Logo
image

জয়মালাৰ বাবে এইবাৰ সৰৱ বলীউড

মাধুৰী, ৰবীনা, ৰামপাল, জেনেলিয়া...

আমাৰ অসম, ৬ ছেপ্টেম্বৰঃ সুদূৰ তামিলনাডুৰ পৰা জয়মালাক অসমলৈ ঘূৰাই আনিবলৈ সক্ষম হ’ব নে নাই তাৰ বৰ্তমানেও জটিলতা আঁতৰ হোৱা নাই৷ তামিলনাডুৰ কৃষ্ণন কোভিল মন্দিৰত মাউত নিৰ্মম অত্যাচাৰ চলোৱা আৱদ্ধ জয়মালাক অসমলৈ ঘূৰাই পঠোৱাৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে অসহযোগ কৰিলেও এইবাৰ জয়মালাৰ মুক্তিৰ দাবী তুলিছে বলীউডে৷ বলীউডৰ কেইবাজনো জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী তথা প্ৰযোজক পৰিচালকে জয়মালাৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনক আহ্বান জনাইছে৷ অসমৰ জয়মালাৰ হৈ বিপদৰ সময়ত থিয় দিছে বলীউডৰ মোহময়ী অভিনেত্ৰী মাধুৰী দীক্ষিত, ৰবীনা টেণ্ডন, ছানী লিয়নী, পূজা ভাট, জেনেলিয়া দেশমুখ, আদাহ শৰ্মা, প্ৰযোজক অতুল কাচবেকাৰ আৰু অভিনতা অৰ্জুন ৰামপাল, কুনাল কাপুৰ, ৰাহুল দেৱ, আফটাব শিৱদাসনিয়ে৷  অভিনেত্ৰী মাধুৰী দীক্ষিতে এটা টুইটত জয়মালা ওৰফে জেয়মাল্যাথাক উদ্ধাৰ কৰি চৰকাৰী আশ্ৰয় কেন্দ্ৰত ৰখাৰ আহ্বান জনাইছে৷ যাতে নিৰ্যাতনৰ পৰা মুক্ত হৈ শিকলী বিহীনভাৱে আন হাতীৰ সৈতে জয়মালাক বিশেষ মৰমৰ মাজত ৰাখিব পাৰি৷ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে উক্ত টুইটটো অসম আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ লগতে বনমন্ত্ৰীকো টেগ্‌ কৰিছে৷ ইফালে অভিনেতা অৰ্জুন ৰামপালে জয়মালাক উদ্ধাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ পদক্ষেপ গ্ৰহণ কৰি তামিলনাডুলৈ চাৰিজনীয়া প্ৰতিনিধি দল প্ৰেৰণ কৰা কাৰ্যক আদৰণি জনাইছে৷ বলীউডৰ শিল্পীকেইজনে জয়মালাক মাউতে নিৰ্মম অত্যাচাৰ চলোৱা এটা ভিডিঅ’ আপলোড কৰিছে৷ ইফালে জয়মালাক অসমলৈ ঘূৰাই অনাৰ বাবে অসমৰ পৰা যোৱা চাৰিজনীয়া চৰকাৰী চিকিৎসক-বিষয়াৰ দলটোৱে তিনিদিন ধৰি মাদুৰাইত বাহৰ পাতি আছে যদিও ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে শ্ৰীভিল্লীপুতুৰ মন্দিৰত জয়মালাক প্ৰত্যক্ষ কৰাৰ বাবেও প্ৰতিনিধি দলটোক অনুমতি দিয়া নাই৷ আনকি তামিলনাডুৰ প্ৰধান মুখ্য বন সংৰক্ষক শ্ৰীনিবাসন ৰেড্ডীয়ে অসমৰ দলটোৱে চৰকাৰৰ অনুমতি অবিহনে যদিহে কৃষ্ণন কোভিল মন্দিৰত উপস্থিত হয়, তেনেহ’লে ভক্ত– দৰ্শনাৰ্থীৰ অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ’লে তামিলনাডু চৰকাৰ দায়ী নহ’ব বুলিও স্পষ্ট কৰি দিছে৷ স্বাভাৱিকতেই তামিলনাডু চৰকাৰৰ অসহযোগিতাৰ পৰিপ্ৰেক্ষিতত অসমৰ দলটোৱে জয়মালাক ওচৰৰ পৰা নেদেখাকৈয়ে উভটি আহিবলগীয়া হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে৷