Logo
image

নামিছে ধল, এনএইচপিচি অচল

বিধবংসী সোৱণশিৰি

প্ৰকল্পলৈ ভাবুকি

শ্ৰমিক-কৰ্মচাৰীক স্থানান্তৰ

আমাৰ অসম, ৬ ছেপ্টেম্বৰঃ অসম-অৰুণাচল সীমান্তৰ গেৰুকামুখত সোৱণশিৰি নদীৰ ওপৰত প্ৰায় সম্পূৰ্ণ হৈ উঠা এনএইচপিচিৰ ২০০০ মেগাৱাট শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ ওপৰেৰে যোৱা দুদিন ধৰি পানী বাগৰিবলৈ ধৰাত সমগ্ৰ গেৰুকামুখ অঞ্চলত আতংকময় পৰিস্থিতিৰ সূচনা হৈছে৷ যাৰ ফলত যোৱা দুদিন ধৰি প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য স্তব্ধ হৈ পৰিছে৷ অৰুণাচল প্ৰদেশৰ অতি দুৰ্গম অঞ্চলৰ লগতে গেৰুকামুখ পাহাৰত যোৱা দুই-তিনিদিন ধৰি মূষলধাৰে হৈ থকা বৰষুণৰ ফলত সোৱণশিৰি নদীৰ বক্ষ ওফন্দি উঠাৰ লগতে নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ওপৰেৰে পানী বাগৰিবলৈ ধৰিছে৷ একেদৰে প্ৰকল্পটোৰ কেইবাখনো গেটেৰে অতি প্ৰচণ্ড শব্দৰে পানী বৈ অহাত নামনি অঞ্চলতো ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছে৷ পাহাৰত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত প্ৰকল্পস্থলীত এক অভাৱনীয় পৰিস্থিতি সূচনা হোৱাত প্ৰকল্পটোৰ নিৰ্মাণকাৰ্যত জড়িত বিষয়া-কৰ্মচাৰী, শ্ৰমিকসকলৰ মাজত একপ্ৰকাৰে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে, ১১৬ মিটাৰ উচ্ছতাৰ এই প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য প্ৰায় ৯০ শতাংশ কাম সম্পূৰ্ণ হৈ উঠাৰ সময়তে প্ৰকল্পটোত প্ৰকৃতিয়ে এনে বেমেজালিৰ সৃষ্টি কৰিছে৷ এন এইচ পি চিৰ এক সূত্ৰই সদৰি কৰা অনুসৰি, নৱবৰ্ষৰ পহিলা মাহতে প্ৰকল্পটোৱে পোনপ্ৰথমে ৫০০ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনৰ লক্ষ্য স্থিৰ কৰি লোৱাৰ সময়তে প্ৰকল্পটোত এনে অথন্তৰ ঘটাত এন এইচ পি চি কতৃৰ্পক্ষ বিমোৰত পৰিছে৷

যিকোনো মুহূৰ্ততে সোৱণশিৰিৰ মথাউৰি চিঙাৰ আশংকা, সষ্টম জিলা প্ৰশাসন

সোৱণশিৰি নদীয়ে লখিমপুৰৰ ঘনচৰাই চন্দ্ৰপুৰত তীব্ৰ খহনীয়াৰ সৃষ্টি কৰি ভীমপৰা মথাউৰিলৈ অশনি সংকেত কঢ়িয়াই আনিছে৷ নদীখনে উক্ত স্থানত যিকোনো সময়তে মথাউৰি চিঙাৰ আশংকাত লখিমপুৰ জিলা প্ৰশাসন সষ্টম হৈ থকাৰ লগতে ঘনচৰাইত মথাউৰিৰ ওপৰত এছ ডি আৰ এফ বাহিনী, আৰক্ষী আদি মোতায়েন কৰি সম্ভাৱ্য বিপদৰ পৰা ৰাইজক উদ্ধাৰ কৰাৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে৷ ইফালে জলসম্পদ বিভাগে ঘনচৰাই মথাউৰিটো ৰক্ষা কৰাৰ বাবে সকলো প্ৰস্তুতি চলোৱাৰ লগতে দিনে নিশাই মথাউৰিৰ সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও নদীখনে কালৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে৷ ইতিমধ্যে নদীৰ কোবাল সোঁতে স্থানীয় ধীৰেশ্বৰ বৰা, নৰেশ্বৰ বৰা, বাবা বৰা আৰু পোনা বৰাৰ পৰিয়ালৰ বাসগৃহ নদীৰ বুকুত জাহ যোৱাৰ পাছত তেওঁলোকক অন্য স্থানলৈ স্থানান্তৰিত কৰা হৈছে৷ নদীৰ খহনীয়াই ঘনচৰাই মথাউৰিৰ বক্ষত থকা জলসম্পদ বিভাগৰ অস্থায়ী শিবিৰটো খহাই নিয়াৰ ফলত উক্ত শিবিৰটোও অন্য স্থানলৈ স্থানান্তৰিত কৰা হৈছে৷ উল্লেখ্য যে, সোৱণশিৰিৰ খহনীয়া ৰোধৰ বাবে ঘনচৰাই মথাউৰিত বিভিন্ন সময়ত চৰকাৰে বহু অভিলাষী আঁচনি গ্ৰহণ কৰিছে যদিও এই আঁচনিসমূহে কোনো সুফল দিয়া নাই৷ শেহতীয়াকৈ চৰকাৰে এছ অ’ পি ডি আঁচনিৰ অধীনত ১০ কোটি টকীয়া এখন আঁচনি গ্ৰহণ কৰাৰ সময়তে এই আঁচনিখন এতিয়া একপ্ৰকাৰে পানীত উটি যোৱাৰ তথ্য পোহৰলৈ আহিছে৷ সোৱণশিৰি নদীৰ সোপাৰৰ মথাউৰিটোৰ প্ৰতি নদীখনে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰি যিকোনো সময়তে ঘনচৰাই চন্দ্ৰপুৰত মথাউৰি চিঙাৰ আশংকাত ত্ৰস্ত হৈ পৰিছে জিলা প্ৰশাসনৰ লগতে স্থানীয় ৰাইজ৷ যাৰ বাবে আজি অঞ্চলটোৰ শতাধিক লোক ওলাই আহি মথাউৰিটো সুৰক্ষাৰ বাবে সকলোৱে হাতে-কামে লাগি যোৱা পৰিলক্ষিত হয়৷ ইফালে মথাউৰি চিঙাৰ আশংকাত একাংশ লোকে নিজৰ বয়বস্তু নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰাৰ লগতে বহু নৈপৰীয়া লোকে এতিয়া মথাউৰি চিঙাৰ আশংকাত বিনিদ্ৰ ৰজনী পাৰ কৰিছে৷ ইফালে জলসম্পদ বিভাগৰ ঠিকাদাৰে মথাউৰিটো সুৰক্ষাৰ বাবে দিনে-নিশাই প্ৰচেষ্টা অব্যাহত ৰাখা পৰিলক্ষিত হয়৷ উল্লেখনীয় কথা যে, উক্ত স্থানত মথাউৰি চিঙিলে তেলাহী মৌজাৰ অৰ্ধ শতাধিক গাঁও বানৰ কৱলত পৰাটো নিশ্চিত হৈ পৰিছে৷ আজি উক্ত স্থানত লখিমপুৰ ৰাজহ চক্ৰ বিষয়া, আৰক্ষী বিষয়াকে ধৰি প্ৰশাসনৰ কেইবাজনো বিষয়া উপস্থিত হৈ খহনীয়াৰ বুজ লয়৷