Logo
image

অসমীয়াত পঢ়ি ডাক্তৰ-ইঞ্জিনিয়াৰ হ’ব নোৱাৰিঃ মুখ্যমন্ত্ৰী

আমাৰ অসম, ৬ ছেপ্টেম্বৰঃ অসমীয়াত পঢ়ি ডাক্তৰ-ইঞ্জিনিয়াৰ হ’ব নোৱাৰি৷ শিক্ষক দিৱসৰ দিনা এই উপলব্ধি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ উল্লেখ্য যে অসমত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম অসমীয়া ভাষাত আৰম্ভ কৰাৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে৷ অসমীয়া ভাষাত চিকিৎসা বিজ্ঞানৰ পাঠ্যপুথি প্ৰণয়নৰ বাবে চৰকাৰে বিশেষজ্ঞ সমিতি পৰ্যন্ত গঠন কৰি দিছে৷ বিশেষজ্ঞ সমিতিয়ে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ বাবে প্ৰয়োজনীয় অসমীয়া শব্দকোষ প্ৰণয়নৰ কাম অব্যাহত ৰাখিছে৷ ৰাজ্যৰ বিদ্যৎ আৰু চিকিৎসক সমাজে চৰকাৰৰ এনে সিদ্ধান্তক ইতিমধ্যে তীব্ৰ বিৰোধিতা কৰিছে৷ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম অসমীয়া ভাষাত আৰম্ভ কৰাৰ বিপৰীতে তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান ইংৰাজী ভাষাত পঢ়োৱাৰ সিদ্ধান্ত লৈছে চৰকাৰে৷ ইয়াক কেন্দ্ৰ কৰিও ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ইয়াৰ মাজতে শিক্ষক দিৱসৰ ৰাজ্যিক কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়– গণিত আৰু বিজ্ঞান যদি আমি অসমীয়াত পঢ়ো তেন্তে ডাক্তৰ আৰু ইঞ্জিনিয়াৰ হ’ব নোৱাৰোঁ৷ মই সাহিত্য সভাৰ সভাপতি৷ মোৰ ল’ৰাজনক কৈছোঁ তুমি ইংৰাজী মাধ্যমত পঢ়া৷ ডনবস্ক’ত পঢ়া৷ কিন্তু তেতিয়াই কৃষকৰ ল’ৰা দেখা পাওঁ, ৰিক্সা চালকৰ ল’ৰা দেখা পাওঁ, ঠেলাচালকৰ ল’ৰা দেখা পাওঁ,  তেতিয়া তেওঁলোকক অসমীয়া মাধ্যমত পঢ়িবলৈ কওঁ৷ মাতৃভাষা অসমীয়া ভাষা জীয়াই ৰখাৰ কথা কওঁ৷ এইটো কি দুখীয়া মানুহৰ দায়িত্ব নেকি? আৰু যদি এইটো ভগাই লোৱাৰ দায়িত্ব নহয়, তেন্তে সমাজৰ দুখীয়া মানুহক মাতৃভাষা ৰক্ষাৰ দায়িত্ব দি সমাজৰ আগবাঢ়ি যোৱা লোক, এচিএছ, আইএএছ বিষয়াৰ ল’ৰা-ছোৱালী ডাক্তৰ-ইঞ্জিনিয়াৰ হ’ব৷ এইটো একাধিপত্যৰ কথা৷ শিক্ষাই সমতা স্থাপন কৰে বুলি মহাত্মা গান্ধীয়ে কৈছিল৷ কিন্তু আমাৰ এচাম লোকে শিক্ষাক অদক্ষতাৰ মানদণ্ড হিচাপে ব্যৱহাৰ কৰিব বিচাৰে৷ শিক্ষা ধনী লোকৰ সম্পত্তি নহয়৷ মই টিভিত গৈ গোটেই দিনটো মাতৃভাষাৰ ওপৰত বক্তব্য ৰাখোঁ৷ তেতিয়া সোধো আপোনাৰ পৰিবাৰ ক’ত কাম কৰে– কয় মালিগাঁও স্কুলত৷ আপুনি ক’ত চাকৰি কৰে– বিশ্ববিদ্যালয়ত কৰোঁ৷ কটনত কৰোঁ৷ আপোনাৰ ল’ৰা-ছোৱালী ক’ত পঢ়ে৷ ছেণ্ট জোচেফত৷ এনেকুৱা ধৰণে যদি আমি অদ্ভুত জীৱন এটা নিৰ্বাহ কৰোঁ আমাৰ জাতিটো আগুৱাই যাব নোৱাৰে৷ মাতৃভাষাৰ বিদ্যালয় যদি আমি জীয়াই ৰাখিব লাগে গণিত আৰু ইংৰাজীক আমি সমসাময়িক পৃথিৱীৰ লগত সামঞ্জস্য ৰাখি আগুৱাই যাব লাগিব৷ য’ত প্ৰজ্ঞা থাকিব তাত মাতৃভাষা থাকিব৷ আৰু য’ত মাত্ৰ জ্ঞান লাগে তাত আমি প্ৰচলিত ভাষাক, যি ভাষাই আমাক সেই প্ৰতিযোগিতাৰ মানদণ্ডলৈ লৈ যাব পাৰিব, তেনেকুৱা মানদণ্ডত গৈ আমি থিয় হ’ব লাগিব৷ শিক্ষক সমাজ নতুন দিনৰ বাবে সাজু হওক৷ ৰাজ্য ৰাজ্য চৰকাৰ নিজৰ সিদ্ধান্ত দৃঢ়৷ বহু গৱেষণাৰ পিছতহে আমি কিছু সিদ্ধান্ত লওঁ৷ ৰাজ্যৰ শিক্ষাত নতুন যুগৰ আৰম্ভণি কৰিব লাগিব৷ দুখীয়া-দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলে এই শিক্ষা ব্যৱস্থাৰ জৰিয়তে নিজৰ জীৱন গঢ়াৰ সপোনসাৰ্থক কৰিব পাৰিব লাগিব৷ উল্লেখ্য, মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে আয়োজিত শিক্ষক দিৱসত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে৷ ৬১ সংখ্যক এই শিক্ষক দিৱসত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয়– শিক্ষাগুৰুসকলে ছাত্ৰ-ছাত্ৰীসকলৰ জৰিয়তে সমাজত জ্ঞানৰ পোহৰ বিলোৱাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷ সময়-কাল নিৰ্বিশেষে শিক্ষা আৰু শিক্ষাৰ প্ৰগাঢ়তা শিক্ষাগুৰুৰ তত্বাৱধান অবিহনে সম্পূৰ্ণ নহয়৷ শিক্ষকসকল সমাজৰ পথ প্ৰদৰ্শক৷ মানৱ সম্পদ গঢ়াৰ দিশত শিক্ষকসকলে সদায়ে অহোপুৰুষাৰ্থ কৰি আহিছে৷ নৈতিকতা, আধ্যাত্মিক মাৰ্গ দৰ্শক হিচাপে শিক্ষকসকলে নিজকে নিয়োজিত কৰি অহা বাবে বিদ্যাৰ্থীয়ে জ্ঞানৰ মহাসাগৰত নিজকে উদ্ভাষিত কৰিবলৈ সমৰ্থ হৈছে৷ সনাতন সভ্যতাত গুৰু এক অবিচ্ছেদ্য অংগ জ্ঞানৰ অন্তহীন সাধনাই প্ৰাচীন ভাৰতক বিশ্বৰ সমসাময়িক কালৰ অন্যান্য ক্ষেত্ৰৰ পৰা বহু পৃথক কৰি তুলিছে৷ শিক্ষা আৰু জ্ঞানৰ মাজত পাৰ্থক্য আছে৷ দুয়োটাই ইটো-সিটোৰ পৰিপূৰক আৰু দুয়োটাৰে ওপৰত যথেষ্ট দখল অবিহনে শিক্ষণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ’ব নোৱাৰে৷ শিক্ষা এক নিৰন্ধ প্ৰক্ৰিয়া নহয়৷ কেৱল জ্ঞানতে সীমাবদ্ধ নাথাকি প্ৰজ্ঞাৰ সাধনাত ব্ৰতী হ’ব লাগিব৷ ইয়াৰ জৰিয়তেহে শিক্ষাক সৰ্বোচ্ছ পৰ্যায়লৈ লৈ যাব পৰা যায়৷ এই ক্ষেত্ৰত শিক্ষাগুৰুসকলৰ এক অপৰিহাৰ্য দায়িত্ব আছে৷ শিক্ষা আটাইতকৈ মূল্যৱান সম্পদ৷ শিক্ষাৰ জৰিয়তেহে এজন ব্যক্তিক প্ৰকৃতাৰ্থত মানৱ সম্পদ হিচাপে গঢ়ি তুলিব পৰা যায়৷ অৰ্থবহ জীৱন-যাপনৰ বাবে শিক্ষাৰ জৰিয়তে কিদৰে জ্ঞান আহৰণ কৰিব পাৰি সেই দিশতো মাৰ্গ দৰ্শন  কৰিবলৈ তেওঁ শিক্ষাগুৰুসকলক আহ্বান জনায়৷ ২০২০ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সম্পৰ্কত আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে আত্মবিশ্বাস প্ৰকাশ কৰি কয়– ইয়ে আগন্তুক দিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি দৃষ্টিভংগীৰে দেশ নিৰ্মাণ কৰিব বিচাৰিছে তাক  নিৰ্ণায়ত্মক ভূমিকা যোগাব পাৰিব৷ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বাস্তৱ ৰূপায়ণৰ দিশত ৰাজ্য চৰকাৰে নিৰন্তৰ প্ৰয়াস চলাই আহিছে৷ ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বিদ্যালয়সমূহ একত্ৰিকৰণ সিদ্ধান্ত লৈছে৷ চৰকাৰে শিক্ষাৰ দিশত লোৱা অন্যান্য সিদ্ধান্তসমূহে আগন্তুক দিনত ৰাজ্যখনক দেশৰ অন্যতম উন্নত ৰাজ্য হিচাপে গঢ়ি তোলাৰ দিশত নিশ্চিত প্ৰভাৱ পেলাব৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে ৰাজ্যৰ শিক্ষা ব্যৱস্থাটো গতিশীল কৰাৰ দিশত শিক্ষক সমাজে গুৰুত্বপূৰ্ণ সেৱা আগবঢ়াই আহিছে৷ ৰাজ্যৰ শিক্ষা ব্যৱস্থাটোৰ উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰাৰ দিশত আগবঢ়োৱা পৰামৰ্শ আৰু নেতৃত্বৰ বাবে তেওঁ মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰে৷ এই অনুষ্ঠানত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড॰  ননী গোপাল মহন্ত, শিক্ষা বিভাগৰ আয়ুক্ত সচিব এম এছ মনিৱন্নন, সমগ্ৰ শিক্ষা অভিযানৰ অভিযান সঞ্চালক ড॰ ওম প্ৰকাশ উপস্থিত থাকে৷