Logo
image

সৰ্বানন্দক সম্বৰ্ধনা, অধিকাংশ মন্ত্ৰী-বিধায়কেই অনুপস্থিত

আমাৰ অসম, ৬ ছেপ্টেম্বৰঃ দলৰ অধিকাংশ মন্ত্ৰী-বিধায়ক আৰু জ্যেষ্ঠ নেতাৰ অনুপস্থিতিৰ মাজেদিয়ে সোমবাৰে  অনুষ্ঠিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সম্বৰ্ধনা জনাবলৈ প্ৰদেশ বিজেপিয়ে আয়োজন কৰা বিশেষ অনুষ্ঠানৰ৷ উল্লেখ্য, যে বিজেপিৰ সংসদীয় ব’ৰ্ড আৰু নিৰ্বাচনী সমিতিৰ সদস্য হিচাপে মনোনীত হোৱাৰ পাছত প্ৰথমবাৰৰ কাৰণে দেওবাৰে বিয়লি গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ লক্ষণীয়ভাৱে  সোণোৱালক বিমানবন্দৰত বিপুৱভাৱে আদৰণি জনোৱাৰ বাবে প্ৰদেশ বিজেপিৰ পৰা ব্যাপক প্ৰচাৰ চলেৱা হৈছিল যদিও মূৰকত দলৰ কোনো  এজেনা জ্যেষ্ঠ নেতা বিমানবন্দৰত উপস্থিত নহ’ল সোণোৱালক আদৰাৰ বাবে৷ আনকি মন্ত্ৰী হিচাপে একমাত্ৰ বিমল বৰাহে বিমানবন্দৰত উপস্থিত হৈ সোণোৱালক আদৰণি জনায়৷ বিধায়ক নব কুমাৰ দলেৰ বাহিৰে দলৰ অন্য কোনো বিধায়ক বিমানবন্দৰত উপস্থিত নহ’ল সোণোৱালক আদৰণি জনোৱাৰ বাবে৷ লক্ষনীয়ভাৱে বিমানবন্দৰৰ পৰা সোণোৱাল ক্ৰমে বশিষ্টত থকা প্ৰদেশ বিজেপিৰ নবনিৰ্মিত ৰাজ্যিক কাৰ্যালয় আৰু উজানবজাৰত নিৰ্মিত উত্তৰ-পূৰ্বাঞ্চল বিজেপিৰ মুখ্য কাৰ্যালয়ত পদ্ম ভৱনলৈও যায় যদিও এই দুই স্থানত সোণাৱালক আদৰাৰ বাব বিশেষ কোনো আয়োজন নাছিল৷ আনকি দলৰ অধিকাংশ জ্যেষ্ঠ নেতা-মন্ত্ৰী বিধায়ক অনুপস্থিত আছিল দুয়োঠাইতে৷ কিন্তু সোণোৱালৰ এই কাৰ্যসূচী পূৰ্ব নিৰ্দ্ধাৰিত আছিল  আৰু বাজপেয়ী ভৱনৰ পৰা এই ভ্ৰমণৰ সূচী আগতীয়াকৈ ঘোষণা কৰা হৈছিল৷ হেঙেৰাবাৰীৰ বাজপেয়ী ভৱনত  সোণোৱালৰ উপস্থিতিত অনুষ্ঠিত দলীয় কৰ্মী সভাত ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী নন্দিতা গাৰ্লোচা, বিমল বৰা, সাংসদ ভূবনেশ্বৰ কলিতা আদি উপস্থিত থাকে যদিও দলীয় কৰ্মীৰ সহাৰি আছিল যথেষ্ট সেৰেঙা৷ একেই পৰিস্থিতিৰ সৃষ্টি হয়৷ সোমবাৰে সোণোৱালৰ আই টি এ চেণ্টাৰত অনুষ্ঠিত সম্বৰ্ধনা সভাত৷ এই সভাতে দেখিবলৈ  পোৱা গ’ল হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰীসভাৰ চাৰি মন্ত্ৰী ক্ৰমে ৰঞ্জিত কুমাৰ দাস, চন্দ্ৰ মোহন পাটোৱাৰী, ডাঃ ৰণোজ পেগু আৰু পৰিমল শুক্ল বৈদ্যক৷ দলৰ অন্য মন্ত্ৰীসকল অনুপস্থিতিত থকাৰ বিপৰীতে দলৰ অধিকাংশ বিধায়ক আৰু সাংসদ সকলৰ অনুপস্থিতি আছিল চকুত লগা ধৰণৰ৷ ফলত দেওবাৰৰ দৰে সোমবাৰৰ আয়োজন হয় ‘সেমেকা’৷ ইফালে দলৰ কেন্দ্ৰীয় কমিটিৰ দুটাকৈ গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰা বাবে সোমবাৰে বিয়লি গুৱাহাটীৰ প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত ৰাজ্যিক বিজেপিৰ উদ্যোগত আয়োজিত এক  অনুষ্ঠানত সৰ্বানন্দ সোণোৱালক   সম্বদ্ধৰ্না জনোৱা হয়৷ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানৰ আৰম্ভণিতে যুটীয়াভাবে বন্তি প্ৰজ্বলন কৰে সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক, সাংসদ দিলীপ শইকীয়াই৷ আনহাতে আদৰণি ভাষণত ভবেশ কলিতাই কয় সৰ্বানন্দ সোণোৱাল আৰু ড॰ হিমন্ত বিশ্ব শৰ্মাৰ যুটীয়া নেতৃত্বত অসমত পোন প্ৰথমবাৰৰ বাবে অকংগ্ৰেছী চৰকাৰ গঠন হৈছে৷ তেখেতে অত্যন্ত সাহস আৰু দক্ষতাৰে অসম খনক উন্নয়নৰ পোছাক পিন্ধাই থৈ গৈছে৷ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ নেতৃত্বত অসম ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু অধিক আগুৱাই যাব বুলি ৰাজ্যিক সভাপতি গৰাকীয়ে আশা প্ৰকাশ কৰি কৰে৷  আনহাতে অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি দলৰ কাৰ্যকৰ্তাৰ বিপুল সম্বৰ্ধনা আৰু অভিবাদন গ্ৰহণ কৰি সোণোৱালে কয়, দলৰ কাৰ্যকৰ্তা সকলে কৰা কঠোৰ শ্ৰমৰ বাবে ৰাষ্ট্ৰীয় সমিতিয়ে তেওঁক এই গধূৰ দায়িত্ব প্ৰদান কৰিছে৷  এই সফলতা সমগ্ৰ ৰাজ্যিক বিজেপিৰ লাখ লাখ কাৰ্যকৰ্তাৰ সফলতা আৰু এয়া মোৰ ব্যক্তিগত সফলতা নহয়৷ এয়া বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই অসম প্ৰদেশৰ লাখ লাখ কাৰ্যকৰ্তাক দিয়া সন্মান৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনক দেশৰ ভিতৰতে  এক নম্বৰৰ স্থানলৈ নিবৰ বাবে চেষ্টা অব্যাহত ৰাখিছে৷ আজি মই যি স্থানত সেয়া স্থায়ী নহয়৷ অসমৰ ৩.৩০ কৌটি মানুহে আমাক চাই আছে৷  মই দলৰ এজন সৈনিকহে৷ আমাৰ বিজেপি দলত ব্যক্তি পূজা নচলে৷ চলে দলৰ পূজা, দেশমাতৃৰ পূজা৷ ১৯৮০ চনত দলৰ জন্মলগ্নৰে যিসকলে দেহে কেহে লাগি আজি দলটোক এই অৱস্থাত উপনীত কৰালে তেওঁলোকক মই শ্ৰদ্ধাৰে প্ৰণিপাত জনাইছো৷ মই দলটোত ২০১১ চনৰ ৮ ফেব্ৰুৱাৰীতহে যোগদান কৰিছিলোঁ৷  ভাৰতীয় জনতা পাৰ্টি দেশ সেৱা কৰিবৰ বাবে গঠন হৈছে৷ ই নিস্বাৰ্থ ভাৱে জন্ম লগ্নৰে পৰা ভাৰত মাতৃৰ সুৰক্ষাৰ বাবে সেৱা আগবঢ়াই আহিছে৷ আনহাতে সৰ্বানন্দ সোণোৱালে শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আজিৰ দিনটো ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ ওপজা দিন হোৱা বাবে তেওঁকো জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে৷  

অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক শুভেচ্ছা জনোৱাৰ লগতে দলৰ কেন্দ্ৰীয় নেতৃত্বক ধন্যবাদ জ্ঞপন কৰি কয় ভাৰতীয় জনতা পাৰ্টিৰ শাসনত অসমে এতিয়া বুকু ফিন্দাই থাকিব পাৰে, অসমীয়াই এতিয়া আকাশ চুবৰ চিন্তা কৰিব পাৰে৷ আজি অসমৰ মানুহ ভাৰতীয় সেনাৰ লেফটেনেণ্ট জেনেৰেল, মেজৰ জেনেৰেলৰ দৰে শীৰ্ষ পদবী লাভ কৰিছে৷ গতিকে অসম বা অসমৰ মানুহ আগৰ দৰে হৈ থকা নাই৷  কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালক শেহতীয়াকৈ যি বিৰল সন্মান যচা হৈছে ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ ধন্যবাদৰ পাত্ৰ৷ সোণোৱাল ডাঙৰীয়াই এই বিৰল সন্মান লাভ কৰাটো তেওঁৰ কৰ্ম, কুশলতা আৰু ত্যাগৰ পৰিচায়ক৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষ্মী বুলি অভিযোগ কৰি এক নতুন মাত্ৰা প্ৰদান কৰিছিল৷ অসমৰ জনতাই বিজেপিক সহযোগ কৰিছে সেয়ে চৰকাৰৰ কোনো কথাই যাতে জাতিটোক দুঃখ নিদিয়ে তাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ সদাসষ্টম থাকিব বুলি মত পোষণ কৰে৷ অনুষ্ঠানত দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক শুভেচ্ছা জনাই কয় হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালে এতিয়াৰে পৰা ৰাম -, লক্ষ্মণ বা কৃষ্ণ - অজুৰ্নৰ দৰে কাম কৰি ৰাজ্যখনক বিকাশৰ দিশলৈ আগুৱাই নিব৷  ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মাই আঁত ধৰা অনুষ্ঠানত  দলৰ উপ সভাপতি জয়ন্ত দাস, ৰেখাৰাণী দাস বড়ো, নৱ কুমাৰ দলে, ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, লোক সভাৰ হৰেণ সিং ৱে, তপন কুমাৰ গগৈ,  বিধায়ক ফণী তালুকদাৰ, হেমাংগ ঠাকুৰীয়া, বিদ্যা সিং ইংলে, প্ৰাক্তন ৰাজ্যিক সভাপতিদ্বয় ৰাজেন গোঁহাই আৰু ৰমেন ডেকা, মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, উপ মেয়ৰ স্মিতা ৰয় দাস,  বিজেপিৰ গুৱাহাটী মহানগৰ জিলাৰ সভাপতি তপন কলিতা  উপস্থিত আছিল৷ উল্লেখযোগ্য সৰ্বানন্দ সোণোৱালক এখন চেলেং চাদৰ পিন্ধাই সম্বৰ্ধনা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ড॰ হিমন্ত বিশ্ব শৰ্মাই৷