Logo
image

শিৱসাগৰ সৰ্বোৎকৃষ্ট, ডিমা হাচাও-কাৰ্বি আংলং শোচনীয়

২০২২ৰ গুণোৎসৱৰ ফলাফল

আমাৰ অসম, ৬ ছেপ্টেম্বৰঃ গুণগত শিক্ষাৰ মানদণ্ড নিশ্চিতকৰণৰ বাবে শিক্ষা বিভাগৰ দ্বাৰা আয়োজিত গুণোৎসৱ-২০২২ৰ ফলাফল সোমবাৰে ঘোষণা কৰা হয়৷ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ‘গুণোৎসৱ-২০২২’ৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷ সেই অনুসৰি গুণোৎসৱ অনুষ্ঠিত হোৱা ৰাজ্যৰ ৪৫,৭৩৫খন বিদ্যালয়ৰ ভিতৰত সৰ্বমুঠ ৪,৮২৬খন বিদ্যালয়ে ‘এ+’ গ্ৰেড লাভ কৰাৰ বিপৰীতে ১৭,০৪৫খন বিদ্যালয়ে ‘এ’ গ্ৰেড, ১৩,২০৮খন বিদ্যালয়ে ‘বি’ গ্ৰেড, ৪,৬৬৭খন বিদ্যালয়ে ‘চি’ গ্ৰেড আৰু ২,১৩২খন বিদ্যালয়ে ‘ডি’ গ্ৰেড লাভ কৰিছে৷ গুণোৎসৱ-২০২২ত ‘এ+’ গ্ৰেড লাভ কৰা মুঠ ৫৯১খন বিদ্যালয়েৰে শীৰ্ষত থাকিল শিৱসাগৰ জিলা৷ ইয়াৰ পাছতে মাজুলী আৰু নলবাৰী জিলাই ক্ৰমে দ্বিতীয় আৰু তৃতীয়স্থান লাভ কৰিছে৷ গুণোৎসৱৰ একেবাৰে নিম্নস্থানত আছে ডিমা হাছাও, পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং জিলা৷ গুণোৎসৱ অনুষ্ঠিত হোৱা ৰাজ্যৰ ৩৩খন জিলাৰ ভিতৰত প্ৰথম স্থানত থকা শিৱসাগৰ জিলাৰ ৫৯১খন বিদ্যালয়ে ‘এ+’ গ্ৰেড, ৪৫০খন বিদ্যালয়ে ‘এ’ গ্ৰেড, ৬৮খন বিদ্যালয়ে ‘বি’ গ্ৰেড, ৭খন বিদ্যালয়ে ‘চি’ গ্ৰেড আৰু ৪খন বিদ্যালয়ে ‘ডি’ গ্ৰেড লাভ কৰিছে৷ দ্বিতীয় স্থানত থকা মাজুলী জিলাত ১২৩খন বিদ্যালয়ে ‘এ+’ গ্ৰেড, ২১৪খন বিদ্যালয়ে ‘এ’ গ্ৰেড, ৯৩খন বিদ্যালয়ে ‘বি’ গ্ৰেড, ১৩খন বিদ্যালয়ে ‘চি’ গ্ৰেড লাভ কৰিছে৷ উল্লেখ্য, ইয়াৰ পূৰ্বে ২০১৭ আৰু ২০১৮ বৰ্ষত গুণোৎসৱ অনুষ্ঠিত হৈছিল৷ ২০১৮ বৰ্ষৰ গুণোৎসৱৰ তুলনাত ৰাজ্যত ‘এ+’ আৰু ‘এ’ গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা হ্ৰাস পালে৷ ২০১৮ বৰ্ষৰ গুণোৎসৱত মুঠ ১০,৬৭৮খন বিদ্যালয়ে ‘এ+’ গ্ৰেড আৰু ২১,৮০১খন বিদ্যালয়ে ‘এ’ গ্ৰেড লাভ কৰাৰ বিপৰীতে এইবাৰৰ গুণোৎসৱত ৪,৮২৬খন বিদ্যালয়ে ‘এ+’ গ্ৰেড আৰু ১৭,০৪৫খন বিদ্যালয়ে ‘এ’ গ্ৰেড লাভ কৰে৷ অৰ্থাৎ চাৰি বছৰত ৰাজ্যত ১০,৬০৮খন বিদ্যালয়ে হেৰুৱালে ‘এ+’ বা ‘এ’ গ্ৰেড৷ উল্লেখ্য, আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে প্ৰতিবছৰেই ৰাজ্যত গুণোৎসৱ অনুষ্ঠিত হ’ব৷ ফলাফল বেয়া হোৱা ডিমা হাচাওত চাকৰি কৰা শিক্ষকে ভৈয়ামত থাকি পাহাৰৰ দৰমহা লয় বুলিও মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰে৷ ইফালে, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীতে ৰাজ্যৰ মাধ্যমিক, উচ্ছ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক পৰ্যায়ৰ ২২গৰাকী শিক্ষকক ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰে৷ আজি মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীৰ হাতৰ পৰা ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা লোৱা ২২গৰাকী কৃতি শিক্ষক হ’ল ক্ৰমে– অমৰজ্যোতি বৰঠাকুৰ [অধ্যক্ষ, আউনী আটি হেমন্ত দেৱ উচ্ছতৰ মাধ্যমিক বিদ্যালয়, শিৱসাগৰ] মনমোহন দেৱনাথ [অধ্যক্ষ শালগুৰি উচ্ছতৰ মাধ্যমিক বিদ্যালয়, শিৱসাগৰ], অনিৰুদ্ধ ফুকন [বিষয়  শিক্ষক, উত্তৰ লক্ষিমপুৰ ছোৱালী উচ্ছতৰ মাধ্যমিক বিদ্যালয়], বন্দনা হাজৰিকা, [সহঃ শিক্ষক, ধেমাজি গাৰ্লছ উচ্ছতৰ মাধ্যমিক বিদ্যালয়], নিৰুপম নাথ [সহঃ শিক্ষক, যুধিষ্ঠিৰ সাহা এইচ এছ স্কুল,  কাছাৰ], চুজিমুদ্দিন আহমেদ [বিষয় শিক্ষক, পি আৰ ইইচ এছ এণ্ড এলপি স্কুল, গোৱালপাৰা], অৰুণ চন্দ্ৰ নাথ [সহঃ শিক্ষক, ছিপাঝাৰ এইচ এণ্ড এম পি স্কুল, দৰং], চিদানন্দ পাঠক [অধ্যক্ষ, দেৰগাঁও ছোৱালী এইচ এছ স্কুল], জগদীশ চন্দ্ৰ শৰ্মা [প্ৰধান শিক্ষক, গহপুৰ ছোৱালী হাইস্কুল], সুনীল কোচ [অধ্যক্ষ, বটঘৰীয়া এইচ এছ স্কুল, ধেমাজি], উদয়শংকৰ গগৈ [সহঃপ্ৰধান শিক্ষক, টেঙাখাত গাৰ্লছ হাইস্কুল], মিনাকুমৰী মণ্ডল [অধ্যক্ষ অভয়াপুৰী এইচ এছ এণ্ড এম পি স্কুল, অভয়াপুৰী], নৃপেন দত্ত [সহঃশিক্ষক ৰত্নপুৰ নৱজ্যোতি হাইস্কুল নলবাৰী], দশমুকুট কেওট [সহশিক্ষক, ডেকাৰ গাঁও ছোৱালী এম ভি স্কুল শোণিতপুৰ] মহম্মদ য়াচিন আনচাৰী [সহঃশিক্ষক, নেতাজী হিন্দী বিদ্যাপীঠ  এম ই স্কুল বঙাইগাঁও], ঋষ¸ ইংতি [প্ৰধান শিক্ষক, হাতীমৰা পথাৰ এল পি স্কুল, বিশ্বনাথ], সৰস্বতী দত্ত [প্ৰধান শিক্ষক, ৰামদিয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়, কামৰূপ], অঞ্জনা কোঁচ [প্ৰধান শিক্ষক, ঘিলামৰা আদৰ্শ প্ৰাথমিক বিদ্যালয়, লখিমপুৰ], দীপালী ডেকা, [প্ৰধান শিক্ষক, নেপালী হিন্দী এল পি স্কুল, ডিব্ৰুগড়]  জিতেন দাস [প্ৰধান শিক্ষক শিঙিজান বাগিচা এল পি স্কুল, চৰাইদেউ], কুসুম হাজৰিকা [প্ৰধান শিক্ষক, ঘোৰাবন্ধ জুনিয়ৰ বেচিক স্কুল, দৰং], মৃগেন্দ্ৰ কলিতা [প্ৰধান শিক্ষক, খিদিৰাপুখুৰী কৈৱৰ্তপাৰা এল পি স্কুল, কামৰূপ৷]

শিক্ষক দিৱসৰ দিনাই শিৱসাগৰলৈ আহিল ভাল খবৰ

শিক্ষক দিৱসৰ আজিৰ এই পৱিত্ৰ দিনটোতেই শিৱসাগৰলৈ আহিল এটা ভাল খবৰ৷ ৰাজ্যৰ শিক্ষা বিভাগৰ তৰফৰ পৰা ঘোষিত বিদ্যালয়সমূহৰ গুণোৎসৱৰ ফলাফলত শিৱসাগৰ জিলাখনে ৰাজ্যখনৰ আন  জিলাসমূহক পিছ পেলাই প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে৷ আমাৰ হাতত পৰা তথ্য অনুসৰি, আজি ঘোষিত ফলাফলত নগাঁও জিলাৰ ২,১৩৬ বিদ্যালয়ৰ ভিতৰত ২৫২ খনত [এ প্লাছ], ৮১১ খনত [এ], ৭২২ খনত [বি], ২৫৬ খনত [চি] আৰু ৯৫ খনত [ডি] স্থান অধিকাৰ কৰি জিলাখনে একাদশ স্থান দখল কৰে৷ মৰিগাঁও জিলা ১,৪১৩ খন বিদ্যালয়ৰ ভিতৰত ১৬৯ খন বিদ্যালয়ে [এ প্লাছ] , ৬০৯ খনে [এ], ৪৩৭ খনে [বি],  ১১৩ খনে [চি] আৰু ৮৫ খনে [ডি] স্থান অধিকাৰ কৰাৰ লগতে দশম স্থান লাভ কৰে৷  বিশ্বনাথ জিলাৰ ১০৪৩ খন বিদ্যালয়ৰ ভিতৰত ১৪৩ খন [এ প্লাছ] , ৪০৩ খনত [এ], ৩২৪ খনত [বি], ১১৩ খনত [চি],  আৰু ৬০ খনত [ডি] স্থান অধিকাৰ কৰি জিলাখনলৈ নৱম স্থান কঢ়িয়াই আনে৷ কামৰূপ গ্ৰাম্য জিলাৰ ১৯৮৯ খন বিদ্যালয়ৰ ভিতৰত  ২৯১ খনত [এ প্লাছ] , ৮৪৬ খনত [এ], ৫৬২ খনত [বি],  ২০৭ খনত [চি] আৰু ৮৩ খনত [ডি] স্থান অধিকাৰ কৰি অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হয়৷ তিনিচুকীয়া জিলাৰ ১৩৫০ খন বিদ্যালয়ৰ ভিতৰত জিলাখনে ২৩৬ খনত [এ প্লাছ]  ৭০৮ খনত [এ],  ৩০৩ খনত [বি], ৭১ খনত [চি] আৰু ৩২ খনত [ডি] স্থান অধিকাৰ কৰি সপ্তম স্থান দখল কৰে৷ ঠিক তেনেদৰে দৰং জিলাৰ ১১৭৭ খন বিদ্যালয়ৰ ভিতৰত ২২৫ খনে [এ প্লাছ], ৪৪৯ খনে [এ], ৩৫৫ খনে [বি],  ১২৬ খনে [চি] আৰু ২২ খনে [ডি] স্থান লাভ কৰি ¸ষষ্ঠ স্থান লাভ কৰে৷ যোৰহাট জিলাৰ ১১৮৩ খন বিদ্যালয়ৰ ভিতৰত ২২৭ খনে [এ প্লাছ], ৫৮২ খনে [এ], ২৭১ খনে [বি], ৮২ খনে [চি] আৰু জিলাখনৰ ২১ খন বিদ্যালয়ে [ডি] স্থান লাভেৰে পঞ্চম স্থান লাভ কৰে৷ গোলাঘাট জিলাৰ ১৩৬২ খন বিদ্যালয়ৰ ভিতৰত ২৮২ খনে [এ প্লাছ], ৭৩৭ খনে [এ], ২৭৪ খনে  [বি], ৬৩ খনে [চি] আৰু ৬ খন বিদ্যালয়ে [ডি] স্থান দখল কৰি চতুথৰ্ স্থান দখল কৰিবলৈ সক্ষম হয়৷ নলবাৰী জিলাৰ সৰ্বমুঠ ১০৮ৰ খন বিদ্যালয়ৰ ভিতৰত ২৫৪ খন বিদ্যালয়ে [এ প্লাছ], ৫০৯ খনে [এ], ২২৬ খনে [বি], ৭৪ খনে [চি] আৰু ১৮ খনে [ডি] স্থানেৰে তৃতীয় স্থান দখল কৰে৷  মাজুলি জিলাৰ ৪৫৩ খন বিদ্যালয়ৰ ভিতৰত ১২৩ খনে [এ প্লাছ]  ২১৪ খনে [এ], ৯৩ খনে [বি] ১৩ খনে [চি] আৰু ১০ খনে [ডি] স্থান অধিকাৰ কৰি দ্বিতীয়স্থানত থাকে৷ আনহাতে শিৱসাগৰ জিলাৰ ১১২০ খন বিদ্যালয়ৰ ভিতৰত ৫৯১ খন বিদ্যালয়ে [এ প্লাছ] , ৪৫০ খনে [এ], ৬৮ খনে [বি], ৭ খনে [চি] আৰু ৪ খন বিদ্যালয়ে [ডি] স্থান অধিকাৰ কৰাত শিৱসাগৰ জিলাখনে ৰাজ্যখনৰ  এই ১১ খন জিলাৰ ভিতৰত প্ৰথম স্থান দখল কৰি শিৱসাগৰ  জিলাখনৰ শৈক্ষিক বাতাবৰণলৈ এক গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়৷ শিৱসাগৰ জিলাই এই গুণোৎসৱত প্ৰথমস্থান দখল কৰাত  শিৱসাগৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া কমলজ্যোতি গগৈ উৎফুল্লিত হৈ পৰাৰ লগতে তেওঁ কয় যে এই গৌৰৱ শিক্ষা বিভাগৰ সৈতে জড়িত সন্মানীয় শিক্ষক-শিক্ষয়িত্ৰী, জিলাখনৰ শিক্ষা বিভাগৰ বিভিন্ন পদবীত জড়িত বিষয়া-কৰ্মচাৰীসকলৰ লগতে শিৱসাগৰীয়া ৰাইজৰ গৌৰৱ বুলি অভিহিত কৰে৷ ইয়াৰ লগতে তেওঁ কয় যে আজি শিৱসাগৰ জিলাখনৰ ৩৬ গৰাকীকৈ শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনোৱা হৈছে৷ ৰাজ্যিক পৰ্যায়তো আমাৰ জিলাখনৰ দুজনকৈ শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে৷ জিলাখনৰ মেট্ৰিক পৰীক্ষাৰ ফলাফলো আছিল অতি সুন্দৰ৷ যিহেতু ৰাজ্যিক পৰ্যায়ত মেট্ৰিকৰ ফলাফল ৫৬ শতাংশ হোৱাৰ বিপৰীতে শিৱসাগৰ জিলাৰ মেট্ৰিকৰ ফলাফল আছিল ৮১ শতাংশ৷ ইয়াৰ সমান্তৰালভাৱে ৰাজ্যখনৰ প্ৰথম দহটা শীৰ্ষ স্থানৰ ভিতৰত শিৱসাগৰ জিলাখনৰ ছাত্ৰ-ছাত্ৰীয়ে ৭ টাকৈ স্থান দখল কৰিবলৈ সক্ষম হৈছিল৷ উচ্ছতৰ মাধ্যমিকতো শিৱসাগৰৰ চাৰি গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে স্থান দখল কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে৷ শিৱসাগৰত এক সুস্থিৰ শৈক্ষিক পৰিৱেশ গঢ় দিয়াৰ ক্ষেত্ৰত শিক্ষক সমাজৰ লগতে শিৱসাগৰীয়া ৰাইজে যিদৰে আগভাগ লৈছে ই অতিকৈ প্ৰশংসনীয় আৰু আদৰণীয় বুলি কমলজ্যোতি গগৈয়ে অভিহিত কৰে৷