Logo
image

ঘোচ নাখাব! থানাই থানাই আহিল নিৰ্দেশ

আমাৰ অসম, ৬ ছেপ্টেম্বৰঃ দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলোৱা অসম আৰক্ষীয়েই এতিয়া নিজৰ কু-কৰ্মৰ বাবে বাৰে বাৰে সংবাদ শিৰোনাম দখল কৰিছে৷ গোচৰ মীমাংসা বা অভিযুক্তক গ্ৰেপ্তাৰৰ পৰা ৰেহাই দিয়া আদিকে ধৰি বিভিন্ন কাৰণত সাধাৰণ লোকৰ পৰা উৎকোচ দাবী কৰি কৰাটো নিত্য-নৈমিত্তিক কাৰ্যলৈ পৰিণত হৈছে অসম আৰক্ষীৰ একাংশ বিষয়া-কনিষ্টবলৰ৷ দুৰ্নীতি নিবাৰক আৰু নিৰীক্ষণ সঞ্চালকালয়ে জাল পেলাই সৰিয়হৰ ডুলিত ভূত ধৰাৰ দৰে উৎকোচ লওঁতেই হাতে লোটে গ্ৰেপ্তাৰ কৰিছে এজনৰ পাছত এজনকৈ আৰক্ষী বিষয়া-কনিষ্টবলক৷ উৎকোচ লৈ খোদ আৰক্ষীৰ জ্যেষ্ঠ বিষয়াই গ্ৰেপ্তাৰ হ’বলগীয়া হোৱা ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে গৃহ বিভাগ৷  দুৰ্নীতিৰ অভিযোগত শীৰ্ষ আৰক্ষী বিষয়াই গ্ৰেপ্তাৰ হ’ব লগীয়া হোৱা বিষয়টোক দুখজনক অ্যাখ্যা দি এনে কাৰ্য নোহোৱা কৰিবলৈ আৰক্ষী বিভাগক আহ্বান জনাইছে দিছপুৰে৷ গৃহ বিভাগৰ এই আহ্বানৰ পাছতেই অসম আৰক্ষীৰ শীৰ্ষ মহলে প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক,  উপ-আৰক্ষী অধীক্ষক আৰু থানাৰ অ’চিসকলক ঘোচ নল’বলৈ সতৰ্ক কৰি দিছে৷ থানাই থানাই বিষয়াই লাভ কৰা সকীয়নি ভৰা হোৱাট্‌ছএপ বাৰ্তাটো এতিয়া ভাইৰেল হৈ পৰিছে৷ উক্ত সৰ্তকতামূলক বাৰ্তাটোত সামগ্ৰিকভাৱে আৰক্ষীৰ সন্মান ৰক্ষাৰ স্বাৰ্থতে সকলো পৰ্যায়ৰ আৰক্ষী বিষয়াক অধিক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে৷ স্বাভাৱিকতে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলৰ হোৱাট্‌ছএপ গ্ৰুপত প্ৰচাৰ হোৱা এই বাৰ্তাই আৰক্ষী বিষয়াসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷  কিয়নো শেহতীয়াকৈ এজন আৰক্ষী অধীক্ষকক নিলম্বন আৰু আন এজনক বদলি কৰাৰ আঁৰত যে বিত্তীয় কেলেংকাৰিহে মূল কাৰণ আছিল সেয়া হোৱাট্‌ছএপ বাৰ্তাটোত স্পষ্ট হৈ পৰিছে৷ বাৰ্তাটোত এজন শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াৰ বিত্তীয় অনিয়ম বা অবৈধ লেনদেন ধৰা পেলাবলৈ জাল পেলাবলগীয়া হোৱা কথাটো সমগ্ৰ আৰক্ষী বিভাগৰ বাবেই বেদনাদায়ক বুলি উল্লেখ কৰি প্ৰকৃততে বিভাগটোৰ ওপৰ মহলত কি ঘটি আছে তাকেই যেন আওপকীয়াকৈ ইংগিত দিছে৷ ইতিপূৰ্বে আৰক্ষী বিভাগৰে প্ৰায় দহজনৰো অধিক বিষয়াক উৎকোচ লোৱাৰ অপৰাধত হাতে-লোটে গ্ৰেপ্তাৰ কৰা হৈছে৷  হোৱাট্‌ছ এপ বাৰ্তাটোত দুনীতি নিৰীক্ষণ আৰু নিবাৰক সঞ্চালকালয়ে দালাল মধ্যস্থতাকাৰীৰ সৈতে আৰক্ষী বিষয়াসকলে গোপন সম্পৰ্ক ৰক্ষা কৰাৰ বিষয়টোক ৰাডাৰত ৰখা বুলি উল্লেখ কৰি সকলোকে স্বচ্ছতাৰে সেৱাত  মনোনিৱেশ কৰিবলৈ সৰ্তক কৰি দিছে৷