত্ৰ শিক্ষক৷ গোস্বামীৰ সফলতাত আমি গৌৰৱান্বিত৷ শিক্ষকতাৰ দৰে মহান বৃত্তিত জড়িত মীনাক্ষি গোস্বামী বাইদেউলৈ সশ্ৰদ্ধ প্ৰণাম৷’